Home Blog Page 1037

ৰণবীৰৰ ‘ৰামায়ণ’ত শূৰ্পনখাৰ চৰিত্ৰত অভিনয় কৰিব বলীউডৰ অভিনেত্ৰী ৰকুল প্ৰীত সিঙে!

ৰণবীৰ কাপুৰৰ ‘ৰামায়ণ’ক লৈ ইতিমধ্যে চৰ্চা আৰম্ভ হৈছে। ‘ৰামায়ণ’ত কোনে সূৰ্পনখাৰ চৰিত্ৰটোত অভিনয় কৰিব? এয়া এতিয়া বহুতৰে মনত খেলাই থকা প্ৰশ্ন। জানিব পৰা মতে পৰিচালক নিতেশ তিৱাৰীয়ে এই গুৰুত্বপূৰ্ণ চৰিত্ৰটোৰ বাবে বলীউডৰ এগৰাকী সুন্দৰী অভিনেত্ৰীক বাছনি কৰিছে। সেই ধুনীয়া অভিনেত্ৰীগৰাকী কোন? জানিব পৰা মতে সূৰ্পনখাৰ চৰিত্ৰত অভিনয় কৰিবলগীয়া অভিনেত্ৰীগৰাকী হৈছে ৰকুল প্ৰীত সিং। শুনা গৈছে যে পৰিচালক নিতেশ তিৱাৰীয়ে তেওঁক এই চৰিত্ৰটো আগবঢ়াইছে। ৰামায়ণত এই চৰিত্ৰটো অতি গুৰুত্বপূৰ্ণ। ৰাম-ৰাৱণৰ যুদ্ধৰ কাৰণ সূৰ্পনখাও এটা । যি কি নহওক, এতিয়া ৰকুল প্ৰীত এতিয়া তেওঁৰ নিজৰ বিয়াৰ বাবে ব্যস্ত, তেওঁ ২২ ফেব্ৰুৱাৰীত অভিনেতা-প্ৰযোজক জেকি ভাগনানিৰ সৈতে বিবাহপাশত আৱদ্ধ হ’ব। ৰকুল প্ৰীতে এতিয়ালৈকে অৱশ্যে ‘ৰামায়ণ’ত অভিনয় কৰাৰ বিষয়ত কোনো মন্তব্য কৰা নাই।

