Breaking

মৰাণৰ খোৱাঙত কা বাতিল, তাই আহোম জনজাতিকৰণৰ দাবীত আটাছুৰ ২ ঘন্টীয়া অৱস্থান ধৰ্মঘট কাৰ্যসূচী

0 33

দৈনন্দিন বাৰ্তাৰ সেৱা, মৰাণ, ১০ নৱেম্বৰঃ নাগৰিকত্ব সংশোধনী আইন কা বাতিলৰ দাবীত আৰু তাই আহোমক জনজাতিকৰণ কৰা দাবীত মৰাণৰ খোৱাঙত খোৱাং চাৰিআলিত ৩৭নং ৰাষ্ট্ৰীয় ঘাইপথৰ দাঁতিত আটাছুৱে ২ ঘন্টীয়া অৱস্থান ধৰ্মঘট কাৰ্যসূচী ৰূপায়ণ কৰি উত্তাল প্ৰতিবাদ সাব্যস্ত কৰে। সদৌ তাই আহোম ছাত্ৰ সন্থাৰ খোৱাং আঞ্চলিক সমিতিৰ উদ্যোগত আজি দিনৰ ১১ বাজৰ পৰা ১ বজালৈ  ৰূপায়ণ কৰা দুঘন্টীয়া এই প্ৰতিবাদী কাৰ্যসূচীত পৰিবৰ্তনকামী বিজেপিৰ চৰকাৰৰ বিৰুদ্ধে বিভিন্ন প্ৰতিবাদী শ্ল’গানেৰে আকাশ-বতাহ কপাই তোলে।

যদি ২০২১ চনৰ বিধানসভাৰ নিৰ্বাচনৰ পূৰ্বে তাই আহোমক জনজাতিকৰণ প্ৰদান নকৰে আৰু অসমীয়া জাতিধ্বংসী আইন কা বাতিল নকৰে তেন্তে ২০২১  চনৰ বিধানসভাৰ নিৰ্বাচন বিজেপি দলক এসেকা দিব বুলি সকিয়নী প্ৰদান কৰিছে। কাৰ্যসূচী অন্তত প্ৰতিবাদী সকলে আটাছুৰ খোৱাং আঞ্চলিক সমিতিৰ সভাপতি ৰাজীৱ গগৈ আৰু সম্পাদক সুজিৎ চাংমাইৰ স্বাক্ষৰিত এক স্মাৰক পত্ৰ মৰাণ ৰাজহ চক্ৰৰ বিষয়া যোগেদি ভাৰতৰ প্ৰধান মন্ত্ৰী আৰু অসমৰ মুখ্যমন্ত্ৰীলৈ প্ৰেৰণ কৰে।

প্ৰতিবাদী কাৰ্যসূচীত আটাছুৰ ডিব্ৰুগড় জিলা সমিতিৰ সভাপতি নিপন ফুকনে নেতৃত্বত প্ৰদান কৰে। অৱস্থান ধৰ্মঘট কাৰ্যসূচীত আটাছুৰ বিষয়-ববীয়াসকলৰ উপৰিও আছু ডিব্ৰুগড় জিলা সমিতিৰ সহকাৰী সম্পাদক ৰাহুল কোঁৱৰ, আহোম জাতীয় গণ মঞ্চ, অসমৰ কেন্দ্ৰীয় সমিতিৰ সহকাৰী সম্পাদক অকণ ভূঞা, টাইপাৰ মৰাণ মহকুমা সমিতিৰ কাৰ্যকৰী সভাপতি গিৰিণ বৰগোঁহাইকে প্ৰমুখ্য কৰি ভালেমান বিশিষ্ট ব্যক্তিয়ে অংশ গ্ৰহণ কৰি পৰিবৰ্তনকামী চৰকাৰৰ কটু সমালোচনা কৰে।                   

Leave A Reply