Breaking

ৰে’লক ব্যক্তিগতকৰণৰ নীতি প্ৰত্যাহাৰ দাবীত প্ৰধান মন্ত্ৰীলৈ স্মাৰক পত্ৰ এআইচিচিটিইউৰ

0 1,220

তিনিচুকীয়া :  এন এফ ৰে’লৱে এমপ্লইজ ইউনিয়নৰ তিনিচুকীয়া বিভাগীয় কমিটীৰ সম্পাদক যথাক্ৰমে  ডিএম নেওগ আৰু এআইচিচিটিইউৰ অন্যতম সৰ্বভাৰতীয় তথা অসম ৰাজ্যিক সমিতিৰ সম্পাদক সুভাষ সেনে এক প্ৰেছ বিবৃতিযোগে আজি তিনিচুকীয়া বিভাগৰ ডিআৰএমৰ জৰিয়তে ভাৰতৰ প্ৰধান মন্ত্ৰীলৈ স্মাৰকপত্ৰ প্ৰেৰণ কৰি ৰে’ল ব্যক্তিগতকৰণৰ নীতি প্ৰত্যাহাৰৰ দাবী জনায়। বিবৃতিটোত উল্লেখ কৰা হৈছে যে মোদী শাসনৰ আৰম্ভণিতেই গণতান্ত্ৰিক শক্তি আৰু শ্ৰমিক শ্ৰেণীৰ ওপৰত ধাৰাবাহিক আক্ৰমণে কৰোণা কালত অধিক ভয়ংকৰ ৰূপত নামি আহিছে আৰু দেশৰ তথাকথিত স্বনিৰ্ভিৰতাৰ শ্ল’গানেৰে দেশবাসীক আভুৱা ভাৰি স্বনিৰ্ভৰ অৰ্থনীতিৰ বুনিয়াদ স্বৰূপ ৰাজহুৱা খণ্ডৰ কয়লা, তেল, নৱৰত্ন কোম্পানীসমূহকে বিক্ৰী কৰিছে। এতিয়া ১৮৫৩ চনত মুম্বাইৰ পৰা থানেলৈকে ২১ মাইল ৰে’ল লাইন প্ৰতিষ্ঠাৰ জৰিয়তে সৃষ্টি হোৱা ঐতিহ্য আৰু গৌৰৱক পদদলিত কৰি, দেশৰ স্বনিৰ্ভৰতাক দেশী-বিদেশী কৰ্পোৰেট খণ্ড বিশেষকৈ গুজৰাটী বণিক গোষ্ঠী আম্বানি, আদানী, মোদী আদিৰ হাতত ঐহিত্যপূৰ্ণ ভাৰতীয় ৰে’লক বিক্ৰী কৰি, ভাৰতীয় ৰেলক এতিয়া টাটা ৰে’ল, মোদী ৰে’ল, আম্বানি-আদানী ৰে’ল হিচাপে চালু কৰা হ’ব। ৰে’লৰ যাত্ৰী-মালভাৰা বৃদ্ধি হ’ব, মূল্যবৃদ্ধিয়ে অভাৱনীয় ৰূপ ল’ব, ৰে’ল হ’কাৰৰ জীৱন দুৰ্বিসহ হৈ পৰিব। ভাৰতীয় অৰ্থনীতিৰ জীৱন-ৰেখা ৰে’ল বিভাগে উত্তৰ-দক্ষিণ, পূব-পশ্চিমক একেডাল সূতাৰে বান্ধি ৰাখি জাতীয় ঐক্য-সংহতিক শক্তিশালী কৰি আহিছে। ব্যক্তিগতকৰণৰ ফলত ৰে’লৰ শ্ৰমিক ছাঁটাই হ’ব, নিয়োগৰ বৃহত্তম ক্ষেত্ৰ ৰে’লৰ দুৱাৰ নিবনুৱাৰ বাবে ৰুদ্ধ হৈ পৰিব। গৰীৱ মানুহৰ ৰে’ল এতিয়া কৰ্পোৰেট ৰে’ললৈ পৰিণত হ’ব। মোদীয়ে কেৱল ৰে’লৰ ঐতিহ্যক ধ্বংস কৰিছে তেনে নহয়, সাম্প্ৰদায়িক বিষপাষ্প বিয়পাই, চীন-ভাৰত সীমা বিবাদক লৈ দ্বিচাৰিতা কৰি আসৈ মতা, অসমৰ বান-খহনীয়া ৰোধ কৰি অসমৰ জনজীৱনৰ এই স্থায়ী সমস্যাক ৰাষ্ট্ৰীয় দুৰ্যোগ হিচাপে ঘোষণা নকৰা, ক্ৰমবৰ্ধমান নাৰী নিৰ্যাতন, নাৰী ধৰ্ষণ-হত্যা আদি সমস্যাক জীয়াই ৰাখি দেশৰ গৌৰৱোজ্জ্বল অতীতক ধ্বংস কৰি হিটলাৰী ফেচিবাদী শাসন প্ৰতিষ্ঠা কৰি গৈছে। আজি ৰাজহুৱা খণ্ডৰ শ্ৰমিকসহ ৰে’ল শ্ৰমিক আৰু সাধাৰণ ৰাইজ মোদী শাসনৰ অৱসান ঘটাইহে কেৱল ৰাজহুৱা খণ্ডক ৰে’ল বিভাগক ৰক্ষা কৰাৰ বিষয়ে অধিক সচেতন হৈ উঠিছে। 

Leave A Reply