Home Blog Page 1008

২০২৫বৰ্ষত ডিমাকুছিত অনুষ্ঠিত হ’ব ৬৪ সংখ্যক বড়ো সাহিত্য সভা, উদুলি-মুদুলি ডিমাকুছিৰ বড়ো সাহিত্য সভাৰ বাকৰি…

বড়ো জনগোষ্ঠীৰ সৰ্ববৃহৎ জাতীয় সংগঠন বড়ো সাহিত্য সভাৰ আগন্তুক ৬৪ সংখ্যক ডিমাকুছি অধিৱেশনৰ আদৰণি সমিতি ডিমাকুছিত এক ৰাজহুৱা সভাৰ জৰিয়তে গঠন কৰা হয় ৷ ২০২৫ বৰ্ষত ওদালগুৰি জিলাৰ ডিমাকুছিত অনুষ্ঠিত হ’ব বড়ো সাহিত্য সভাৰ ৬৪ সংখ্যক বাৰ্ষিক অধিৱেশন। অধিৱেশনৰ আদৰণি সমিতি গঠনৰ বাবে ২৪ফেব্ৰুৱাৰীত অনুষ্ঠিত ৰাজহুৱা সভাত বিভিন্ন জাতি জনগোষ্ঠীৰ সাহিত্যিক, সাংবাদিক, বুদ্ধিজীৱি, দল-সংগঠনৰ ছাত্ৰ নেতা কৰ্মী, বিভিন্ন ৰাজনৈতিক দলৰ নেতা-কৰ্মীকে ধৰি সহস্ৰাধিক লোক উপস্থিত থাকে ৷ ওদালগুৰি জিলা বড়ো সাহিত্য সভাৰ সভাপতি মানিক বসুমতাৰীৰ সভাপতিত্বত অনুষ্ঠিত ৰাজহুৱা সভাখন উদ্বোধন কৰে বড়ো সাহিত্য সভাৰ সভাপতি তথা বড়ো ভাষাৰ বিশিষ্ট সাহিত্যক নীলকান্ত গয়াৰীয়ে৷

উদ্বোধনী ভাষণত গয়াৰীয়ে ভাষাক বাদ দি এটা জাতিৰ উত্তৰণ আৰু অস্তিত্ব কেতিয়াও সম্ভৱ নহয় বুলি তাৎপৰ্যপূৰ্ণ মন্তব্য কৰে ৷ বড়ো জাতি ভাষা , সাহিত্য তথা কৃষ্টি – সংস্কৃতিৰে মহীয়ান হোৱা বাবেই বিশ্বৰ বুকুত সাহসেৰে থিয় হ’ৱলৈ সক্ষম হৈছে বুলি কয়। ১৯৫২ চনৰ ১৬ নৱেম্বৰত বড়ো সাহিত্য সভা গঠন নোহোৱা হ’লে বড়ো জাতি কেতিয়াবাই ধ্বংস হ’লহেতেন বুলি উল্লেখ কৰি বড়ো সাহিত্য সভাই বড়ো জাতিৰ ভাষা, সংস্কৃতিৰ উত্তৰণৰ বাবে সৰ্বোচ্চ উজাৰি দিয়া বুলি কয় ৷ ২০২৫ চনত ডিমাকুছিত হ’ৱলগীয়া বড়ো সাহিত্য সভাৰ অধিৱেশনে ইতিহাস ৰচিব বুলি আশা প্ৰকাশ কৰে৷ সভাত ভাষণ দি অসম বিধান সভাৰ অধ্যক্ষ বিশ্বজিৎ দৈমাৰীয়ে অধিৱেশনত ভাৰতবৰ্ষৰ বিভিন্ন ৰাজ্যৰ পৰা অগনণ লোক উপস্থিত থকাৰ উপৰিও দেশৰ প্ৰধানমন্ত্ৰীকো আমন্ত্ৰণ জনাব বুলি প্ৰকাশ কৰে৷ সভাত বড়ো সাহিত্য সভাৰ সভাপতি ডঃ সুৰথ নাৰ্জাৰী , প্ৰাক্তন বিধায়িকা কমলী বসুমতাৰী , বিটিচিৰ প্ৰাক্তন উপাধ্যক্ষ নেৰচন বড়ো , বিটিচিৰ কাৰ্যবাহী সদস্য দাউবাইছা বড়ো, ডিমাকুছি মহাবিদ্যালয়ৰ অধ্যক্ষ জৌংখাৰ খুংগুৰ বসুমতাৰী , শেখৰ শংকৰদেৱ মিছন উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ প্ৰাক্তন অধ্যক্ষ শীতেশ্বৰ শৰ্মা, বৰ্তমানৰ অধ্যক্ষ মেদিনী বড়া , টংলা মহাবিদ্যালয়ৰ প্ৰবক্তা কৃষ্ণকান্ত বসুমতাৰীকে ধৰি বহুসংখ্যক জ্যেষ্ঠ নাগৰিক , এবছুৰ নেতৃত্বকে ধৰি বিভিন্ন জাতি জনগোষ্ঠীৰ বহু সংখ্যক বিশিষ্ট লোক উপস্থিত থাকে৷ সভাত অধিৱেশনৰ বাবে বিধান সভাৰ অধ্যক্ষ বিশ্বজিৎ দৈমাৰীক সভাপতি , বিটিচিৰ কাৰ্যবাহী সদস্য দাউবাইছা বড়োক কাৰ্যকৰী সভাপতি আৰু জোশ্ৰাং বড়োক মুখ্য আহ্বায়ক হিচাপে লৈ মূল আদৰণি সমিতিখনৰ লগতে প্ৰায় ২৫ খনৰো অধিক উপ-সমিতি গঠন কৰা হয় ৷

Sanjukta Dutta’s ‘KOHUA – KOMAL’ collection at Milan Fashion Week 2024 redefines a woman’s allure with timeless elegance and empowering charisma

In the ethereal realm of fashion, where creativity intertwines with tradition, the illustrious designer, Sanjukta Dutta, unveiled her latest collection, “KOHUA – KOMAL,” at the prestigious Milan Fashion Week on the fortuitous occasion of the 24th of February, 2024.

