Breaking

মই ছলমানৰ পোহনীয়া বান্দৰ নহয়ঃ জেৰিন

0 2,042

এখন হৃদয়। অক্লান্ত ছলমানৰ অগণিত কাহিনী। এই সকলোবোৰৰ ঊৰ্ধ্বত চিৰসেউজ প্ৰেমকুমাৰ ছলমানৰ আছে এটা সঁচা মন, আছে  সেই ছলমানৰে জীৱনকাহিনী নানা কথা-উপকথাৰে ভৰপূৰ। বলীউডৰ ভাইজান খ্যাত ছলমান খানৰ বিপৰীতে ‘বীৰ’ ছবিৰ জৰিয়তে বলীউদত আত্মপ্ৰকাশ কৰিছিল জেৰিন খানে। চাওতে চাওতে বলীউডত ১২টা বছৰ অতিক্ৰম কৰিলে এইগৰাকী অভিনেত্ৰীয়ে।

বলীউডত এটা যুগ অতিবাহিত কৰাৰ পাছতো কিন্তু এইগৰাকী অভিনেত্ৰীয়ে প্ৰথমশাৰীৰ নায়িকাৰ তালিকাত স্থানলাভ কৰিবলৈ সক্ষম নহ’ল। ভাৰতীয় সংবাদ মাধ্যমৰ শেহতীয়া এক প্ৰতিবেদন অনুসৰি, এক সাক্ষাৎকাৰত ছলমানৰ সৈতে তেওঁৰ সম্পৰ্কৰ বিষয়ে মুকলিকৈ প্ৰকাশ কৰিছে এইগৰাকী অভিনেত্ৰীয়ে। জেৰিনে কয়, ‘মই ‘ভাইজান’ৰ প্ৰতি চিৰকৃতজ্ঞ।

ছলমানৰ বাবেই মই বলীউডত অভিনয়ৰ সুযোগ পাইছিলো। তেওঁ নোহোৱা হ’লে মই আজি বলীউডত নাথাকিলোহেতেঁন।’ কিন্তু যিসকলে জেৰিনৰ কেৰিয়াৰৰ সকলো শ্ৰেয় ছলমানৰ বুলি ভাবে তেওঁলোকক উদ্দেশ্যি অভিনেত্ৰীগৰাকীয়ে কয়, ‘এই ধাৰণাটো সম্পূৰ্ণৰূপে ভুল। এইবোৰ উৰাবাতৰি। হয়, ছলমান এগৰাকী মহান ব্যক্তি। তেওঁ পৰোপকাৰীও। কিন্তু একেসময়তে মনত ৰাখিব যে, তেওঁ বহুত ব্যস্ত থাকে।’

তেওঁ লগতে কয়, ‘মই ছলমানৰ পোহনীয়া বান্দৰহৈ থাকিবলৈ অনিচ্ছুক। সকলো সময়তে তেওঁৰ কান্ধত উঠি ঘূৰি ফুৰা, তেওঁক জ্বলাই থকা এইবোৰ বিষয়তে মোৰ বৰ আপত্তি। জেৰিন খানে লগতে কয়, ‘ মই জানো ভাইজানক এটা ফোন কৰিলেই মোৰ ওচৰলৈ দৌৰি আহিব। কিন্তু মই সেই সুযোগ ল’বলৈ বিচৰা নাই। কিন্তু এটা কথা ঠিক, মোৰ কেৰিয়াৰৰ সকলো উপাদানৰ সৈতে ভাইজানৰ নাম সাঙোৰ খুৱাব খুজিলে মই আঘাত পাও। এনে ধৰণৰ কথা-বতৰাই মোৰ দীৰ্ঘদিনীয়া অভিনয় কেৰিয়াৰৰ পৰিশ্ৰমক আহত কৰে।’

Leave A Reply