Breaking

কৰদৈগুৰিত ফেঁচা-মানুহৰ সংঘাত ! ফেঁচাৰ সন্ত্ৰাসত চাৰিজন লোক আঘাতপ্ৰাপ্ত…

0 50

তিনিচুকীয়া জিলাৰ বাঘজান আৰক্ষী থানাৰ অন্তৰ্গত ১ নং কৰদৈগুৰি গাঁৱত সন্ত্ৰাসৰ সৃষ্টি কৰিছে এটা ফেঁচাই। যাক এক অভূতপূৰ্ব ঘটনা হিচাপে বিবেচিত হৈছে অঞ্চলবাসীৰ বাবে।দেওবাৰে তিনিচুকীয়াৰ যুৱ পৰিৱেশকৰ্মী তথা ট্যুৰিষ্ট গাইড পাপুল গগৈয়ে ঘটনাস্থলীত উপস্থিত হৈ দৰ্শন কৰি গম পাই যে, কুৰুলী ফেঁচা আৰু মানুহৰ মাজত সংঘাতৰ সৃষ্টি হৈছে। ইয়াক ঠাই ভেদে উৰুলী ফেঁচা বুলিও কোৱা হয় (ইয়াৰ ইংৰাজী নাম: Asian Barred Owlet)।

এই ফেঁচাই বাহ সাজি আশ্ৰয় লৈ আছে ১ নং কৰদৈগুৰিৰ সুৰেন্দ্ৰ খাটোৱাল নামৰ ব্যক্তিজনৰ বাৰীত। ইতিমধ্যে গৃহস্থ সুৰেন্দ্ৰৰ লগতে দাঁতি কাষৰীয়া তিনি গৰাকী লোক ক্ৰমে বিজ্ঞান্ত মৰাণ, মঞ্জুলা খাটোৱাল আৰু পৰাগ খাটোৱালে এই ফেঁচাৰ আক্ৰমণৰ বলি হৈছে। আটাকেইজনকে মূৰ আৰু শৰীৰত আঘাত কৰিছে।

ফেঁচাৰ এনে সন্ত্ৰাসত এতিয়া আতংকিত হৈ পৰিছে অঞ্চলবাসী। সৰু সৰু ল’ৰা-ছোৱালীও এই ফেঁচাৰ আক্ৰমণৰ বলি হব পাৰে। সেয়েহে এই ক্ষেত্ৰত সজাগ আৰু সচেতন হ’বলৈ অনুৰোধ জনোৱাৰ লগতে ইতিমধ্যে আক্ৰমণৰ বলি হোৱা সকলোকে ওচৰৰ চিকিৎসালয়লৈ গৈ ডাক্তৰৰ পৰামৰ্শ হ’বলৈ আহ্বান জনায়।

Leave A Reply