Radiating with the resplendent allure of Assam’s silk, her collection captivated the discerning eyes of luminaries gracing the event, including the esteemed Mrs. T Ajungla Jamir, Consul General of India in Milan, and Mr. Luciano Pettoello Mantovani, Secretary General of the Indian Chamber of Commerce in Italy, alongside the esteemed presence of Ms. Divya Singh, Special Projects Manager/India Marketing Manager of the TOD’s Group, and other notable expatriates of Indian origin, all immersed in the grandeur of her craftsmanship.

Sanjukta Dutta’s sartorial mastery transcends mere attire, embodying a timeless fusion of classical Indian aesthetics harmonized with contemporary nuances, a testament to her unwavering commitment to the artisanal heritage of her homeland. Each resplendent ensemble, meticulously handcrafted over a span of no less than twenty-five days, whispers tales of tradition, woven into every intricate thread. From the iconic Mekhela Chador to the resplendent Structured Sarees, from the flowing elegance of Gowns to the graceful allure of Drape-Skirts and the fusion charm of Indo-Western Lehengas, her collection casts a spell of femininity and grace, enchanting women from every walk of life.

Enthralled by the spectacle, Mrs. T Ajungla Jamir shared her admiration, expressing Thank you sincerely for the gracious invitation to join this remarkable show. It brings me great joy and pride to be in your company, enhancing the splendor of this occasion. The show’s remarkable success, coupled with the elegance of the models’ attire, truly captivated my heart. The enthusiastic response from the audience only adds to its brilliance. Furthermore, as a fellow North Easterner, I am thrilled to witness Assam’s representation in the prestigious Milan Fashion Week—a globally renowned event. Your participation in this, alongside your achievements in Paris and New York Fashion Weeks, fills me with immense pride. Congratulations once again, Sanjukta, and may your journey continue to shine brightly on the world stage.

Sanjukta Dutta, humbled by the acclaim, remarked, “To witness the Assam Handloom grace the illustrious stage of the Milan Fashion Week is nothing short of a reverie fulfilled. It is a privilege for me and my artisans to witness our labor of love embraced on a global platform. With every stitch, I aspire to ignite the spirit of self-discovery through fashion, ensuring that the legacy of Indian craftsmanship continues to shine brightly across continents.”
As the curtains draw on yet another chapter of sartorial excellence, Sanjukta Dutta’s legacy continues to weave its indelible mark on the fabric of fashion, illuminating paths of self-expression and cultural celebration with every creation.

Dance Deewane – Season 4ত চমক অসম তথা মৰিগাঁৱৰ সন্তান সুনিল বৰমহেলাৰ…

Dance Dewane Seasion 4 চমক অসম তথা মৰিগাঁও সন্তান সুনিল বৰমহেলা।

ৰাষ্ট্ৰিয় পৰ্য়ায়ত জিলিকিল অসমৰ সন্তান সুনিল বৰমহেলা।

জনপ্ৰিয় Colors TV ৰ Dance Deewane – Season 4ৰ Top 15ত স্থান পাবলৈ সক্ষম হ’ল সুনিল।

সুনিলে মৰিগাঁও জিলাৰ পৰা অসম হৈ অংশগ্ৰহণ কৰিছে।

আগন্তক সময়ত অসমৰ লগতে মৰিগাঁৱবাসীৰ সহায় আৰু প্ৰাৰ্থনা বিছাৰিছে সুনিল আৰু সুনিলৰ পৰিয়ালবৰ্গই।

ৰাইজৰ আৰ্শীবাদ আৰু সহায়ে সুনিলক আৰু আগুৱাই নিয়াত সহায় কৰাৰ লগতে অসমলৈ সুনাম কঢ়িয়াই আনিব পাৰিব।

