Breaking

ভাৰত ত্যাগ আন্দোলনত আজিৰ দিনটোতে প্ৰাণ বিসৰ্জন দিয়া অসমৰ মহান শ্বহীদসকলক সশ্ৰদ্ধ প্ৰণিপাত…

0 85

ইংৰাজৰ শাসনৰপৰা মুক্ত হ’বলৈ আমাৰ দেশৰ বীৰ-বীৰাংগনাসকলৰ যি গুৰুত্বপূৰ্ণ ভূমিকা, সেই ঐতিহাসিক গাথা আমাৰ বাবে সদায় স্মৰণীয়। তেওঁলোকৰ ত্যাগ, অদম্য সাহস, বীৰত্ব আৰু দেশৰ প্ৰতি থকা নিঃস্বাৰ্থ ভালপোৱা প্ৰতিজন ভাৰতীয় নাগৰিকৰ বাবে অনন্য প্ৰেৰণাৰ উৎস।

ভাৰত ত্যাগ আন্দোলনত সক্ৰিয়ভাৱে অংশগ্ৰহণ কৰি দেশমাতৃৰ হকে আজিৰ দিনটোতে প্ৰাণ বিসৰ্জন দিয়া অসমৰ মহান শ্বহীদসকলৰ ভিতৰত কনকলতা বৰুৱা, তিলেশ্বৰী বৰুৱা, মুকুন্দ কাকতি, ভোগেশ্বৰী ফুকননী আদি অনেক নাম অন্যতম।

১৯৪২ৰ গণ আন্দোলনত দেশ আৰু জাতিৰ অস্তিত্ব ৰক্ষাৰ হেতুকে নিজৰ জীৱন বলিদান দি যিয়ে আমাৰ সমাজখনলৈ আগবঢ়াই থৈ গ’ল অনৱদ্য অৱদান, সেই বীৰ শ্বহীদসকললৈ সশ্ৰদ্ধ প্ৰণিপাত ।

Leave A Reply