Breaking

বিধায়কৰ কাৰ্যকালত ৭০ খনকৈ পকী দলং নিৰ্মাণ কৰি আনন্দিত বিধায়ক বিনন্দ কুমাৰ শইকীয়া

0 1,274

দিপীলা, ১০ ডিচেম্বৰ : ছিপাঝাৰ সমষ্টিৰ বিধায়ক বিনন্দ কুমাৰ শইকীয়াৰ কাৰ্যকালত আন আন আঁচনিৰ বাহিৰেও ৭০ খনকৈ পকী দলং নিৰ্মাণ কৰি আনন্দিত বিধায়ক গৰাকী ৷ ১৮৯৪ চনৰ ২৮ জানুৱাৰীত দৰং জিলাৰ ঐতিহাসিক পথৰুঘাটত বৃটিছৰ বৰ্ধিত খাজনা বৃদ্ধিৰ প্ৰতিবাদ জনাবলৈ গৈ শ্বহীদ হোৱা সাতকুৰি শ্বহীদক সন্মান জনায় পুনৰ আন এখন আঁচনি ৰূপায়ণ কৰে বিধায়ক বিনন্দ কুমাৰ শইকীয়াই ৷ বুধবাৰে পাথৰিঘাট উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ চৌহদত ৰাইজৰ সুবিধাৰ্থে অত্যাধুনিক সুবিধা থকা এটি ” ৰাজহুৱা সভা কেন্দ্ৰ ” ৰ শুভাৰম্ভ কৰে বিধায়ক গৰাকীয়ে ৷ প্ৰায় ১ কোটি ৩৫ লাখ টকা ব্যয়ৰে নিৰ্মাণ কৰিবলগীয়া গৃহটি MSDP ৰ ২০১৯/২০ বৰ্ষৰ অধিনত নিৰ্মাণ হব ৷ সেইদিনাই বিধায়ক গৰাকীয়ে মহাপুৰুষ মাধৱদেৱৰ প্ৰিয় শিষ্য লেচাকোনীয়া গোবিন্দ আতৈয়ে ৪৫০ বছৰ পূৰ্বে প্ৰতিষ্ঠা কৰা শ্ৰীশ্ৰী পালাভিঠা সত্ৰ আৰু ঐতিহাসিক পচকীয়া থানৰ শুভাৰম্ভ কৰে ৷ দুয়োখন  সত্ৰ আৰু থান পুনৰ নিৰ্মাণৰ বাবে অসম চৰকাৰৰ ” অসম দৰ্শন আঁচনি ” ৰ দ্বাৰা ১০ লাখ টকাকৈ ব্যয় কৰিব চৰকাৰে ৷ উল্লেখ্য যে শ্ৰীশ্ৰী পালাভিঠা সত্ৰ পুনৰ নিৰ্মাণৰ শুভাৰম্ভণী অনুষ্ঠানত উপস্থিত থাকে অসম সত্ৰ মহাসভাৰ প্ৰধান সম্পাদক কুসুম কুমাৰ মহন্ত ৷ আনহাতে প্ৰায় ৮০ লাখ টকা ব্যয়ৰে পচকীয়া থানলৈ সংযোগী এটি পথৰো শুভাৰম্ভ কৰে বিধায়ক বিনন্দ কুমাৰ শইকীয়াই ৷ বিটিচি নিৰ্বাচনত খালেংদুৱাৰ সমষ্টিৰ বিজেপিৰ প্ৰভাৰীৰ দায়িত্বত থকা বিধায়ক বিনন্দ কুমাৰ শইকীয়াই খালেংদুৱাৰ সমষ্টিৰ বিজেপিৰ প্ৰাৰ্থী জয়যুক্ত হোৱাৰ লগতে বিটিচিত বিজেপিয়ে এইবাৰ চৰকাৰ গঠন কৰিব বুলি দাবী কৰে ৷

Leave A Reply