Home Blog Page 1015

অসম মেঘালয় সীমান্তৰ যোৰাবাটত বাহনসহ ২৬ টাকৈ গৰু জব্দ, আটক তিনিজনক…

এক সূত্ৰৰ পৰা পোৱা তথ্য অনুসৰি, আজি পুৱা ভাগত অসম মেঘালয় সীমান্তৰ যোৰাবাট তিনিআলিত এখন বাহনৰ পৰা ২৬ টাকৈ গৰু উদ্ধাৰ কৰে। বাহনখনে অবৈধভাৱে কঢ়িয়াই আনিছিল জীৱিত গৰু কেইটা। এওই ঘটনাৰ সন্দৰ্ভত আৰক্ষীয়ে আটক কৰিছে ফকিৰ আলী, দানেশ চৌধুৰী আৰু ৰফিকুল ইছলাম নামৰ তিনিজন ব্যক্তিক। জেৰাৰ সময়ত আটকাধীন চালক আৰু সহায়কেজনে কয় যে তেওঁলোকে দৰঙৰ পৰা মেঘালয় বায়ৰ্নিহাট অভিমুখে গৰুবোৰ আনিছিল যদিও এই গৰু-ম’হৰ সন্দৰ্ভত তেওঁলোকৰ হাতত কোনো বৈধ নথি-পত্ৰ নাই। পৰৱৰ্তীৰ সময়ত অধিক আইনী পদক্ষেপ ল’ব আৰক্ষীয়ে।

অসম আৰক্ষীৰ কহৰাস্থিত অতিথিশালা আৰু গোলাঘাটৰ তদানিন্তন আৰক্ষী অধীক্ষক মানবেন্দ্ৰ দেৱ ৰায়…

ইউনেস্ক’ৰ বিশ্ব ঐতিহ্য ক্ষেত্ৰ কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান৷ অসম গৌৰৱ বিশ্ব বিখ্যাত এশিঙীয়া গঁড়, বাঘ, হাতী, বনৰীয়া ম’হ, হৰিণ আদিৰ লগতে বিভিন্ন প্ৰজাতিৰ চৰাই-চিৰিকতি, গছ-গছনি, ফুলে-ফলে জাতিস্কাৰ প্ৰকৃতিৰ এই ৰম্যভূমিয়ে হাত বাউল দি মাতে অগণন দেশী তথা বিদেশী পৰ্যটকক৷ অসমৰ নাম বিশ্ব দৰবাৰত সুউজ্জ্বল কৰি ৰখা এই ঐতিহ্য ক্ষেত্ৰলৈ সুবিধা মিলিলেই চৰকাৰী বিভিন্ন কাৰ্যসূচীৰ আপাহতে দেশৰ ৰাষ্ট্ৰপতি, প্ৰধানমন্ত্ৰীকে ধৰি বিভিন্ন হাই প্ৰফাইল লোকৰ লগতে বহু চৰকাৰী উচ্চপদস্থ বিষয়াৰ আগমন ঘটে৷ বিদেশী ৰাষ্ট্ৰৰ জন প্ৰতিনিধিও আলহী হয় প্ৰকৃতিৰ এই বিনন্দীয়া সৃষ্টিৰ সৌন্দৰ্য সুধা উপভোগ কৰিবলৈ৷ কোৱা হয় যিকোনো সৰু-বৰ পদক্ষেপৰ আঁৰত লুকাই থাকে একো একোজন দূৰদৰ্শী, উদ্যমী আৰু অগ্ৰণী ব্যক্তিৰ চিন্তা প্ৰসূত পৰিকল্পনা৷ আনহাতে¸ তাৰ ফলপ্ৰসূ ৰূপায়ণত হাত উজান দিয়ে অনেক একে চিন্তাৰ ব্যক্তিয়ে৷ এনেদৰে সমূহৰ বদান্যতা আৰু সহযোগিতাত বহুতো অসাধ্য সাধন হয়৷ তেনে এক উদাহৰণ হৈছে কাজিৰঙাৰ কহৰাস্থিত অসম আৰক্ষীৰ সুপৰিকল্পিত অতিথিশালাটো৷ সেয়া ২০১৮ চনৰ কথা৷ হাই প্ৰফাইল অতিথিৰ আগমনেই হওক বা অন্যান্য ক্ষেত্ৰতেই হওক আইন-শৃংখলাজনিত পৰিস্থিতিৰ তদাৰক কৰা, পৰ্যালোচনা কৰা আদিৰ ক্ষেত্ৰত সুবিধা হোৱাকৈ কাজিৰঙাৰ আশে-পাশে থাউকতে পাব পৰা এটা চৰকাৰী নিৱাসৰ খুবেই প্ৰয়োজন৷ সেই সময়ছোৱাত গোলাঘাটৰ আৰক্ষী অধীক্ষক আছিল তথ্য আৰু জনসংযোগৰ বৰ্তমানৰ সঞ্চালক মানবেন্দ্ৰ দেৱ ৰায়৷ নিতৌ নতুন চিন্তাৰে উত্তৰণৰ দিশেৰে বাট বুলা এইগৰাকী বিষয়াই উল্লেখিত প্ৰয়োজন পূৰাবৰ কাৰণে আগবাঢ়ি আহিল আৰু মনত থিৰাং কৰিলে যে এনে এক অতিথিগৃহৰ সপোন বাস্তৱ কৰাৰ গুৰু দায়িত্ব তেৱেই ল’ব৷

