Breaking

মৰাণৰ সেউজীয়া পথাৰত কঁকাল ঘূৰাই নাচিলে মন্ত্ৰী যোগেন মহনে…

0 81

মৰাণৰ সেউজী পথাৰত কঁকাল ঘূৰাই নাচিলে মন্ত্ৰী যোগেন মহনে। মাহমৰা সমষ্টিবাসী ৰাইজে বিধায়কৰ সহযোগত ৰঙালী বিহু সন্মিলনৰ লাইখুঁটা স্থাপন কৰে।ৰাজ্যৰ চৌদিশে এতিয়া ব্যস্ত বহাগ বিহুক আদৰাকলৈ বিহুপ্ৰেমী ৰাইজ। মৰাণতো ইয়াৰ ব্যতিক্ৰম নহয়, মৰাণৰ সেউজী পথাৰত কঁকাল ঘূৰাই নাচিলে কেবিনেট মন্ত্ৰী তথা মাহমৰা সমষ্টিৰ বিধায়ক যোগেন মহনে।

এফালে যদি লোকবাদ্য নিৰ্মাতা সকলৰ ব্যস্ততা, আনফালে বিহু কৰ্মশালা প্ৰস্তুতি তুংগত লগতে সমান্তৰাল ভাৱে দেখা গৈছে হেঁপাহৰ ৰঙালী বিহুটিক উদযাপন কৰিবলৈও আয়োজক সমিতিৰ সকলৰ এতিয়া আহৰি নোহোৱা হৈছে। এই দৃশ্য হৈছে মৰাণৰ সমীপৰ সেউজী পথাৰ সুৰুযমুখী যুৱ সংঘ আৰু পুথিভঁড়ালৰ উদ্যোগত বৃহত্তৰ মাহমৰাবাসী ৰাইজৰ সহযোগত অনুষ্ঠিত হ’বলগীয়া ৰঙালী বিহু সন্মিলনৰ লাইখুঁটা আনুষ্ঠানিক ভাৱে স্থাপন কৰে মন্ত্ৰী যোগেন মহনে। অহা ১ আৰু ২ বহাগত সেউজী পথাৰ ৰাজহুৱা খেলপথাৰ অনুষ্ঠিত হ’ব এই ৰঙালী বিহু সন্মিলন।

Leave A Reply