◆ ৰাজ্যজুৰি আৰু এঘণ্টা শিথিল হ’ব নৈশ সান্ধ্য আইন।
◆ সকলো জিলাতে নিশা ৭.০০ বজাৰ পৰা পিছদিনা পুৱা ৫.০০ বজালৈ সান্ধ্য আইন।
◆ সন্ধিয়া ৬.০০ বজালৈ খোলা থাকিব সকলো কাৰ্যালয়-কৰ্মক্ষেত্ৰ, হোটেল-ৰেষ্টুৰেণ্ট-ধাবা, ব্যৱসায়িক-বাণিজ্যিক প্ৰতিষ্ঠান, বিক্ৰী কেন্দ্ৰ, শ্ব’ৰোম, গেলামালৰ দোকান, ফলমূল, পাচলিৰ দোকান।
◆ কামৰূপ (মহানগৰ) জিলাৰ বাদে আন জিলাসমূহৰ ক্ষেত্ৰত প্ৰযোজ্য হোৱাকৈ ব্যক্তিগত যান-বাহনেৰে আন্তঃ জিলা যাতায়তত অনুমতি।
◆ ৰাজহুৱা পৰিবহন/যাত্ৰী পৰিবাহী বাহনেৰে আন্তঃজিলা যাতায়াতৰ ক্ষেত্ৰত বাহাল থাকিব নিষেধাজ্ঞা।
◆ কামৰূপ (মহানগৰ) জিলাৰ পৰা অন্য জিলালৈ আৰু আন জিলাৰ পৰা কামৰূপ (মহানগৰ) জিলালৈ আহ-যাহত নিষেধাজ্ঞা বাহাল।
◆ দৈনিক যুগ্ম-অযুগ্ম সংখ্যাৰ (Odd-Even Numbers) বাহন চলাচলৰ নিয়ম বাতিল।মুকলি স্থানত আয়োজিত সভা-সমিতি, সামাজিক/ৰাজহুৱা অনুষ্ঠানত ভাগ ল’ব পাৰিব সৰ্বাধিক ২০০ গৰাকী লোকে।
◆ প্ৰেক্ষাগৃহ বা ৰাজহুৱা সভাগৃহ আদি আৱদ্ধ কক্ষত আয়োজিত বিশেষ অনুষ্ঠানত মুঠ আসন ক্ষমতাৰ ৫০ শতাংশ আসন সংখ্যাৰ লোকৰ অংশগ্ৰহণতহে অনুমতি থাকিব। অৱশ্যে দুয়ো পালি ক’ভিড প্ৰতিষেধক লোৱা লোকেহে এনে অনুষ্ঠানত অংশগ্ৰহণ কৰিব পাৰিব।
◆ বিবাহ, সকাম আদি ঘৰুৱা মাংগলিক অনুষ্ঠানত ভাগ ল’ব পাৰিব সৰ্বাধিক ২৫ গৰাকী লোকে।
◆ অন্তিম সৎকাৰত ভাগ ল’ব পাৰিব সৰ্বাধিক ২৫ গৰাকী লোকে।
◆কামাখ্যা মন্দিৰত প্ৰতি ঘণ্টাত সৰ্বাধিক ২০ গৰাকী লোকৰ দৰ্শনত অনুমতি, কেৱল দুয়ো পালি ক’ভিড প্ৰতিষেধক লোৱা লোকৰ বাবেহে মুকলি থাকিব মন্দিৰ চৌহদত প্ৰৱেশৰ সুযোগ।
◆ অন্য ধৰ্মীয় স্থানত সৰ্বাধিক ১০ গৰাকী লোকৰ অংশগ্ৰহণত অনুমতি।
◆ কামাখ্যা মন্দিৰত প্ৰতি ঘণ্টাত সৰ্বাধিক ২০ গৰাকী লোকৰ দৰ্শনত অনুমতি, কেৱল দুয়ো পালি ক’ভিড প্ৰতিষেধক লোৱা লোকৰ বাবেহে মুকলি থাকিব মন্দিৰ চৌহদত প্ৰৱেশৰ সুযোগ।
◆ অন্য ধৰ্মীয় স্থানত সৰ্বাধিক ১০ গৰাকী লোকৰ অংশগ্ৰহণত অনুমতি।
◆ এমবিবিএছৰ চূড়ান্ত বৰ্ষ, বিএছচি নাৰ্ছিঙৰ চূড়ান্ত বৰ্ষ, ইঞ্জিনিয়াৰিঙৰ চূড়ান্ত বৰ্ষ আৰু জিএনএমৰ তৃতীয় বৰ্ষৰ ক্ষেত্ৰত শ্ৰেণীকোঠাত পাঠদান আৰম্ভ কৰিব পাৰিব।পাঠ গ্ৰহণৰ বাবে ছাত্ৰ-ছাত্ৰীসকলক দুয়োপালি ক’ভিড প্ৰতিষেধক গ্ৰহণ কৰিহে শ্ৰেণীকোঠালৈ অহাৰ দিহা।
◆ এৰোনটিকেল ইঞ্জিনিয়াৰিং ইন্সটিটিউটত শ্ৰেণীকোঠাৰ পাঠদান পৰ্ব মুকলিৰ বাবে বিশেষ অনুমতি প্ৰদান।
