Breaking

২২ মে’ত মিচিং ভাষাৰ ছমহীয়া পাঠ্যক্ৰম প্ৰমাণ-পত্ৰৰ পৰীক্ষা….

0 431

আগন্তুক ২২ মে’ ২০২২ চনত অনুষ্ঠিত হ’ব মিচিং ভাষাৰ ছমহীয়া পাঠ্যক্ৰমৰ প্ৰমাণপত্ৰৰ পৰীক্ষা ৷ আজি এই কথা সদৰি কৰিছে মিচিং আগম কৗবাঙৰ কেন্দ্ৰীয় সমিতিয়ে ৷ মিচিং আগম কৗবাঙৰ কেন্দ্ৰীয় সমিতিৰ কেন্দ্ৰীয় পৰীক্ষা নিয়ন্ত্ৰণ বৰ্ডৰ সদস্য সচিব ড° সুৰজিৎ দলেয়ে গোগামুখৰ লটাকস্হিত এন চি ডি মহাবিদ্যালয়ত অনুষ্ঠিত হোৱা এক সংবাদমেলত এই কথা সদৰী কৰে ৷

তেওঁ জনোৱা মতে আগন্তুক ১৫ মে’ত মিচিং ভাষাৰ ছমহীয়া পাঠ্যক্ৰমৰ প্ৰমাণপত্ৰৰ পৰীক্ষা অনূষ্ঠিত হোৱাৰ সিদ্ধান্ত লোৱা হৈছিল যদিও বিদ্যালয়, মহাবিদ্যালয় আৰু বিশ্ববিদ্যালয়ৰ পৰীক্ষালৈ লক্ষ্য ৰাখি ২২ মে’লৈ পৰীক্ষা পিছুৱাই দিয়া বুলি সাংবাদিকক অৱগত কৰে ৷ তেওঁ কয়- মিচিং ভাষাৰ পৰীক্ষা সুকলমে৷অনুষ্ঠিত কৰিবলৈ ইতিমধ্যে ১২ খন জিলাত ৭৫ খন পৰীক্ষা কেন্দ্ৰ সাজু কৰা হৈছে ৷

পৰীক্ষাত মুঠ ১৮ হাজাৰ পৰীক্ষাৰ্থীয়ে অৱতীৰ্ণ হ’ব আৰু পৰীক্ষা কেন্দ্ৰ সমূহত ক্ষেত্ৰ পৰিদৰ্শক নিয়োগ কৰি পৰীক্ষা পৰিচালনা সমূহ তদাৰক কৰিব ৷ পৰীক্ষাসমূহ দুই বেলাকৈ অনুষ্ঠিত কৰা হ’ব আৰু পৰীক্ষা আৰম্ভ হোৱাৰ পূৰ্বে পৰীক্ষাৰ্থী সকলক পৰীক্ষা কেন্দ্ৰৰ ভিতৰত ১০ মিনিটকৈ প্ৰশ্ন কাকতসমূহ চাবলৈ দিয়া হ’ব বুলি তেওঁ সংবাদেলত অৱগত কৰে ৷

উল্লেখনীয় যে,মিচিং ভাষাক চৰকাৰীভাৱে কৰা অৱহেলাৰ বিপৰীতে মিচিং আগম কৗবাং বা মিচিং সাহিত্য সভাই মিচিং ভাষাৰ শিক্ষাৰ ওপৰত গ্ৰহণ কৰা পদক্ষেপক সকলোৱে আদৰণি জনাইছে ৷

Leave A Reply