Breaking

ওদালগুৰিৰ বিভিন্ন ঠাইত গ্ৰীষ্মকালীন শিশুৰ কৰ্মশালা

0 102

ৰাজ্যৰ শিক্ষাৰ্থীৰ মানসিক -বৌদ্ধিক তথা শাৰীৰিক উৎকৰ্ষৰ বাবে ৰাজ্য চৰকাৰে গ্ৰহণ কৰি আহিছে বিভিন্ন উল্লেখনীয় পদক্ষেপ।শিক্ষাৰ্থীৰ মানসিক বুদ্ধিমত্তাক গুৰুত্ব প্ৰদান কৰিয়েই ষষ্ঠ শ্ৰেণীৰ পৰা স্নাতক শ্ৰেণী পর্যন্ত অসম চৰকাৰৰ সাংস্কৃতিক পৰিক্ৰমা বিভাগৰ উদ্যোগত আৰু ওদালগুৰি জিলা প্ৰশাসনৰ সহযোগত পানেৰী সমষ্টি ভিত্তিত টংলাস্থিত নৰ্থ দৰং চিনিয়ৰ চেকেণ্ডাৰী স্কুলত সোমবাৰৰ পৰা আৰম্ভ হোৱা দহদিনীয়া গ্ৰীষ্মকালীন কৰ্মশালাৰ শুভ উদ্বোধন কৰে টংলা মহাবিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত অধ্যাপক ঘনকান্ত ডেকাই। বিশিষ্ট নাট্যযোদ্ধা পবিত্ৰ ৰাভা ,হৰিশিঙা ৰাজহ চক্ৰৰ চক্ৰ বিষয়া মনীষা নাথ ,খৈৰাবাৰী প্ৰাথমিক শিক্ষা খণ্ডৰ খণ্ড বিষয়া বৈহিথী বড়ো ,সাহিত্যিক পেঞ্চনাৰ ধৰণীধৰ মেধিয়ে ভাষণ দিয়ে। সাংস্কৃতিক কৰ্মী জোনমনি শইকীয়াই আঁত ধৰা উদ্বোধনী অনুষ্ঠানত বন্তি প্ৰজ্বলন কৰে সাহিত্যিক পেঞ্চনাৰ ,ওদালগুৰি ৰত্ন ধৰণীধৰ মেধিয়ে।

উদ্বোধনী অনুষ্ঠানত উত্তৰ দৰং চিনিয়ৰ চেকেণ্ডাৰী স্কুলৰ অধ্যক্ষ ৰূপৰেখা শৰ্মা ,টংলা উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ অধ্যক্ষ ড° দিলীপ কুমাৰ বৰুৱা , অৱসৰপ্ৰাপ্ত শিক্ষয়িত্ৰীত্ৰয় নিবেদিতা ডেকা বৰুৱা ,পূৰ্ণিমা ভূঞা ,গুণলতা মেধি, টংলা নগৰ মণ্ডল সমল কেন্দ্ৰৰ সমন্বয়ক সবিতাৰাণী মহলীয়া ,সাংস্কৃতিক কৰ্মী প্ৰাঞ্জল ডেকা ,শিল্পী সমাজ টংলাৰ সভাপতি কমলেশ্বৰ ৰাভা ,নৰ্থ দৰং চিনিয়ৰ চেকেণ্ডাৰী স্কুলৰ শিক্ষক -শিক্ষয়িত্ৰী ,বিভিন্ন বিদ্যালয়ৰ শিক্ষাৰ্থী উপস্থিত থাকে।

সোমবাৰৰ পৰা ২৬ জুলাইলৈকে চলিবলগীয়া কৰ্মশালাত ৰাষ্ট্ৰীয় নাট্য বিদ্যালয়ৰ স্নাতক পবিত্ৰ ৰাভা আৰু অন্যান্য সমল ব্যক্তিয়ে নাটক ,সত্ৰীয়া নৃত্য, লোক তথা পৰম্পৰাগত নৃত্য ,কবিতা আবৃত্তি আৰু তৰ্ক বিষয়ত প্ৰশিক্ষণ প্ৰদান কৰিব। সাংস্কৃতিক কৰ্মী জোনমনি শইকীয়া ,হৰিশিঙা ৰাজহ চক্ৰৰ চক্ৰ বিষয়া মনীষা নাথে উক্ত কৰ্মশালাৰ তত্বাৱধায়ক হিচাপে ওদালগুৰি জিলা প্ৰশাসনৰ হৈ দায়িত্ব পালন কৰিব বুলি জানিব দিছে।

