Breaking

বিশ্বনাথ জিলাৰ চাহ বাগিছাত লকডাউন উলংঘা : অসম সংগ্ৰামী চাহ শ্ৰমিক সংঘৰ প্ৰতিক্ৰিয়া

0 1,028

বিশ্বনাথ জিলাত কভিড অতিমাৰীৰ ব্যাপক সংক্ৰমণৰ প্ৰতি লক্ষ্য ৰাখি বিশ্বনাথ জিলা প্ৰশাসনে কালিৰে পৰা  জিলাখনত এসপ্তাহ সম্পূৰ্ণ লক ডাউন দিয়া হৈছে যদিও চাহ  বাগিচাসমুহ খুলিব দিয়াক লৈ অসম সংগ্ৰামী চাহ শ্ৰমিক সংঘৰ কেন্দ্ৰীয় সভাপতি বিবেক দাসে প্ৰতিক্ৰিয়া ব্যক্ত কৰিছে। সংগ্ৰামী নেতা দাসে ক্ষোভ প্ৰকাশ কৰি প্ৰশ্ন উত্থাপন কৰে যে, সম্পূৰ্ণ লক ডাউনত বাগিছা সমূহক কিয় বাদ দিয়া হ’ল, বাগিচা শ্ৰমিকৰ জীৱনৰ মুল্য নাই নে চৰকাৰে কিবা প্ৰতিষেধক দি থৈছে? ডাক্তৰ সত্যকাম ফুকনে কোৱাৰ দৰে কবিড১৯  নিজৰ সুবিধামতে ব্যৱহাৰ কৰিব পৰা চৰকাৰী স্বীকৃতিপ্ৰাপ্ত বেমাৰ নহয়। এইটো এটা বিপদজনক বেমাৰ আৰু সুবিধা পালে চাহ শ্ৰমিক-অনা শ্ৰমিক সকলোৰে গাত হ’ব। কিয়নো বাগিচা খোলা থাকিলে ফেক্টৰী খোলা থাকিবই। ফেক্টৰীত শতাধিক শ্ৰমিকে কাম কৰে  আৰু ফেক্টৰী খোলা থাকিলে গাঁৱৰ পৰা কেচাপাত দিবলৈ মানুহ ফেক্টৰী যাবই।অৰ্থাৎ গাও বাগানৰ সংযোগ হবই ।তেনে ক্ষেত্ৰত সম্পূৰ্ণ লক ডাউন অৰ্থহীন হৈ পৰিব। কিয়নো কোভিড সংক্ৰমণো হ্ৰাস নহ’ব আৰু একাংশ জনসাধাৰণ অদৰকাৰী হাৰাশাস্তিৰ সন্মুখীন হ’ব। যদি কোভিড সংক্ৰমণৰ হাৰ হ্ৰাস কৰাৰ বাবে সম্পূৰ্ণ লক ডাউন কৰা হৈছে তেন্তে বাগিচাসমুহকো তাৰ আওতালৈ আনিবলৈ দাসে আহ্বান জনায়।

Leave A Reply