Home Blog Page 1027

টেলিভিছনৰ জনপ্ৰিয় অভিনেত্ৰী কবিতা চৌধুৰীৰ দেহাৱসান…

টেলিভিছনৰ জনপ্ৰিয় অভিনেত্ৰী কবিতা চৌধুৰীৰ দেহাৱসান।

হৃদযন্ত্ৰৰ ক্ৰিয়া বন্ধ হৈ মৃত্যু হয় অভিনেত্ৰীগৰাকীৰ।

মৃত্যুৰ সময়ত তেখেতৰ বয়স আছিল ৬৭ বছৰ।

অসম কৃষি বিশ্ববিদ্যালয়ৰ গ্ৰাম্য কৃষি কৰ্ম অভিজ্ঞতা আঁচনিৰ শিক্ষাৰ্থীসকলৰ উদ্যোগত কৃষি তথ্য কেন্দ্ৰ মুকলি অনুষ্ঠান…

“আজিৰ কৃষকে প্ৰতিকূল পৰিবেশক চেলেঞ্জ কৰিব পৰা হৈছে। আৰু ই সম্ভৱ হৈ উঠিছে কৃষি ক্ষেত্ৰত নতুন উদ্ভাৱন, আৰু এই উদ্ভাৱন সমূহৰ কৃষি ক্ষেত্ৰত প্ৰয়োগৰ বাবে । যাৰ ফলত প্ৰতিকূল পৰিস্থিতিৰ সন্মুখীন হৈয়ো কৃষক সকল আগবাঢ়ি গৈছে।” এই মন্তব্য কৃষি বিজ্ঞান কেন্দ্ৰ নগাঁৱৰ মূৰব্বী ড০ নিৰঞ্জন ডেকাৰ । কালি অসম কৃষি বিশ্ববিদ্যালয়ৰ গ্ৰাম্য কৃষি কৰ্ম অভিজ্ঞতা আঁচনি ২০২৪ ৰ নগাঁও কেন্দ্ৰৰ শিক্ষাৰ্থীসকলৰ উদ্যোগত নগাঁও কৃষি বিজ্ঞান কেন্দ্ৰৰ তত্বাৱধানত নগাঁও জিলাৰ চকলাঘাট সাহিত্য সভা সমাজ সাংস্কৃতিক সমিতি ভৱনত অনুষ্ঠিত “কৃষি তথ্য কেন্দ্ৰ” মুকলি অনুষ্ঠানটিত আৰম্ভণি ভাষণ প্ৰদান কৰি তেওঁ লগতে কয় যে, “বহু উচ্চ শিক্ষিত লোক কৃষি ক্ষেত্ৰত নামি পৰিছে । কৃষিক ব্যৱসায় হিচাপে লৈছে । কাৰণ বৰ্তমান কৃষিত সম্ভাৱনা প্ৰৱল ভাৱে বৃদ্ধি পাইছে।” গ্ৰাম্য কৃষি কৰ্ম অভিজ্ঞতা আঁচনিৰ শিক্ষাৰ্থী প্ৰতিতী ভৰালী আৰু বিজয় দুৱৰাই আঁত ধৰা অনুষ্ঠানটিত অসম কৃষি বিশ্ববিদ্যালয়ৰ গ্ৰাম্য কৃষি কৰ্ম অভিজ্ঞতা আঁচনি ২০২৪ৰ পৰ্যবেক্ষক ড০ ৰঞ্জন কন্দলিয়ে “কৃষি আৰু আনুসাংগিক ক্ষেত্ৰ সমূহৰ সমস্যাৰ ক্ষেত্ৰত অঞ্চলৰ ৰাইজে আজি মুকলি কৰা তথ্য কেন্দ্ৰত সুবিধা লোৱাৰ উপৰিও কৃষি পৰামৰ্শ লব পাৰিব । লগতে ছাত্ৰ ছাত্ৰী সকলেেও কৃষক সকলৰ লগত সমানে কৃষি কৰ্মৰ অভিজ্ঞতা অৰ্জন কৰিব।” বুলি বক্তব্য প্ৰদান কৰে । আন এগৰাকী অতিথি নগাঁও জিলা কৃষি বিষয়া ড০ ৰঞ্জন প্ৰসাদ ডেকাই “জ্ঞানৰ লগত বিজ্ঞান সংযোগ হৈ কৃষি ক্ষেত্ৰ বহু আগবাঢ়ি গৈছে।

