Breaking

বাক্সাৰ আংগাৰধোৱত মেধাবী ছাত্ৰ-ছাত্ৰীক শৈক্ষিক সঁজুলি প্ৰদান নীতি আয়োগৰ…

0 92

বাক্সা জিলাৰ আংগাৰধোৱা উচ্চতৰ মাধ্যমিক বিদ্যালয়ত বাক্সা জিলাৰ বিদ্যালয়সমূহৰ পৰিদৰ্শকৰ জৰিয়তে নীতি আয়োগে মেধাবী ছাত্ৰ-ছাত্ৰীক আগবঢ়োৱা শৈক্ষিক সঁজুলি বিতৰণ কৰা হয় ।

বাক্সা জিলাৰ বিদ্যালয়সমূহৰ পৰিদৰ্শক ভৱেন দেউৰীয়ে আদৰণী বক্তব্য প্ৰদান কৰা অনুষ্ঠানটোত বাক্সা জিলাৰ উপায়ুক্ত মাছন্দা মেগদালিন পেৰ্টিনে মুখ্য অতিথি আৰু বি টি চি পৰিষদৰ অধ্যক্ষ কাতিৰাম বড়োৱে অতিথি হিচাপে অংশগ্ৰহণ কৰি ছাত্ৰ-ছাত্ৰীসকলক অধ্যয়নৰ জৰিয়তে নিজৰ লক্ষ্যত উপনীত হ’বলৈ পৰামৰ্শ আগবঢ়ায় ।

বাক্সা জিলাৰ ১৫ আৰু ৯ নম্বৰ গোটৰ মুঠ ১৩৫ গৰাকী মেধাবী ছাত্ৰ-ছাত্ৰীক শৈক্ষিক দিশত সহায়ক হোৱাকৈ নীতি আয়োগে বিভিন্ন সা-সঁজুলি প্ৰদান কৰা অনুষ্ঠানটোত বাক্সা জিলাৰ বিদ্যালয়সমূহৰ পৰিদৰ্শক ভৱেন দেউৰীয়ে গোটে দুটাৰ অন্তৰ্গত ১৬ খন বিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীৰ সৈতে মত বিনিময় কৰি হাইস্কুল শিক্ষান্ত পৰীক্ষাত কিদৰে উন্নত ফলাফল প্ৰদৰ্শন কৰিব পাৰি সেই সম্পৰ্কে বিভিন্ন কৌশল আৰু পৰামৰ্শ আগবঢ়ায় ।

৯ নম্বৰ গোটৰ সম্পাদক ৰঞ্জিত ভাণ্ডাৰীয়ে আঁত ধৰা অনুষ্ঠানটোত বিদ্যালয় প্ৰধানসকলৰ লগতে সাত শতাধিক ছাত্ৰ-ছাত্ৰী আৰু শিক্ষক উপস্থিত থাকে ৷

উল্লেখ যে বাক্সা জিলাৰ শৈক্ষিক উন্নয়নৰ বাবে কাম কৰি থকা নীতি আয়োগে নৱম শ্ৰেণীৰ পৰা ষাঠি শতাংশ নম্বৰ লাভ কৰি দশম শ্ৰেণীলৈ উত্তীৰ্ণ জিলাখনৰ প্ৰায় চাৰি হেজাৰ ছাত্ৰ -ছাত্ৰীক এনেদৰে শৈক্ষিক সঁজুলি প্ৰদানৰ পদক্ষেপ গ্ৰহণ কৰিছে ।

-পিংকু ৰায় চৌধুৰী

Leave A Reply