Breaking

লকডাউনে সলনি কৰিছে বহুতৰে জীৱনৰ গতিপথ ৷ অসমীয়াৰ স্বাভিমানৰ প্ৰতীক ফুলাম গামোচাৰে তৈয়াৰী মাস্ক বিক্ৰীৰে কৰি গৈছে জীৱন যুঁজৰ আন এক সংগ্ৰাম ৷

0 1,318

✍ দ্বীপেন শইকীয়া

বিশ্বব্যাপী ত্ৰাসৰ সৃষ্টি কৰা ক’ৰোনা ভাইৰাছৰ ভয়াৱহতাৰ বাবে দেশজুৰি অব্যাহত থকা তলাবন্ধৰ ফলত বহু ক্ষুদ্ৰ ক্ষুদ্ৰ ব্যৱসায়ীয়ে হতাশাত দিন অতিবাহিত কৰিছে ৷ যোবা ২৪ মাৰ্চৰ পৰা সমগ্ৰ দেশত অব্যাহত থকা তলাবন্ধৰ ফলত তীব্ৰ প্ৰত্যাহ্বানৰ সন্মুখীন হৈছে দৈনিক ক্ষুদ্ৰ ক্ষুদ্ৰ ব্যৱসায়ৰ লগত জড়িত শ্ৰেণীটো ৷ অৱশ্যে চতুৰ্থ পৰ্যায়ৰ তলাবন্ধৰ সময়ত কিছু কিছু ক্ষেত্ৰত বহুখিনি শিথিলতা অহাত একাংশ কমোদ্যমী ক্ষুদ্ৰ ব্যৱসায়ীয়ে কিন্তু হাত সাবতি ঘৰত বহি নেথাকি পূৰ্বৰ উপাৰ্জনৰ উৎসৰ পৰিৰ্বতে সাম্প্ৰতিক পৰিস্থিতিৰ লগত মিলাই এই ক্ষুদ্ৰ ব্যৱসায়ীক শ্ৰেণীটোবে অন্যধৰণে আৰম্ভ কৰিছে জীৱন জীয়াৰ আন এক সংগ্ৰাম ৷ দিৰ্ঘদিনীয়া তলাবন্ধত পূৰ্বৰ ব্যৱসায়ত সম্পূৰ্ণৰূপে ক্ষতিগ্ৰস্ত হোবা এইসকল ক্ষুদ্ৰ ব্যৱসায়ীয়ে বৰ্তমান হাতত থকা সীমিত জমা ধনেৰে আৰম্ভ কৰিছে পুনৰ এটা নতুন ব্যৱসায় ৷ এই নতুন ব্যৱসায় কৰি দৈনিক উপাৰ্জন কৰিছে ২৫০ টকাৰ পৰা আৰম্ভ কৰি ৬০০-৭০০ টকা পৰ্যন্ত ৷ সেই টকাৰে তেওঁলোকে পৰিচালনা কৰি গৈছে নিজৰ নিজৰ পৰিয়াল-সংসাৰ সমূহ ৷ ক’ৰোনা ভাইৰাছক প্ৰতিহত কৰাৰ ক্ষেত্ৰত বৰ্তমান সৰ্বসাধাৰণ ৰাইজৰ মাজত মাস্ক এবিধ অত্যাৱশ্যকীয় সামগ্ৰী ৰূপে পৰিগণিত হোবাৰ সময়তে বহু লোকে এতিয়া মাস্ক বিক্ৰী কৰাতো এক জীৱিকা ৰূপে গ্ৰহণ কৰিছে ৷ এইক্ষেত্ৰত থলুৱাভাৱে উৎপাদিত অসমীয়াৰ স্বাভিমানৰ প্ৰতীক ফুলাম গামোচা খনকে বাচি লৈ একাংশই আৰম্ভ কৰিছে এই নতুন ব্যৱসায় ৷ এইক্ষেত্ৰত নগাঁৱৰ কলংপাৰ সাৰ্ব্বজনীন শিৱ মন্দিৰৰ প্ৰাংগণত মন্দিৰলৈ অহা দৰ্শনাৰ্থী সকলৰ সুবিধাৰ্থে মিঠা তেলৰ চাকি-বন্তি,ঘিউৰ বন্তি,ধূপ,মেছৰ লগতে মন্দিৰত প্ৰয়োজন হোবা ভিন্ন বিধ উপাসনাৰ সামগ্ৰী,নতুন মুৱাইল ফোনৰ চিম কাৰ্ডৰ সংযোগ,মুৱাইলৰ ৰিৰ্চাজ কাৰ্ড,মুৱাইল