Breaking

বৰপেটাৰ খংৰাত “নাই ৰশিনী” কাৰ্যসূচী সম্পন্ন

0 2,058

মহিলাসকলোক অধিক সবলীকৰণৰ লক্ষ্যৰে মহিলা সবলীকৰণৰ লক্ষ্যৰে মিনিষ্ট্ৰী অৱ মাইনৰিটি এফেয়াৰ্ছ বিভাগৰ উদ্যোগত আৰু বৰপেটাৰ সামাজিক অনুষ্ঠান পূৱ বৰপেটা ছোচিয়েল ৱেলফেয়াৰ ছোছাইটীৰ সহযোগত বৰপেটা জিলাৰ খংৰাত “নাই ৰশিনী” (Nai Roshni) কাৰ্যসূচী আজি সম্পন্ন হয় ৷ ১৫ মাৰ্চৰ পৰা অনুষ্ঠিত এই কাৰ্যসূচীত প্ৰায় ২৫ গৰাকী মহিলাক বিভিন্ন দিশৰ ওপৰত প্ৰশিক্ষণ প্ৰদান কৰা হয় ৷ এই কাৰ্যসূচীৰ জড়িয়তে মহিলাসকলোক সমাজত প্ৰচলিত অন্ধবিশ্বাস, কুসংস্কাৰ, বাল্যবিবাহ আদিৰ ক্ষেত্ৰত সজাগ কৰাৰ লগতে শিক্ষাৰ ক্ষেত্ৰত অনগ্ৰসৰ লোকক অধিক আগ্ৰহী কৰি তোলাৰ প্ৰচেষ্টা চলোৱাৰ লক্ষ্য ৰখা হয়। এই কাৰ্যসূচীত মূখ্য অতিথি হিচাবে অংশগ্ৰহণ কৰে শিশু সুৰক্ষা বিষয়া ৰুমী কাকতিয়ে ৷ ৬ দিনীয়াকৈ অনুষ্ঠিত এই কাৰ্যসুচীত ৰিচৰ্জ পাৰ্ছন হিচাবে উপস্থিত থাকে ক্ৰমে প্ৰৱক্তা হবিবৰ ৰহমান, সমাজকৰ্মী ৱাজুল ইছলাম , নুৰ আলমিনা, অৱসৰপ্ৰাপ্ত সহকাৰী শিক্ষক লটিফুৰ ৰহমান আৰু ৰৌমাৰী গাওঁ পঞ্চায়তৰ সভাপতি জুলহাজ আলী। উল্লেখ্য যে ইয়াৰ পূৰ্বে গদিচআলীত ৬ দিনীয়া এই কাৰ্যসূচী সম্পন্ন কৰাৰ লগতে সোণাৰটাৰী, বালাৰটাৰী আৰু চটলাতো “নাই ৰশিনী” কাৰ্যসূচী ৰূপায়ন কৰা হব বুলি পূৱ বৰপেটা ছোচিয়েল ৱেলফেয়াৰ ছোছাইটীৰ সাধাৰণ সম্পাদক হাছান আলীয়ে জানিবলৈ দিয়ে ৷

Leave A Reply