Breaking

পৰ্যটকৰ বাবে পুনৰ মুকলি হ’ল মেঘালয়

0 2,028

সুদীৰ্ষ ৯ মাহৰ বিৰতিৰ অন্তত আজি সোমবাৰে পৰ্যটক সকলৰ বাবে মুকলি কৰি দিয়া হ’ল মেঘালয়ৰ দুৱাৰ । কোভিডৰ সংক্ৰমণৰ পৰিপ্ৰেক্ষিতত দীৰ্ঘসময় পৰ্যটক সকলৰ বাবে বন্ধ কৰি ৰখা হৈছিল পাহাৰীয়া ৰাজ্যখন ।

যদিও পৰ্যটক সকলৰ বাবে মুকলি কৰি দিয়া হৈছে তথাপিটো ৰাজ্যখনৰ পৰ্যটন বিভাগে পৰ্যটক সকলৰ বাবে কিছু বিশেষ নিৰ্দেশনা ঘোষনা কৰিছে।

ৰিভ’ই জিলাত পৰ্যটক সকলৰ বাবে ৰাজ্যখন পুনৰ মুকলি কৰা অনুষ্ঠানত উপস্থিত থাকে মেঘালয়ৰ উপ-মুখ্য মন্ত্ৰী প্ৰেষ্টন টাইছং, মন্ত্ৰী এইছ ড’হলিংকে ধৰি অন্যান্য বিষয়ববীয়াই।

আনহাতে, কোভিডত আক্ৰান্ত হোৱা বাবে মেঘালয়ৰ মুখ্য মন্ত্ৰী কনৰাড চাংমাই এই অনুষ্ঠানত উপস্থিত থাকিব নোৱাৰিলেও টুইটাৰযোগে পৰ্যটক সকলক মেঘালয়লৈ আদৰণি জনায়।

উল্লেখযোগ্য যে, মেঘালয় ভ্ৰমণলৈ আহিব বিচৰা সকলো পৰ্যটকে মেঘালয় টুৰিষ্ট এপত বাধ্যতামূলক পঞ্জীয়ন কৰি ই-ইনভাইট গ্ৰহণ কৰিব লাগিব।

Leave A Reply