কৃষক সকল আপোনালোকে সময় আৰু অৰ্থৰ সদব্যৱহাৰ বাবে উদ্ভাৱন কৰা প্ৰযুক্তি বিদ্যা কাৰিকৰী কৌশলৰ ব্যৱহাৰ শিকি লব । বহু সহায় হব” বুলি মন্তব্য কৰে। সভাত মাণ্ডলিক কৃষি গৱেষণা কেন্দ্ৰ চিলঙনিৰ মুখ্য বিজ্ঞানী ড০ হিৰণ্য কুমাৰ বৰা, গ্ৰাম্য কৃষি কৰ্ম অভিজ্ঞতা আঁচনিৰ আহ্বায়ক ড০ কৌশিক দাস, হাতীচোং সাহিত্য সভা সমাজ সাংস্কৃতিক সমিতি সভাপতি দেৱ কুমাৰ বৰা, সম্পাদক জ্যোতি প্ৰসাদ বৰা, প্ৰগতিশীল কৃষক মনোজ চৌধুৰীয়ে ভাষন প্ৰদান কৰা অনুষ্ঠানটিত গ্ৰাম্য কৃষি কৰ্ম অভিজ্ঞতা আঁচনিৰ পৰ্যবেক্ষক অধ্যাপিকা ড০ গায়ত্ৰী গোস্বামী কন্দলি, কৃষি বিজ্ঞান কেন্দ্ৰ নগাঁৱৰ পশু বিজ্ঞান বিশেষজ্ঞ ড০ অনিমেষ ডেকাৰ লগতে নগাঁও জিলাৰ চকলাঘাট, হাতীচোং, চমুৱাগাওঁ, চাউলখোৱা গাঁও, কুৰুৱাবাহী, ব্ৰাহ্মণ গাঁও আদি অঞ্চলৰ পাঁচ শতাধিক কৃষক উপস্থিতি থাকে। সভাতে কৃষি বিজ্ঞান কেন্দ্ৰ নগাঁৱৰ তৰফৰ পৰা হাতীচোং সাহিত্য সভা সমাজ সাংস্কৃতিক সমিতি ভৱনলৈ এটি ডাষ্টবিন প্ৰদান কৰা হয়। ইফালে অনুষ্ঠানটিৰ মাজতে মাংগলিক কাৰ্যসূচীৰে দেৱ কুমাৰ বৰাই ফিটা কাটি তথ্য কেন্দ্ৰটি মুকলি কৰে।

কেন্দ্ৰটিত অসম কৃষি বিশ্ববিদ্যালয়ৰ গ্ৰাম্য কৃষি কৰ্ম অভিজ্ঞতা আঁচনি ২০২৪ নগাঁও কেন্দ্ৰৰ শিক্ষাৰ্থীসকলৰ দ্বাৰা ভূমি বিজ্ঞান বিভাগ, উদ্যান শস্য বিভাগ, শস্য বিজ্ঞান বিভাগ, উদ্ভিদ ৰোগ বিভাগ, মিলেট খেতি, পতংগ তত্ব বিভাগ, থলুৱা প্ৰযুক্তিগত পদ্ধতি বিভাগ, কৃষি বতৰ বিজ্ঞান বিভাগ, গ্ৰাম্য অৰ্থনীতি আৰু কৃষি সম্প্ৰসাৰণ বিভাগ, কৃষি প্ৰযুক্তি তথ্য কেন্দ্ৰ, মীন পালন বিভাগ, পশু পালন বিভাগৰ উপৰিও কম কৃষি ভূমিৰ আদৰ্শ বাৰী পদ্ধতিৰ এখনি আকৰ্ষণীয় প্ৰদৰ্শনীও অনুষ্ঠিত হয় । অনুষ্ঠানটিতে গ্ৰাম্য কৃষি কৰ্ম অভিজ্ঞতা আঁচনি ২০২৪ নগাঁও কেন্দ্ৰৰ শিক্ষাৰ্থীসকলৰ দ্বাৰা প্ৰকাশিত ‘কৃষিৰ ৰেঙণি’ শীৰ্ষক প্ৰাচীৰ পত্ৰিকা উন্মোচন কৰ হয়। গীত মাত কথাৰ সমাহাৰেৰে অনুষ্ঠিত অনুষ্ঠানটিৰ শেষত শলাগৰ শৰাই আগবঢ়ায় গ্ৰাম্য কৃষি কৰ্ম অভিজ্ঞতা আঁচনি ২০২৪ৰ পৰিচালিকা তথা কৃষি বিজ্ঞান কেন্দ্ৰ নগাঁৱৰ কৃষি অৰ্থনীতি বিভাগৰ বিষয়বস্তু বিশেষজ্ঞা ড০ চিংকি বৰ্মনে।