ইটালীৰ বিখ্যাত ‘মিলান ফেশ্বন উইক’ত অসমৰ সংযুক্তা দত্তৰ পাট-মুগা ফেশ্বনৰ যাদু…

‘কঁহুৱা কোমল’ শীৰ্ষক অসমৰ পাট-মুগাৰ বস্ত্ৰ সম্ভাৰৰ প্ৰদৰ্শনৰে মন্ত্ৰমুগ্ধ কৰিলে বিশ্বৰ বিভিন্ন প্ৰান্তৰৰ ফেশ্বন অনুৰাগী-বিশেষজ্ঞক ৷ ইটালীৰ মিলান চহৰত ব্যতিক্ৰমী প্ৰয়াসেৰে আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত উজলি উঠিল অসমৰ পাট-মুগাৰ বস্ত্ৰ সম্ভাৰৰ এক অনন্য প্ৰদৰ্শনী ‘কঁহুৱা কোমল’ ৷ অসমীয়া পৰম্পৰাগত বস্ত্ৰৰ দীৰ্ঘদিনীয়া পৰীক্ষা-নিৰীক্ষাৰে আন্তঃৰাষ্ট্ৰীয় ফেশ্বনৰ ক্ষেত্ৰখনত নিজকে প্ৰতিষ্ঠা কৰিবলৈ সক্ষম হোৱা বিখ্যাত ডিজাইনাৰ অসমৰ সুযোগ্যা সন্তান সংযুক্তা দত্তই ২৪ ফেব্ৰুৱাৰীত অনুষ্ঠিত হোৱা বিখ্যাত ‘মিলান ফেশ্বন উইক’ত তেওঁৰ শেহতীয়া বস্ত্ৰ সমাহাৰৰ ফেশ্বন আন্তঃৰাষ্ট্ৰীয় ফেশ্বন আইকন সকলৰ উপস্থিতিত প্ৰদৰ্শন কৰে ৷ অসমীয়া পাট-মুগাৰ সাজৰ নতুনত্বৰে আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত উপস্থাপন কৰিব পৰাকৈ সংযুক্তা দত্তই প্ৰস্তুত কৰি উলিওৱা বস্ত্ৰ সম্ভাৰৰ ফেশ্বন শ্ব’টোৱে মিলান ফেশ্বন উইকত সকলোৰে দৃষ্টি আকৰ্ষণ কৰিবলৈ সক্ষম হয় । মিলানত থকা ভাৰতৰ কনছুল জেনেৰেল শ্ৰীমতী টি অজুংলা জামিৰ আৰু ভাৰতীয় মহাসচিব লুচিয়ানো পেট্টোৱেলো মাণ্টোভানিকে ধৰি অনুষ্ঠানটোত উপস্থিত থকা বিশেষ অতিথি সকলক সংযুক্তা দত্তৰ অসমীয়া পাট-মুগা বস্ত্ৰ সম্ভাৰে মন্ত্ৰমুগ্ধ কৰি তোলে ৷ ইয়াৰ উপৰিও ইটালীৰ চেম্বাৰ অৱ কমাৰ্চৰ লগতে টি অ’ ডিৰ গ্ৰুপৰ বিশেষ প্ৰকল্প পৰিচালক তথা ভাৰত বিপণন পৰিচালক শ্ৰীমতী দিব্যা সিং আৰু ভাৰতীয় মূলৰ অন্যান্য বিশিষ্ট প্ৰবাসী লোকসকল সকলোৱে ‘কঁহুৱা কোমল’ শ্ব’টোত প্ৰদৰ্শিত পাট-মুগাৰ বাচকবণীয়া বস্ত্ৰ সম্ভাৰৰ শিল্পকৰ্মৰ কাৰুকাৰ্য্য প্ৰত্যক্ষ কৰি হাত চাপৰিৰে অভিবাদন জনায় ।

