Breaking

বৰপেটাত উলহ মালহেৰে ‘মোৰ মাটি মোৰ দেশ’ কাৰ্য্যসূচী পালন

0 136

অসম চৰকাৰৰ বিভাগীয় নিৰ্দেশনা অনুযায়ী বুধবাৰে বৰপেটা জিলাৰ প্ৰতিখন বিদ্যালয়ত ‘মোৰ মাটি মোৰ দেশ’ কাৰ্য্যসূচী সম্পন্ন হয়। এই উপলক্ষে ৰাতিপুৱা ৭.৩০ বজাত বিদ্যালয় সমূহত প্ৰভাত ফেৰী শোভাযাত্ৰা অনুষ্ঠিত কৰা হয়।

ৰাষ্ট্ৰীয় পতাকা, স্থানীয় বীৰ বীৰাংগনাৰ ছবি, পঞ্চপ্ৰাণ সংকল্পৰ প্ৰিন্টআউট, স্থানীয় শিলাফলকৰ ছবি আদি প্ৰভাত ফেৰীসমূহত পৰিদৰ্শিত কৰা হয়। লগতে অমৃত মহোৎসৱ, ৰাষ্ট্ৰীয় আৰু স্থানীয় নায়কসকলৰ দেশপ্ৰেম তথা ত্যাগৰ বিষয়ে শোভাযাত্ৰাত প্ৰচাৰ কৰা হয়।

আনহাতে বৰপেটা জিলাৰ প্ৰতিখন বিদ্যালয়তে শিক্ষকৰ তত্বাৱধানত ছাত্ৰ-ছাত্ৰীৰ দ্বাৰা এক চাফাই অভিযানো কৰা‌‌ হয়‌ আৰু লগতে পঞ্চপ্ৰাণ সংকল্প গ্ৰহণ কৰা হয়। সকলো কাৰ্য্যসূচীত বিদ্যালয় পৰিচালনা সমিতি লগতে মাতৃগোটৰ সদস্যই অংশগ্ৰহণ কৰে।

দুপৰীয়া ৰচনা লিখা, চিত্ৰাংকন, ৰংগোলি সজোৱা, দেশপ্ৰেমমূলক গীত, সাধু বা মহৎ লোকৰ জীৱনী পৰিবশন আদি প্ৰতিযোগিতা আয়োজন কৰা হয়।

তাৰোপৰি বিদ্যালয়বোৰৰ দ্বাৰা প্ৰকাশিত আলোচনী সমূহত ‘মোৰ মাটি মোৰ দেশ’ কাৰ্য্যসূচীৰ বিষয়ে লিখনি সংগ্ৰহ কৰি প্ৰকাশো কৰা হয়। কাৰ্যসূচীত অংশগ্ৰহণকাৰী সকলো ব্যক্তিৰ পঞ্চপ্ৰাণ প্ৰতিজ্ঞা গ্ৰহণ কৰাৰ চেলফি তুলি Yuva.gov.in ত আপলোডো কৰে ।

Leave A Reply