ৰাজকোট টেষ্ট ৰবিচন্দ্ৰন অশ্বিনৰ বাবে কেৰিয়াৰৰ বৃহৎ মাইলৰ খুঁটি

ইংলেণ্ডৰ বিৰুদ্ধে ৰাজকোটত চলি থকা টেষ্ট মেচৰ সময়ত অশ্বিনে বিশেষ মাইলৰ খুঁটি অৰ্জন কৰে। ভিজাগত দ্বিতীয়খন টেষ্টৰ শেষত ৪৯৯টা স্কেলপত থকা অফ স্পিনাৰগৰাকীয়ে তৃতীয় টেষ্টৰ দ্বিতীয় দিনটোত জেক ক্ৰ’লিৰ উইকেটেৰে ৫০০ সংখ্যক উইকেট সম্পূৰ্ণ কৰে।

টেষ্ট ইতিহাসত ৫০০ উইকেটৰ বাধা ভংগ কৰা অশ্বিন নৱমজন বলাৰ, আৰু অনিল কুম্বলেৰ পিছত ভাৰতৰ একমাত্ৰ বলাৰ। টেষ্ট ইতিহাসৰ সৰ্বাধিক উইকেট দখলকাৰীৰ তালিকাত তেওঁৰ সন্মুখত আছে মুটিয়া মুৰালিথাৰন, শ্বেন ৱাৰ্ণ, অনিল কুম্বলে আৰু নাথান লায়ন।

২০১১ চনৰ নৱেম্বৰ মাহত টেষ্টত অভিষেক ঘটোৱা অশ্বিনে টেষ্টত বিশেষকৈ ঘৰুৱা ক্ষেত্ৰত ভাৰতৰ ষ্ট্ৰাইক বলাৰ হিচাপে কাম কৰি আহিছে, য’ত তেওঁৰ ৫০০ উইকেটৰ ভিতৰত ৩৪৭টা উইকেট আহিছে।

অশ্বিনে ৯৮খন টেষ্ট মেচত এই কৃতিত্ব অৰ্জন কৰি টেষ্ট ইতিহাসত মুট্টিয়া মুৰলীথাৰণৰ পিছতে এই মাইলৰ খুঁটিৰ দ্বিতীয় দ্ৰুততম খেলুৱৈ হিচাপে পৰিগণিত হয়। আন সাতজন বলাৰৰ প্ৰত্যেকেই মাইলৰ খুঁটিত উপনীত হ’বলৈ ১০০খনতকৈও অধিক টেষ্ট মেচ খেলিছিল।

পঞ্জাৱ-হাৰিয়ানাৰ শম্ভু সীমান্তত এজন প্ৰতিবাদী কৃষকৰ মৃত্যু

পঞ্জাৱ-হাৰিয়ানাৰ শম্ভু সীমান্তত প্ৰতিবাদৰ সময়ত এজন আন্দোলনকাৰী কৃষকৰ মৃত্যু। খেতিয়কজন হৃদৰোগত আক্ৰান্ত বুলি জানিব কৰা গৈছে। চিকিৎসালয়লৈ নিয়াৰ সময়ত চিকিৎসকে তেওঁক মৃত বুলি বুলি ঘোষণা কৰে।

আৰক্ষীৰ সূত্ৰ অনুসৰি মৃত কৃষকজনৰ নাম জ্ঞান সিং (৬৩)। সংগীসকলে জনোৱা মতে, শুকুৰবাৰে পুৱা জ্ঞান সিঙে বুকুৰ বিষ অনুভৱ কৰে। ইয়াৰ পিছত তেওঁ অচেতন হৈ পৰিল। লগে লগে কৃষকজনক পঞ্জাৱৰ ৰাজপুৰা চৰকাৰী চিকিৎসালয়লৈ লৈ যোৱা হয়। তাৰ পৰাই তেওঁক পুনৰ পাটিয়ালাৰ এখন চিকিৎসালয়লৈ লৈ যোৱা হ’ল। কিন্তু চিকিৎসকে কৃষকজনক মৃত বুলি ঘোষণা কৰে।

