Breaking

১০০ শতাংশ উত্তীৰ্ণৰে উজ্বলিল চিলাপথাৰৰ পদ্ম-সৰস্বতী বিদ্যা মন্দিৰ; সফলতাৰ ধাৰাবাহিকতা অক্ষুণ্ণ

0 197

ছাত্ৰ সমাজক নৈতিক, আধ্যাত্মিক আৰু মানদণ্ডসম্পন্ন বিজ্ঞান শিক্ষাৰে শিক্ষিত কৰি আজিৰ প্ৰতিযোগিতামূলক পৰিবেশত নিজক সফল কৰি তোলাৰ লক্ষ্যৰে বিগত ২০২০ বৰ্ষত প্ৰতিষ্ঠা লাভ কৰা বিজ্ঞানৰ কণিষ্ঠ মহাবিদ্যালয় পদ্ম-সৰস্বতী বিদ্যা মন্দিৰে উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাত সফলতাৰ যাত্ৰা অক্ষুণ্ণ ৰাখি ঈৰ্ষনীয় ফলাফল দেখুৱাবলৈ সক্ষম হৈছে।

বিজ্ঞানৰ এইখন শিক্ষানুষ্ঠানৰ প্ৰথমটো বেট্চৰ সকলো ছাত্ৰ-ছাত্ৰী সুখ্যাতিৰে উত্তীৰ্ণ হোৱাৰ পিছত দ্বিতীয়টো বেটচত ১০০% উত্তীৰ্ণেৰে বৃহত্তৰ চিলাপথাৰ অঞ্চললৈ গৌৰৱ কঢ়িয়াই আনিছে।

এই বৰ্ষত উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাত অৱতীৰ্ণ হোৱা ৪৯ জনকৈ শিক্ষাৰ্থীৰ ভিতৰত ৪৬ জনেই প্ৰথম বিভাগত আৰু বাকী ৩ জনে দ্বিতীয় বিভাগত উত্তীৰ্ণ হয়।

দ্বিতীয়টো বেটচৰ এই সফলতাৰ পিছত অঞ্চলটোৰ ভিতৰতে এতিয়া উজ্বলি উঠিছে পদ্ম-সৰস্বতী বিদ্যা মন্দিৰ। এই ফলাফলত এজনে ডিষ্টিংচন লাভ কৰাৰ বিপৰীতে ১৫ জনে ষ্টাৰ মাৰ্ক আৰু ৪০ জনেই বিভিন্ন বিষয়ত লেটাৰ মাৰ্ক লাভ কৰিবলৈ সক্ষম হৈছে।

শিক্ষাৰ্থীসকলৰ এনে সফলতাই এতিয়া সকলোকে শিক্ষানুষ্ঠানখনৰ প্ৰতি আকৰ্ষিত কৰা পৰিলক্ষিত হৈছে। আগন্তুক শিক্ষা বৰ্ষৰ বাবে নামভৰ্তি চলি থকা এইখন শিক্ষানুষ্ঠানত ইতিমধ্যে প্ৰথম বৰ্ষৰ আৰু নৱম শ্ৰেণীৰ পাঠদান আৰম্ভ কৰা হৈছে বুলি কলেজৰ পৰিচালন সঞ্চালক জোনটি সোণোৱালে (৮৬৩৮২৮৩৮৪৬) জানিবলে দিছে।

দুবছৰীয়া প্ৰত্যাহ্বানমূলক এটা যাত্ৰাৰ অন্তত লাভ কৰা এই সফলতাৰ কৃতিত্ব সুখ্যাতিৰে উত্তীৰ্ণ হোৱা প্ৰত্যেকগৰাকী পৰীক্ষাৰ্থীৰ লগতে পদ্ম-সৰস্বতী বিদ্যা মন্দিৰৰ সকলো শিক্ষক-কৰ্মচাৰী, অভিভাৱক ও শুভাকাংশী ৰাইজৰ ওচৰত অৰ্পণ কৰিছে সঞ্চালক সোণোৱালে।

Leave A Reply