Breaking

নাজিৰা জলসম্পদ কাৰ্যালয়ত নিশা চাঞ্চল্যকৰ ঘটনা : সহকৰ্মীৰ চুৰিকাঘাটত আহত অভিযন্তা

0 45

নাজিৰা

 দেশজুৰি চলি থকা লকডাউলৰ মাজতে নাজিৰা জলসম্পদ উপ সংমণ্ডল কাৰ্যালয়ত মদৰ ৰাগিত মাতাল বিষয়াৰ মাজত সংঘটিত এক চুৰিকাঘাটৰ ঘটনাই নাজিৰাৰ সৰ্বত্ৰে চাঞ্চল্যৰ সৃষ্টি কৰিছ।  কাৰ্যালয়টোৰ  চৌহদতে কাৰ্যালয়ৰ মুৰব্বী উপসংমণ্ডল বিষয়া তথা অভিযন্তা শান্তনু বৰাক  পৰহি নিশা বিভাগটোৰে কনিষ্ঠ অভিযন্তা অৰুণ চন্দ্ৰ বৰুৱাই  উপৰ্যুপৰি চুৰিকাঘাট কৰে। যাৰ ফলত গুৰুতৰভাৱে আহত হোৱা বিষয়াজন ততালিকে চিকিৎসালয়ত ভৰ্তি কৰোৱা হয়৷ জানিব পৰা মতে শিমলুগুৰিস্থিত  পৰিদৰ্শন বাংলাত থকা  নাজিৰা জলসম্পদ বিভাগৰ উপ-সংমণ্ডল কাৰ্যালয়ত যোৱা নিশা  কোনো বিষয়লৈ দুয়োজন বিষয়াৰ মাজত   বাক-বিতণ্ডাৰ সৃষ্টি হয়। এই বাক -বিতণ্ডাই ক্ৰমান্বয়ে তীব্ৰ ৰূপ ধাৰণ কৰাত কনিষ্ঠ অভিযন্তাজনে বিষয়া শান্তনু বৰাক চুৰিৰে আক্ৰমণ কৰে।  এই ঘটনাৰ সময়ত আন এজন ব্যক্তিও উপস্থিত আছিল বুলি জানিব পৰা গৈছে। এই চাঞ্চল্যকৰ ঘটনা সংঘটিত কৰি কনিষ্ঠ অভিযন্তাজনে কাৰ্যালয়ৰ পৰা পলায়ন কৰে৷ ইফালে জলসম্পদ উপসংমণ্ডলৰ কাৰ্যালয়ত সংঘটিত এই ঘটনাৰ বিষয়ে জানিব পাৰি ঘটনাস্থলীত স্থানীয় আৰক্ষী উপস্থিত হয় আৰু বিষয়াজনক চিকিৎসালয়ত ভৰ্তি কৰে।  অন‍্যহাতে কাৰ্যালয়টোৰ  চৌহদত থকা বিভাগীয় বলেৰ’ গাড়ীখনৰ  ভিতৰত  তেজৰ চেকুৰা প্ৰতক্ষ‍্য কৰাৰ লগতে  সুৰা সেৱন কৰা গিলাচ উদ্ধাৰ হৈছে৷ ইফালে বৰ্তমান ডিব্ৰুগড়ৰ এখন চিকিৎসালয়ত  চিকিৎসাধীন হৈ থকা শান্তনু বৰা সংকটমুক্ত বুলি জানিব পৰা গৈছে। আৰক্ষীয়ে  কাৰ্যালয়ত  উপস্থিত হৈ সমগ্ৰ ঘটনাৰ তদন্ত অব্যাহত ৰাখিছে৷

Leave A Reply