Breaking

নিকৰ ঘৰত নতুন আলহী! মাক হ’বলৈ ওলাইছে মোহময়ী প্ৰিয়ংকা

0 2,082

অভিনেত্ৰী প্ৰিয়ংকা চোপ্ৰা আৰু তেওঁৰ গায়ক স্বামী নিক জোনাছে চাৰোগেচীৰ জৰিয়তে পিতৃত্ব যাত্ৰা গ্ৰহণ কৰিছে।দম্পতীহালে সামাজিক মাধ্যমৰ জৰিয়তে এই কথা ঘোষণা কৰে। এই খবৰৰ পাছত তেওঁলোকৰ অনুৰাগীসকল উৎফুল্লিত হৈ পৰিছে। তথ্য অনুসৰি, প্ৰিয়ংকা আৰু নিক এজনী কন্যা সন্তানৰ পিতৃ-মাতৃ হয়। খবৰ অনুসৰি শনিবাৰে দক্ষিণ কেলিফৰ্ণিয়াৰ এখন চিকিৎসালয়ত কেঁচুৱাটোৰ জন্ম হৈছিল। বলিউদ আৰু হলিউডৰ বিভিন্ন তাৰকাই তেওঁলোকৰ এই যাত্ৰাৰ বাবে শুভ কামনা জ্ঞাপন কৰে।

যদিও প্ৰিয়ংকা চোপ্ৰাই প্ৰথমবাৰৰ বাবে মাতৃত্ব গ্ৰহণ কৰিছে, এনে লাগিছে যেন বিশ্বৰ মোহময়ী অভিনেত্ৰীগৰাকী অত্যন্ত স্নেহময়ী মাতৃ হ’ব। শিশুসকলৰ প্ৰতি প্ৰিয়ংকাৰ পূৰ্বৰে পৰাই আছে বিশেষ মৰম। তেওঁ শিশুৰ বাবে যত্নশীল আৰু মৰমীয়াল মহিলা । শিশুসকল কাষত থাকিলে প্ৰিয়ংকাই নিজৰ সকলো মৰম ঢালি দিয়ে। যদি আপুনি ছ’চিয়েল মিডিয়াত প্ৰিয়ংকা চোপ্ৰাক অনুসৰণ কৰে, তেন্তে আপুনি অৱগত হ’ব যে ‘মেৰী কম’ অভিনিত অভিনেত্ৰীগৰাকীয়ে প্ৰায়ে তেওঁৰ সৰু ভতিজী- স্কাই কৃষ্ণাৰ সৈতে সময় অতিবাহিত কৰে। পোছাক পিন্ধাৰ পৰা সাঁতোৰৰ সময়লৈকে শোৱাৰ সময়লৈকে, প্ৰিয়ংকাৰ ভতিজীয়ে এক ছেকেণ্ডৰ বাবে এৰি নিদিয়ে।

যদিও অনুৰাগীসকলে প্ৰিয়ংকা আৰু নিকৰ কেঁচুৱাটো চাবলৈ গভীৰ অপেক্ষা কৰি আছে। আমি তেওঁৰ ভতিজীৰ সৈতে অভিনেত্ৰীগৰাকীৰ মৰমলগা মুহূৰ্তবোৰ আপোনাৰ ওচৰলৈ আনিছো যিয়ে প্ৰমাণ কৰে যে তেওঁ শ্ৰেষ্ঠ “মাম্মা” হ’ব পৰিব।

Leave A Reply