Breaking

এন.ই.ফ’কাচ ডট কমৰ পঞ্চম বৰ্ষপূতি অনুষ্ঠানত মিৰ্জাৰ সাংবাদিক জীতুমণি দাসক সম্বৰ্ধনা : দল-সংগঠনৰ অভিনন্দন

0 1,571

এন. ই. ফ’কাচ ডট কম নামৰ গুৱাহাটীৰ ৱেব পৰ্টেলটোৰ ৫ বছৰীয়া বৰ্ষপূতি কালি অনুষ্ঠিত হৈ যায়। এই অনুষ্ঠানটিত জন্মলগ্নৰে জড়িত থকাৰ লগতে নিষ্ঠা-সততাৰে সংবাদ পৰিৱেশন কৰা বাবে দক্ষিণ কামৰূপৰ বিজয়নগৰৰ যুৱ সাংবাদিক জীতুমণি দাসক ফুলাম গামোচা, চেলেং চাদৰ, প্ৰশস্তি পত্র উষ্ম সম্বৰ্ধনা জনাই । দিশপুৰৰ হোটেল ৰেচিডেন্সীত অনুষ্ঠিত এই অনুষ্ঠানত ৰাজ্য চৰকাৰৰ উদ্যোগ আৰু বাণিজ্য বিভাগৰ অৱসৰী অতিৰিক্ত সঞ্চালক প্ৰফুল্ল কুমাৰ শইকীয়া, অসম সত্ৰ মহাসভাৰ প্ৰধান সম্পাদক কুসুম কুমাৰ মহন্ত, সমাজসেৱক দিলোৱাৰ হুছেইন, বিশিষ্ট চিকিৎসা ক তথা সৰ্প দৰ্শনৰ সামাজিক কৰ্মকৰ্তা ডাঃ সুৰজিৎ গিৰি, ৰাষ্ট্ৰীয় পৰ্যায়ৰ মানৱ অধিকাৰ কৰ্মী ড০ দিব্যজ্যোতি শইকীয়া, এন. ই. ফ’কাচৰ সম্পাদিকা সংগীতা শইকীয়া আদি উপস্থিত আছিল। জীতুমণি দাসক ৱেব পৰ্টেলটোৰ পৰা সম্ভাষণ জনোৱাত ৰাজ্যৰ সমন্বয়- সংহতিৰ অনুষ্ঠান “বহুবাক” (বহুভাষিক সাহিত্য মঞ্চ, অসম) ৰ প্রধান সম্পাদক দীপক শৰ্মাই কয়-  “জীতুমণি দাসে নিজৰ একাগ্রতা আৰু ঐকান্তিক প্ৰচেষ্টাৰ ফলত আজি সম্বৰ্দ্ধিত হ’ব পাৰিছে। এদিন তেওঁ সফলতাৰ শীর্ষত আৰোহণ কৰিব পাৰিব। লগতে এন.ই.ফ’কাচ ডট কমৰ উজ্বল ভৱিষ্যত কামনা কৰে।” জীতুমণি দাসক পাৰদৰ্শিতাতাক শলাগ লৈছে মানুহ আৰু পৰিৱেশ, অসমৰ সভাপতি কমল চন্দ্র মেধি, বিষ্ণু প্ৰসাদ ৰাভা স্মৃতি ৰক্ষা সমিতি, অসমৰ সম্পাদক যুগল নাথ, দক্ষিণ কামৰূপ সচেতন মঞ্চৰ অধ্যক্ষ মদন দাস, বঙৰা  আঞ্চলিক সাহিত্য মঞ্চৰ সভাপতি গৌৰীকান্ত নাথ, পৰাগজ্যোতি প্ৰকাশন আদি দল-সংগঠনে।

Leave A Reply