চিন্তা মতেই কাম, পিছলৈ উভতি নোচোৱাকৈ তেওঁ চিন্তাৰ কৰ্ষণ আৰম্ভ কৰিলে- কেনেদৰে এই পৰিকল্পনা বাস্তৱায়িত কৰা হ’ব৷ প্ৰথমে আহিল এটুকুৰা ভূমিৰ কথা৷ আনন্দৰ বতৰা যে তেওঁৰ পূৰ্বৰ আৰক্ষী অধীক্ষক পি পি সিঙে ইতিমধ্যে হাতীখুলি চাহবাগানৰ ওচৰত ৭ কঠাৰ চৰকাৰী ভূমি এডোখৰৰ আবণ্টন লৈ থৈছিল৷ পিছলৈ এই সুদৃশ্যমান অতিথিশালাৰ বাবে হাতীখুলি চাহ বাগান কৰ্তৃপক্ষইও কিছু ভূমি এৰি দিলে৷ এইক্ষেত্ৰত সহায় কৰিলে অসম আৰক্ষীৰ বৰ্তমানৰ বিশেষ আৰক্ষী সঞ্চালক প্ৰধান হৰমিত সিঙে৷ তাৰ পিছত আহিল পুঁজিৰ চিন্তা৷ মনে বিচৰা আৰু পৰিস্থিতিৰ লগত খাপ খোৱাকৈ এটি অত্যাধুনিক অতিথিশালা নিৰ্মাণ কৰিবলৈ প্ৰয়োজন এক বৃহৎ পুঁজিৰ৷ পিছে যিকোনো কাম সম্পন্ন কৰাৰ প্ৰথম চৰ্ত হ’ল একান্ত ইচ্ছা৷ আৰু ৰায় ডাঙৰীয়া আছিল এইক্ষেত্ৰত স্থিতপ্ৰজ্ঞ৷ চৰকাৰী পুঁজিৰ উপৰি তেওঁ এন আৰ এল, অ’ এন জি চি আদিৰ পৰা সামাজিক দায়বদ্ধতা পুঁজিৰ অধীনত পুঁজি গ্ৰহণ কৰি গোলাঘাট আৰক্ষীৰ নিৰন্তৰ শ্ৰম, আৰ্থিক অনুদান আৰু স্থানীয় ৰাইজৰ সহযোগত গোলাঘাটত থকা কাৰ্যকালতে মানবেন্দ্ৰ দেৱ ৰায়ে সম্পূৰ্ণ কৰি তুলিলে এই আটকধুনীয়া অতিথিশালাটো৷ অন্যান্য চৰকাৰী দায়িত্ব সুচাৰুৰূপে সম্পন্ন কৰিও গোলাঘাটৰ পৰা ৭৫ কিলোমিটাৰ নিলগত থকা কহৰালৈ দিনে দুবাৰকৈ অহা-যোৱা কৰিবলৈ কোনো হেলা নকৰি তেওঁ ৬ মাহৰ ভিতৰত এই অতিথিশালাৰ নিৰ্মাণ সম্পূৰ্ণ কৰিছিল৷ ইয়াত লুকাই আছিল তেওঁৰ একান্ত আন্তৰিক প্ৰচেষ্টা, সদিচ্চা আৰু দহৰ বাবে কষ্ট স্বীকাৰ কৰাৰ দৃঢ় মানসিকতা৷ যান্ত্ৰিকতাৰ পৰা দূৰৈত এই বিনন্দীয়া পৰিৱেশত কিছুসময় কটালেও যেন ক্লান্তি দূৰ হয় আৰু সতেজ হৈ পৰে মন-প্ৰাণ৷ সেয়াই হয়তো কাৰণ দেশৰ দুগৰাকীকৈ মাননীয় ৰাষ্ট্ৰপতি ৰামনাথ কোবিন্দ আৰু দৌপদী মুৰ্মুৰ উপৰি ন্যায়পালিকাৰ শীৰ্ষত অধিষ্ঠিত উচ্ছতম ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশকে ধৰি বহু শীৰ্ষ আমোলা-বিষয়াইও প্ৰশান্তিৰে এই অতিথিশালাত নৈশ যাপন কৰি কাজিৰঙাৰ সৌন্দৰ্যসুধা উপভোগ কৰি গৈছে৷

ভাৰতৰ বৰ্তমানৰ মাননীয় উপ ৰাষ্ট্ৰপতি জগদীপ ধনখড়েও ক্ষন্তেকৰ বাবে জিৰণি লৈছিল এই অতিথিশালাত৷ প্ৰকৃতিৰ নান্দনিক পৰিৱেশত অত্যাধুনিক সা-সুবিধাৰে নিৰ্মাণ কৰি উলিওৱা আৰু ৰাজ্যিক অতিথিশালাৰ পৰ্যায়লৈ উন্নীত এই ভৱনটিতেই এতিয়া দৃষ্টি নিৱন্ধ হৈছে সকলোৰে৷ কাৰণটো হ’ল সমাগত অসম ভ্ৰমণৰ সময়ছোৱাত দেশৰ কৰ্মদক্ষ আৰু দূৰদৰ্শী মাননীয় প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ বাবে ৰাতি থকাৰ দিহা কৰা হৈছে এই অতিথিশালাত৷ এই অতিথিশালাত এৰাতি কটাই কাজিৰঙাৰ নৈসৰ্গিক শোভা উপভোগ কৰিব প্ৰধানমন্ত্ৰীয়ে৷ এই খবৰে ৰাইজৰ লগতে বিশেষভাৱে আনন্দিত কৰিছে এগৰাকী ব্যক্তি–মানবেন্দ্ৰ দেৱ ৰায়ক৷ চাকৰিকালৰ সুদূৰপ্ৰসাৰী প্ৰভাৱ পেলোৱা এই অতিথিশালা নিৰ্মাণ কাৰ্যৰ বাবে আজি অতি সন্তুষ্ট এইগৰাকী অত্যুৎসাহী বিষয়া৷ কষ্টৰ ফল সদায় মিঠা৷ হাতীখুলি চাহ বাগিচাৰ মাজত জিলিকি থকা সকলোৰে আকৰ্ষণৰ কেন্দ্ৰবিন্দু আৰক্ষী অতিথিশালাৰ সফলতাৰ বাতৰিয়ে বিষয়াগৰাকীৰ মনলৈ আনিছে অনাবিল প্ৰশান্তি। এয়া যেন সুকৰ্মৰ সুফল প্ৰাপ্তিৰ আনন্দ, যিয়ে অনাগত দিনত ধাৱিত কৰিব অধিক কল্যাণকামী পদক্ষেপৰ বাবে৷