ৰণবীৰৰ ‘ৰামায়ণ’ৰ শ্বুটিং মাৰ্চ মাহৰ পৰা আৰম্ভ হ’ব। কিন্তু জানিব পৰা মতে ‘ৰামায়ণ’ৰ দৃশ্যগ্ৰহণ আৰম্ভ হোৱাৰ আগতেই ৰণবীৰৰ ‘ৰামায়ণ’ৰ সীতা সলনি হৈছে। ইয়াৰ আগতে এই চৰিত্ৰত দক্ষিণৰ অভিনেত্ৰী চাই পল্লৱীয়ে অভিনয় কৰিব বুলি জানিব পৰা গৈছিল। কিন্তু এতিয়া আন এগৰাকী তাৰকাৰ নামহে সীতাৰ চৰিত্ৰৰ বাবে ওলাইছে।
তেন্তে ৰণবীৰৰ বিপৰীতে সীতা হিচাপে কাক দেখা যাব? শুনা গৈছে যে শ্ৰীদেৱীৰ জীয়ৰী জাহ্নৱী কাপুৰক চাই পল্লৱীৰ পৰিৱৰ্তে সীতাৰ চৰিত্ৰত অভিনয় কৰিবলৈ বাছনি কৰা হৈছে। জাহ্নৱীয়ে নিতেশ তিৱাৰীৰ দ্বাৰা পৰিচালিত ‘বাৱাল’ ছবিখনত সুন্দৰ অভিনয় কৰিছে। সেই অভিনয় চাই পৰিচালকে তেওঁক সীতাৰ চৰিত্ৰৰ বাবে বাছনি কৰা বুলি এটা মহলে প্ৰকাশ কৰিছে। পৰিচালকে ভাবিছে যে জাহ্নৱীয়েই সীতাৰ চৰিত্ৰটোৰ বাবে সৰ্বশ্ৰেষ্ঠ উপযুক্ত হ’ব। জানিব পৰা মতে ছবিখনত ‘কেজিএফ’ তাৰকা যশক ৰাৱণৰ চৰিত্ৰত দেখা যাব। বিজয় সেতুপতিয়ে বিভীষণৰ চৰিত্ৰত অভিনয় কৰিব আৰু হনুমানৰ চৰিত্ৰত দেখা যাব ছানী দেওলক।ছবি খনত ৰামৰ চৰিত্ৰত অভিনয় কৰিব ৰণবীৰে।সেয়ে আহাৰ-বিহাৰৰ ক্ষেত্ৰত সংযম ৰক্ষা কৰিছে ৰণবীৰে। মাংস ৰণবীৰৰ প্ৰিয় খাদ্য। কিন্তু ৰামৰ চৰিত্ৰত অভিনয় কৰিব বাবেই তেওঁ খাদ্যৰ তালিকাৰ পৰা মাংস একেবাৰে বাদ দিছে। একেদৰে মদো তেওঁ আৰু কিছুদিনলৈ পান নকৰে।ৰামৰ চৰিত্ৰটোৰ বাবেই তেওঁ সুৰাপানো ত্যাগ কৰিছে বুলি ৰণবীৰৰ ঘনিষ্ঠ মহলে প্ৰকাশ কৰিছে। ৰণবীৰে ছবি খনৰ বাবে লণ্ডন আৰু মুম্বাইত শ্বুটিঙৰ ১২০ দিনৰ দীঘলীয়া কাৰ্সূচী গ্ৰহণ কৰিছে। ৰণবীৰে এই বছৰৰ মাৰ্চৰ পৰা ‘ৰামায়ণ’ৰ দৃশ্যগ্ৰহণ আৰম্ভ কৰিব। পৰিচালক নিতেশ তিৱাৰীয়ে ছবি খনৰ সৰ্বাংগ সুন্দৰ আৰু নিখুঁত কৰি তুলিবলৈ চেষ্টা অব্যাহত ৰাখিছে। তেওঁ যোৱা বছৰৰ অদিপুৰুষ ছবিৰ বাবেহোৱা বিতৰ্কৰ পৰা বহু কথাই শিকিছে। নিতেশৰ ছবি ‘ৰামায়ণ’ৰ বেছিভাগ দৃশ্যগ্ৰহণ মুম্বাইত কৰা হ’ব। দুমাহ মুম্বাইত শ্বুটিং কৰাৰ পিছত দলটোৱে লণ্ডনলৈ উৰা মাৰিব। দক্ষিণৰ তাৰকা যশেও ৰণবীৰৰ সৈতে লণ্ডনলৈ যাব। দুয়োজন অভিনেতাই লণ্ডনত কিছুমান গুৰুত্বপূৰ্ণ দৃশ্যৰ দৃশ্যগ্ৰহণ কৰিব।

পোন-প্ৰথমবাৰৰ বাবে কেন্দ্ৰীয় সশস্ত্ৰ আৰক্ষী বাহিনীত কনিষ্টবল নিযুক্তিৰ পৰীক্ষাত ব্যৱহাৰ হ’ব অসমীয়াকে ধৰি ১৩টা আঞ্চলিক ভাষাত অনুষ্ঠিত হ’ব পৰীক্ষা…

