Breaking

উজনি মাজুলী শিলিখাগুৰি ৰূপকোঁৱৰ মিলন সংঘৰ সামাজিক নাটক মঞ্চস্থৰ আয়োজন

0 2,232

উজনি মাজুলীৰ শিলিখাগুৰি গাঁৱৰ ৰূপকোঁৱৰ মিলন সংঘৰ উদ্যোগত চাৰিদিনীয়া কাৰ্যসূচীৰে শিল্পী দিৱস উদযাপনৰ আয়োজন কৰা হৈছে। ১৭ জানুৱাৰী দিনা শিল্পী দিৱস উপলক্ষ্যে পৰিৱেশ নিকাকৰণৰ পাছতে অৱসৰপ্ৰাপ্ত অধ্যক্ষ সোমেশ্বৰ কলিতাই বৃক্ষৰোপন আৰু সভাপতি বুদ্ধিন শইকীয়াই সংঘৰ পতাকা উত্তোলন কৰাৰ পাছতে অৱসৰপ্ৰাপ্ত প্ৰধান শিক্ষক যোগেশ্বৰ বৰুৱাই স্মৃতিতৰ্পণ কৰে। পৰবৰ্তী সময়ত সংঘৰ হাতেলিখা আলোচনী ‘জ্যোতিপ্ৰপাত’ উন্মোচন কাৰ্যসূচী পালন কৰা হয় ৷ অৱসৰপ্ৰাপ্ত প্ৰধান শিক্ষক বিপিন চন্দ্ৰ বৰুৱাৰ তত্বাৱধানত সংঘটোৰ সাহিত্য সম্পাদক ৰঞ্জন শইকীয়াই সম্পাদনা কৰা দ্বিবাৰ্ষিক হাতেলিখা আলোচনীখন অবসৰপ্ৰাপ্ত প্ৰধান শিক্ষক বিপিন চন্দ্ৰ হাজৰিকাই উন্মোচন কৰে। ‘জৈৱ-বৈচিত্ৰ্য’ সম্পৰ্কীয় মূল বিষয়বস্তুৰে সংঘৰ যুৱ-চেমনীয়া সদস্যসকলে হাতেৰে লিখি প্ৰস্তুত কৰি উলিওৱা আলোচনীখনৰ মূল বিষয়বস্তুক উন্মোচনী সভাত উপস্থিত সকলোৱে সময়োপযোগী হৈছে বুলি প্ৰকাশ কৰে। পৰবৰ্তী সময়ত সংঘৰ পৰম্পৰানুযায়ী ২০২০ বৰ্ষত উচ্চ মাধ্যমিক শিক্ষান্ত পৰীক্ষাত সুখ্যাতিৰে উৰ্ত্তীণ হোৱা শিলিখাগুৰি গাঁৱৰ কৃতি ছাত্ৰ-ছাত্ৰী লক্ষ্যজিত শইকীয়া, প্ৰিঞ্চিপ্ৰিয়া কলিতা, বিষ্ণুপ্ৰসাদ হাজৰিকা আৰু উচ্চতৰ মাধ্যমিক শিক্ষান্ত পৰীক্ষাত সুখ্যাতিৰে উৰ্ত্তীণ হোৱা প্ৰণিতা ফুকন, বিতুমনি শইকীয়া আৰু অপূৰ্ব শইকীয়াক সম্বৰ্ধনা পত্ৰ, কলম আৰু কিতাপৰ টোপোলাৰে অভিনন্দন জনোৱা হয় ৷ সম্পাদক বিচিত্ৰ শইকীয়াই আঁতধৰা অনুষ্ঠানটিত কেইবাজনো গন্যমান্য ব্যক্তি আৰু সম্বৰ্ধনা গ্ৰহণ কৰা ছাত্ৰ-ছাত্ৰীসকলে বক্তব্য আগবঢ়ায়। একে উপলক্ষ্যত ১৮ আৰু ১৯ জানুৱাৰীত বিভিন্ন কাৰ্যসূচী আৰু  ২০ জানুৱাৰী তাৰিখৰ নিশালৈ সংঘৰ প্ৰেক্ষাগৃহত গনেশ হাজৰিকাৰ পৰিচালনাৰে এখনি সামাজিক নাটক মঞ্চস্থ কৰাৰ পূৰ্ণায়োজন কৰা হৈছে।

Leave A Reply