‘ভূপেন বৰা অসমৰ ৰাজনীতিৰ আটাইতকৈ ডাঙৰ পলিটিকেল জকাৰ’- মন্ত্ৰী জয়ন্ত মল্লবৰুৱা…

‘ভূপেন বৰা অসমৰ ৰাজনীতিৰ আটাইতকৈ ডাঙৰ পলিটিকেল জকাৰ। ভূপেন বৰাৰ দৰে ব্যক্তি কংগ্ৰেছ দলত থকালৈকে কংগ্ৰেছ দল কেতিয়াও উদ্ধাৰ নহয়। তেওঁ চাৰ্কাছৰ মূল মানুহজন নহয়। তেওঁ চাৰ্কাছৰ এজন জকাৰহে।গৌৰৱ গগৈয়ে কোনটো সমষ্টিৰ পৰা নিৰ্বাচন খেলিব এতিয়ালৈকে তাকে ঠাৱৰ কৰিব পৰা নাই। সমষ্টি বিচাৰি য’ত ত’ত দৌৰি ফুৰিছে। কংগ্ৰেছত টিকট দিবৰ বাবে যোগ্য প্ৰাৰ্থী নাই বাবে এ আই ইউ ডি এফৰ প্ৰাৰ্থী তালিকা প্ৰকাশ হোৱালৈ অপেক্ষা কৰিছে। যাতে সেই দলৰ কাৰোবাক প্ৰাৰ্থীত্ব প্ৰদান কৰিব পাৰি নেকি। কংগ্ৰেছকে মুখ্য কৰি ১৫ নে ১৬ টা দলৰ এটা আত্মসহায়ক গোট গঠন হৈছিল । কিন্তু সেই গোটটো ছেদেলি ভেদেলি হল। তেওঁ লোকে কি কৰিছে তেওঁলোকেহে জানে, তৃণমূল কংগ্ৰেছকো কটাক্ষ।’ এইদৰে কটাক্ষ কৰে মন্ত্ৰী জয়ন্ত মল্লবৰুৱাই।

কা আন্দোলন কৰি একাংশই নিজৰ দোকান চলাই আছে। কা আন্দোলন কৰি অজিত ভূঞাৰ দৰে ব্যক্তি ৰাজ্যসভাৰ সাংসদ হ’ল বুলিও কয় মন্ত্ৰীগৰাকীয়ে। শিৱসাগৰ জিলাৰ আমগুৰিৰ হালোৱাটিংত অসম চৰকাৰৰ পৰ্য্যটন আৰু জনস্বাস্থ্য কাৰিকৰী বিভাগৰ কেবিনেট মন্ত্ৰী জয়ন্ত মল্লবৰুৱা। বিকাশ যাত্ৰাৰ সৈতে সংগতি ৰাখি চাৰিখনকৈ বিদ্যালয়ৰ প্ৰস্তাৱিত প্ৰকল্পৰ শিলন্যাস কৰে মন্ত্ৰী জয়ন্ত মল্লবৰুৱাই। হালোৱাটিং মজদুৰ উচ্চ মাধ্যমিক বিদ্যালয় প্ৰাংগনত অনুষ্ঠিত সভাৰ মঞ্চৰ পৰাই ভাৰ্চুয়েলি প্ৰস্তাৱিত প্ৰকল্পৰ শিলন্যাস কৰে মন্ত্ৰীগৰাকীয়ে।

এক গৱেষণাৰ দাবীঃ পুৰুষৰ ঘামে নাৰীক আকৰ্ষণ কৰে…

ঘাম কেৱল শৰীৰৰ উষ্ণতা নিয়ন্ত্ৰণৰ বাবেই নহয়, বিপৰীত লিংগ (পুৰুষ/মহিলা)কো আকৰ্ষণ কৰাত ভূমিকা ল’ব পাৰে। পুৰষৰ ঘামে নাৰীক আকৰ্ষণ কৰাতও ভূমিকা ল’ব পাৰে। এই চাঞ্চল্যকৰ তথ্য জাৰ্নেল অৱ নিউৰ’ছায়েন্সত প্ৰকাশিত এক অধ্যয়নত প্ৰকাশ পাইছে। এই গৱেষণাৰ মতে আন জীৱৰ দৰে মানুহৰ ঘামতো এটা বিশেষ গোন্ধ থাকে, যাৰ প্ৰভাৱ বিপৰীত লিংগৰ (পুৰুষ/মহিলা) শৰীৰত পৰে। বাৰ্কলেৰ কেলিফৰ্ণিয়া বিশ্ববিদ্যালয়ৰ গৱেষকসকলে পুৰুষৰ ঘামত পোৱা বিশেষ উপাদান এণ্ড্ৰষ্টাডিয়েননে মহিলাৰ কৰ্টিছলৰ মাত্ৰা বৃদ্ধি কৰে। কৰ্টিছল হৈছে ষ্ট্ৰেছ হৰম’ন, কিন্তু আমোদজনকভাৱে মহিলাৰ ক্ষেত্ৰত ইয়াৰ বৃদ্ধিয়ে তেওঁলোকৰ মেজাজ আৰু যৌন উত্তেজনাতো প্ৰভাৱ পেলাব পাৰে।


