Breaking

দৰঙৰ ভেৰুৱাত বান বিধ্বস্ত কৃষকৰ বাবে ১৫ বিঘা মাটিত অগ্ৰণী বহুমুখী কৃষি পাম সমিতিয়ে সিচিলে কঠিয়া ।

0 705

দৰঙৰ পৰা জয়দেৱ ডেকা:

দৰঙৰ বানপীড়িত কৃষকে বানপানীৰ পিছত শালিধানৰ খেতি কৰিবলৈ আগতীয়াকৈ ব্যৱস্থা গ্ৰহন কৰিছে দৰং জিলা কৃষি বিভাগে৷ জিলাখনৰ পাথৰিঘাট মহকুমা কৃষি বিষয়া কাৰ্যালয়ৰ অন্তৰ্গত ভেৰুৱা অঞ্চলৰ প্ৰায় ৫০ জনৰো অধিক শিক্ষিত যুৱক একগোট হৈ কৃষি ক্ষেত্ৰত নিয়োজিত হৈ আত্মনিৰ্ভৰশীল হোৱাৰ উপৰিও কৃষি অৰ্থনীতি সৱল কৰিবলৈ জন্ম দিছিল ‘অগ্ৰণী বহুমুখী কৃষি পাম সমিতি’৷ সোমবাৰে দৰং জিলা কৃষি বিভাগৰ উদ্যোগত অগ্ৰণী বহুমুখী কৃষি পাম সমিতিৰ সহযোগত ভেৰুৱাত প্ৰায় ১৫ বিঘা মাটিত বান বিধ্বস্ত কৃষকে  শালিধানৰ খেতি কৰিবলৈ সমুহীয়া কঠিয়াতলিত সিচা হয় কঠিয়া৷ সমুহীয়া কঠিয়াতলি উদ্বোধন কৰে ছিপাঝাৰ সমষ্টিৰ বিধায়ক বিনন্দ কুমাৰ শইকীয়াই৷ যুৱকসকল এই ধৰণে কৃষি কৰ্মৰ প্ৰতি অধিক আগ্ৰহী হৈ কৃষি কৰ্মত নিয়োজিত হোৱাৰ বাবে বিধায়কগৰাকী আনন্দিত হৈ পৰে৷ কৃষি কৰ্মৰ প্ৰতি উৎসাহি যুৱক সকলক সুবিধা প্ৰদানৰো আশ্ৰাষ প্ৰদান কৰে বিধায়ক বিনন্দ কুমাৰ শইকীয়াই৷  সাধাৰণতে বানপানীয়ে প্ৰতি বছৰে জুৰুলা কৰা  অঞ্চলটোৰ বান বিধ্বস্ত কৃষকসকলে বিনামুলীয়াকৈ এই কৃষি পামখনৰ পৰা  সংগ্ৰহ কৰিব পাৰিব উন্নত জাতৰ ৰঞ্জিত চাৱ-১ নামৰ কঠিয়া৷ পাথৰিঘাট কৃষি মহকুমা কাৰ্যালয়ৰ অন্তৰ্গত ২৫ হেক্টৰ মাটিত কঠিয়া সিচি  ১৮ শ ৫০ বিঘা মাটিৰ বাবে কঠিয়া মজুত কৰি ৰাখিবলৈ ব্যৱস্থা গ্ৰহণ কৰা হৈছে বুলি জানিৱ দিয়ে পাথৰিঘাট মহকুমা কৃষি বিষয়া কুমুদ কলিতাই৷

Leave A Reply