Breaking

নাগ্ৰীজুলি আৰক্ষী চকীৰ বৃহৎ সাফল্যচাৰিজন ডকাইত

0 2,080

১৩ মাৰ্চৰ নিশা নাগ্ৰীজুলি আৰক্ষী চকীৰ অন্তৰ্গত ৪নং ডোঙাৰগাঁৱৰ এটি  পৰিয়ালত ডকাইতি কৰি বৃহৎ পৰিমাণৰ ধন লৈ উধাও হোৱা এটি ডকাইতৰ দলক আজি এক বিশেষ সূত্ৰৰ পমখেদি নাগ্ৰীজুলি আৰক্ষীৰ এটি  দলে আটক  কৰিবলৈ সক্ষম হয়। আটকাধীন ডকাইত কেইজন হ’ল নাগ্ৰীজুলি আৰক্ষী চকীৰ অন্তৰ্গত ৩ নং আৰু ৪ নং ডোঙাৰগাঁৱৰ ক্ৰমান্বয়ে ৰমে মণ্ডল (২৬) , প্ৰেম কুমাৰ ৰয় (১৮), ইন্দ্ৰ মণ্ডল (২২) আৰু সূৰ্য্য মণ্ডল( ৩২)।

আৰক্ষী সূত্ৰৰ খবৰ মতে লোকেইজনে যোৱা ১৩ মাৰ্চৰ নিশা ৪ নং ডোঙাৰ গাওঁৰ সুদেৱ মণ্ডলৰ ঘৰত পুতলা পিষ্টল , খুকৰী  দেখুৱাই নগদ ধন – সোণ লুট কৰিছিল ৷ পিছত পৰিয়ালৰ লোকে চিঞৰ-বাখৰ কৰাত গাঁঁওবাসী ওলাই অহাত ডকাইত কেইজন পলাই সাৰে। ৪ নং ডোঙাৰগাৱঁৰ সুদেৱ মণ্ডলে দিয়া  এজাহাৰৰ ভিত্তিত নাগ্ৰীজুলি আৰক্ষীয়ে ক্ষীপ্ৰতাৰে তদন্ত কৰি এক বিশেষ সূত্ৰৰ পমখেদি ডকাইত কেইজনক আটক কৰে আৰু তেওঁ লোকৰ বিৰুদ্ধে ভাৰতীয় দণ্ড বিধিৰ আধাৰত গোচৰ ৰুজু কৰি  আজি জেল হাজোতলৈ প্ৰেৰণ কৰে ৷

Leave A Reply