এই অধ্যয়নৰ সময়ত গৱেষকসকলে মহিলাসকলক পুৰুষৰ ঘামৰ পৰা উলিওৱা এই বিশেষ ৰাসায়নিক পদাৰ্থটো গোন্ধৰ বাবে দিছিল। ইয়াৰ পিছত মহিলাসকলৰ তেজত কৰ্টিছলৰ মাত্ৰা জুখিছিল। ফলত গৱেষকসকলে এই গোন্ধ পোৱা মহিলাসকলৰ কৰ্টিছলৰ মাত্ৰা যথেষ্ট বেছি হোৱা বুলি গৱেষকসকলে এই গোন্ধ নোপোৱা মহিলাসকলতকৈ যথেষ্ট বেছি বুলি জানিব পৰা গৈছে।

অধ্যয়নটোৰ মুখ্য গৱেষক ডাঃ ক্লেয়াৰ ভায়াৰ্টে কয় যে এই গৱেষণাই প্ৰমাণ কৰে যে সংকেত বিনিময় (ফেৰ’মন যোগাযোগ) মানুহৰ ক্ষেত্ৰতো গোন্ধৰ জৰিয়তে ঘটে। উদাহৰণস্বৰূপে, নিগনি আৰু পখিলাৰ ক্ষেত্ৰত গোন্ধৰ জৰিয়তে সংকেত বিনিময় হয় আৰু ইহঁতৰ আচৰণত প্ৰভাৱ পৰে। একেদৰে এই অধ্যয়নত দেখা গৈছে যে মানুহৰ গোন্ধে বিপৰীত লিংগক জৈৱিক আৰু হয়তো মানসিকভাৱেও প্ৰভাৱিত কৰিব পাৰে।

এই গৱেষণাৰ বাবে অধিক গভীৰ অধ্যয়নৰ প্ৰয়োজন। তথাপিও এই অধ্যয়নে এই কথাটো আঙুলিয়াই দিয়ে যে মানুহৰ আকৰ্ষণ এক জটিল প্ৰক্ৰিয়া, য’ত গোন্ধৱেও গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰে।

গোসাঁইগাঁৱৰ ছেৰফাংগুৰি ঈদগাহ খেলপথাৰত আমছুৰ কৰ্মশালাত সভাপতি ৰেজাউল কৰিম সৰকাৰ…

‘সংখ্যালঘু সমাজৰ পৰা কুসংস্কাৰ, বাল্য বিবাহ, অশিক্ষা, নিচাৰ প্ৰচলন আদি সমূলে দূৰ কৰাৰ বাবে আমছুৰ কৰ্মী সকলক জাগ্ৰত প্ৰহৰীৰ ভূমিকা ল’ব লাগিব তেতিয়া হে আমছুৰ আন্দোলন সাফল্য মণ্ডিত হ’ব আৰু চৰকাৰ দৃষ্টি আকৰ্ষণ কৰিবলৈ সক্ষম হ’ব’ এই ভাষ্য আমছুৰ কেন্দ্ৰীয় সভাপতি ৰেজাউল কৰিম সৰকাৰৰ ৷ গোসাঁইগাঁৱৰ ছেৰফাংগুৰি ঈদগাহ খেলপথাৰত আমছুৰ পশ্চিম কোকৰাঝাৰ জিলা সমিতিৰ উদ্যোগত জিলা সমিতৰ অন্তৰ্গত ১১ খন আঞ্চলিক সমিতিৰ শপত গ্ৰহণ অনুষ্ঠানৰ কৰ্মশালাত মুখ্য অতিথি হিচাপে উপস্থিত থাকি আমছুৰ কেন্দ্ৰীয় সভাপতি সৰকাৰে আৰু কয় “জাতিৰ অস্তিত্বৰ যুঁজত আমছুৰ প্ৰতিজন কৰ্মীয়ে জাগ্ৰত প্ৰহৰীৰ ভূমিকা লৈ আগৱাঢ়ি যাব লাগিব৷ মবাইলত গেম খেলা পৰিহাৰ কৰি সমাজৰ হকে কাম কৰক আৰু নিজকে আমছুৰ এজন নিষ্ঠাবান কৰ্মী হিচাপে প্ৰতিষ্ঠা কৰাৰ আহ্বা্ন জনায়৷ ছাত্ৰ নেতা সৰকাৰে সাংবাদিকৰ সৈতে সাক্ষাৎকাৰত আৰু কয় যে কা আমছুয়ে সমৰ্থন কৰা নাই আৰু ইয়াৰ বাবে সদায় বিৰোধীতা কৰি যাব বুলি সদৰী কৰে ৷

