Breaking

লাহৰীঘাটৰ চৰ চাপৰিৰ প্ৰাথমিক বিদ্যালয়ৰ গুণোৎসৱত জিলা শিক্ষা বিভাগৰ বিষয়ববীয়াসকলৰ পৰ্যবেক্ষণ…

0 61

মৰিগাঁও জিলাৰ লাহৰীঘাট শিক্ষা খণ্ডৰ অন্তৰ্গত চৰ চাপৰিৰ প্ৰাথমিক বিদ্যালয়ৰ কালি গুণোৎসৱৰ সামৰণি পৰে। গুণোৎসৱৰ পৰ্যবেক্ষণৰ বাবে কালি শিক্ষা বিভাগৰ এটি দল চৰ চাপৰিত উপস্হিত হয়।

জিলা শিক্ষা বিষয়া বুলি গগৈ ভূঞা, লাহৰীঘাট শিক্ষা খণ্ডৰ শিক্ষা বিষয়া আবুল কাছেম সহ এটি দলে কালাই চৰ আৰু মেৰহাবি পিঠা খাইতি চৰৰ তিনিখন বিদ্যালয় পৰ্যবেক্ষণ কৰে। বিদ্যালয় সমূহত ছাত্ৰ ছাত্ৰী এশ শতাংশ উপস্হিতিত শিক্ষা বিভাগৰ দলটিয়ে সন্তোষ প্ৰকাশ কৰে।

ইয়াৰ লগতে চৰ চাপৰিত শিক্ষাৰ মানদণ্ড আৰু বিদ্যালয় এৰাৰ সংখ্যা কমোৱাৰ উদ্দেশ্য চৰ্ত উচ্চ প্ৰাথমিক আৰু মাধ্যমিক পৰ্যায়ৰ বিদ্যালয় স্হাপন কৰাৰ বাবে চৰকাৰ অনুৰোধ কৰিব বুলি জিলা শিক্ষা বিষয়াই প্ৰকাশ কৰে।

Leave A Reply