Breaking

নগাঁৱৰ কাছমাৰী পঞ্চায়তত ৯ টাকৈ আঁচনিৰ শুভাৰম্ভ বিধায়ক ৰূপক শৰ্মাৰ

0 1,243

নগাঁও , ১৭ নবেম্বৰ : নগাঁও সদৰ সমষ্টিৰ অন্তৰ্গত কাছমাৰী পঞ্চায়তত চুৰ্তদশ বিত্তীয় আয়োগ আৰু ৰাজ্যৰ স্ব-শিতানৰ অগ্ৰাধিকাৰ দাবী অনুমোদিত আঁচনিৰ অধীনত ৯ টাকৈ আঁচনিৰ আজি শুভাৰম্ভ কৰে নগাঁও সদৰ সমষ্টিৰ বিধায়ক ৰূপক শৰ্মাই । আজি শুভাৰম্ভ কৰা আঁচনি সমূহ হৈছে- টকৌবাৰী ভূপেন হাজৰিকা মুকলি মঞ্চৰ ৰভাঘৰ নিৰ্মাণ, উত্তৰ বহুৱাভেটি ভেৰভেৰী অনুসুচিত জাতিৰ প্ৰাথমিক বিদ্যালয়ৰ শ্ৰেণীকোঠা নিৰ্মাণ, বামুনগাঁও, মহেখুচা, টকৌবাৰী আঞ্চলিক কৃষ্টি বিকাশ কেন্দ্ৰ নিৰ্মাণ, পুখুৰীপাৰ মূলপথৰ পৰা সমীৰ বৰদলৈ ঘৰলৈ যোৱা চি চি ব্লক পথ নিৰ্মাণ, জলময় গাঁও তিনিআলিৰ পৰা গেদাৰবড়ী পথাৰচুকলৈ চি চি ব্লক পথ নিৰ্মাণ, চিধা মৰিগাঁও ৰোডৰ পৰা ডেকাগাঁৱৰ ৰাজু বৰাৰ বাসগৃহলৈ চি চি ব্লক পথ নিৰ্মাণ, কাছমাৰী বিহু মঞ্চ নিৰ্মাণ, বেজগাঁও কৃষ্টি বিকাশ কেন্দ্ৰ নিৰ্মাণ, কাছমাৰী পঞ্চায়তৰ কাৰ্যলয়ৰ বাটচ’ৰা আৰু চৌহদৰ দেৱাল নিৰ্মাণ। উল্লেখিত আচঁনি সমূহ শুভাৰম্ভ কৰি বিধায়ক ৰূপক শৰ্মাই এই আঁচনি সমূহৰ জৰিয়তে পঞ্চায়তটোৰ জনসাধাৰণ উপকৃত হব বুলি আশা প্ৰকাশ কৰে ।আজি উন্নয়ন মূলক আঁচনি সমূহৰ শুভ উদ্ধোধনী অনুষ্ঠানত নগাঁও জিলা পৰিষদৰ সভাপতি মুনমুনি দাস বৰা,তিৱা স্বায়ত্ব পৰিষদৰ উপাধক্ষ্য বিদুৎ বৰদলৈ,কাছমাৰী জিলা পৰিষদৰ সদস্যা কাঞ্চন বৰদলৈ, খাগৰিজান উন্নয়ন খন্ডৰ আঞ্চলিক পঞ্চায়তৰ সভানেত্ৰী দিপাঞ্জলী কোঁৱৰ, কাছমাৰী পঞ্চায়তৰ সভাপতি পংকজ বৰা প্ৰমুখ্যে পঞ্চায়তটোৰ প্ৰতিনিধি ,দলীয় কাৰ্যকৰ্তা আৰু কেইবাগৰাকীও স্হানীয় গণ্য মান্য ব্যক্তিৰ লগতে ৰাইজ উপস্থিত থাকে ।

Leave A Reply