Breaking

গুৱাহাটীত সুযোগ লৈছে অসাধু ব্যৱসায়ীয়ে। মাছ-মাংসৰ লগতে হুৰা-হুৰে বাঢ়িছে সামগ্ৰীৰ দাম। ব্ৰইলাৰৰ কিলো ২৮০, ছাগলী মাংস ১০০০ টকা ।

0 67

দৈনন্দিন বাৰ্তা প্ৰতিবেদন

চাহিদা কম,যোগান সীমাহীন।অৰ্থনীতিৰ সূত্ৰমতে যোগান বাঢ়িলে আৰু চাহিদা হ্ৰাস পালে সামগ্ৰীৰ দাম হ্ৰাস পায়।কিন্তু ওলোটা হৈছে অসমত।এইকেইদিন গুৱাহাটীত বাঢ়িছে কৰ’না সংক্ৰমণৰ সংখ্যা।ফলত আতংকিত হৈছে মহানগৰবাসী। বজাৰ সমাৰত কমিছে গ্ৰাহক।অথচ যোগানৰ হেৰফেৰ হোৱা নাই।তথাপি সকলো শাক-পাচলি,আলু-পিয়াঁজ,খাদ্যসামগ্ৰীৰ দাম বৃদ্ধি পাইছে।এখোপ আগুৱাই গৈ গুৱাহাটীত মাছ,মাংসৰ দাম আকাশলংঘী হৈছে।লকডাউনৰ পূৰ্বে ব্ৰইলাৰ মুৰ্গীৰ দাম আছিল প্ৰতিকিলোত ৮০-৯০ টকা।লকডাউনৰ মাজত চৰকাৰে নিৰ্ধাৰন কৰিছিল কিলোত ডেৰশ টকা।কিন্তু দোকানীয়ে বিক্ৰী কৰিছে ২৮০-৩০০ টকাত।ছাগলীৰ মাংসৰ দাম চৰকাৰী নিৰিখত আছিল ৬৫০ টকা। কিন্তু বিক্ৰি হৈ আছে কিলোত এহেজাৰ টকাকৈ।চাওঁতা কোনো নাই।একেদৰে আলু,পিয়াঁজ,দাইল, চাউল,মিঠাতেল,ৰিফাইন তেল,আটা,ময়দা,বুট,মগু দাইল আদি সকলোতে ২০-৩০ % দাম বাঢ়িছে।গুৱাহাটীত কৰ’না সংক্ৰমণ বৃদ্ধি হোৱাৰ লগে লগে এনেদৰে অসাধু ব্যৱসায়ীয়ে সামগ্ৰীৰ দাম বৃদ্ধি কৰি মুনাফা লুটিছে প্ৰশাসনৰ চকুৰ সমুখতে।।

Leave A Reply