Breaking

তিতাবৰত জিলা প্ৰশাসন কৰ্মচাৰীৰ অসহযোগ পালন

0 2,028

কালি  তিতাবৰত  সদৌ অসম জিলা প্ৰশাসন কৰ্মচাৰী সন্থা, তিতাবৰ,  তিতাবৰ উপ কোষাগাৰৰ , তিতাবৰ আৰু মৰিয়নী ৰাজহ চক্ৰৰ NPS কৰ্মচাৰীসকলে এদিনীয়া কাৰ্যসূচীৰে অসহযোগ কাৰ্যসূচী পালন কৰে।  ২০০৫ চনৰ পিছত নিযুক্তি লাভ কৰা কৰ্মচাৰীসকলক নতুন পেঞ্চন আঁচনিৰ পৰিৱৰ্ত্তে পুৰণি পেঞ্চন আঁচনিৰ অধীনলৈ আনিবলৈ  দাবী জনাই   কৰ্মচাৰীসকলে বিভিন্ন প্লেকাৰ্ড প্ৰদৰ্শন কৰে।  কৰ্মচাৰীসকলে এই সন্দৰ্ভত তিতাবৰৰ মহকুমাধিপতি  অৱগত কৰে। কৰ্মচাৰীসকলে আক্ষেপেৰে কয় যে এন পি এছৰ   অধীনৰ কৰ্মচাৰীসকলক চৰকাৰে অৱসৰকালীন পেঞ্চন দিবৰ বাবে কিছুমান ব্যক্তিগত  কোম্পানীক দায়িত্ব অৰ্পণ কৰিছে।  এই কোম্পানীবোৰে কৰ্মচাৰীৰ দৰমহাৰ পৰা কৰ্তন কৰা  দহ শতাংশৰ  লগত চৰকাৰৰ চৈধ্য শতাংশ যোগ কৰি শ্বেয়াৰ বজাৰত বিনিয়োগ কৰিছে।  এই বিনিয়োগৰ জৰিয়তে লাভ কৰা পুঁজিৰ পৰা ষাঠি শতাংশ ঘুৰাই দিব আৰু বাকী থকা চল্লিশ শতাংশৰপৰা  নিৰ্দিষ্ট হাৰত অৱসৰকালীন পেঞ্চন দিয়াৰ ব্যৱস্থা কৰিছে।  যিটো অকল অনিশ্চিতই নহয় বৰঞ্চ অসুৰক্ষিতও। তাতোকৈ ডাঙৰ কথা পাঁচ বছৰৰ বাবে নিৰ্বাচিত হৈ বিধায়ক-সাংসদসকলে এক নিশ্চিত পেঞ্চন আঁচনিৰ অন্তৰ্ভুক্ত হৈ আছে, আনহাতে জীৱনৰ মূল্যবান সময় কৰ্মচাৰীসকলে চাকৰি কালত অতিবাহিত কৰি এক অনিশ্চিত পেঞ্চন আঁচনিৰ অন্তৰ্ভুক্ত হৈছে। সেয়ে চৰকাৰে কৰ্মচাৰীসকলৰ এই অনিশ্চয়তা দুৰকৰি পুৰণি পেঞ্চন আচনিৰ অন্তৰ্ভুক্ত কৰিবলৈ দাবী জনাই।আজি তিতাবৰত অসহযোগ সফল হোৱা বুলি যোৰহাট জিলা এন পি এছ কৰ্মচাৰী সন্থাৰ উপ সভাপতি কৃষ্ণ দত্তই অসহযোগ কাৰ্যসূচী সফল ৰূপায়ণত সহযোগ কৰা সকলো ব্যক্তি কৃতজ্ঞতা জনাইছে।

Leave A Reply