ৰাষ্ট্ৰীয় হিন্দী প্ৰাথমিক বিদ্যালয়, টংলা:-ওদালগুৰি জিলাৰ টংলাস্থিত ৰাষ্ট্ৰীয় হিন্দী প্ৰাথমিক বিদ্যালয়ত প্ৰাক্তন আৰু বৰ্তমানৰ শিক্ষাৰ্থীসকলৰ মাজত গ্ৰীষ্মকালীন শিকন শিক্ষণ সঁজুলি অৰ্থাৎ টিএলএমৰ কৰ্মশালা অনুষ্ঠিত কৰা হয়। ছাত্ৰ -ছাত্ৰীসকলে কাগজৰ পৰা ফুল ,ফুলৰ মালা ,পেলনীয়া সামগ্ৰীৰ পৰা বিভিন্ন ধৰণৰ আটকধুনীয়া সামগ্ৰী, সংখ্যা আখৰ, লিখন, ছবি অঁকা ইত্যাদি শিকোৱা হয়। পকী বেৰতো সংখ্যা ,আখৰৰ লগতে বিভিন্ন ছবি অঙ্কণৰ জৰিয়তে ছাত্ৰ ছাত্ৰীৰ বোধ শক্তি, সংখ্যা, আখৰৰ ধাৰণা, মানসিক বিকাশৰ ওপৰত গুৰুত্ব আৰোপ কৰি কৰ্মশালা অনুষ্ঠিত কৰা হৈছে বুলি জানিব দিয়ে গুণোৎসৱত তিনিবাৰকৈ এ গ্ৰেড লাভ কৰা বিদ্যালয়খনৰ প্ৰধান শিক্ষক অজয় চৌধুৰীয়ে। টিএলএম নিৰ্মাণ কৰা লগতে চিত্ৰাংকণ প্ৰতিযোগিতাও অনুষ্ঠিত কৰা হয়। প্ৰতিযোগিতাত স্থান প্ৰাপক তিনিগৰাকীক পুৰস্কৃত কৰাৰ লগতে ছাত্ৰ -ছাত্ৰীয়ে হিন্দী- অসমীয়া গানৰ আধাৰত নৃত্য প্ৰদৰ্শন কৰি নিজৰ নিজৰ সাংস্কৃতিক প্ৰতিভাক উজ্জীৱিত কৰি তোলে। ৰাষ্ট্ৰীয় হিন্দী প্ৰাথমিক বিদ্যালয়ৰ টি এল এম কৰ্মশালাত উপস্থিত হৈ ওদালগুৰি জিলা বুনিয়াদী সাক্ষৰতা মিছনৰ পৰামৰ্শদাতা ড° সুভাষ ৰাভা আৰু ওদালগুৰি জিলা বুনিয়াদী সাংখ্যিকতা মিছনৰ পৰামৰ্শদাতা ৰূপা শৰ্মা, টংলা নগৰ মণ্ডল সমল কেন্দ্ৰৰ সমন্বয়ক সবিতাৰাণী মহলীয়াই প্ৰধান শিক্ষক অজয় চৌধুৰীক ভূয়সী প্ৰশংসা কৰে। বিদ্যালয়খনৰ ন-পুৰণি শিক্ষাৰ্থী আৰু অভিভাৱক উপস্থিত থাকে।