পোন-প্ৰথমবাৰৰ বাবে কেন্দ্ৰীয় সশস্ত্ৰ আৰক্ষী বাহিনীত (CAPF) কনিষ্টবল নিযুক্তিৰ অৰ্থে কনিষ্টবল (জিডি) পৰীক্ষা হিন্দী আৰু ইংৰাজীৰ উপৰিও ১৩টা আঞ্চলিক ভাষাত অনুষ্ঠিত হ’ব। ২০২৪ৰ ২০ ফেব্ৰুৱাৰী-৭ মাৰ্চত দেশৰ ১২৮খন চহৰত অনুষ্ঠিতব্য এই পৰীক্ষাত প্ৰায় ৪৮ লাখ পৰীক্ষাৰ্থী অৱতীৰ্ণ হ’ব। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ নেতৃত্বত আৰু কেন্দ্ৰীয় গৃহমন্ত্ৰী তথা সমবায় মন্ত্ৰী শ্ৰী অমিত শ্বাহৰ নিৰ্দেশনাত গৃহ পৰিক্ৰমা মন্ত্ৰালয়ে(MHA)২০২৪ৰ ০১ জানুৱাৰীত হিন্দী আৰু ইংৰাজীৰ উপৰিও ১৩টা আঞ্চলিক ভাষাত কনিষ্টবল (জেনেৰেল ডিউটি) পৰীক্ষা অনুষ্ঠিতকৰণৰ সিদ্ধান্ত গ্ৰহণ কৰিছিল।কেন্দ্ৰীয় গৃহমন্ত্ৰী তথা সমবায় মন্ত্ৰী শ্ৰী অমিত শ্বাহৰ উদ্যোগত কেন্দ্ৰীয় সশস্ত্ৰ আৰক্ষী বাহিনীত স্থানীয় যুৱক-যুৱতীসকলৰ অংশগ্ৰহণ বৃদ্ধি আৰু আঞ্চলিক ভাষাৰ প্ৰোৎসাহনৰ বাবে এই ঐতিহাসিক সিদ্ধান্ত গ্ৰহণ কৰা হৈছে।

কনিষ্টবল (জেনেৰেল ডিউটি) পৰীক্ষাৰ প্ৰশ্নকাকত এতিয়া হিন্দী আৰু ইংৰাজীৰ উপৰিও নিম্ন-উল্লেখিত ১৩টা আঞ্চলিক ভাষাত যুগুত কৰা হ’বঃঅসমীয়া, বাংলা,গুজৰাটী,মাৰাঠী,মালায়ালম,কানাড়া, তামিল,তেলেগু, ওড়িয়া, উৰ্দু,পাঞ্জাৱী,মণিপুৰী, কংকনী,সমগ্ৰ দেশৰ লাখ-লাখ যুৱক-যুৱতীক আকৰ্ষণ কৰাআৰু কৰ্মচাৰী বাছনি আয়োগে (SSC)অনুষ্ঠিত কৰা অন্যতম মূল পৰীক্ষা হৈছে কনিষ্টবল জিডি পৰীক্ষা। সেয়ে, হিন্দী আৰু ইংৰাজীৰ উপৰিও, ওপৰত উল্লেখিত ১৩টা আঞ্চলিক ভাষাত পৰীক্ষা অনুষ্ঠিতকৰণৰ বাবে গৃহ পৰিক্ৰমা মন্ত্ৰালয় আৰু কৰ্মচাৰী বাছনি আয়োগে এক বুজাবুজিৰ চুক্তি (MoU) স্বাক্ষৰ কৰিছে। সেই অনুসৰি, এছএছচিয়ে ইংৰাজী আৰু হিন্দীৰ উপৰিও আন ১৩টা আঞ্চলিক ভাষাত কনিষ্টবল (জিডি) পৰীক্ষা, ২০২৪ অনুষ্ঠিতকৰণৰ অৰ্থে অধিসূচনা জাৰি কৰিছে।এই সিদ্ধান্তৰ ফলশ্ৰুতিত লাখ-লাখ যুৱক-যুৱতীয়ে নিজ-নিজ মাতৃভাষা/আঞ্চলিক ভাষাত এই পৰীক্ষাত অৱতীৰ্ণহ’ব পাৰিব আৰু তেওঁলোকৰ বাছনি হোৱাৰ সম্ভাৱনা বৃদ্ধি পাব। সমান্তৰালভাৱে, সমগ্ৰ দেশৰ পৰীক্ষাৰ্থীসকলৰ মাজত এই পৰীক্ষাৰ প্ৰসাৰতা বৃদ্ধি পাব আৰু সকলোৱে কৰ্মসংস্থাপনৰ সমান সুযোগ লাভ কৰিব।কেন্দ্ৰীয় চৰকাৰৰ এই পদক্ষেপৰ জৰিয়তে সমগ্ৰ দেশৰ যুৱক-যুৱতীসকলে, কৰ্মচাৰী বাছনি আয়োগে পৰিচালনা কৰা কেন্দ্ৰীয় সশস্ত্ৰ আৰক্ষী বাহিনীৰ কনিষ্টবল (জেনেৰেল ডিউটি) পৰীক্ষাত নিজ-নিজ মাতৃভাষাত অংশগ্ৰহণেৰে ৰাষ্ট্ৰৰ সেৱাত কেৰিয়াৰ গঢ়িবলৈ এক সোণালী সুযোগ লাভ কৰিছে।

