Breaking

নলবাৰী আৰক্ষীৰ বৃহৎ সফলতা : আটক হল বেংক ডকাইত

0 1,233

নলবাৰী, ০১ ডিচেম্বৰ : নলবাৰী অময়াপুৰত যোৱা ২০নৱেম্বৰত  পাঞ্জাৱ নেচনেল বেংকত সংঘটিত হোৱা বেংক ডকাইটিৰ এজন মুখ্য অভিযুক্তক যোৱা নিশা নলবাৰী উপ আৰক্ষী অধীক্ষক আছিফ আহমেদ, নলবাৰী সদৰ থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া তপন কলিতা আৰু ঘগ্ৰাপাৰ সদৰ থানাৰ  আৰক্ষী বিষয়া ভাস্কৰ মল্ল পাটোৱাৰীৰ নেতৃত্বত শুৱালকুচিৰ ৰৌমাৰিৰ পৰা খেদি খেদি আটক কৰে। অভিযুক্তৰ পৰা আৰক্ষীয়ে এটা পিষ্টল আৰু নগদ ৫০হাজাৰ টকা জব্দ কৰে। বৰ্তমান নলবাৰী সদৰ আৰক্ষী থানাত অভিযুক্তক জেৰা অব্যাহত ৰাখিছে । অভিযুক্ত জনৰ নাম ছায়েড আলি।

Leave A Reply