Breaking

সঙ্গীত সূৰ্য‍্য, ভাৰতৰত্ন ড০ ভূপেন হাজৰিকাৰ ৯৭ সংখ‍্যক উপজা দিন…

0 177

সঙ্গীত সূৰ্য‍্য, ভাৰতৰত্ন ড০ ভূপেন হাজৰিকাৰ ৯৭ সংখ‍্যক উপজা দিন। কলিয়াবৰক ‘আপোন ঠাই’ বুলি ভবা সুধা কণ্ঠৰ মহাপ্ৰয়াণত পুত্ৰৱত দায়িত্ব পালন কৰা
ৰঞ্জিৎ ভট্টাচাৰ্য‍্যৰ কথাৰে –
ভূপেন্দ্ৰ স্মৰণ

এটি নতুন গীতৰে নযনৰ উপজা দিনৰ শ্ৰদ্ধাঞ্জলি

কলিয়াবৰৰ লগত সঙ্গীত সূৰ্য, ভাৰতৰত্ন ভূপেন হাজৰিকাৰ সমন্ধ পুৰণি। সেই সমন্ধৰ স্মৃতি চাৰণ কৰি ভূপেন দাই কৈছিল –

“কুঠৰীত মোৰ প্ৰাণটো সোমাই আছে। কলিয়াবৰ মোৰ অতি আপোন ঠাই।
কলিয়াভোমোৰা দলং হোৱাৰ আগতেও তেজপুৰৰ পৰা আমি কলিয়াবৰত জলপান খাই ১৯২৮ চনীয়া ফৰ্ড গাড়ীত উঠি নাজিৰালৈ যাওঁ।”

কাজিৰঙা বোলছবিৰ এটি গীত ভূপেন দাই গাইছে –

“কাজিৰঙা মোৰ সেউজ সপোন,
আপোন কঁহৰা বাগৰি,
সীমাৰ লুইত আৰু ডিফলু আপোন,
আপোন মৰমী কুঠৰী।
মোৰ কাজিৰঙাখনি অনন্য।”

দিনটো আছিল ২৯ জানুৱাৰী, ১৯৯৮। Glimpses of the Misty East শীৰ্ষক ধাৰাৱাহিকৰ চিত্ৰগ্ৰহণ কৰি আহি একেই উদ্দেশ্যৰে ভূপেন হাজৰিকা কলিয়াবৰৰ ভঁৰালী নামঘৰত উপস্থিত হৈছিলহি। ইতিপূৰ্বে কেইবাবছৰো কলিয়াবৰৰ সৰুভগীয়া গাঁৱৰ সামাজিক, সাংস্কৃতিক আৰু শৈক্ষিক অনুষ্ঠান মঞ্চৰ উদ‍্যোগত চলি থকা সদৌ অসম ভিত্তিত ভূপেন্দ্ৰ সংঙ্গীত প্ৰতিযোগিতাৰ বিষয়ে তেখেতক কৰ্ম-কৰ্তাসকলে অৱগত কৰে আৰু নিমন্ত্ৰণো কৰে। তেখেতে নিমন্ত্ৰণ ৰক্ষাৰ কৰাৰ প্ৰতিশ্ৰুতি দিয়ে যদিও বিভিন্ন ব‍্যস্তাৰ বাবে হাটবৰ কেন্দ্ৰীয় নাট‍্য সমাজত অনুষ্ঠিত হোৱা প্ৰতিযোগিতাত উপস্থিত হ’ব পৰা নাছিল। কিন্তু ভূপেন্দ্ৰ সঙ্গীত প্ৰতিযোগিতাৰ শ্ৰেষ্ঠ প্ৰতিযোগীৰ বাবে ২০০২ চনত ভূপেন দাই তেখেতৰ পিতৃ আৰু মাতৃৰ স্মৃতিত ‘নীলকান্ত হাজৰিকা আৰু শান্তিপ্ৰিয়া হাজৰিকা সোঁৱৰণী বঁটা’ আগবঢ়াইছিল। সম্ভবত, ভূপেন হাজৰিকাই স্বয়ং ভূপেন্দ্ৰ সংগীত প্ৰতিযোগিতাৰ বাবে আগবঢ়োৱা এইটোৱেই একমাত্ৰ বঁটা। যোৱা ভালেমান বছৰ ধৰি মঞ্চই আয়োজন কৰা সদৌ অসম ভিত্তিত আয়োজিত ভূপেন্দ্ৰ সঙ্গীত প্ৰতিযোগিতা অনুষ্ঠিত হোৱা নাই। সঙ্গীত সূৰ্য‍্য, সুধাকণ্ঠগৰাকীৰ অনুগামীসকলে প্ৰতিযোগিতাখনি পুণৰ অনুষ্ঠিত কৰাতো আন্তৰিকতাৰে বাঞ্চা কৰে।


