Breaking

দেশৰ অখণ্ডতা ৰক্ষাৰ বাবে ত্ৰিৰঙ্গাঁৰ তলত সংকল্প বিধায়ক পদ্ম হাজৰিকাৰ

0 1,540

ৰাজ্যৰ অন্যান্ন প্ৰান্তৰ লগতে শোণিতপুৰ জিলাৰ জামুগুৰিহাটৰ বিভিন্ন প্ৰান্তত উদযাপন কৰা হয় ৭৫ সংখ্যক স্বাধীনতা দিৱস ৷ ৰবিবাৰে পূৱা জামুগুৰিহাটস্থিত পৰিদৰ্শন ভৱনত স্বাধীনতা দিৱসৰ পতাকা উত্তোলন কৰে চতিয়া সমষ্টিৰ বিধায়ক পদ্ম হাজৰিকাই ৷ পতাকা উত্তোলন কৰি বিধায়ক পদ্ম হাজৰিকাই ৰাইজক উদ্দেশ্যি কয়-দেশৰ একতা, শক্তিৰ বৃদ্ধিৰ কাৰণে আমি প্ৰতিজন নাগৰিকেই ইজনে  সিজনক বিশ্বাসত ৰাখি কাম কৰিব লাগিব ৷ প্ৰতিটো জাতি-জনগোষ্ঠী, ভাষা-ধৰ্মালম্বী লোকৰ মাজত সম্প্ৰতি গঢ়ি তুলিব লাগিব ৷ দেশ মাতৃৰ সেৱাত  আমি প্ৰতিজন নাগৰিকেই নিয়োজিত হৈ  দেশৰ অখণ্ডতা ৰক্ষাৰ বাৱে  আজিৰ দিনটোত  আমি সকলোৱে সংকল্প গ্ৰহণ কৰো আহক বুলি মন্তৱ্য কৰে বিধায়ক পদ্ম হাজৰিকাই ৷ ইয়াৰো পৰি নদুৱাৰৰ বিভিন্ন পঞ্চায়ত কাৰ্য্যালয়ৰ লগতে পূৱা উত্তৰ মূঢ়াদল গাওঁ পঞ্চায়তৰ সভাপতি দিপক নেৱাৰে পঞ্চায়ত কাৰ্য্যালয়ত পতাকা উত্তোলন কৰাৰ লগতে কেক কাটি স্বাধীনতা দিৱস উদযাপন কৰে ৷ বালিজুৰিস্থিত কন্যকা শৰীৰ চৰ্চা কেন্দ্ৰৰ প্ৰাঙ্গনতো বালিজুৰি জুনিয়ৰ কলেজ, বালিজুৰি বানিক সন্থা আৰু মহিলা সমিতিৰ উদ্যোগত বৰ্ণাধ্য কাৰ্যসূচীৰে উদযাপন কৰে ৭৫ তম স্বাধীনতা দিৱস ।

Leave A Reply