Breaking

মৰাণত পথ নিৰ্মাণত অনিয়ম

0 34

দৈনন্দিন বাৰ্তাৰ সেৱা, মৰাণ, ১০ নৱেম্বৰঃ ডিব্ৰুগড় জিলাৰ ১১৫ নং মৰাণ বিধানসভা সমষ্টিত অন্তৰ্গত মৰাণ নগৰৰ মাজ-মজিয়া পৰা নিতাই সংযোগী পথৰ প্ৰথম আঢ়ৈ কিলোমিটাৰ পথ মেৰামতি বাবে গড়-কাপ্তানী বিভাগে আবন্টন দিয়া ৩৮ লাখ টকাৰ কাম ডিব্ৰুগড়ৰ ৰাজীৱ গগৈ নামৰ এজন ঠিকাদাৰে অতি নিম্ন মানদণ্ডৰে নিৰ্মাণ কৰাত আজি স্থানীয় ক্ষোভিত ৰাইজে পথৰ নিৰ্মাণ কাৰ্য বন্ধ কৰি দিছে।

নতুনকৈ কাৰ্পেটিং কৰা পথটো মাছৰ বাকলি দৰে নিৰ্মাণৰ পাছতেই চটাচত এৰি যোৱাত স্থানীয় ৰাইজৰ চকু কপালত উঠে আৰু ক্ষোভিত হৈ পৰে। ৰাইজৰ অভিযোগ মৰাণ সমষ্টি বিধায়ক চক্ৰধৰ গগৈক, বিভাগীয় অভিযন্তাক কমিচন দি ঠিকাদাৰে অতি নিম্ন মানদণ্ডৰে পথটো নিৰ্মাণ কৰোঁতে বিজেপিৰ পালিনেতাসকলে সমষ্টিত  উন্নয়ন হৈছে বুলি ঢাক-ঢোল বজোৱা কাৰ্যক কটুৰ সমালোচনা কৰিছে ক্ষোভিত ৰাইজে। পথ নিৰ্মাণ কৰোতে নিম্ন মানদণ্ড হৈছে বুলি স্বীকাৰ কৰে ঠিকাদাৰৰ মহৰীয়ে আৰু পুনৰ নিৰ্মাণ কৰা প্ৰতিশ্ৰুতি প্ৰদান কৰে।

Leave A Reply