Breaking

“আঞ্চলিক পৰিষদ” আৰু বীজ সম্পৰ্কীয় পৰ্টেল “সাথী” উদ্বোধন মন্ত্ৰী অতুল বৰাৰ

0 80

মঙলবাৰে গুৱাহাটীত অসম বীজ আৰু জৈৱিক প্ৰমাণীকৰণ অভিকৰণে আয়োজন কৰা এক অনুষ্ঠানত কেন্দ্ৰীয় চৰকাৰৰ পিজিএছ ইণ্ডিয়া কাৰ্যসূচীৰ অধীনত অসম বীজ আৰু জৈৱিক প্ৰমাণীকৰণ অভিকৰণক আঞ্চলিক পৰিষদ হিচাপে দিয়া স্বীকৃতিৰ প্ৰমাণ-পত্ৰ প্ৰদান কৰাৰ লগতে আৰু “SATHI” শীৰ্ষক বীজ সম্পৰ্কীয় এটা পৰ্টেল শুভ উদ্বোধন কৰে কৃষি, উদ্যানশস্য আদি বিভাগৰ মন্ত্ৰী অতুল বৰাই৷

অনুষ্ঠানত মন্ত্ৰী বৰাই কয়, “মানসম্পন্ন বীজৰ ওপৰতেই শস্যৰ উৎপাদনৰ পৰিমাণ নিৰ্ভৰ কৰে। উৎপাদন অক্ষম বা গুটি নধৰা বীজৰ বাবে কৃষকসকলে যথেষ্ট ক্ষতিৰ সন্মুখীন হ’বলগীয়া হয়। কৃষকসকলক মানসম্পন্ন বীজ যোগানত মাননীয় মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই বিশেষ গুৰুত্ব আৰোপ কৰি আহিছে। কৃষি বিভাগেও এই দিশত যাৱতীয় ব্যৱস্থা গ্ৰহণ কৰিছে”।

লগতে মন্ত্ৰী বৰাই কয়, “অসম তথা উত্তৰ-পূৰ্বাঞ্চলত চৰকাৰী খণ্ডত জৈৱিক প্ৰমাণীকৰণ এজেঞ্চিৰ অভাৱৰ ফলত জৈৱিক কৃষিৰ প্ৰতি আগ্ৰহী কৃষকসকলে বিভিন্ন সমস্যাৰ সন্মুখীন হৈ আহিছিল। অসম বীজ‌ আৰু জৈৱিক প্ৰমাণীকৰণ অভিকৰণক জৈৱিক প্ৰমাণীকৰণৰ ক্ষেত্ৰত আঞ্চলিক পৰিষদ হিচাপে মান্যতা প্ৰদান‌ কৰাৰ ফলত এতিয়াৰেপৰা অসমকে ধৰি চুবুৰীয়া ৰাজ্যসমূহৰ জৈৱিক কৃষিৰ লগত জড়িত কৃষক আৰু উদ্যোগীসকল যথেষ্ট উপকৃত হ’ব”।

ভেজাল-বেয়া বীজ যোগানৰ বাবে যাতে কৃষকসকলে শস্য চপোৱাৰ সময়ত হতাশাত ভুগিবলগীয়া পৰিস্থিতিৰ সৃষ্টি নহয় তাৰ বাবে বীজ প্ৰমাণীকৰণ, প্ৰমাণপত্ৰ প্ৰদান, বীজ যোগান প্ৰক্ৰিয়াটো অতি সাৱধানতাৰে আৰু নিষ্ঠাৰে আগবঢ়াই নিবলৈ অনুষ্ঠানত উপস্থিত সংশ্লিষ্ট বিষয়াসকলক আহ্বান জনালে মন্ত্ৰী অতুল বৰাই।

অনুষ্ঠানত কৃষি সঞ্চালক ভাস্কৰ পেগু, অসম বীজ নিগমৰ পৰিচালন সঞ্চালক গুণজিৎ কাশ্যপ, উদ্যানশস্য সঞ্চালক ত্ৰিৰংগ ভাৰতীয় বৰা, অসম বীজ আৰু জৈৱিক প্ৰমাণিকৰণ অভিকৰণৰ সঞ্চালক মৌচম হাজৰিকা প্ৰমুখ্যে বিশিষ্ট ব্যক্তিসকল আৰু কৃষি বিভাগৰ অন্যান্য বিষয়াসকল উপস্থিত থাকে।

Leave A Reply