Breaking

লেংটিছিঙাৰ ৰাজীৱ গান্ধী মে’মৰীয়েল কলেজত ৰাষ্ট্ৰীয় পৰ্যায়ৰ আলোচনা চক্ৰ

0 71

লেংটিছিঙাৰ ৰাজীৱ গান্ধী মে’মৰীয়েল কলেজৰ IQAC & Research Cell ৰ উদ্যোগত আৰু জুবাইৰ মাছুদ শিক্ষা আৰু দাতব্য ট্ৰাষ্টৰ সহযোগত “অসমৰ নৈ-পৰীয়া অঞ্চলৰ সমস্যা আৰু সমাধান” শীৰ্ষক এখন ৰাষ্ট্ৰীয় পৰ্যায়ৰ আলোচনা চক্ৰ আজি মহাবিদ্যালয়খনত অনুষ্ঠিত হৈ যায়।

মহাবিদ্যালয় খনৰ ভাৰপ্ৰাপ্ত অধ্যক্ষা ড° ৰিতা শৰ্মাৰ সঞ্চালনাত অনুষ্ঠিত হোৱা আলোচনা চক্ৰত ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ মহাবিদ্যালয়ৰ পৰা ৩৯ জন গৱেষক – গৱেষিকাই তেওঁলোকৰ গৱেষণা পত্ৰ সমূহ পাঠ কৰে।

আজিৰ এই আলোচনা চক্ৰত সমল ব্যক্তি হিচাপে ক্ৰমে গুৱাহাটী বিশ্ববিদ্যালয়ৰ আৰবী বিভাগৰ মুৰব্বী অধ্যাপক ড° আবু বক্কৰ ছিদ্দিক, মেঘালয়ৰ USTM ৰ প্ৰাক্তন মুৰব্বী অধ্যাপক ড° ই এ হুদা উপস্থিত থাকি গৱেষক সকলৰ গৱেষণা পত্ৰ সমুহ পৰ্যবেক্ষণ কৰে ৷

আলোচনৰ চক্ৰৰ আৰম্ভণিতে আলোচনা চক্ৰ বন্তি প্ৰজ্বলনেৰে শুভাৰম্ভ কৰে মহাবিদ্যালয় খনৰ পৰিচালনা আৰু উন্নয়ন সমিতিৰ সভাপতি ৰাম চন্দ্ৰ পাঠকে আৰু বিষয় বস্তুৰ বিষয়ে ব্যখ্যা কৰে আলহাজ আবুল কাশেমে। শেষত আলোচনা চক্ৰত অংশগ্ৰহণ কৰা গৱেষক সকলৰ মাজত প্ৰমাণ পত্ৰ প্ৰদান কৰা হয়।

-ইনামুল আহমেদ, অভয়াপুৰী

Leave A Reply