Breaking

স্বাস্থ্য সন্মত মাছৰ খুচুৰা বজাৰ ৰাইজৰ বাবে মুকলি কৰিলে বিধায়ক ৰূপক শৰ্মাই ।

0 865

নগাঁও : কৰ’না মহামাৰীৰ ভয়াবহতাৰ মাজতে নগাঁও সদৰ সমষ্টিত চৰকাৰৰ  উন্নয়ন মূলক আচঁনিৰ  কামকাজ অব্যাহত আছে ।   নগাঁও চহৰত ৰূপায়িত কেতবোৰ উন্নয়ন মূলক আচঁনিৰ লগতে শেহতীয়াকৈ হয়বৰগাঁও স্হিত মাছৰ খুচুৰা  বজাৰখন স্বাস্হ্য সন্মত ভাবে পুনৰ নিৰ্মাণ কৰি উলিওৱা হৈছে।আজি এই মাছৰ বজাৰখনৰ আনুষ্ঠানিক ভাবে মুকলি কৰে নগাঁও সদৰ সমষ্টিৰ বিধায়ক ৰূপক শৰ্মাই । উল্লেখ্য যে দীৰ্ঘদিন ধৰি এই বজাৰখনৰ অস্বাস্হ্যকৰ পৰিবেশৰ লগতে বজাৰগৃহটোৰ ওপৰৰ চালিৰ জৰাৰ্জীন অৱস্থাৰ বাবেই  এজাক বৰষুণ আহিলেই বিক্ৰেতা সকলৰ লগতে ক্ৰেতা সকলে বজাৰখনত থাকিব নোৱাৰা পৰিবেশৰ সৃষ্টি হৈছিল। ফলস্বৰূপে  স্হানীয় ৰাইজে বজাৰখনত সমগ্ৰী ক্ৰয়  কৰিব যাবলৈও কুন্ঠাবোধ কৰিছিল।আজি মাছৰ খুচুৰা বজাৰখন আনুষ্ঠানিক ভাবে মুকলি কৰি বিধায়ক ৰূপক শৰ্মাই কয় যে বিক্ৰেতা সকলৰ লগতে স্হানীয় ৰাইজে বজাৰখন পৰিস্কাৰ, স্বাস্থ্য সন্মত  আৰু উন্নত কৰি তুলিবলৈ আহ্বান জনাই আহিছিল। ৰাইজৰ  সুবিধা আৰু আহ্বানৰ প্ৰতি লক্ষ্য ৰাখি মাছৰ খুচুৰা বজাৰখনৰ পুনৰ নিৰ্মাণ  কৰি উলিওৱা হৈছে।সুন্দৰভাৱে নিৰ্মাণ কাৰ্য সমাপ্ত হৈ উঠা বজাৰখনৰ জৰিয়তে নগঞা ৰাইজ উপকৃত হব বুলি আমি আশা কৰিছো।আজি বজাৰ মুকলি অনুষ্ঠানত বিধায়ক গৰাকীৰ লগতে প্ৰাক্তন পৌৰপতি দিগন্ত দাস প্ৰমুখ্যে পৌৰসভাৰ বিভিন্ন বিষয়া কৰ্মচাৰী উপস্থিত থাকে।স্মৰ্তব্য যে কিছুদিন পূর্বে নগাঁও চহৰৰ বৰবজাৰ স্হিত মূল মাছৰ বজাৰখনো স্বাস্থ্য সন্মত ভাবে পুনৰ নিৰ্মাণ কৰি ৰাইজৰ বাবে মুকলি কৰি দিয়ে বিধায়ক ৰূপক শৰ্মাই।   

Leave A Reply