আগন্তক লোকসভা নিৰ্বাচনত আমছুৰ অৰাজনৈতিক চৰিত্ৰ বৰ্তাই ৰাখিব৷ ৰাইজ এতিয়া সচেতন হৈছে বিবেক বিবেচনা অনুসৰি ৰাইজ লোকসভা নিৰ্বাচনত কাৰ পক্ষত অৱস্থান কৰিব সেয়া ৰাইজে সিদ্ধান্ত লব ৷আমছুৰ উপ সভাপতি সফিকুল ইছলামৰ সভাপতিত্ব অনুষ্ঠিত হোৱা সভাত আমছুৰ কেন্দ্ৰীয় উপ সভাপতি ৰফিকুল ইছলামে আমছুৰ নীতি নিয়ম কে আন্দোলনত অংশ গ্ৰহণ কৰাৰ পদ্ধতি সমুহৰ ওপৰত আমছুৰ কৰ্মী সকলক দিহা পৰামৰ্শ আগৱঢ়ায় ৷অধিবক্তা মাফিজুৰ ৰহমানে আমছুৰ কৰ্মী সকলক উদ্দেশ্যি বিভিন্ন দিশ আ্ঙুলিয়াই ভাষণ প্ৰদান কৰে৷ ১১ খন আঞ্চলিক সমিতিৰ সভাপতি সম্পাদক সদস্যক শপত বাক্য পাঠ কৰায় জিলা সমিতিৰ সভাপতি ৰেজোৱান আলীয়ে ৷শপত বাক্য আৰু কৰ্মশালা অনুষ্ঠানৰ পূৰ্বে ৰাতিপুৱা পতাকা উওোলন ,বৃক্ষৰোপন কাৰ্যসুচী আদি ৰূপায়ণ কৰা হয় ৷

স্বাস্থ্য ভাল নহয় প্ৰখ্যাত অভিনেতা ধৰ্মেন্দ্ৰৰ! নাতিনীয়েকৰ বিয়াত নাচি আঘাতপ্ৰাপ্ত অভিনেতাগৰাকী…

বলীউডৰ অভিনেতা ধৰ্মেন্দ্ৰৰ অৱস্থা ভাল নহয়। দুসপ্তাহ ধৰি তেওঁৰ স্বাস্থ্য ভাল নাছিল। এখন বিয়াত নাচি থাকোঁতে তেওঁ পৰি আঘাতপ্ৰাপ্ত হয়। হিন্দী চিনেমাৰ প্ৰবীণ অভিনেতা ধৰ্মেন্দ্ৰক লৈ উদ্বেগ বৃদ্ধি কৰা খবৰ ওলাইছে। এক প্ৰতিবেদন অনুসৰি শেহতীয়াকৈ ধৰ্মেন্দ্ৰ আঘাতপ্ৰাপ্ত হৈছিল। কিছুদিনৰ আগতে তেওঁ পাৰিবাৰিক অনুষ্ঠান এটালৈ গৈছিল, য’ত তেওঁ নাচি থাকোঁতে পৰিছিল। ইয়াৰ বাবেই তেওঁৰ কঁকাল আৰু ভৰি আঘাতপ্ৰাপ্ত হয়। বৰ্তমান অভিনেতাজন ঠিকেই আছে। চিন্তা কৰিবলগীয়া একো নাই। অৱশ্যে আঘাতৰ বাবে তেওঁ নিশ্চিতভাৱে বহু সমস্যাৰ সন্মুখীন হৈছে। বৰ্তমান ধৰ্মেন্দ্ৰৰ সুস্থ অৱস্থা। অৱশ্যে এতিয়া তেওঁৰ অৱস্থা কিছু উন্নত হৈছে।

এক সূত্ৰই ধৰ্মেন্দ্ৰৰ স্বাস্থ্য সন্দৰ্ভত জনোৱা মতে, ‘কিছুদিন পূৰ্বে তেওঁ পৰিয়ালৰ সৈতে উদয়পুৰলৈ গৈছিল এটা অনুষ্ঠানৰ বাবে। য’ত ছানি দেউল আৰু ববি দেওলও গৈছিল। পাৰ্টিত নাচি থকাৰ সময়তে তেওঁ আঘাতপ্ৰাপ্ত হয়। ইয়াৰ বাবেই তেওঁৰ স্বাস্থ্যও প্ৰভাৱিত হৈছিল। প্ৰতিবেদনত কোৱা হৈছে যে ধৰ্মেন্দ্ৰ এতিয়া ভালেই আছে। তেওঁৰ আঘাতো ভাল হৈছে। তেওঁ সম্পূৰ্ণৰূপে বিৰত আছে আৰু স্বাস্থ্যৰ ওপৰত গুৰুত্ব দিছে। জানিব পৰা মতে, শেহতীয়াকৈ শ্বাহিদ কাপুৰ আৰু কৃতি ছাননৰ ‘তেৰী বাটন মেই আইছা উলঝা জিয়া’ত দেখা গৈছিল ৮৮ বছৰীয়া ধৰ্মেন্দ্ৰক। জানিব পৰা মতে, ফেব্ৰুৱাৰী মাহত উদয়পুৰত ধৰ্মেন্দ্ৰৰ নাতিনী নিকিতা চৌধুৰীৰ বিবাহ হৈছিল। নিকিতা ছানী দেওল আৰু ববি দেওলৰ ভগ্নী অজিতা দেউলৰ কন্যা। নিকিতাৰ বিয়াত প্ৰায় ২৫০ জন লোকৰ সমাগম হৈছিল। য’ত উপস্থিত হৈছিল সমগ্ৰ দেওল পৰিয়াল।

শিৱসাগৰৰ আমগুৰিৰ এখন হোটেলত চাহৰ জুতি ল’লে মন্ত্ৰী জয়ন্ত মল্লবৰুৱাই…

বুধবাৰে শিৱসাগৰ জিলাৰ নাজিৰা বিধানসভা সমষ্টিৰ অন্তৰ্গত আমগুৰিত উপস্থিত হয় মন্ত্ৰী জয়ন্ত মল্লবৰুৱা। আমগুৰি চাৰিআলিত উপস্থিত হৈ এখন চাহৰ দোকানত চাহৰ জুতি লয় মন্ত্ৰীগৰাকীয়ে।