এ বি চি প্লে স্কুল,টংলা:- ওদালগুৰি জিলাৰ অন্তৰ্গত টংলাস্থিত এ বি চি প্লে স্কুলৰ প্ৰেক্ষাগৃহত আজি টংলা মডাৰ্ন ফাইন আৰ্টছ এণ্ড ক্ৰাফ্ট একাডেমিৰ সৌজন্যত চাৰি দিনীয়া গ্ৰীষ্মকালীন চিত্ৰকলা কৰ্মশালা শুভ উদ্ধোধন কৰে‌ ওদালগুৰি জিলা বড়ো ছাত্ৰ সন্থাৰ উপ- সভাপতি ৰবীন্দ্ৰ বড়োয়ে।কণ কণ ছাত্ৰ-ছাত্ৰীক চিত্ৰকলা লগতে বাঁহৰ ডিজাইন, ছবি অকা , উলেৰে নক্সা বনোৱা , ক্লট ডিজাইন, গ্লাজ পেইন্টিং, আৰু বটল ক্ৰাফ্টিঙৰ প্ৰশিক্ষণ দিয়া হব বুলি জানিবলৈ দিয়ে উদ্যোগতাই।‌ শতাধিক শিক্ষাৰ্থীয়ে অংশগ্ৰহণ কৰা কৰ্মশালা খন


টংলা মডাৰ্ন ফাইন আৰ্টছ এণ্ড ক্ৰাফ্ট একাডেমিৰ প্ৰশংসনীয় পদক্ষেপক অবিভাৱক সকলে আমাৰ সাংবিকক প্ৰশংসা কৰি এনেদৰে‌ কয় ।‌

ভেৰগাও:-ওদালগুৰি জিলাৰ ভেৰগাঁও মহকুমা অন্তৰ্গত ভেৰগাঁও হায়াৰ চেকেণ্ডাৰী স্কুলত আজিৰে পৰা আৰম্ভ হোৱা গ্ৰীষ্মকালীন কর্মশলাৰ শুভ উদ্ধোধন কৰে অতিৰিক্ত উপায়ুক্ত তথা ভেৰগাঁও মহকুমাধিপতি পল্লৱী কছাৰীয়ে। এই গ্ৰীষ্মকালীন কৰ্মশালাত নাটক, সত্ৰীয়া নৰ্ত্য, লোক তথা পৰম্পৰাগত নৃত্য কবিতা আবৃত্তি আৰু তৰ্ক প্ৰতিযোগিতাকে ধৰি ছাত্ৰ-ছাত্ৰী সকলক শাৰিৰীক, মানসিক,আৰু বৌদ্ধক দিশৰ উপৰি ছাত্ৰ-ছাত্ৰীসকলক শৈক্ষিক আৰু আধ্যাত্মিক দিশত সৱল কৰি তুলিবলৈ এই পদক্ষেপ গ্ৰহণ কৰিছে ৷ যুৱ নেতা অৰ্জুন দৈমাৰীৰ সঞ্চালনাত অনুষ্ঠিত উদ্বোধনী অনুষ্ঠানত খৈৰাবাৰী ৰাজহ চক্ৰ বিষয়া মৃদুল নাথ, জিলা শিক্ষা বিষয়া ভূমিধৰ বড়ো আদি উপস্থিত থাকে৷

খৈৰাবাৰী:-ওদালগুৰি জিলাৰ খৈৰাবৰীত সদৌ বিটিআৰ বাঙালী যুৱ-ছাত্ৰ ফেডাৰেছনে সদ্যঘোষিত হাইস্কুল শিক্ষান্ত আৰু উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাত প্ৰথম স্থান লাভ কৰি সুখ্যাতিৰে উত্তীৰ্ণ হোৱা ৪৪ গৰাকী ছাত্ৰ-ছাত্ৰীক ৰাজহুৱাভাৱে সম্বৰ্দ্ধনা জনায়। বাঙালী যুৱ-ছাত্ৰ ফেডাৰেছনৰ খৈৰাবাৰী আঞ্চলিক সমিতিৰ উদ্যোগত অনুষ্ঠিত আৰু সাধন আশ্চৰ্য্যই সঞ্চালনা কৰা সম্বৰ্ধনা অনুষ্ঠনত ৪৪ গৰাকী কৃৰ্তী ছাত্ৰ-ছাত্ৰীক একোখনকৈ উত্তৰীয়,মান পত্ৰ,কলম, গছৰ পুলি আৰু স্মৃতিগ্ৰন্থৰে সম্বৰ্দ্ধনা জনায় ৷ সভাত বিটিআৰ বাঙালী যুৱ-ছাত্ৰ ফেডাৰেছনৰ কেদ্ৰীয় সমিতিৰ মুখপাত্ৰ হীৰেন দাস আৰু জিলা সমিতিৰ সভাপতি শংকৰ দাস উপস্থিত হৈ কৃৰ্তী ছাত্ৰ-ছাত্ৰীসকলক উৎসাহিত কৰা ভাষণ প্ৰদান কৰে ৷