কৰ্ভাৰ,কলম,ভিন্ন বিধ অন্যান্য সামগ্ৰী বিক্ৰী কৰি আজি পোন্ধৰ-ষোল্ল বছৰে নিজৰ পৰিয়ালটো পৰিচালনা কৰি অহা চহৰৰ পাৰ্শ্ব্ৱ্তী হুঁজ গাঁৱৰ এজন উচ্চ শিক্ষিত কৰ্মোদ্যমী যুৱক বিপুল কলিতা ৷ চহৰৰ প্ৰায় সংখ্যক লোকৰ মাজতে অতিকৈ পৰিচিত বিপুল এজন ক্ষুদ্ৰ ব্যৱসায়ী ৷ সমগ্ৰ দেশতে আজি তলাবন্ধই সত্তৰ দিন অতিক্ৰম কৰিলে ৷ ক’ৰোনা ভাইৰাছৰ এই ভয়াৱহ পৰিস্থিতি ৰাজ্যখনলৈ অহাৰ আগতে মই কলংপাৰৰ সাৰ্ব্বজনীন শিৱ মন্দিৰৰ প্ৰাংগণত এই ক্ষুদ্ৰ দোকান খন দি পৰিয়াল চলাই আছিলো ৷ নগাঁৱৰ আদালত,জিলা উপায়ুক্ত,আৰক্ষী অধীক্ষকৰ কাৰ্যালয়ৰ ওপৰি আন আন চৰকাৰী কাৰ্যালয় সমূহত কৰ্মৰত চাকৰীয়াল সকল,চহৰৰ ভিন্ন খন কলেজৰ ছাত্ৰছাত্ৰী সকলে মোৰ দোকানৰ পৰাই বিভিন্ন মুৱাইলৰ নতুন সংযোগ,মুৱাইলৰ ৰিৰ্চাজ কাৰ্ডৰ ওপৰি মন্দিৰলৈ অহা অসংখ্য দৰ্শনাৰ্থীয়ে মিঠাতেল,ঘিউৰ চাকি-বন্তি-ধূপ-মেছৰ লগতে মন্দিৰত উপাসনাৰ বাবে প্ৰয়োজনীয় সামগ্ৰী সমূহ মোৰ পৰা ক্ৰয় কৰি আহিছিল ৷ কিন্তু,আজি দিৰ্ঘদিনীয়া তলাবন্ধৰ ফলত সেই সকলো ব্যৱসায়ত যতি পেলালে ৷ দিৰ্ঘদিনীয়া তলাবন্ধৰ সময়ত ঘৰতে বহি থাকিলো বিভিন্ন ঘৰুৱা কাম-কাজ কৰি লগতে লৰা-ছোৱালী হতঁৰ লগত ব্যস্ত হৈ থাকি ৷ যদিও চৰকাৰে চতুৰ্থ পৰ্যায়ৰ তলাবন্ধৰ পিছত নিতী-নিয়ম এতিয়া কিছু শিথিল কৰিছে আৰু পূৰ্বৰ দৰে বৰ্তমান ৰাইজ মঠ-মন্দিৰলৈ আহিব লৈছে ৷ গতিকে,আমাৰ দৰে ক্ষুদ্ৰ ব্যৱসায়ীয়ে সেয়ে এতিয়া বজাৰত বাঢ়ি অহা প্ৰয়োজনীয়তাৰ প্ৰতি গুৰুত্ব দি উন্নত মানদণ্ডৰ ফুলাম গামোচাৰে তৈয়াৰী মাস্কৰ লগতে N-95 মাস্ক, গ্ৰামাঞ্চলৰ বিভিন্ন আত্মসহায়ক গোটৰ মহিলা গোটে তৈয়াৰ কৰা ফুলাম গামোচাৰ মাস্ক সমূহ বিক্ৰী কৰাত নিয়োজিত হোৱাৰ কথা ভৌৰৱেৰে ব্যক্ত কৰে ক্ষুদ্ৰ ব্যৱসায়ৰে নিজৰ পিতৃ-মাতৃ,পত্নীৰ লগতে দুটি সন্তানৰে ছয় জনিয়া পৰিয়ালটো পৰিচালনা কৰা ৩৪ বছৰীয়া এইগৰাকী উচ্চ শিক্ষিত তথা কৰ্মোদ্যমী যুৱক বিপুল কলিতাই ৷ বৰ্তমান জনমানসত গামোচাৰে তৈয়াৰী মাস্কৰ চাদিহা বৃদ্ধি পোৱাত দৈনিক চাৰিশ টকাৰ পৰা