আকস্মিকভাৱে মন্ত্ৰী জয়ন্ত মল্লবৰুৱাই চাহৰ দোকানত চাহৰ জুতি লোৱাৰ লগতে অঞ্চলটোৰ স্থানীয় ৰাইজৰ সৈতে চৰকাৰৰ বিভিন্ন আঁচনি তথা কাম-কাজৰ সন্দৰ্ভত মত বিনিময় কৰে।

আৰ ই চি পূৱ মণ্ডল মুকলি প্ৰতিভা সন্ধানী বক্সিঙত অসমৰ খেলুৱৈৰ অনন্য প্ৰদৰ্শন, কোৱাৰ্টাৰ ফাইনেলত স্থান নিশ্চিত কৰি ৪১ বক্সাৰৰ ৰাষ্ট্ৰীয় প্ৰতিযোগিতালৈ যোগ্যতা…

চলিত আৰ ই চি পূৱ মণ্ডল মুকলি প্ৰতিভা সন্ধানী বক্সিং প্ৰতিযোগিতাত অসমৰ নৱাগত খেলুৱৈসকলে অনবদ্য প্ৰদৰ্শন কৰি ছেমিফাইনেল আৰু কোৱাৰ্টাৰ ফাইনেলত প্ৰৱেশৰে ৰাষ্ট্ৰীয় প্ৰতিযোগিতালৈ যোগ্যতা অৰ্জন কৰিবলৈ সক্ষম হৈছে৷ গুৱাহাটীৰ ৰাধা গোবিন্দ বৰুৱা ক্ৰীড়া প্ৰকল্পৰ দেশভক্ত তৰুণ ৰাম ফুকন ইনড’ৰ ষ্টেডিয়ামত চলি থকা প্ৰতিযোগিতাখনত ল’ৰা আৰু ছোৱালীৰ ছাৱ-জুনিয়ৰ আৰু জুনিয়ৰৰ যি ৫৪ টা ওজন শাখাৰ খেল অনুষ্ঠিত হৈছে তাৰভিতৰত অসমৰ বক্সাৰসকলে প্ৰায়বোৰ ওজন শাখাৰে অন্তিম আঠত প্ৰৱেশ কৰিবলৈ সক্ষম হৈছে৷ ভাৰতীয় ক্ৰীড়া প্ৰাধিকৰণ আৰু ভাৰতীয় বক্সিং ফেডাৰেছনৰ সহযোগত অসম বক্সিং সন্থাই আয়োজন কৰা মাণ্ডলিক প্ৰতিযোগিতাখনত ইতিমধ্যে অসমৰ ৪১ গৰাকী বক্সাৰে ছেমিফাইনেল আৰু কোৱাৰ্টাৰ ফাইনেলত প্ৰৱেশ কৰি হাৰিয়ানত হ’বলগা ৰাষ্ট্ৰীয় প্ৰতিযোগিতালৈ যোগ্যতা অৰ্জন কৰিছে৷ ইয়াৰে ল’ৰাৰ ছাৱ-জুনিয়ৰ আৰু জুনিয়ৰত অসমৰ ২১ গৰাকী বক্সাৰে ছেমিফাইনেলত প্ৰৱেশ কৰি পদক জয়ো নিশ্চিত কৰিছে৷ উল্লেখ্য যে প্ৰতিযোগিতাখনত ল’ৰা আৰু ছোৱালীৰ ছাৱ-জুনিয়ৰত ১৩ টাকৈ ওজন শাখাৰ খেল হোৱাৰ বিপৰীতে জুনিয়ৰত উভয়ৰে ১৪ টাকৈ ওজন শাখাৰ খেল অনুষ্ঠিত হৈছে৷

ল’ৰাৰ জুনিয়ৰৰ বিভিন্ন ওজন শাখাৰ ছেমিফাইনেলত প্ৰৱেশ কৰা অসমৰ বক্সাৰসকল হ’ল- ৪৪-৪৬ কিলোগ্ৰাম শাখাত হিমাংশু বৰা, প্ৰিন্স গোৱালা, জগন্নাথ বৰ্মন, ৪৮-৫০ কিলোগ্ৰাম শাখাত অংকুৰ মেধি, মনীষ সিংহ, ৫৭-৬০ কিলোগ্ৰাম শাখাত নিপন, শুভিৰাজ ৰগু, ৬৬-৭০ কিলোগ্ৰাম শাখাত মৃদুপম বৰুৱা আৰু প্ৰিয়মজ্যোতি গগৈ৷ ইফালে, ল’ৰাৰ ছাৱ-জুনিয়ৰৰ বিভিন্ন ওজন শাখাৰ ছেমিফাইনেলত প্ৰৱেশ কৰা অসমৰ বক্সাৰসকল হ’ল- ৩৩-৩৫ কিলোগ্ৰাম শাখাত মৃন্ময় সোণোৱাল, দ্বীপজ্যোতি দাস, দীপ পেগু, অভিজ্ঞান বৰা, ৪০-৪৩ কিলোগ্ৰাম শাখাত আয়ান শইকীয়া, ছাইমন চেত্ৰী, ৪৩-৪৬ কিলোগ্ৰাম শাখাত ধনঞ্জয় বড়ো, মিজিংছা ৰামছিয়াৰী, ৪৬-৪৯ কিলোগ্ৰাম শাখাত ৰজনী দলে, আনিশ শৰ্মা, ৫২-৫৫ কিলোগ্ৰাম শাখাত প্ৰাঞ্জল প্ৰতীম আৰু প্ৰশান্ত হাজৰিকা৷