ওদালগুৰি:-ওদালগুৰি মহাবিদ্যালয়ত বিধানসভা ভিত্তিত আজি ১০ দিনীয়া গ্ৰীষ্মকালীন কৰ্মশালাৰ শুভাৰম্ভণি জাক-জমকেৰে অনুষ্ঠিত কৰা হয়। অনুষ্ঠানটোত মুখ্য অতিথি হিচাপে‌ উপস্থিত থাকে বি টি আৰৰ উপ মুখ্য কাৰ্যবাহী তথা ওদালগুৰি বিধানসভা সমষ্টিৰ বিধায়ক গোৱিন্দ চন্দ্ৰ বসুমতাৰী‌য়ে আনুষ্ঠানিকভাৱে কৰ্মশালাটো শুভাৰম্ভ কৰে। তেখেতৰ বক্তব্যত ছাত্ৰ-ছাত্ৰী সকলক পঢ়াশুনা কৰাৰ লগতে নাটক, লোক সংস্কৃতি তথা লোক নৃত্য, যোগ, সু-বক্তা ইত্যাদি গুণ সমুহ এই অনুষ্ঠানৰ যোগেদি আয়ত্ত কৰি ভৱিষ্যত জীৱনত তাৰ সুপ্ৰয়োগ কৰিবলৈ পৰামৰ্শ দিয়ে।

ওদালগুৰি জিলা উপায়ুক্ত ড° সাদনেক সিংঙে ছাত্ৰ ছাত্ৰীসকলক অভিনন্দন জনোৱাৰ লগতে কৰ্মশালাত প্ৰশিক্ষণ প্ৰদান কৰিবলগীয়া উদ্যোগতা সকলক ধন্যবাদ জ্ঞাপন কৰে। উল্লেখযোগ্য যে অনুষ্ঠানটোৰ আৰম্ভণিতে আদৰণি ভাষন আগবঢ়োৱা ওদালগুৰি জিলাৰ অতিৰিক্ত উপায়ুক্ত চৰফ্ৰাজ হকে তেওঁ ভাষণৰ প্ৰসংগত কয় যে ওদালগুৰি জিলাৰ অন্তৰ্গত ৩ টা বিধানসভা সমষ্টিৰ অন্তৰ্গত মুঠ ৬ টা স্থানত আজি একেলগে কৰ্মশালা বোৰ মুকলি কৰা হৈছে। শুভাৰম্ভণি অনুষ্ঠানৰ শলাগৰ শৰাই আগবঢ়াই পৰিচালনা সমিতিৰ চক্ৰধৰ ব্ৰহ্মই ।উক্ত অনুষ্ঠানটোত এম আৰ এছ ডি এন জি অৰ অধ্যক্ষ মিলন দাসৰ লগতে সদস্য, বিভিন্ন বিভাগ তথা বিদ্যালয়ৰ বিষয়া কৰ্মচাৰী, শিক্ষক-শিক্ষয়িত্ৰী আৰু ওদালগুৰি মহাবিদ্যালয়ৰ প্ৰবক্তাসকলৰ লগতে প্ৰায় ৫০ জন ছাত্ৰ-ছাত্ৰী তথা অভিভাৱক সকলে উপস্থিত থাকি অনুষ্ঠানটো সাফল্যমন্ডিত কৰাত সহায় কৰে।

■অৰূপ বড়ো,টংলা

Leave A Reply