জ্ঞান পঞ্জাৱৰ গুৰদাসপুৰৰ বাসিন্দা। দুদিন পূৰ্বে শম্ভুৱে কৃষক আন্দোলনত যোগদান কৰিবলৈ সীমান্তত উপস্থিত হৈছিল। ১৩ ফেব্ৰুৱাৰীৰ পৰা আৰম্ভ হৈছে কৃষক আন্দোলন। পঞ্জাৱৰ পৰা ট্ৰেক্টৰ ৰেলীৰে দিল্লী অভিমুখে ৰাওনা হৈছে লাখ লাখ কৃষক। কিন্তু আৰক্ষীয়ে তেওঁলোকক শম্ভু সীমান্তত ৰখাই দিয়ে। আন্দোলনকাৰী কৃষকৰ সৈতে বিগত তিনিদিন ধৰি সংঘৰ্ষত লিপ্ত হৈছে। কৃষকসকলে বেৰিকেড ভাঙি হাৰিয়ানাত প্ৰৱেশ কৰিবলৈ চেষ্টা কৰে। কিন্তু কন্দুৱা গেছ আৰু পানীৰ কামান ব্যৱহাৰ কৰি কৃষকৰ ভিৰক ছত্ৰভংগ দিবলৈ চেষ্টা চলাইছে আৰক্ষীয়ে!

পুৰুষ বা মহিলা, কোন বেছি শুব লাগে আৰু কিয়…

এজন মানুহৰ বাবে শুৱাটো অতি গুৰুত্বপূৰ্ণ। টোপনিয়ে বহু বেমাৰ আঁতৰাই ৰাখে মানুহক। সেয়ে পুৰুষে হওক বা মহিলাই হওক, এজন ব্যক্তিৰ বাবে ভাল টোপনি অহাটো অতি প্ৰয়োজনীয়। শেহতীয়া গৱেষণাত পোহৰলৈ আহিছে এক বিশেষ তথ্য। এই গৱেষণাত কোৱা হৈছিল যে পুৰুষ আৰু মহিলাৰ টোপনিৰ প্ৰয়োজনীয়তা বেলেগ বেলেগ। কিয়নো পুৰুষ আৰু মহিলাৰ মাজত জৈৱিক পাৰ্থক্য আছে।

যুৱক-যুৱতীসকলক ৯ ঘণ্টা টোপনি ল’বলৈ পৰামৰ্শ দিয়া হৈছে। আনহাতে পুৰুষ-মহিলাৰ টোপনিৰ প্ৰয়োজনীয়তাৰ মাজত বহুত পাৰ্থক্য আছে। মহিলাসকলে অধিক টোপনি লোৱাটো অতি প্ৰয়োজন।

এক গৱেষণাৰ মতে পুৰুষতকৈ মহিলাৰ প্ৰতি নিশা প্ৰায় ২৮ মিনিট বেছি টোপনিৰ প্ৰয়োজন হয়।

গৱেষণাৰ মতে, মহিলাসকলক টোপনিৰ প্ৰয়োজন এইবাবেই প্ৰয়োজন হয় যে তেওঁলোকৰ এটা নিৰ্দিষ্ট ধৰণৰ হৰম’নে টোপনিত প্ৰভাৱ পেলাব পাৰে। ইষ্ট্ৰজেন আৰু অন্যান্য হৰম’ন, যিবোৰ মহিলাই পুৰুষতকৈ অধিক পৰিমাণে উৎপাদন কৰে।


মেকআপৰ অবিহনে মুখৰ সৌন্দৰ্য বৃদ্ধি কৰিবলৈ ব্যৱহাৰ কৰক এই সমূহ বস্তু…

সকলোৱে নিজকে ধুনীয়া দেখাব বিচাৰে। বহুতে মুখৰ সৌন্দৰ্য্য বৃদ্ধিৰ বাবে মেকআপ ব্যৱহাৰ কৰে। কিন্তু দৈনিক মেকআপ কৰাটো ছালৰ বাবে ভাল নহয়। কাৰণ দৈনিক মেক-আপ কৰিলে ছালৰ ক্ষতি হ’বলৈ আৰম্ভ কৰে। আপোনাৰ ছালখন প্ৰাকৃতিকভাৱে জিলিকাবলৈ মুখত কম মেকআপ কৰিব লাগে। মেকআপ অবিহনে কেনেকৈ মুখৰ উজ্জ্বলতা বৃদ্ধি কৰিব-

যদি আপুনি মুখত একো নকৰাকৈ ছালখন সুন্দৰ কৰিব বিচাৰে তেন্তে আপুনি যিমান পাৰে পানী খাব লাগে। শুকান ছালখন সুস্থ কৰি ৰাখিবলৈ নাৰিকল তেলেৰে মুখখন মালিচ কৰিব লাগে। মুখ ধোৱাৰ পিছত মইশ্ব’ৰাইজাৰ লগাব লাগে।