মিলানৰ ৰেম্পত বৰ্ণিল ৰূপত প্ৰাণ পাই উঠা অসমীয়া পাট-মুগাৰ ভাঁজে ভাঁজে যেন সপোনহে ৰচিলে আন্তঃৰাষ্ট্ৰীয় ফেশ্বন জগতৰ এটি চিনাকী নাম হৈ পৰা সংযুক্তা দত্তই । এক অৰ্থত, বিদেশৰ মাটিত মডেলৰ দেহত উজলি উঠা পাট-মুগা ৰেচমৰ কেৱল সাজ-পোছাক নাছিল এয়া ৷ এয়া আছিল সাজ-পোচাকৰ সংজ্ঞাক অতিক্ৰম কৰি সমসাময়িক ফেশ্বনৰ সৈতে মিল থকা ভাৰতীয় ধ্ৰুপদী নান্দনিকতাৰ কালজয়ী সংমিশ্ৰণক মূৰ্ত কৰি তোলা ‘কঁহুৱা কোমল’ শীৰ্ষক ফেশ্বনৰ সজীৱ উপস্থাপন। ইটালীৰ মিলানৰ শনিবাৰৰ সন্ধিয়াৰ এই প্ৰদৰ্শনত অসমীয়া ঐতিহ্য সংপৃক্ত বস্ত্ৰ শিল্পকৰ্ম সমূহত প্ৰস্ফুতিত হৈছে ফেশ্বন ডিজাইনাৰ গৰাকীৰ অটল দায়বদ্ধতা আৰু ওপজা মাটিৰ ঐতিহ্যৰ প্ৰতি সন্মান । মাত্ৰ পঁচিশ দিনতকৈ কম সময়ৰ ভিতৰত নিখুঁতভাৱে হস্ততাঁতশালত প্ৰস্তুত প্ৰতি যোৰা সাজ-পোচাকে যেন মিলান চহৰত বিশ্বৰ বিভিন্ন প্ৰান্তৰৰ ফেশ্বন বিশেষজ্ঞৰ সন্মুখত নিবেদন কৰিলে অসমীয়া পাট-মুগাৰ পৰম্পৰাৰ কাহিনী। অসমীয়াৰ চেনেহৰ মেখেলা-চাদৰ যোৰৰ পৰা আৰম্ভ কৰি ৰেম্প জিলিকাই তোলা শাৰীলৈকে, ফেশ্বন সমৃদ্ধ গাউনৰ বৈ যোৱা আড়ম্বৰপূৰ্ণতাৰ পৰা আৰম্ভ কৰি ড্ৰেপ-স্কাৰ্টৰ নয়নসাৰ্থক আকৰ্ষণলৈকে আৰু ভাৰতীয়-পশ্চিমৰ সংমিশ্ৰণেৰে লেহেংগাৰ পৰিবৰ্ধিত বস্ত্ৰই নাৰীৰ সৌন্দৰ্যক পাট-মুগাৰ জড়িয়তে বিশ্বৰ সাৰ্বজনীন নাৰীৰ বাবে বস্ত্ৰ সম্ভাৰ প্ৰদৰ্শন কৰি সকলোকে মোহিত কৰিলে সংযুক্তা দত্তই । অসমৰ পাট-মুগাৰে প্ৰস্তুত পোচাকেৰে বিশ্বৰ ফেশ্বন জগতত প্ৰতিযোগিতাত নামিবলৈ সক্ষম হোৱা বস্ত্ৰ সম্ভাৰৰ এই শ্ব’ত মোহিত হৈ মিলানস্থিত ভাৰতৰ কনছুল জেনেৰেল শ্ৰীমতী টি অজুংলা জামিৰে সংযুক্তা দত্তৰ শিল্পৰাজীক লৈ উচ্ছসিত হৈ পৰে ৷ বিশ্বৰ আগশাৰীৰ এই অনুষ্ঠানটোলৈ জনোৱা আমন্ত্ৰণৰ বাবে আন্তৰিকতাৰে ধন্যবাদ জ্ঞাপন কৰি নাগালেণ্ডৰ সন্তান ভাৰতীয় বৈদেশিক সেৱাৰ উচ্চ পদস্থ বিষয়া গৰাকীয়ে কয় যে এগৰাকী উত্তৰ-পূৱৰ সন্তান হিচাবে তেঁও অতি আনন্দ আৰু গৌৰৱ বোধ কৰিছে ৷ তেঁও লগতে কয়— “ শ্ব’টোৰ প্ৰতি দৰ্শকৰ সঁহাৰিৰ সফলতাৰ লগতে মডেলসকলৰ সাজ-পোছাকৰ আড়ম্বৰতাই মোৰ হৃদয়খন সঁচাকৈয়ে মোহিত কৰিছে । দৰ্শকৰ উৎসাহী সঁহাৰিয়ে ইয়াৰ উজ্জ্বলতা বৃদ্ধিহে কৰে। তদুপৰি এজন উত্তৰ-পূর্বাঞ্চলৰ লোক হিচাপে সন্মানীয় মিলন ফেশ্বন উইকৰ দৰে এটা বিশ্বব্যাপী খ্যাতিসম্পন্ন অনুষ্ঠানত অসমৰ প্রতিনিধিত্বৰ সাক্ষী হৈ মই ৰোমাঞ্চিত হৈছোঁ৷ পেৰিছ আৰু নিউয়ৰ্ক ফেশ্বন উইকত আপোনাৰ কৃতিত্বৰ সমান্তৰালভাৱে ইয়াত আপোনাৰ অংশগ্ৰহণে মোক গৌৰৱেৰে ভৰাই তুলিছে । আকৌ এবাৰ অভিনন্দন জনালো সংযুক্তা, আৰু আপোনাৰ যাত্ৰা বিশ্ব মঞ্চত উজ্জ্বলভাৱে উজ্জ্বল হৈ উঠক।” মিলানৰ ফেশ্বন শ্ব’টোত আশাতীতভাৱে সমাদৰ লাভ কৰি ডিজাইনাৰ সংযুক্তা দত্তই মন্তব্য কৰে, “মিলান ফেশ্বন উইকৰ বিখ্যাত মঞ্চত অসমৰ হস্ততাঁতৰ বস্ত্ৰ শোভা প্ৰদৰ্শনৰ অংশীদাৰ হ’ব পৰাটো এটা সপোন পূৰণ হোৱাতকৈ কোনো গুণেই কম নহয়। আমাৰ ভালপোৱা আৰু শ্ৰমক আকোঁৱালি লোৱাটো মোৰ আৰু মোৰ শিপিনীসকলৰ বাবে এক সৌভাগ্যৰ কথা।” লগতে তেঁও কয় — “প্ৰতিটো ডিজাইনৰ প্ৰতিটো চিলাইৰ লগে লগে মোক আত্ম-ফেশ্বনৰ জৰিয়তে আৱিষ্কাৰ কৰো, যাতে ভাৰতীয় শিল্পৰ কাৰু-কাৰ্যৰ সমাহাৰ মহাদেশসমূহত উজ্জ্বলভাৱে জিলিকি থকাটো নিশ্চিত হয়।”

