Breaking

কাছাৰ জিলাত হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ গণিতৰ প্ৰশ্নকাকত ফাদিল

0 95

সূত্ৰ অনুসৰি হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ দ্বিতীয় দিনা ৯.১৫ বজাতে গণিতৰ প্ৰশ্নকাকত ভাইৰেল হয়৷

প্ৰশ্নকাকতখনৰ কেইখনমান ছবিও ছ’চিয়েল মিডিয়া প্লেটফৰ্মত ভাইৰেল হোৱাৰ লগতে কাছাৰৰ লক্ষীপুৰ শিক্ষাখণ্ডৰ এটা পৰীক্ষা কেন্দ্ৰৰ পৰা কাকতখন ফাদিল হোৱা বুলি কোৱা হৈছে।

অৱশ্যে কাছাৰ শিক্ষা বিভাগে এতিয়াও কাগজ ফাদিল হোৱা ঘটনা সন্দৰ্ভত কোনো মন্তব্য কৰা নাই।

উল্লেখযোগ্য যে পৰীক্ষাৰ প্ৰথম দিনাই বৰপেটা জিলাৰ পৰা ইংৰাজী ভাষাৰ প্ৰশ্নকাকত ফাদিল হোৱা বুলি চৰ্চা চলিছিল।

এই সন্দৰ্ভত মন্তব্য কৰি ছেবাৰ সম্পাদক তথা পৰীক্ষা নিয়ন্ত্ৰক নৰনাৰায়ণ নাথে এই দাবী খণ্ডন কৰি সংবাদ মাধ্যমৰ বাতৰিক মিছা আৰু ভিত্তিহীন বুলি অভিহিত কৰিছিল৷

Leave A Reply