Breaking

মাজুলীৰ বিজেপি কাৰ্যালয়ত সংবাদ মেল : যোৰহাট-মাজুলী সংযোগী ৰাষ্ট্ৰীয় ঘাইপথ ঘোষনাত মাজুলীত আনন্দ-উল্লাস

0 1,135

উজনি-মাজুলী, ২১ নৱেম্বৰঃ যোৰহাটৰ পৰা মাজুলী সংযোগী পথচোৱাক নতুন ৰাষ্ট্ৰীয় ঘাইপথ হিচাপে কেন্দ্ৰীয় চৰকাৰে ১৭ নৱেম্বৰত আনুষ্ঠানিক ভাবে অধিশোচনা কৰাত যোৰহাটৰ  ৭১৫ নং ৰাষ্ট্ৰীয় ঘাই পথৰ সংযোগস্থলীৰ পৰা মাজুলীৰ কমলাবাৰী ঘাটত সমাপ্ত হ’ব লগা পথচোৱাকো ৭১৫ নং নতুন ৰাষ্টীয় ঘাইপথ হিচাপে ঘোষণা কৰাত দ্বীপ  জিলা মাজুলীত আনন্দৰ উল্লাস উৎভাসিত হৈছে। সেই উদ্দেশে শুকুৰবাৰে বিয়লি ৩ বজাত মাজুলী জিলাৰ বিজেপি কাৰ্যালয়ত এখন সংবাদ মেল সম্বোধন কৰি জিলা বিজেপি সভাপতি লোকনাথ কুটুম আৰু সাধাৰণ সম্পাদক দেৱব্ৰত দত্ত , বিজেপি ৰাজ্যিক মেডিয়া কোষৰ আহ্ব্যায়ক মনোজ বৰাই কয়, কেন্দ্ৰীয় চৰকাৰে মাজুলী আৰু যোৰহাট সংযোগী ৰাষ্ট্ৰীয় ঘাইপথ ঘোষণা কৰাৰ পৰিপ্ৰেক্ষিত্যত মাজুলীৰ উন্নত যাতায়ত ব্যৱস্থাৰ জড়িয়তে এক যুগান্তকাৰী পৰিবৰ্তনৰ সুচনা হ’ব। এই ক্ষেত্ৰত দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী, ৰাষ্ট্ৰীয় ঘাইপথ ৰাজমাৰ্ক মন্তালয়ৰ মন্ত্ৰী জয়ৰাম নিতিন গাডকাৰী, অসমৰ মুখ্যমন্ত্ৰী তথা মাজুলী সমষ্টিৰ বিধায়ক সৰ্বানন্দ সোণোৱাল , ৰাজ্যিক পথ পৰিৱহণ মন্ত্ৰী ড:হিমন্ত বিশ্ব শৰ্মাক মাজুলীবাসীৰ হৈ আন্তৰিক ধন্যবাদ জনায়। ইয়াৰ পিছতে বিপুল সংখ্যক বিজেপি সমৰ্থকে বিজেপি জিলা কাৰ্যালয় সন্মুখত ফটকা , ফুলজাৰী আদি ফুটাই ভাৰত চৰকাৰ জিন্দাবাদ অসম চৰকাৰ জিন্দাবাদ , ভাৰত মাতাকী জয় আদি জয় ধ্বনিৰে আনন্দ উল্লাস কৰে।

Leave A Reply