‘কঁহুৱা -কোমল’ অসমৰ পৰা হস্তনিৰ্মিত পাট-মুগা সূতাৰ কোমলতাক আকোঁৱালি লোৱা অসমৰ বুকুৰ পৰম্পৰাৰ মৃদু সজীৱ ৰঙৰ সৈতে মিলি যোৱা এক বস্ত্ৰ সম্ভাৰ ৷ এই বস্ত্ৰ সমূহত আছে দক্ষ অসমীয়া শিপিনীৰ হাতত মূৰ্ত এক কালজয়ী শিল্পকলাৰ অস্তিত্ব। ‘কঁহুৱা কোমল’ নামটোৱেই বহন কৰিছে নিভাঁজ অসমীয়া অসমীয়া গোন্ধ । একেদৰেই সংযুক্তা দত্তৰ নৱতম সৃষ্টি কঁহুৱা – কোমল সংগ্ৰহৰ প্ৰতিযোৰ বস্ত্ৰই অসমৰ পাট-মুগা ৰেচমৰে বোৱা পৰম্পৰাৰ চহকী ঐতিহ্যৰ প্ৰমাণ। অসমৰ চহকী কৃষ্টি আৰু বৰ্ণিল সংস্কৃতিৰ কথা মনত পেলোৱা এই বস্ত্ৰ সম্ভাৰ ৰঙে আনন্দ আৰু নিশ্চিন্ততাৰ অনুভূতি জগাই তুলিব পৰাকৈ সক্ষম ।

মিঠা খালেই ডায়েবেটিছ নহয়, কি কাৰণত ডায়েবেটিছ হয় জানি লওক…

Sugar

ডায়েবেটিছৰ নাম অহাৰ লগে লগে সকলোৰে মনলৈ এটা কথা আহি পৰে যে তেওঁলোকে নিশ্চয় বেছিকৈ চেনি খাইছে আৰু সেইবাবেই তেওঁলোকৰ ডায়েবেটিছ হৈছে। মধুমেহ ৰোগ কেৱল চেনি খোৱাৰ ফলত নহয়। অগ্নাশয়ৰ পৰা ইনচুলিনৰ উৎপাদন বন্ধ হ’লে ডায়েবেটিছ হয়। যেতিয়া কোষবোৰ ইনচুলিনৰ প্ৰতিৰোধী হৈ পৰে। ডায়েবেটিছ ৰোগীক চেনি নাখাবলৈ বা ইয়াৰ পৰিমাণ কমকৈ খাবলৈ পৰামৰ্শ দিয়া হয় যাতে ইনচুলিনৰ বোজা বাঢ়ি নাযায়। যিবোৰ খাদ্যত অধিক পৰিমাণৰ গ্লুক’জ থাকে সেইবোৰো ডায়েবেটিছত খোৱাটো বাঞ্ছনীয় নহয়।


ডায়েবেটিছ ৰোগীয়ে খাদ্যাভ্যাস আৰু মদ্যপানৰ অভ্যাসৰ প্ৰতি অতি সাৱধানতা অৱলম্বন কৰাটো প্ৰয়োজন। খাদ্যৰ দ্বাৰা আপুনি ডায়েবেটিছ নিয়ন্ত্ৰণ আৰু বৃদ্ধি দুয়োটা কৰিব পাৰে। খাদ্যই শৰীৰৰ ইনচুলিনৰ ওপৰত প্ৰত্যক্ষ প্ৰভাৱ পেলায়।


এনে পৰিস্থিতিত আপুনি ভালদৰে চিন্তা কৰি ডায়েবেটিছৰ খাদ্যৰ পৰিকল্পনা কৰিব লাগিব। খাদ্যত এনে ফল-মূল বাছি ল’ব লাগে যিয়ে তেজৰ চেনিৰ পৰিমাণ নিয়ন্ত্ৰণত ৰাখে।

তেজৰ চেনি নিয়ন্ত্ৰণ কৰিবলৈ বাজৰাৰ আটাও খাব পাৰে। বাজৰাত প্ৰচুৰ পৰিমাণে মেগনেছিয়াম থাকে, যিয়ে ইনচুলিন আৰু তেজৰ চেনি নিয়ন্ত্ৰণত সহায় কৰে।

নতুন মাতৃক ফুৰাবলৈ নিলে মালাইকা অৰোৰাৰ পুত্ৰ আৰহানে, একেলগে পোজ দিলে কেমেৰাৰ সন্মুখত…

মালাইকা অৰোৰাৰ পুত্ৰ আৰহান খানৰ সৈতে আৰবাজ খানৰ পত্নী শ্বুৰা খানৰ ভাল সম্পৰ্ক। শেহতীয়াকৈ আৰহানক তেওঁৰ পিতৃ আৰবাজ খান আৰু মাতৃ শ্বুৰা খানৰ সৈতে দেখা গৈছিল। তিনিওজনে একেলগে পোজ দিছিল আৰু তাৰ পিছত আৰহানেও আৰবাজ আৰু শ্বুৰাক ঘৰলৈ থৈ আহিবলৈ গাড়ীৰে লৈ গৈছিল। বিয়াৰ দিন, শ্বুৰা খানৰ জন্মদিন আৰু বহু অনুষ্ঠানত আৰবাজ, আৰহান আৰু শ্বুৰাক একেলগে দেখা গৈছে। শেহতীয়াকৈ তিনিওজনকে আকৌ একেলগে দেখা গ’ল।

শনিবাৰে নিশা আৰবাজ খান, আৰহান খান আৰু শ্বুৰা খানক একেলগে ডিনাৰ আউটিঙৰ বাবে দেখা গৈছিল। ৰেষ্টুৰেণ্টৰ বাহিৰত পাপাৰাজীৰ বাবে তিনিওজনে একেলগে পোজ দিছিল আৰু তিনিওকে হাঁহি থকা দেখা গৈছিল। এনে লাগিল যেন আৰবাজ আৰু শ্বুৰাৰ লগত আৰহানে ভাল সময় পাৰ কৰিলে।