লগতে হালধিৰ পেষ্ট বনাই মুখত লগাব পাৰে। হালধি আৰু বেচন প্ৰয়োগ কৰিলে আপোনাৰ মুখৰ মলি বহু পৰিমাণে কমি যায়। ইয়াৰ এন্টি-ইনফ্লেমেটৰী গুণ আছে, যিয়ে মুখৰ গ্লো বজাই ৰখাত বহুত সহায় কৰে। ইয়াৰ উপৰিও ই ছালৰ মৃত ছালৰ কোষবোৰ আঁতৰাই পেলোৱাৰ কাম কৰে। গাখীৰ বা ক্ৰীমৰ লগত হালধি মুখত লগাব পাৰি। এই পেষ্ট ব্যৱহাৰ কৰিলে মেকআপৰ প্ৰয়োজন নাথাকিব।

লগতে মুখত মৌ লগাব পাৰে। ছালখন উজ্জ্বল কৰি তোলাৰ বাবে ই অতি উপকাৰী। ছালৰ সংক্ৰমণৰ পৰা ৰক্ষা কৰাত ই অতি সহায়ক বুলিও প্ৰমাণিত হয়। মৌৰ দ্বাৰা ব্ৰণ বহু পৰিমাণে নিৰাময় কৰিব পাৰি।

মেক-আপ কৰিব লগা হ’লে ইমানেই কৰিব লাগে যাতে অত্যধিক দেখা নাযায়। আপোনাৰ বগা আৰু ক’লা দাগ আঁতৰোৱাতো বেকিং চ’ডাই অতি সহায় কৰে। ছালৰ পি এইচ স্তৰ বজাই ৰখাত ইহঁতে অতি সহায়ক বুলি প্ৰমাণিত হয়। এলোভেৰাও প্ৰয়োগ কৰিব পাৰে। চকুৰ তলত এলোভেৰা লগালে আপোনাৰ ক’লা বৃত্তবোৰ আঁতৰি যায়।

মুখখন সদায় ধুনীয়া কৰি ৰাখিবলৈ মুখত মইশ্ব’ৰাইজাৰ লগোৱাটো অতি প্ৰয়োজনীয়। ই ছালখনক ভিতৰৰ পৰা হাইড্ৰেটেড কৰি ৰখাত বহুত সহায় কৰে। মুখৰ পৰা মলি পৰিষ্কাৰ কৰিবলৈ ক্লিনজাৰ ব্যৱহাৰ কৰিব লাগে।

সুখবৰঃ ৰাছিয়াৰ বিজ্ঞানীয়ে প্ৰস্তুত কৰিছে কৰ্কটৰ ভেকচিন! পুটিনে কৰিলে ঘোষণা…

এক সুখবৰ দিলে ৰাছিয়াৰ ৰাষ্ট্ৰপতি পুটিনে। ৰাছিয়াৰ বিজ্ঞানীসকলে প্ৰায় মাৰাত্মক কৰ্কট ৰোগৰ ভেকচিন তৈয়াৰ কৰিছে। অতি সোনকালে ৰোগীৰ হাতলৈ আহিব। বুধবাৰে ৰাছিয়াৰ একনায়কত্ববাদী ভ্লাদিমিৰ পুটিনে এনে দাবী উত্থাপন কৰে। ভিডিঅ’ বাৰ্তাযোগে পুটিনে কয় যে আমি নতুন প্ৰজন্মৰ বাবে কৰ্কট ৰোগৰ ভেকচিন প্ৰস্তুত কৰাৰ অতি ওচৰ চাপিছো আৰু লগতে কয় যে মই আশা কৰিছো যে এই ভেকচিন অতি সোনকালে মানুহৰ মাজলৈ প্ৰেৰণ কৰা হ’ব। অৱশ্যে এই ভেকচিনসমূহে কেনেধৰণৰ কৰ্কট ৰোগ প্ৰতিৰোধ কৰিব, বা কেনেকৈ প্ৰতিৰোধ কৰিব, সেই কথা স্পষ্ট কৰা নাই পুটিনে।