আৰম্ভ কৰি ছশ-সাতশ টকালৈকে উপাৰ্জন কৰিবলৈ সক্ষম হোবা বুলি জনায় এইজন যুৱ ব্যৱসায়ীয়ে ৷ আনহাতে, পূৰ্বে নগাঁও চহৰৰ শ্বহীদ ভৱনৰ সন্মুখত এখন ঠেলাত আটকধুনীয়াকৈ সুসজ্জিত ৰূপত শিশু সকলৰ উপযোগী বিভিন্ন খন জ্ঞানৰ পুথি,সাধুকথাৰ কিতাপ,কবিতা,ৰসাল গ্ৰন্থ,দেশ-বিদেশৰ নানা লাগতিয়াল জ্ঞানৰ কিতাপ,বিভিন্ন অসমীয়া ফকঁৰা যোজনা,হিন্দী চায়েৰী,ইংৰাজী সাধুকথা আদিৰ কিতাপ,কলম,স্কেল,ৰং-পেঞ্চিল,ৰৱৰ,কাৰ্যালয়ৰ বিভিন্ন বিধ সামগ্ৰী বিক্ৰী কৰি নিজৰ দেউতাকৰ লগতে তেওঁৰ চাৰি জনিয়া পৰিয়ালটো পৰিচালনা কৰা নগাঁৱৰ কছলুখোৱা নিৱাসী মঞ্জু দাসে ঢাকাপট্টিস্থিত বিষ্ণুৰাভা মাৰ্কেটৰ পৰা ফুলাম গামোচা সমূহ ক্ৰয় কৰি নিজ ঘৰত তেওঁৰ পত্নীৰ সৈতে তৈয়াৰ কৰা মাস্ক সমূহ শ্বহীদ ভৱনৰ সন্মুখতে এতিয়া পুনৰ এনেদৰে মাস্ক বিক্ৰী কৰি দৈনিক ৪০০ ৰ পৰা ৬০০ টকা পৰ্যন্ত উপাৰ্জন কৰি গৈছে ৷ এইক্ষেত্ৰত মঞ্জু দাস নামৰ চল্লিছ বছৰীয়া যুৱ ব্যৱসায়ী জনে কয়- আগতে এই স্থানতে মই এখন থেলাত কিতাপৰ দোকান দি উপাৰ্জন কৰি পৰিয়াল পোহপাল দিছিলো ৷ কিন্তু আজি দিৰ্ঘদিনীয়া এই লকডাউনৰ বাবে আমাৰ সেই ব্যৱসায়ত বহু ব্যাঘাত পৰিল ৷ স্কুল-কলেজ-চৰকাৰী কাৰ্যালয় সমূহৰ বন্ধত অস্থায়ীৰূপে থেলাত কিতাপৰ দোকান দি উপাৰ্জন কৰাতো এতিয়া কঠিন হৈ পৰিছে ৷ সেয়ে কি কৰিম কি নকৰিম বুলি চিন্তা কৰি থাকোতেই মনলৈ আহিল মাস্ক বিক্ৰী কৰা কথাটো ৷ তেতিয়াৰ পৰাই এইস্থানত মাস্ক বিক্ৰী কৰি আহিছো ৷ হাতত পৰ্যাপ্ত টকাৰ অভাৱৰ বাবে প্ৰথমাৱস্থাত মাত্ৰ চল্লিছ খন মাস্ক তৈয়াৰ কৰি বিক্ৰী কৰিছিলো ৷ পৰৰ্বতি সময়ত ডেৰশ-দুশখন মাস্ক তৈয়াৰ কৰি বিক্ৰী কৰিব পৰা অৱস্থা হৈছে ৷ বৰ্তমান সময়ত তলাবন্ধৰ নিতী নিয়ম চৰকাৰে কিছু শিথিল কৰাত মানুহ ঘৰৰ পৰা বাহিৰলৈ উলাব পৰা হৈছে আৰু শ্বহীদ ভৱনৰ কাষেৰে পাৰ হৈ যোবা প্ৰায়ভাগ লোকেই মোৰ পৰা মাস্ক ক্ৰয় কৰি আহিছে ৷ এতিয়া দৈনিক মাস্ক বিক্ৰী কৰি ৪০০ টকাৰ পৰা ৬০০-৭০০ টকা উপাৰ্জন কৰিবলৈ সক্ষম হৈছো ৷ ইফালে, চহৰ খনৰ নতুন বজাৰস্থিত