Breaking

ৰৌতা চক্ৰ আৰক্ষী বিষয়া অচ্যুতানন্দা দাসক সীমান্ত শাখাৰ পৰিদৰ্শকত বদলি কৰাত আপত্তি

0 2,038

ৰাজ্যখনৰ ‌ বিটিআৰৰ  ওদালগুৰি জিলাৰ মাজবাট বিধানসভা সমষ্টিৰ এলেকাস্হ   ৰৌতা চক্ৰ আৰক্ষী বিষয়া  অচ্যুতানন্দা দাসে  যোৱা ২০২০ চনৰ ১০ জুনৰ দিনা ৰৌতা আৰক্ষী  চক্ৰ বিষয়া হিচাপে যোগদান কৰাৰ পাছত আজি ১ বছৰ ২০ দিনহে  হোৱাত পুনৰ চক্ৰ আৰক্ষী বিষয়া গৰাকীক সীমান্ত শাখাৰ পৰিদৰ্শক হিচাপে গুৱাহাটীলৈ বদলি কৰাত বৃহত্তৰ ৰৌতাবাসী ৰাইজে আপত্তি কৰিছে । কাৰণ ৰৌতা আৰক্ষী থানা আৰু মাজবাট আৰক্ষী থানাৰ লগতে ওৰাং আৰক্ষী থানা তিনিখনক সামৰিলৈ তেওঁ  ৰৌতা  চক্ৰ আৰক্ষী বিষয়াৰ দায়িত্ব গ্ৰহণ কৰি  আহিছিল । এই তিনিখন আৰক্ষী থানাৰ প্ৰায় ৪০০খন গাঁৱৰ এগৰাকী চক্ৰ আৰক্ষী বিষয়াৰ দায়িত্ব আৰু গুৰুত্ব নিষ্ঠা সহকাৰে পালন কৰাত ৰৌতা, মাজবাট ,  ওৰাং ,আদি অঞ্চলৰ ৰাইজৰ মাজত  বহুকম দিনৰ ভিতৰতে সু -সম্পৰ্ক  স্থাপন কৰিবলৈ ৰৌতা আৰক্ষী চক্ৰ বিষয়াগৰাকীয়ে  সক্ষম হৈছিল । এগৰাকী  চক্ৰ  আৰক্ষী বিষয়াৰ দায়িত্ব পালন কৰাৰ উপৰিও থানা তিনিওখনৰ অন্তৰ্গত গাওঁবোৰ  ড্ৰাগছমুক্ত আৰু অসামাজিক কাৰ্য – কলাপবোৰ বিশেষ পদক্ষেপেৰে বন্ধ কৰিবলৈ গোপনে অভিযান চলাই থকা আৰু ক’ভিড  সৈনিক হিচাপেও সুচাৰুভাৱে কৰ্তব্য পালন কৰা আৰক্ষী বিষয়া গৰাকীয়ে দেশৰ লগতে ৰাজ্যখনক আতংকিত কৰা ক’ভিডৰ দৰে ভয়ানক পৰিস্থিতিতো ওদালগুৰি জিলাত মোকাবিলা কৰা  চক্ৰ আৰক্ষী  বিষয়াৰ অধীনস্থ  প্ৰায়বোৰ গাঁও ,বস্তি , বজাৰ ,চহৰ  ,চ’ক আদিবোৰত দৈনিক নিজে  গৈ প্ৰশাসনীক বিষয়া হিচাপে উপস্থিত হৈ ক’ভিডত  আক্ৰান্ত হোৱা লোকসকলৰ  খবৰ লোৱাৰ লগতে পহৰাৰে  তদাৰক কৰিছিল আৰু দুৰ্বৃত্ত তথা উগ্ৰপন্থী কৰায়ত্ত কৰাৰ সন্ধানকাৰী আছিল । তদুপৰি  সমগ্ৰ তিনিওখন থানা অঞ্চলৰ ৰাইজৰ মাজত ক’ভিডৰ ব্যাপক সজাগতা,সচেতনতা অনাৰ ক্ষেত্ৰত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰা দেখা পোৱা গৈছিল । সেয়েহে ৰাজ্য চৰকাৰে ২৬ জুনত আৰক্ষী- প্ৰশাসনত ১৯৩ গৰাকী পৰিদৰ্শক পৰ্যায়ৰ বিষয়াক বদলি কৰাৰ সময়ত ৰৌতা চক্ৰ আৰক্ষী বিষয়া অচুতানন্দা দাসকো সীমান্ত  শাখাৰ পৰিদৰ্শক হিচাপে গুৱাহাটীলৈ  বদলি কৰাৰ খবৰ পাই তেওঁৰ শুভাকাংখীসকলৰ মাজত ব্যাপক হাৰত   ৰৌতাত চৰ্চা হোৱা পৰিলক্ষিত হৈছে । সেয়েহে আজি ৰৌতা  চক্ৰ আৰক্ষী বিষয়াৰ বদলিৰ সন্দৰ্ভত ৰাইজৰ মতামত লোৱাত ৰাইজে  জনায় যে-  সুদক্ষ আৰু অতি সক্ৰিয় চক্ৰ আৰক্ষী বিষয়া গৰাকীয়ে কমদিনৰ ভিতৰতে  এই অঞ্চলবোৰৰ ৰাইজৰ মাজত সোমাই ক’ভিড যোদ্ধাৰ লগতে ক’ভিডৰ অগ্ৰগতি আদিৰ সম্পৰ্কত আলোচনা পৰ্য্যালোচনা কৰি প্ৰতিটো কনটেইণ্টমেন্ট জ’নত নিজেই উপস্থিত হৈ পৰিৱেশ আৰু পৰিস্থিতি আদিবোৰ পৰ্য্যবেক্ষণ কৰিছিল । গতিকে তেনে দক্ষ চক্ৰ আৰক্ষী বিষয়া এগৰাকীক ৰৌতাৰ পৰা সীমান্ত শাখাৰ পৰিদৰ্শক হিচাপে গুৱাহাটীলৈ বদলি কৰাত সৰ্ব -সাধাৰণ ৰাইজে আশ্বৰ্য প্ৰকাশ কৰি  চৰকাৰক তেওঁৰ  বদলিকৰণ  বাতিল কৰিবলৈ ৰাইজে  দাবী জনাইছে  । 

Leave A Reply