Breaking

বিধায়িকা নন্দিতা দাসে দৰিদ্ৰ পৰিয়ালৰ মাজত বিতৰণ কৰিলে ঈদৰ পোছাক

0 1,211

সোণতলী : কৰোনাৰ আতংকই সম্প্ৰতি দেশত চলি থকা লকডাউনে ৰাজ্যৰ দুখীয়া দৰিদ্ৰ পৰিয়ালৰ মাজত হাহাকাৰ পৰিস্থিতিৰ সৃষ্টি কৰিছে৷ লকডাউনৰ মাজতে ৰাজ্যত তিনিবাৰকৈ ব্ৰহ্মপুত্ৰ নৈৰ বাঢ়নি পানীয়ে বিস্তৰ ক্ষতি সাধন কৰা দেখা গৈছে৷ ইপিনে ইছলাম ধৰ্মাৱলম্বী লোকসকলৰ পৱিত্ৰ ঈদ চমু চাপি অহাৰ লগে লগে ৰাজ্যৰ একাংশ দৰিদ্ৰ ব্যক্তিসকলৰ মাজত হাহাকাৰ পৰিৱেশৰ সৃষ্টি হৈছে৷ তেনে সময়তে দুখীয়া দৰিদ্ৰ সকলৰ কাষত থিয় দিছে বকো সমষ্টিৰ বিধায়িকা নন্দিতা দাসে৷ লকডাউন আৰু বানে জুৰুলা কৰা দক্ষিণ কামৰূপৰ বকো সমষ্টিৰ সোণতলী নৈপৰীয়া একাংশ দৰিদ্ৰ পৰিয়ালৰ মাজত বিধায়িকা নন্দিতা দাসৰ সহযোগত চৰ-চাপৰি যুৱ ঐক্য মঞ্চই বিতৰণ কৰিলে ঈদৰ পোছাক৷ জানিব পৰা মতে সোণতলী এলেকাধীন বৰঘুল, বৰদিয়া নয়াপাৰা, সৰু আৰিকাটি, পানীখাইতী আদি গাঁৱৰ প্ৰায় ত্ৰিশখনকৈ পৰিয়ালৰ মাজত ঈদৰ পোছাক বিতৰণ কৰে৷ উল্লেখ্য যে, চৰ-চাপৰি যুৱ ঐক্য মঞ্চৰ সহযোগত বিধায়িকা নন্দিতা দাসৰ এনে মহানুভৱতাক স্থানীয় ৰাইজে ভূয়সী প্ৰশংসা কৰে ৷

Leave A Reply