যোৱা বছৰ ব্ৰিটিছ চৰকাৰে জাৰ্মানীৰ এটা ঔষধ কোম্পানীৰে ২০৩০ চনৰ ভিতৰত ১০ হাজাৰ ৰোগীৰ ‘কেন্সাৰৰ নিৰাময়’ আনিবলৈ চুক্তিবদ্ধ হৈছিল। বিশ্বৰ আন দুটা ঔষধ কোম্পানীয়েও পৰীক্ষামূলক কেন্সাৰ ভেকচিন প্ৰস্তুত কৰিছে, যাৰ ফলত ছালৰ কৰ্কট ৰোগত মৃত্যুৰ সম্ভাৱনা হ্ৰাস পোৱা দেখা গৈছে।

দিল্লীৰ আলিপুৰৰ অগ্নিকাণ্ডত মৃতকৰ পৰিয়াললৈ ১০ লাখ, গুৰুতৰভাৱে আহতসকললৈ ২ লাখ, সামান্য আঘাতপ্ৰাপ্তলৈ ২০ হাজাৰকৈ টকা ঘোষণা মুখ্যমন্ত্ৰী কেজৰিৱালৰ…

দিল্লীৰ আলিপুৰৰ অগ্নিকাণ্ডত মৃতকৰ পৰিয়াললৈ ১০ লাখ টকাকৈ ঘোষণা। গুৰুতৰভাৱে আহতসকললৈ ২ লাখ টকাকৈ, সামান্য আঘাতপ্ৰাপ্তলৈ ২০ হাজাৰ টকাকৈ ঘোষণা দিল্লীৰ মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱাললৈ। অগ্নিকাণ্ড সংঘটিত হোৱা ঠাই পৰিদৰ্শন কৰি এই সাহায্য ঘোষণা অৰবিন্দ কেজৰিৱালৰ৷ আনহাতে আলিপুৰৰ অগ্নিকাণ্ডত মৃতকৰ সংখ্যা ১১জনলৈ বৃদ্ধি হয়।

আজি ঘটনাস্থলী পৰিদৰ্শন কৰাৰ লগতে আহতসকলক সাক্ষাৎ কৰে মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱালে। আলিপুৰৰ পেইন্ট কাৰখানাত বৃহস্পতিবাৰে এই অগ্নিকাণ্ড সংঘটিত হৈছিল৷

ঘৰমুৱা হ’ল মোদীঃ নৌসেনাৰ প্ৰাক্তন বিষয়াসকলক মুক্তি দিয়াৰ বাবে কাটাৰৰ আমীৰক ধন্যবাদ প্ৰধানমন্ত্ৰী মোদীৰ, আমীৰক ভাৰতলৈ আমন্ত্ৰণ…

প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ডোহাৰ পৰা স্বদেশলৈ বুলি ৰাওনা হৈছে। ডোহাত তেওঁ নৌসেনাৰ প্ৰাক্তন বিষয়াসকলক মুক্তি দিয়াৰ বাবে কাটাৰৰ আমীৰ তামিম বিন হামাদ আল থানিৰ প্ৰতি কৃতজ্ঞতা জ্ঞাপন কৰে। চোৰাংচোৱাৰ অভিযোগত ডোহাত আটক কৰা ভাৰতীয় নৌসেনাৰ প্ৰাক্তন বিষয়াসকলক অলপতে মুক্তি দিয়া হৈছিল। প্ৰধানমন্ত্ৰী মোদীয়ে আমীৰক ভাৰত ভ্ৰমণৰ বাবেও আনুষ্ঠানিক আমন্ত্ৰণ জনায় আৰু দুয়োখন ৰাষ্ট্ৰৰ মাজত কূটনৈতিক সম্পৰ্ক অধিক শক্তিশালী কৰাৰ বিষয়ত গুৰুত্ব আৰোপ কৰে। ছ’চিয়েল মিডিয়া প্লেটফৰ্ম এক্সত প্ৰধানমন্ত্ৰী মোদীয়ে তেওঁৰ ভ্ৰমণকালত কাটাৰ চৰকাৰ আৰু জনসাধাৰণে আগবঢ়োৱা আতিথ্যৰ বাবে সকলোকে প্ৰশংসা কৰে। তেওঁ বাণিজ্য, বিনিয়োগ, প্ৰযুক্তি আৰু সংস্কৃতিৰ দৰে গুৰুত্বপূৰ্ণ ক্ষেত্ৰত সহযোগিতা বৃদ্ধিৰ বিষয়ত গুৰুত্ব আৰোপ কৰে আৰু ভাৰত তথা কাটাৰৰ মাজত বন্ধুত্ব গভীৰ কৰাৰ দিশতো গুৰুত্ব আৰোপ কৰে। ” মোৰ কাটাৰ ভ্ৰমণে ভাৰত-কাটাৰ বন্ধুত্বত নতুন শক্তি যোগ কৰিছে। ভাৰতে টিআৰ সম্পৰ্কীয় গুৰুত্বপূৰ্ণ খণ্ডসমূহত সহযোগিতা বৃদ্ধি ৰখাৰ বাবে আশাবাদী’’।