ইয়াৰ পূৰ্বে ১৯৯৮ চনত মালাইকা অৰোৰাৰ সৈতে বিবাহপাশত আবদ্ধ হৈছিল আৰবাজ খানে। ১৯ বছৰ ধৰি চলিছিল তেওঁলোকৰ বিবাহ আৰু ২০১৬ চনৰ মাৰ্চ মাহত দুয়োজনে পৃথক হোৱাৰ সিদ্ধান্ত লয়। ২০১৭ চনত দুয়োৰে বৈধ বিবাহ বিচ্ছেদ হয়। দুয়োৰে এজন পুত্ৰ আৰহান। মাতৃ মালাইকাৰ সৈতে আউটিঙতো প্ৰায়ে দেখা পোৱা যায় আৰহানক।


লক্ষ্য আছিল IAS হোৱা, কিন্তু হ’ল অভিনেত্ৰী; অভিনয়তকৈ শৈলীৰ বাবে বেছি বিখ্যাত উৰ্বশী ৰাউটেলাৰ আজি জন্মদিন…

অভিনেত্ৰী উৰ্বশী ৰাউটেলাৰ আজি ৩০ সংখ্যক জন্মদিন। কিন্তু আপুনি জানেনে যে উৰ্বশী ৰাউটেলা দুবাৰকৈ মিছ ইউনিভাৰ্ছ ইণ্ডিয়া হৈছিল। ১৯৯৪ চনৰ ২৫ ফেব্ৰুৱাৰীত উত্তৰাখণ্ডৰ কোটদ্বাৰত জন্ম হৈছিল অভিনেত্ৰী উৰ্বশী ৰাউটেলাৰ। অতি কম বয়সতে মডেলিং আৰু অভিনয়ৰ জৰিয়তে উদ্যোগটোত নিজৰ নাম অৰ্জন কৰা উৰ্বশী ৰাউটেলাই আজি ৩০ বছৰীয়া জন্মদিন উদযাপন কৰিছে। উৰ্বশী ৰাউটেলাই ছানী দেউলৰ ছবি ‘ছিং চাহেব দ্য গ্ৰেট’ৰ জৰিয়তে বলীউডত প্ৰৱেশ কৰিছিল, কিন্তু আপুনি জানেনে যে ছবি জগতত স্থান দখল কৰাৰ আগতে অভিনেত্ৰীগৰাকী মডেলিং জগতত ডাঙৰ নাম আছিল। উৰ্বশী ৰাউটেলাই দুবাৰকৈ মিছ ইউনিভাৰ্ছ ইণ্ডিয়া প্ৰতিযোগিতাত জয়লাভ কৰিছে।


উৰ্বশী ৰাউটেলাই ২০১২ চনত প্ৰথমবাৰৰ বাবে মিছ ইউনিভাৰ্ছ ইণ্ডিয়াৰ মুকুট লাভ কৰিছিল যদিও তেওঁৰ নাম বিতৰ্কৰ আওতালৈ আহিছিল আৰু তেওঁক মুকুট ঘূৰাই দিবলৈ কোৱা হৈছিল। খবৰ অনুসৰি এই সৌন্দৰ্য প্ৰতিযোগিতাত জয়ী হ’ব পৰাকৈ উৰ্বশী অতি সৰু আছিল। তাৰ পিছত উৰ্বশীয়ে পুনৰ ২০১৫ চনত মিছ ইউনিভাৰ্ছ ইণ্ডিয়াত অংশগ্ৰহণ কৰি জয়ী হয়। দিল্লী বিশ্ববিদ্যালয়ৰ গাৰ্গী কলেজৰ পৰা স্নাতক ডিগ্ৰী লাভ কৰিছে উৰ্বশীয়ে। ইয়াৰ পূৰ্বে অভিনেত্ৰীগৰাকীয়ে ইঞ্জিনিয়াৰিং কৰিব বিচাৰিছিল, ইয়াৰ বাবে তেওঁ আই আই টিৰ প্ৰৱেশ পৰীক্ষা জে ই ইৰ বাবেও প্ৰস্তুতি চলাইছিল। কিন্তু উৰ্বশীৰ ভাগ্যই আন কিবা এটা বিচাৰিছিল, সেয়েহে মিছ ইউনিভাৰ্ছ ইণ্ডিয়া প্ৰতিযোগিতাত অংশ লৈছিল আৰু তাৰ পিছত গোটেই জীৱন সলনি হৈছিল। অভিনেত্ৰীগৰাকীয়ে তেওঁৰ এটা সাক্ষাৎকাৰত কৈছিল – ‘অভিনেত্ৰী নহ’লে আজি তেওঁ এৰ’নটিকেল ইঞ্জিনিয়াৰ বা আই এ এছ অফিচাৰ হ’লহেঁতেন।’


ৰিহানা, অৰিজিত সিঙে গীত পৰিৱেশন কৰিব অনন্ত-ৰাধিকা মাৰ্চেণ্টৰ প্ৰি-ৱেডিংত, প্ৰি-ৱেডিঙৰ অতিথি তালিকা চাওক; কাৰ কাৰ নাম আছে…

