Breaking

মেক্সিক’ৰ চহৰত গুলীচালনাত নিহত মেয়ৰ, আৰক্ষী বিষয়াৰ লগতে বহুকেইজন…

0 65

শেহতীয়া খবৰ অনুসৰি, দক্ষিণ-পশ্চিম মেক্সিকোৰ গুৱেৰেৰো ৰাজ্যৰ ছান মিগুৱেল টটোলাপান টাউন হলত বন্দুকধাৰীয়ে আক্ৰমণ চলাই মেয়ৰ কনৰাডো মেণ্ডোজা আলমেডাকে ধৰি কমেও ১৮ জন লোকক হত্যা কৰে।

বৃহস্পতিবাৰে (৬ অক্টোবৰ, ২০২২) মেক্সিকোৰ এখন চহৰত বন্দুকধাৰীয়ে গুলীচালনা কৰাৰ পিছত নিহত হোৱাসকলৰ ভিতৰত এজন মেয়ৰ আৰু কেইবাজনো আৰক্ষী বিষয়াও আছিল। শেহতীয়া সংবাদ মাধ্যমৰ বাতৰি অনুসৰি, দক্ষিণ-পশ্চিম মেক্সিকোৰ গুৱেৰেৰো ৰাজ্যৰ ছান মিগুৱেল টটোলাপান টাউন হলত বন্দুকধাৰীয়ে আক্ৰমণ চলাই মেয়ৰ কনৰাডো মেণ্ডোজা আলমেডাকে ধৰি কমেও ১৮ জন লোকক হত্যা কৰে। দোষীক বিচাৰি উলিওৱাৰ বাবে এতিয়া ৰাষ্ট্ৰীয় প্ৰতিৰক্ষা মন্ত্ৰালয়ে অঞ্চলটোত সেনা আৰু নৌসেনাৰ ইউনিট মোতায়েন কৰিছে।

খবৰ অনুসৰি, এই আক্ৰমণৰ বাবে ২০১৫ চনৰ পৰা ২০১৭ চনৰ ভিতৰত গুয়েৰেৰোক বিধ্বস্ত কৰা লছ টেকিলেৰ’ছ অপৰাধী গেঙক দোষাৰোপ কৰা হৈছে।

ইফালে, মেয়ৰ আলমেডাৰ দল পাৰ্টিড’ দে লা ৰিভ’লিউচন ডেম’ক্ৰেটিকা (পি আৰ ডি)য়ে তেওঁৰ “কাপুৰুষ” হত্যাকাণ্ডক গৰিহণা দি ন্যায়ৰ দাবী জনায়।

Leave A Reply