এগৰাকী ট্ৰেইলাৰিং ব্যৱসায়ী হয়ৱৰগাওঁ ৰেল ষ্টেচনৰ কাষৰ এজন আৱাসী ৫৩ বছৰীয়া স্বপন দাসে আজি প্ৰায় ২৮ বছৰ ধৰি নতুন বজাৰত ট্ৰেইলাৰিংৰ কাম কৰি নিজৰ এজন ককাইয়েকৰ ওপৰি পত্নী আৰু দুজন পুত্ৰ সন্তানেৰে পাঁচ জনিয়া পৰিয়ালটো পৰিচালনা কৰি আহিছিল ৷ কিন্তু,আজি দিৰ্ঘদিনীয়া তলাবন্ধৰ ফলত ট্ৰেইলাৰিং ব্যৱসায়টোত ঘোৰ অমানিশা মানি আহিল ৷ তলাবন্ধৰ আৰম্ভণিৰে পৰা আজি পৰ্যন্ত এজনো গ্ৰাহক অহা নাই ট্ৰেইলাৰলৈ ৷ চিলাব পৰা নাই এযোৰ কাপোৰ ৷ এনেদৰে আৰু কিমান দিন ঘৰতে হাত সাবতি বহি থাকিব এইসকল ক্ষুদ্ৰ ব্যৱসায় ৷ সেয়ে আৰম্ভ কৰিছে এতিয়া এনেদৰে ফুলাম গামোচাৰে তৈয়াৰী মাস্ক আৰু বিক্ৰী কৰি গৈছে নিজৰ ট্ৰেইলাৰৰ সন্মুখত অস্থায়ীৰূপে গঢ়ি উঠা বজাৰত ৷ সেইদৰে নতুন বজাৰত ফুলাম গামোচাৰে নিজ হাতে মাস্ক তৈয়াৰ কৰি বিক্ৰী কৰা আন এগৰাকী উদ্যমী মহিলা হৈছে অনিতা দত্ত দাস ৷ নগাঁও চহৰৰ পানীগাওঁ শান্তিবন নিৱাসী পেছাত এজন টম্-টম্ চালক প্ৰদীপ দাসৰ পত্নী এইগৰাকী মহিলাৰো চহৰৰ নতুন বজাৰতে আছে এখন ট্ৰেইলাৰিংৰ দোকান ৷ তলাবন্ধৰ বাবে কোনো এবিধ পোচাক তৈয়াৰ কৰিবলৈ সক্ষম নোহোবা ৪২ বছৰীয়া মহিলা গৰাকীয়ে বজাৰৰ পৰা ক্ৰয় কৰা ফুলাম গামোচাৰ লগতে কটনৰ ভিন্ন ৰঙি কাপোৰ কাটি অত্যাধুনিক ৰূপত নিজ হাতে তৈয়াৰ কৰি গ্ৰাহকক বিক্ৰী কৰি আহিছে ইখনৰ পিছত সিখন মাস্ক ৷ এই মাস্ক বিক্ৰী কৰি বৰ্তমান তেওঁ দৈনিক উপাৰ্জন কৰিছে ৩০০ পৰা পাঁচশৰো অধিক টকা আৰু তাৰেই সুন্দৰকৈ পৰিচালনা কৰি আহিছে স্বামীৰ লগতে পুত্ৰ-কন্যাৰে চাৰিজনীয়া পৰিয়ালটো ৷ এক কথাত কবলৈ গলে সম্প্ৰতি লকডাউনে সলনি কৰিছে বহুতৰে জীৱনৰ গতিপথ | বিশ্বব্যাপী মহামাৰীৰ প্ৰভাৱে ৰাজ্যখনৰ অৰ্থনীতি বহু পৰিমানে বিধ্বস্ত কৰাৰ সময়তে প্ৰতিজন অসমীয়াৰ অতিকৈ আপোন,অসমীয়া জাতিৰ পৰিচয় তথা স্ব্যভিমানৰ প্ৰতীক ফুলাম গামোচাৰে তৈয়াৰী মাস্কৰ এই চাহিদা বৃদ্ধিয়ে বহু সংখ্যক ক্ষুদ্ৰ ব্যৱসায়ীৰ জীৱনলৈ কঢ়িয়াই আনিছে এক আশাৰ ৰেঙণি ৷

ভ্ৰাম্যভাষঃ ৮৭২৪৯-১০১৪৪

Leave A Reply