◆ বিমান বন্দৰত দুয়ো পালি ক’ভিড প্ৰতিষেধক লোৱা বিমানযাত্ৰীয়ে পাব ক’ভিড পৰীক্ষণত ৰেহাই।অৱশ্যে লগত থাকিব লাগিব একেবাৰে শেহতীয়া ক’ভিড পৰীক্ষণৰ নিগেটিভ ৰিপোৰ্ট।
◆ কমেও এপালি ক’ভিড প্ৰতিষেধক লোৱা চৰকাৰী বিষয়া-কৰ্মচাৰী নিয়মীয়াকৈ আহিব লাগিব কাৰ্যালয়লৈ।
◆ ৩ বছৰৰ তলৰ শিশুৰ মাতৃ চৰকাৰী কৰ্মচাৰীয়ে ঘৰৰ পৰাই কাম কৰিব পাৰিব।
◆ ভাদ মাহ উপলক্ষে ৰাজ্যৰ নামঘৰসমূহত নামকীৰ্তনৰ বাবে নামঘৰৰ ৫০ শতাংশ সমাবেশ ক্ষমতাৰ ভক্ত-মহিলাৰ সমাবেশত অনুমতি।অৱশ্যে ক’ভিড প্ৰট’কল মানিহে ভাদ মাহৰ নামকীৰ্তনত ভাগ ল’ব পাৰিব।
Breaking
- গুৱাহাটী স্মাৰ্ট চিটী প্ৰকল্প পৰ্যবসিত হৈছে খীৰতী গাইলৈ। ছ বছৰত ৩৬৪ কোটি ব্যয় কৰাৰ পিছতো প্ৰতিফলিত হোৱা নাই উন্নয়নৰ ছবি
- কৃতি চাননৰ ৩২ তম জন্মদিনত সুশান্তৰ সৈতে ৰোমান্টিক ফটো চাওক। আৱেগিক হৈ পৰিল কৃতি চানন
- চৰাইবাহী বৰভগীয়াত ড্ৰাগচ বিৰোধী অভিযানত মিকিৰভেটা আৰক্ষীৰ বৃহৎ সফলতা
- অত্যাৱশ্যকীয় সামগ্ৰীৰ মূল্য বৃদ্ধিৰ বিৰুদ্ধে গোলাঘাট মহকুমা ছাত্ৰ সন্থাৰ উত্তাল প্ৰতিবাদ
- ৰঙাপৰা উচ্চতৰ মাধ্যমিক বিদ্যালয়ত প্ৰাক্তন শিক্ষাৰ্থী সন্মিলন…
- ভূপেন বৰাক ষড়যন্ত্ৰকাৰী আখ্যা দিলে আপ, অসমৰ সভাপতি ডাঃ ভবেন চৌধুৰীয়ে, ভূপেন বৰাৰ বাবেই অসমত INDIA ALLIANCE বা বিৰোধী ঐক্য ব্যৰ্থ হোৱাৰ অভিযোগ
- দৰং কেঞ্চাৰ কেন্দ্ৰৰ দ্বিতীয় বৰ্ষপূৰ্তি পালন…
- সংখ্যালঘু ৰাইজ এইবাৰ বিজেপিৰ পিনে ঢাল খাইছে, প্ৰাৰ্থী ফণীভূষন চৌধুৰীক লগতলৈ অগপ সভাপতি অতুল বৰাসহ মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাৰ বিশাল বাইক ৰেলি…
- শিক্ষাৰ্থীক সম্বৰ্ধনা, কৃতী শিক্ষাৰ্থীৰ বহু কেইজন আদৰ্শ শিক্ষক হোৱাৰ লগতে সমাজ সেৱা কৰাৰ সপোন…
- Tickets GO LIVE for Rajasthan Royals’ home match against KKR in Guwahati…
- ভোটদানক উৎসৱ হিচাপে গ্ৰহণ কৰকঃ যুৱ প্ৰজন্মৰ প্ৰতি আহ্বান কামৰূপ মহানগৰ জিলা আয়ুক্ত সুমিত সাত্তাৱনৰ, ভোটদানৰ সজাগতাৰ লক্ষ্যৰে মহানগৰীত চাইকেল ৰেলী…
- উবেৰ কাপৰ কোৱাৰ্টাৰ ফাইনেলত ভাৰত, থমাছ কাপতো জয়ৰে অভিযান ডিফেণ্ডিং চেম্পিয়নৰ; ছিংগাপুৰৰ বিৰুদ্ধে স্তদ্ধ অস্মিতা, ঈশাৰাণীৰ জয়যাত্ৰা
- কাৰ্যবাহী অভিযন্তা ছলেমান আলীক দৈনন্দিন বাৰ্তা গোষ্ঠীৰ সম্বৰ্ধনা…
- গাৰু অবিহনে শোৱে নে? গাৰু নোলোৱাকৈ কিয় শুব লাগে, ৪টা ডাঙৰ উপকাৰ জানি লওক…