প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে বৃহস্পতিবাৰে সন্ধিয়া ইউএই আৰু কাটাৰলৈ দুই ৰাষ্ট্ৰৰ ভ্ৰমণ সমাপ্ত কৰাৰ পিছত দোহাৰ পৰা নতুন দিল্লীলৈ ৰাওনা হয়। বিদেশ দপ্তৰৰ মুখপাত্ৰ ৰণধীৰ জয়ছোৱালে কয় যে প্ৰধানমন্ত্ৰী মোদীয়ে কাটাৰৰ ফলপ্ৰসূ ভ্ৰমণৰ পিছত দিল্লীলৈ ৰাওনা হৈছে। কাটাৰ ভ্ৰমণকালত প্ৰধানমন্ত্ৰী মোদীয়ে বাণিজ্য, বিনিয়োগ, শক্তি অংশীদাৰীত্ব আৰু আঞ্চলিক নিৰাপত্তাকে ধৰি বিভিন্ন দ্বিপাক্ষিক সহযোগিতা ক্ষেত্ৰক সামৰি আমীৰৰ সৈতে ব্যাপক আলোচনা কৰে। আলোচনাত দুয়োখন ৰাষ্ট্ৰৰ মাজত সাংস্কৃতিক সম্পৰ্ক আৰু জনসাধাৰণৰ মাজত সম্পৰ্কৰ কথাও উল্লেখ কৰা হয়। দুয়োগৰাকী নেতাই বিদ্যমান দ্বিপাক্ষিক সম্পৰ্ক অতিক্ৰম কৰাৰ লক্ষ্যৰে শক্তি আৰু প্ৰযুক্তিৰ দৰে গুৰুত্বপূৰ্ণ ক্ষেত্ৰত কৌশলগত বিনিয়োগ আৰু অংশীদাৰিত্বৰ প্ৰতি তেওঁলোকৰ প্ৰতিশ্ৰুতি নিশ্চিত কৰে। আলোচনাত পাৰস্পৰিক উদ্বেগৰ আঞ্চলিক আৰু আন্তঃৰাষ্ট্ৰীয় বিষয়সমূহো সম্বোধন কৰা হয়, যি সহযোগিতা আৰু প্ৰগতিৰ বাবে এক অংশীদাৰী দৃষ্টিভংগী প্ৰতিফলিত কৰে। আমীৰৰ সৈতে হোৱা আলোচনাৰ উপৰিও প্ৰধানমন্ত্ৰী মোদীয়ে শ্বেখ তামিম বিন হামাদ আল থানিৰ সৈতে দ্বিপাক্ষিক বৈঠক কৰে আৰু ভাৰত আৰু কাটাৰৰ মাজত কূটনৈতিক সম্পৰ্ক অধিক দৃঢ় কৰাৰ পোষকতা কৰে। বৈদেশিক পৰিক্ৰমা মন্ত্ৰী আৰু ৰাষ্ট্ৰীয় নিৰাপত্তা উপদেষ্টাকে ধৰি গুৰুত্বপূৰ্ণ বিষয়াসকলে অংশগ্ৰহণ কৰা বৈঠকত নিৰন্তৰ আলোচনা আৰু সহযোগিতাৰ গুৰুত্বৰ ওপৰত গুৰুত্ব আৰোপ কৰা হয়।কাটাৰত প্ৰবাসী ভাৰতীয়সকলৰ উষ্ম অভ্যৰ্থনা আৰু “মোদী মোদী” ধ্বনি প্ৰধানমন্ত্ৰীক আপ্লুত কৰি তোলে।

‘আশা কৰোঁ আপোনালোক মোৰ পৰিয়ালৰ সৈতে থাকিব’, ৰায়বৰেলীৰ লোকসকলৰ উদ্দেশ্যি ছোনিয়া গান্ধীৰ আৱেগিক পোষ্ট…