ইফালে, ছাৱ-জুনিয়ৰ ছোৱালীৰ কোৱাৰ্টাৰ ফাইনেলত প্ৰৱেশ কৰিছে ৪৩-৪৬ কিলোগ্ৰাম শাখাত নয়নজ্যোতি দলে, ৪৬-৪৯ কিলোগ্ৰাম শাখাত শ্ৰিয়া বড়ো, ছিনি হাজৰিকা, গাৰ্গি মজুমদাৰ, ছোনিয়া হালাম বড়ো, পৰিস্মিতা, প্ৰেমিকা বৰ্মাত্ৰি আৰু ফাৰহিন হাজৰিকা৷ আনহাতে, ৪৯-৫২ কিলোগ্ৰাম শাখাত আইছিকা মোহন আৰু স্নিগ্ধা দাসেও কোৱাৰ্টাৰ ফাইনেলত স্থান নিশ্চিত কৰিছে৷

ইফালে, জুনিয়ৰ ছোৱালীৰ কোৱাৰ্টাৰ ফাইনেলত প্ৰৱেশ কৰা অসমৰ খেলুৱৈসকল হ’ল ঃ ৪৪-৪৬ কিলোগ্ৰাম শাখাত জানমনি বড়ি, ৪৬-৪৮ কিলোগ্ৰাম শাখাত ভোগিতৰা পেগু, মাৰিন চুলতানা তথা বিতালি পেগু৷ ৫০-৫২ কিলোগ্ৰাম শাখাত শ্ৰিয়া চক্ৰৱত¹, নিশিতা পেগু, আদৰ্শনী, বিদিশা বৰুৱা আৰু কৌশিকা বৰা৷ ৫৪-৫৭ কিলোগ্ৰাম শাখাৰ অন্তিম আঠত স্থান নিশ্চিত কৰিছে অসমৰ ৰনছাং দলে৷

এফ ডি এয়ে সন্মতি দিলেঃ সপ্তাহত দুকাপ দৈ খালে ডায়েবেটিছৰ সম্ভাৱনা হ্ৰাস পাব…

অস্বাস্থ্যকৰ জীৱনশৈলীৰ অভ্যাসৰ বাবে ডায়েবেটিছৰ ৰোগী অতি দ্ৰুতগতিত বৃদ্ধি পাইছে। এই ৰোগৰ প্ৰতিৰোধ অতি গুৰুত্বপূৰ্ণ। শেহতীয়াকৈ এফ ডি এয়েও প্ৰাকৃতিকভাৱে ডায়েবেটিছ প্ৰতিৰোধৰ উপায় আগবঢ়াইছে।দেশ আৰু বিশ্বত বৃদ্ধি পোৱা ডায়েবেটিছৰ প্ৰতি লক্ষ্য ৰাখি অতি সোনকালে ই মহামাৰীৰ ৰূপ ল’ব পাৰে বুলি অনুমান কৰা হৈছে। প্ৰতি ঘৰৰ প্ৰায় এজন সদস্যই ডায়েবেটিছ ৰোগত আক্ৰান্ত। কাৰণ এই ৰোগ অস্বাস্থ্যকৰ জীৱনশৈলীৰ লগতে জিনীয় হোৱাৰ বাবে মানুহ অতি সহজে ইয়াৰ বলি হয়। এই ৰোগৰ বাবে প্ৰথমে খাদ্য তালিকাত দৈ অন্তৰ্ভুক্ত কৰিব লাগে, ইয়াৰ কাৰণ কি জানি লওক…

শেহতীয়াকৈ আমেৰিকাৰ খাদ্য আৰু ঔষধ প্ৰশাসনে (এফ ডি এ) দৈ কোম্পানীসমূহক টাইপ ২ ডায়েবেটিছৰ সম্ভাৱনা হ্ৰাস কৰাত নিজৰ ভূমিকাৰ বিজ্ঞাপন দিবলৈ অনুমতি দিছে। সপ্তাহত কমেও দুকাপ দৈ খালে ডায়েবেটিছৰ সম্ভাৱনা হ্ৰাস পাব পাৰে বুলি সন্মত হোৱাৰ পিছত এফ ডি এয়ে এই কাম কৰিছে।

দৈত কেলচিয়াম, প্ৰটিন, ভিটামিন বি আৰু মেগনেছিয়াম, ফছফৰাছ আৰু পটাছিয়াম আদি খনিজ পদাৰ্থ থাকে। ই প্ৰ’বায়টিকৰ এক সমৃদ্ধ উৎস যিয়ে প্ৰদাহ হ্ৰাস কৰাত সহায় কৰিব পাৰে আৰু ইনচুলিনৰ সংবেদনশীলতা বৃদ্ধি কৰিব পাৰে।

ডায়েবেটিছ প্ৰতিৰোধ কৰাটো কিয় গুৰুত্বপূৰ্ণ-

ডায়েবেটিছ ৰোগীৰ বাবে দৃষ্টিশক্তি বেয়া হোৱা, ভৰি অজ্ঞান হোৱা, হাৰ্ট এটেক, ষ্ট্ৰোক, বৃক্কৰ ক্ষতি, স্নায়ুৰ ক্ষতি, কেন্সাৰ, মুখ আৰু যৌন স্বাস্থ্যজনিত সমস্যাৰ সম্ভাৱনা বহুগুণে বৃদ্ধি পায়।

আচলতে অস্বাস্থ্যকৰ জীৱনশৈলী অনুসৰণ কৰা সকলো মানুহৰেই ডায়েবেটিছ ৰোগৰ আশংকা থাকে। কিন্তু মেদবহুল হ’লে বা বয়স ৪৫ বছৰৰ অধিক হ’লে ইয়াৰ আশংকা আৰু অধিক বৃদ্ধি পায়। ইয়াৰ উপৰিও পাৰিবাৰিক চিকিৎসা ইতিহাসেও গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰে, কাৰণ ডায়েবেটিছৰো কাৰণ জিনীয় কাৰক।