সেই সময়তেই ভূপেনদাৰ একান্ত অনুগামী বুলি কলিয়াবৰত খ‍্যাতি থকা সাংস্কৃতিক কৰ্মী ৰঞ্জিত ভট্টাচাৰ্য‍্যৰ সংযোগ নামৰ এটি অনুষ্ঠানৰ হৈ “কলিয়াবৰ” শীৰ্ষক এটি গীতত কণ্ঠদান কৰাৰ অনুৰোধ ৰক্ষা কৰাৰ কথা দিয়ে। ভূপেন দাই কথা দিয়া ধৰণেই কেছেটটিত কণ্ঠদান কৰিছিল। ‘সূৰ্যাস্তৰ পিনে ধাৱমান কিয়’ নামৰ কেছেটত উল্লিখিত গীতটিত কণ্ঠদান কৰাৰ ওপৰিও আন কেইবাটাও গীততো কণ্ঠদান কৰিছিল। তেখেতৰ গীত হিচাপে শেষৰ ফালৰ ৰচনা কেছেটটিত সন্নিৱিষ্ট হৈছিল আৰু কেছেটৰ নামকৰণো সেই গীতটিৰেই হৈছিল। সাহিত‍্যিক পেঞ্চনাৰ তথা শিক্ষক কুসুম বৰাই ৰচনা কৰা আৰু সদ‍্য শিল্পী পেঞ্চনপ্ৰাপ্ত কণ্ঠশিল্পী-সুৰকাৰ যোগেন বৰদলৈয়ে সুৰাৰোপিত কৰা “এইখন কলিয়াবৰ” শীৰ্ষক গীতটিত কণ্ঠদান কৰি কলিয়াবৰক ধন‍্য কৰিছিল।
কুঠৰীৰ শিল্পপ্ৰাণ চন্দ্ৰ ফুকনৰ লগত আছিল ভূপেনদাৰ অকৃত্ৰিম বন্ধুত্ব‌। চন্দ্ৰ ফুকনৰ বাসস্থান আছিল ভূপেন দাৰ ভাতঘৰ, বহু গীতৰ ৰচনাৰ থলী। সেই বন্ধুত্বৰ সূত্ৰেই কুঠৰীত লৈছিল এটুকুৰা মাটি, সাজিছিল আটোম-টোকাৰিকৈ এটি ঘৰ। উজনি নামনিৰ যাত্ৰা কালত জিৰণি লৈছিল সেই ঘৰটোত। এতিয়া ভূপেন দা নাই, সেই ঘৰটোৰ চোতালত আছে ভূপেনদাৰ এটি পূৰ্ণাঙ্গ প্ৰতিমূৰ্তি। এক ঐতিহাসিক স্থল হিচাবে সংৰক্ষণৰ বাবে স্থানীয় বিধায়ক তথা মন্ত্ৰী কেশৱ মহন্তৰ বিশেষ তৎপৰতা দেখুৱাইছিল। সোণোৱাল চৰকাৰে দায়িত্ব লৈয়েই কেবিনেটৰ প্ৰথম সভাত ভূপেনদাৰ টালিগঞ্জ আৰু কলিয়াবৰৰ বাসগৃহ দুটিক সংৰক্ষণ আৰু সংবৰ্দ্ধনৰ ক্ষেত্ৰত সিদ্ধান্ত লৈছিল যদিও এতিয়াও বাস্তৱক্ষেত্ৰত ই বহু দুৰত। আনহাতে ভূপেনদাৰ টালিগঞ্জৰ ঘৰটি অসম চৰকাৰে ইতিমধ‍্যে অধিগ্ৰহণ কৰি এই ক্ষেত্ৰ অগ্ৰসৰ হৈছে।ইতিমধ‍্যে “সূৰ্য‍্যাস্তৰ পিনে ধাৱমান কিয়” শ্ৰব‍্য সঁফুৰাটিৰ জৰিয়তে পূৰ্বৰ সমন্ধৰ গভীৰতা বাঢ়িছিল ৰঞ্জিত ভট্টাচাৰ্য‍্য লগত। ৰঞ্জিতৰ সাংস্কৃতিক মনটোৰ সঠিক উমান পাইছিল ভূপেন দাই।


“ৰঞ্জিৎ,তোমাৰ সংস্কৃতিৰ প্ৰতি ধাউতি দেখি মই বৰ সুখী।। তুমি মাঠো সংস্কৃতিৰ পুজাই নকৰা – শ্ৰম কৰি নিজ হাতে সেই সৃষ্টিক কাৰ্য‍্যত পৰিণত কৰাত লাগি যোৱা।আশীৰ্বাদ কৰিলোঁ তোমাৰ অনাগত মূহুৰ্তবোৰ সুন্দৰতৰ হওক।”
ৰঞ্জিত ভট্টাচাৰ্য‍্যৰ সেই নিস্বাৰ্থ আন্তৰিকতাৰ প্ৰমাণ তেতিয়া পোৱা গৈছিল, যেতিয়া ৫ নৱেম্বৰত ভূপেন দাৰ মহাপ্ৰয়াণ হৈছিল। ভূপেন দাৰ মৃত‍্যুত পুত্ৰৱত এঘাৰ দিনীয়া ব্ৰত পালন কৰি সম্পূৰ্ণ বৈদিক নীতিৰে মুণ্ডন কৰি শ্ৰাদ্ধ পিণ্ড দিছিল। গুৱাহাটীৰ পৰা ভূপেন দাৰ দাহ সংস্কাৰৰ পিচত অস্থি আনি শিলঘাটৰ লুইতৰ পাৰত বিসৰ্জন দিছিল, কুঠৰীৰ ভূপেনদাৰ ঘৰটিৰ চোতালত স্থাপন কৰিছিল। য’ত এতিয়া ভূপেনদাৰ এটি আৱক্ষ মূৰ্তি স্থাপন কৰা হৈছে।
এতিয়াও ভূপেনদাৰ অস্থি কলহৰ সমুখত বন্তি-ধূপ জ্বলাই মহান অসমীয়াজনক ৰদ্ধা জনাই আহিছে।
ভূপেনদাৰ উপজা দিন পালন কৰিছে ৰঞ্জিৎ ভট্টাচাৰ্য‍্যৰ নিজাববীয়া চেষ্টাত।

Leave A Reply