গুজৰাটত মুকেশ আম্বানীৰ পুত্ৰ অনন্ত আম্বানী আৰু ৰাধিকা মাৰ্চেণ্টৰ প্ৰি-ৱেডিং উদযাপনৰ বাবে প্ৰস্তুতি চলোৱা হৈছে। এই অনুষ্ঠান ১ মাৰ্চৰ পৰা ৩ মাৰ্চলৈ চলিব, য’ত ৰিহানাৰ পৰা আৰম্ভ কৰি অৰিজিত সিংলৈকে বহু ডাঙৰ গায়কে কণ্ঠদান কৰিব। ইয়াৰ উপৰিও দেশৰ বিভিন্ন প্ৰান্তৰ পৰা অহা ডাঙৰ ডাঙৰ চেলিব্ৰিটিৰ লগতে দুয়োৰে এই প্ৰি-ৱেডিং অনুষ্ঠানত বহু বিদেশী চেলিব্ৰিটিও অংশগ্ৰহণ কৰিব। ইফালে হলিউডৰ গায়িকা ৰিহানাও অনন্ত আম্বানী আৰু ৰাধিকা মাৰ্চেণ্টৰ প্ৰি-ৱেডিংত ৰং সংযোজন কৰিবলৈ হিট গীতেৰে গান গাবলৈ সাজু হোৱা বুলি খবৰ ওলাইছে। ইয়াৰ উপৰিও আত্মাস্পৰ্শী গায়ক অৰিজিত সিং, পাঞ্জাবী গীতৰ ৰজা হিচাপে পৰিচিত দিলজিৎ দোসাঞ্জ, সংগীত সুৰকাৰ যুটি অজয়-আতুল আৰু প্ৰবীণ যাদুকৰ ডেভিদ ব্লেইনৰ দৰে গায়কেও তাত কণ্ঠদান কৰা দেখা যাব।

ইয়াৰ উপৰিও অনন্ত আম্বানী আৰু ৰাধিকা মাৰ্চেণ্টৰ প্ৰি-ৱেডিংত বলীউডৰ পৰা দক্ষিণ উদ্যোগলৈকে অমিতাভ বচ্চন, ৰজনীকান্ত, অক্ষয় কুমাৰ, টুইংকল খান্না, শ্বাহৰুখ খান, আমিৰ খান, ছলমান খান, ছেইফ আলীকে ধৰি বহু বিখ্যাত তাৰকাই অংশগ্ৰহণ কৰিব খান। মাধুৰী দীক্ষিত আৰু ডাঃ শ্ৰীৰাম নেনেৰ দৰে ডাঙৰ তাৰকাৰ নাম অন্তৰ্ভুক্ত কৰা হৈছে। ইয়াৰ উপৰিও ক্ৰিকেটাৰসকলক তেওঁলোকৰ প্ৰি-ৱেডিং ফাংচনতো দেখা যাব। কোৱা হৈছে যে অনন্ত আম্বানী আৰু ৰাধিকা মাৰ্চেণ্টৰ প্ৰি-ৱেডিং অতি বিশেষ হ’বলৈ গৈ আছে।

এই অনুষ্ঠানত সংগীত, নৃত্য, কাৰ্নিভালৰ মজা, দৃশ্য কলা আৰু এক আচৰিত প্ৰদৰ্শনেৰে পৰম্পৰাগত ভাৰতীয় বিবাহ অনুষ্ঠানৰ শ্ৰেষ্ঠ প্ৰদৰ্শন কৰা হ’ব। এনে পৰিস্থিতিত সকলোৱে ১ মাৰ্চৰ বাবে অপেক্ষা কৰি দুয়োৰে প্ৰি-ৱেডিং ফটো-ভিডিঅ’ মুক্তি পোৱালৈ অপেক্ষা কৰি আছে, যাৰ প্ৰস্তুতি পূৰ্ণগতিত চলি আছে। ২০২৪ চনৰ ১২ জুলাইত মুম্বাইত অনন্ত আম্বানী আৰু ৰাধিকা মাৰ্চেণ্টৰ বিবাহ হ’ব। যোৱা বছৰ ২০২৩ চনৰ ১৯ ​​জানুৱাৰীত দুয়োৰে এংগেজমেণ্ট হৈছিল।


কোনো কাম নকৰাকৈ ভাগৰুৱা অনুভৱ কৰে নেকি, শৰীৰৰ এনে সমস্যা দূৰ কৰিবলৈ খোৱাৰ আৰম্ভ কৰক মৌ-কিচমিচ…

আমি আমাৰ দিনটো এনেবোৰ বস্তুৰে আৰম্ভ কৰা উচিত, যিয়ে আমাৰ শৰীৰক সম্পূৰ্ণ ফিট কৰি ৰাখিব পাৰে। শুকান ফল দৈনিক খালী পেটত খাব লাগে। ইয়াত বহুতো পুষ্টিকৰ উপাদান থাকে। ৰাতিপুৱা কিচমিচ আৰু মৌ একেলগে খালে বহু উপকাৰ পোৱা যায়। এই সংমিশ্ৰণে স্বাস্থ্যৰ বাবে আচৰিত ধৰণৰ উপকাৰ দিয়ে। আহক আমি ইয়াৰ উপকাৰিতাৰ বিষয়ে জানো-

কিচমিচক উত্তম শুকান বুলি গণ্য কৰা হয়। ইয়াত আপুনি প্ৰচুৰ পৰিমাণে ডায়েটাৰী ফাইবাৰ পায়, যিয়ে আপোনাৰ পেট পৰিষ্কাৰ কৰাত অতি সহায়ক বুলি প্ৰমাণিত হয়। পেটৰ লগত জড়িত সমস্যাৰ পৰা হাত সাৰিবলৈ ই অতি সহায়ক। পেটৰ গেছ, কোষ্ঠকাঠিন্য, বদহজম আদি ৰোগ নিৰাময়ত কিচমিচ অতি উপকাৰী।

