Breaking

নলবাৰীৰ চামতাত শোকাৱহ ঘটনা ,বিবাহৰ এবছৰ নহওঁতেই স্বামী-স্ত্ৰীৰ আত্মহত্যা ……

0 100

ৰঙালী বিহুৰ আনন্দ-উল্লাসৰ মাজতে নলবাৰীৰ চামতাত সংঘটিত হ’ল এক শোকাৱহ ঘটনা ।বেলশৰ থানাৰ অন্তৰ্গত চামতাৰ মালোপাৰাত বিবাহৰ এবছৰ নহওঁতেই স্বামী-স্ত্ৰীয়ে একেলগে আত্মহত্যা কৰা ঘটনাই সমগ্ৰ অঞ্চলটোতে চাঞ্চল্যৰ সৃষ্টি কৰে ।

চামতাৰ মালোপাৰা নিবাসী অমূল্য ঠাকুৰীয়া আৰু চিত্ৰ ঠাকুৰীয়াৰ জ্যেষ্ঠ পুত্ৰ মৃদূল ঠাকুৰীয়া(৩২)ই প্ৰায় ১১ মাহ পূৰ্বে গুৱাহাটীৰ আজাৰা নিবাসী ৰূপালী ঠাকুৰীয়া(২৮)ৰ সৈতে বিবাহ পাশত আৱদ্ধ হৈছিল । সাধাৰণ দৰ্জি কাম কৰি মাক-দেউতাক আৰু একমাত্ৰ ভাতৃৰ সৈতে পাঁচজনীয়া পৰিয়ালটো কোনোমতে চলাই আছিল মৃদুলে ৷কিন্তু বুধবাৰে সন্ধিয়া নিজ ঘৰৰ বাথৰূমত নব-দম্পতীৰ মৃতদেহ উদ্ধাৰ হয় ।

ঘটনাৰ পিছতে ঘটনাস্থলীত চামতা পহৰা চকীৰ আৰক্ষীৰ দলে উপস্থিত হৈ দণ্ডাধীশ বেদান্ত বৰুৱাৰ উপস্থিতিত মৃতদেহ দুটা উদ্ধাৰ কৰি মৰণোত্তৰ পৰীক্ষাৰ বাবে নলবাৰী শ্বহীদ মকুন্দ কাকতি অসামৰিক চিকিৎসালয়লৈ প্ৰেৰণ কৰে ।তীব্ৰ আৰ্থিক সংকটৰ বাবেই দম্পতীহালে চৰম পন্থা বাচি লোৱা বুলি স্থানীয় একাংশ লোকে সন্দেহ প্ৰকাশ কৰিছে যদিও আত্মহত্যাৰ প্ৰকৃত কাৰণ এতিয়ালৈ পোহৰলৈ অহা নাই ৷

Leave A Reply