আগন্তুক ৰাজ্যসভা নিৰ্বাচনৰ বাবে মনোনয়ন পত্ৰ দাখিল কৰাৰ এদিন পিছতে বৃহস্পতিবাৰে কংগ্ৰেছ সংসদীয় সমিতিৰ অধ্যক্ষ ছোনিয়া গান্ধীয়ে তেওঁৰ লোকসভা সমষ্টিৰ লোকসকলক সম্বোধন কৰি এখন আৱেগিক পত্ৰ লিখিছে। পত্ৰ খনত স্বাস্থ্যজনিত কাৰণত ৰায়বৰেলীৰ পৰা ২০২৪ চনৰ লোকসভা নিৰ্বাচনত প্ৰতিদ্বন্দিতা নকৰাৰ সিদ্ধান্তৰ বিষয়ে ছোনিয়াই সমষ্টিটোৰ লোকসকলক অৱগত কৰিছে। পত্ৰখনত তেওঁ লিখিছে, “মই আজি যি হৈছো সেয়া আপোনালোকৰ বাবে… কিন্তু বাঢ়ি অহা বয়স আৰু স্বাস্থ্যৰ বাবে, মই আগন্তুক লোকসভা নিৰ্বাচনত প্ৰতিদ্বন্দিতা নকৰো।” তেওঁ আৰু তেওঁৰ পৰিয়ালৰ প্ৰতি সমষ্টিটোৰ লোকসকলৰ নিৰন্তৰ সমৰ্থনৰ বাবে ৰাইজক ধন্যবাদ জনাই তেওঁ লগতে কয়, “ৰায়বৰেলীত আমাৰ পৰিয়ালৰ শিপা অতি গভীৰ। মই ক’বলৈ পাই গৌৰৱান্বিত যে মই আজি যি হৈছো সেয়া , আপোনালোকৰ বাবেই হৈছো… মই জানো যে আপোনালোকে ভৱিষ্যতে মোৰ আৰু মোৰ পৰিয়ালৰ কাষত থিয় দিব, ঠিক অতীতত থিয় দিয়াৰ দৰেই।”

“এই সিদ্ধান্তৰ পিছত, মই আপোনাক পোনপটীয়াকৈ সেৱা কৰাৰ সুযোগ নাপাম, কিন্তু মোৰ হৃদয় আৰু আত্মা সদায় আপোনালোকৰ সৈতে থাকিব ’’ বুলিও ছোনিয়াই তেওঁৰ পত্ৰ খনত উল্লেখ কৰিছে। এক কৌশলগত পদক্ষেপ স্বৰূপে কংগ্ৰেছ সংসদীয় দলৰ অধ্যক্ষ ছোনিয়া গান্ধীয়ে বুধবাৰে ৰাজস্থানৰ পৰা আগন্তুক ৰাজ্যসভা নিৰ্বাচনৰ বাবে মনোনয়ন দাখিল কৰিছে। যাৰ ফলত তেওঁৰ ৰাজনৈতিক যাত্ৰাত এক গুৰুত্বপূৰ্ণ পৰিৱৰ্তন ঘটিছে। দলৰ সাংসদ ৰাহুল গান্ধী, দলৰ সাধাৰণ সম্পাদক প্ৰিয়ংকা গান্ধী ভাদ্ৰা, প্ৰাক্তন মুখ্যমন্ত্ৰী অশোক গেহলট আৰু ৰাজ্যিক দলৰ সভাপতি গোবিন্দ সিং ডোটাছৰাকে ধৰি গুৰুত্বপূৰ্ণ ৰাজনৈতিক ব্যক্তিসকলৰ উপস্থিতিত ছোনিয়া গান্ধীয়ে বুধবাৰে মনোনয়ন দাখিল কৰে। ছোনিয়া গান্ধীয়ে প্ৰায় ২২ বছৰ ধৰি কংগ্ৰেছৰ সভাপতি হিচাপে তেওঁৰ কাৰ্যকালত দলৰ ওপৰত এক অমলিন ছাপ ৰাখিবলৈ সক্ষম হৈছে। উত্তৰ প্ৰদেশৰ ৰায়বৰেলীৰ পৰা লোকসভাৰ সাংসদ হিচাপে একেৰাহে পাঁচবাৰ বিজয়ী হোৱা ছোনিয়াই আৰু সমষ্টিটোৰ পৰা নিৰ্বাচন নেখেলে। এপ্ৰিল-মে’ত অনুষ্ঠিত হ’বলগীয়া আসন্ন লোকসভা নিৰ্বাচনৰ পটভূমিত ৰাজ্যসভাৰ আসনৰ বাবে প্ৰতিদ্বন্দিতা কৰাৰ তেওঁৰ সিদ্ধান্তই গুৰুত্ব বহন কৰিছে।