কিচমিচত বহু পৰিমাণৰ কেলচিয়াম পোৱা যায়। শৰীৰ শক্তিশালী কৰিবলৈও কিচমিচ খাব লাগে। হাড় মজবুত কৰিবলৈ মৌ আৰু কিচমিচ একেলগে খাব লাগে। দাঁত মজবুত কৰাৰ বাবেও ইয়াক অতি গুৰুত্বপূৰ্ণ বুলি গণ্য কৰা হয়।

যদি আপুনি দিনটোৰ ভিতৰত কোনো কাম নকৰাকৈ ভাগৰুৱা অনুভৱ কৰে, তেন্তে শৰীৰৰ দুৰ্বলতা দূৰ কৰিবলৈ এই সকলোবোৰ কাম অতি প্ৰয়োজনীয়। দুৰ্বলতা আৰু এলাহৰ সমস্যা দূৰ কৰিবলৈ খালী পেটত মৌ আৰু কিচমিচ একেলগে খাব লাগে।

প্ৰতিদিনে খালী পেটত মৌ আৰু কিচমিচ একেলগে খাব লাগে। ইয়াৰ ফলত হৃদৰোগৰ পৰা মুক্তি পোৱাত অতি সহায়ক বুলি প্ৰমাণিত। এইখিনি খালে আপোনাৰ বৃদ্ধি পোৱা কলেষ্টেৰল বহু পৰিমাণে নাইকিয়া হৈ যায়। ইয়াত মেগনেছিয়াম, কেলচিয়াম আৰু পটাছিয়ামৰ দৰে প্ৰয়োজনীয় পুষ্টিকৰ উপাদান পোৱা যায়।


তেজপুৰৰ তেলেৰীয়াত ‘বৃদ্ধাশ্ৰম’ মুকলি…

বৰ্তমান সমাজ ব্যৱস্থাত পিতৃ-মাতৃয়ে জন্ম দি বহু কষ্টেৰে ডাঙৰ দীঘল কৰা একাংশ সন্তানে যেতিয়া পিতৃ-মাতৃক ঘৰতে স্থান নিদিয়ে তেতিয়াই বৃদ্ধ পিতৃ-মাতৃৰ বাবে জীৱনৰ শেষ আশ্ৰয় স্থল হৈ পৰে স্বেচ্ছাসেৱী সংস্থা ‘বৃদ্ধাশ্ৰম’৷ তেতেজপুৰৰ তেলৰীয়া গাঁৱত “স্স্নেহালয়’ নামাকৰনৰে এখন ককা আইতাৰ আপোন ঘৰ নামৰে এখন বৃদ্ধাশ্ৰম শুভ উদ্ধোধন কৰে শোণিতপুৰ জিলা পৰিষদৰ মুখ্য কাৰ্যবাহী বিষয়া কৰবী কৰণ শইকীয়াই৷ মুকলি সভা খনত সভাপতিত্ব কৰে তেলেৰীয়া গাঁও উন্নয়ন সমিতিৰ সভাপতি নলিনী কুমাৰ দাসে। বিশিষ্ট অতিথি হিচাপে অংশগ্ৰহণ কৰে কুশল বৰাই৷


তেজপুৰ সমষ্টিৰ বিধায়ক পৃথ্বীৰাজ ৰাভা উপস্হিত থাকি সভাত বহুমূলীয়া পৰামৰ্শ আগৱঢ়াই আৰু এই প্ৰচেষ্টাৰ শলাগ লয় আৰু সহযোগিতা আগবঢ়াব বুলি কয় ৷ সভাই অনুষ্ঠানৰ আহ্বায়িকা আইজনী বৰা গগৈ আৰু পৰিয়ালৰ সকলো সদস্যৰে এনে প্ৰশংসনীয় পদক্ষেপৰ শলাগ লয়। অনুষ্ঠানটো পৰিচালনা কৰিবৰ বাবে এখন পৰিচালনা সমিতি গঠন কৰা হয় ৷ বৰ্তমান বৃদ্ধাশ্ৰমখনিত ছয় গৰাকী মহিলা আৰু ২গৰাকী পুৰুষে আশ্ৰয় লৈ আছে ৷ উল্লেখনীয় যে এই স্নেহালয় বৃদ্ধাশ্ৰমত শনিবাৰে তেজপুৰৰ মলয় বৰুৱা আৰু আকাশী বৰুৱাই এক বুজন পৰিমাণৰ খাদ্য-সামগ্ৰী দান দি বদ্যানতাৰ পৰিচয় দিয়ে ৷

পৰিচালিকা আইজনী গগৈয়ে বৰ্তমান থকা আৱাসীসকলৰ সম্পূৰ্ণ পৰিচয্যাৰ বাবে দুগৰাকী সহ পৰিচালিকাও ৰখা হৈছে আৰু তেওঁলোকৰ স্বাস্থ্য যতন লোৱাৰ বাবে প্ৰতি সপ্তাহৰ দেওবাৰে চিকিৎসকৰ দ্বাৰা পৰীক্ষা কৰাৰ ব্যৱস্থা কৰা হৈছে বুলিও জনায়৷