অসমৰ কৃষিখণ্ডলৈ সুখবৰ, ন’ৰৱে দূতাবাসৰ অংশীদাৰিত্বৰে কৃষি বিভাগৰ প্ৰকল্প মুকলি

গুৱাহাটী,৬ মাৰ্চ : আজি গুৱাহাটীৰ দিশপুৰস্থিত পুৰণি চি এম ব্লকৰ প্ৰেক্ষাগৃহত ভাৰত চৰকাৰৰ কৃষি আৰু কৃষক কল্যাণ মন্ত্ৰালয়, অসম চৰকাৰৰ কৃষি আৰু উদ্যান শস্য বিভাগৰ যৌথ সহযোগিতাত ৰাষ্ট্ৰসংঘৰ বিশ্ব খাদ্য কাৰ্যসূচী (ৱৰ্ল্ড ফুড প্ৰগ্ৰাম)য়ে  “Enhancing Climate Adaptation of Vulnerable Communities Through Nature-Based Solutions and Gender-Transformative Approaches in Assam, India” শীৰ্ষক এটি প্ৰকল্প মুকলি কৰে।

দিল্লীস্থিত ন’ৰৱেৰ দূতাবাসৰ সৈতে অংশীদাৰিত্ব কৰা এই পদক্ষেপে জলবায়ু পৰিৱৰ্তনৰ বিভিন্ন দিশ সামৰি লৈছে। এই প্ৰকল্পই বহনক্ষম কৃষি পদ্ধতিৰ প্ৰচাৰ, জীৱিকাৰ বিভিন্ন উপায় সৃষ্টি আদিত কৃষকসকলক সহায় কৰাৰ ক্ষেত্ৰত অৰিহণা যোগাব। উল্লেখ্য যে এই সন্দৰ্ভত ডাব্লিউ এফ পি আৰু অসম চৰকাৰৰ কৃষি বিভাগৰ মাজত আজি এক বুজাবুজিৰ চুক্তি স্বাক্ষৰ কৰা হয় ৷

প্ৰকল্প মুকলি কৰা আজিৰ এই কাৰ্যসূচীত অংশগ্ৰহণ কৰি কৃষি উৎপাদন আয়ুক্ত অৰুণা ৰাজ’ৰিয়াই উল্লেখ কৰে যে, ভাৰত চৰকাৰৰ কৃষি আৰু কৃষক কল্যাণ মন্ত্ৰালয়, অসম চৰকাৰৰ কৃষি আৰু উদ্যান শস্য বিভাগৰ যৌথ সহযোগিতাত ৰাষ্ট্ৰসংঘৰ বিশ্ব খাদ্য কাৰ্যসূচী (ৱৰ্ল্ড ফুড প্ৰগ্ৰাম)ৰ দ্বাৰা তথা নৰৱেৰ দূতাবাসৰ সৈতে অংশীদাৰিত্বৰে অসমৰ নগাঁও জিলাত আৰম্ভ হ’ব লগীয়া ১৮ মাহৰ পাইলট প্ৰজেক্ট পদক্ষেপৰ লক্ষ্য হৈছে জলবায়ু পৰিৱৰ্তনৰ বিৰুদ্ধে বহনক্ষম কৃষি পদ্ধতিৰ প্ৰচাৰৰ জৰিয়তে ক্ষুদ্ৰ কৃষকসকল বিশেষকৈ মহিলাসকলক আৰ্থিকভাৱে সৱল কৰি তোলাত গুৰুত্ব আৰোপ কৰা ৷ লগতে তেখেতে ব্যক্ত কৰে যে, এই প্ৰকল্পই জলৱায়ু স্থিতিস্থাপক খাদ্যাভাস গঢ়ি তোলাত অৰিহণা যোগাব ৷

লগতে কৃষি সঞ্চালক শ্ৰী ভাস্কৰ পেগুয়ে এই কাৰ্যসূচীত উপস্থিত থকা ন’ৰৱেৰ দূতাবাসৰ  ৰ সহযোগিতা (Cooperation)ৰ মুৰব্বী তথা পৰামৰ্শদাতা শ্ৰীমতী মেৰিট এম ষ্ট্ৰেণ্ডক ধন্যবাদ জ্ঞাপন কৰি পৰৱৰ্তী সময়টো অসমৰ কৃষিখণ্ডত এনে সহযোগিতা কামনা কৰে ৷

এই কাৰ্যসূচীত ডাব্লিউ এফ পি ৰ উপ-দেশীয় সঞ্চালক শ্ৰীমতী নজ’মি হাছিম’ট’, ৰাজহ আৰু দুৰ্যোগ ব্যৱস্থাপনা বিভাগৰ প্ৰধান সচিব শ্ৰী জ্ঞানেন্দ্ৰ দেৱ ত্ৰিপাঠী, এৰিয়াছ ছ’চাইটিৰ ৰাজ্যিক প্ৰকল্প সঞ্চালক শ্ৰী বীৰেন্দ্ৰ মিত্তল, কৃষি বিভাগৰ সঞ্চালক শ্ৰী ভাস্কৰ পেগু, ‘Climate & Resilient Food Systems, World Food Programme’ ৰ মুৰব্বী শ্ৰীমতী প্ৰদন্যা পাইথাংকৰ, প্ৰমুখ্যে অসম কৃষি বিশ্ববিদ্যালয়, নাবাৰ্ডৰ প্ৰতিনিধি আৰু আন আন  বিভাগীয় বিষয়াসকল উপস্থিত থাকে।