Breaking

নগাঁৱত সংখ্যালঘু মহিলাৰ নেতৃত্ব উন্নয়নৰ প্ৰশিক্ষণ শিবিৰ

0 2,049

কেন্দ্ৰীয় চৰকাৰৰ সংখ্যালঘু উন্নয়ন পৰিক্ৰমা মন্ত্ৰালয়ৰ অৰ্থ সাহায্যত আৰু গ্ৰাম বিকাশ পৰিষদৰ উদ্যোগত নগাঁও জিলাৰ বিভিন্ন অঞ্চলৰ সংখ্যালঘু মহিলাৰ নেতৃত্ব উন্নয়নৰ ছয় দিনীয়া প্ৰশিক্ষণ শিবৰৰ আয়োজন কৰিছে। তাৰে প্ৰথমখন শিৱিৰ যোৱা ২ মাৰ্চত বটদ্ৰবাৰ ধনীয়াভেটিত অনুষ্ঠিত হয়। উক্ত অনুষ্ঠানত নগাঁও জিলা সমাজ কল্যাণ বিষয়াৰ লগতে স্থানীয় পঞ্চায়ত প্ৰতিনিধি, বিভিন্ন চৰকাৰী-বেচৰকাৰী অনুষ্ঠানৰ  বিষয়ববীয়াসকল উপস্থিত থাকে। প্ৰশিক্ষণ শিৱিৰত উপস্থিত বিশিষ্ট ব্যক্তি সকলে কয় যে – মহিলাসকল যেতিয়া শিক্ষিত হয় তেতিয়া সকলো সমস্যা সমূহ দূৰ হয়। মহিলাসকল অৰ্থনৈতিক আৰু সামাজিক ভাবে অৱহেলিত হলে এখন সমাজ উন্নয়ন নহয় বুলি তেওঁলোকে মন্তব্য কৰে। সভাত গ্ৰাম বিকাশ পৰিষদৰ মূখ্য উপদেষ্টা চিৰাজ উদ্দিন আহমেদে বৰ্তমান পৰিস্থিতিৰ ওপৰত লক্ষ্য ৰাখি কভিড-১৯ত লবলগীয়া সজাগতা, প্ৰতিৰোধ আৰু প্ৰতিকাৰৰ সম্পৰ্কে পুংখানুপুংখ ভাবে আলোচনা দাঙি ধৰে।উল্লেখ্য , যোৱা ২ ফেব্ৰুৱাৰীৰ পৰা আৰম্ভ হোৱা শিবিৰ মুঠ ৭ টা স্থানত অনুষ্ঠিত হ’ব।  প্ৰশিক্ষণ শিৱিৰৰ স্থান কেইটা ক্ৰমে- ধনীয়াভেটি, চিলঙনি কটনিগাওঁ(পানীখাইটি), ডাকৰঘাট, পানীগাওঁ, জাজৰি আৰু মৰিকলং।

Leave A Reply