Breaking

চন্দ্ৰযান-৩ সফল অৱতৰণৰ যাত্ৰাত নিধি শৰ্মাৰ শহুৰ দেউতাকৰ অৱদান…

0 371

নিধি শৰ্মাৰ চন্দ্ৰযান-৩ ৰ‌ সফল অৱতৰণৰ যাত্ৰাত শহুৰ দেউতা দীপক দেৰ অৱদান অতুলনীয় । নিধি শৰ্মাৰ ঘৰ বেংগালুৰুত । ২০১৯ চনত অসমৰ যুৱকৰ সৈতে বিবাহপাশত আৱদ্ধ হৈ অসমৰ বোৱাৰী হ’ল নিধি শৰ্মা ।

এগৰাকী বৈজ্ঞানিক হিচাপে নিধিৰ কৰ্মজীৱন যথেষ্ট জটিল। কিন্তু জটিল যাত্ৰাৰ পদে পদে সাহস হিচাপে থিয় দি আছিল নিধিৰ স্বামীৰ লগতে শহুৰ দেউতা । নিধিৰ দেহত পাঁচমহীয়া সন্তান থকাৰ পিছতো দিন ৰাতি একাকাৰ কৰি নিধি চন্দ্ৰযান ৩ ৰ সাফল্যৰ বাবে কৰ্মৰত হৈ আছে ।

ইয়াকলৈ যথেষ্ট গৌৰৱ অনুভৱ কৰিছে নিধিৰ পৰিয়ালে । বহুত ত্যাগ সাক্ষী হৈ আছে এই যাত্ৰাত । তিনিমাহ ধৰি ফোনত কথা পাতিব সময় পোৱা নাই অসমৰ বোৱাৰী তথা চন্দ্ৰযান৩ ত কৰ্মৰত নিধি শৰ্মা ।

নিধি শৰ্মাৰ এই যাত্ৰাৰ বিষয়ে বিস্তাৰ ভাৱে DB ৰ কাৰ্যবাহী সম্পাদক নবজ্যোতি কলিতাৰ সৈতে নিধি শৰ্মাৰ শহুৰ দেউতা দীপক দেই ইতিমধ্যে ফোনকল যোগে অৱগত কৰিছে ।

Leave A Reply