মধ্যপ্ৰদেশত দৃঢ়তাৰে ক’লে প্ৰধানমন্ত্ৰী মোদীয়ে, ‘বিজেপিয়ে অকলে ৩৭০ খন আসন লাভ কৰিব…’

নিৰ্বাচনৰ বাবে সাজু হৈছে বিজেপি। মধ্যপ্ৰদেশত প্ৰধানমন্ত্ৰী মোদীয়ে বজালে নিৰ্বাচনী ৰণডংকা। মোদীয়ে দেওবাৰে মধ্যপ্ৰদেশৰ ঝাবুৱাত ৰাজ্য খনৰ মুখ্যমন্ত্ৰী মোহন যাদৱৰ সৈতে এক ৰোড শ্ব’ত অংশগ্ৰহণ কৰে। মোদীয়ে জনজাতি সন্মিলন জন জাতীয় মহাসভাতো ভাষণ দিয়ে। প্ৰধানমন্ত্ৰীয়ে জনজাতীয় অধ্যুষিত অঞ্চলটোৰ বাবে ৭,৫০০ কোটি টকাৰ কেইবাটাও উন্নয়নমূলক প্ৰকল্প উদ্বোধন কৰা লগতে বহু কেইটা প্ৰক্লপৰ আধাৰশিলা স্থাপন কৰে। প্ৰকল্পসমূহৰ ভিতৰত আছে পথ, দলং, পানী যোগান, জলসিঞ্চন, শিক্ষা, স্বাস্থ্য আৰু দক্ষতা বিকাশ সম্পৰ্কীয় প্ৰকল্প। ভাষণ প্ৰদান কৰি প্ৰধানমন্ত্ৰী মোদীয়ে কেন্দ্ৰ আৰু ৰাজ্যত বিজেপিৰ দ্বৈত ইঞ্জিন চৰকাৰৰ প্ৰশংসা কৰে ৰে যে বিৰোধী নেতাসকলে বিজেপিৰ জনপ্ৰিয়তাৰ বাস্তৱতাক স্বীকাৰ কৰি ল’বলৈ বাধ্য হৈছে। আগন্তুক লোকসভা নিৰ্বাচনত এন ডি এৰ বাবে বিশাল বিজয়ৰ ভৱিষ্যতবাণী কৰি মোদীয়ে কয় যে নিৰ্বাচনত বিজেপিয়ে অকলেই ৩৭০ খন আসন লাভ কৰিব।

প্ৰধানমন্ত্ৰীয়ে জনজাতীয় সম্প্ৰদায় আৰু তেওঁলোকৰ অধিকাৰক অৱহেলা কৰাৰ বাবে কংগ্ৰেছকো সমালোচনা কৰে। তেওঁ কয় যে বিজেপিয়ে কংগ্ৰেছতকৈ জনজাতীয় শিশুসকলৰ বাবে চাৰিগুণ বেছি একলব্য বিদ্যালয় মুকলি কৰিছে আৰু জনজাতীয় লোকসকলৰ ভূমিৰ অধিকাৰ পুনৰুদ্ধাৰৰ বাবে বন অধিকাৰ আইন সংশোধন কৰিছে। তেওঁ বিনামূলীয়া চিকিৎসা আৰু স্ক্ৰীণিঙেৰে জনজাতীয় লোকৰ মাজত দেখা দিয়া এক আনুবংশিক ৰোগ চিকল চেল ৰক্তহীনতা নিৰ্মূল কৰাৰ বাবে চৰকাৰে গ্ৰহণ কৰা প্ৰচেষ্টাৰ বিষয়তো আলোকপাত কৰে। প্ৰউল্লেখ্য মধ্যপ্ৰদেশত জনজাতীয় লোকৰ সংখ্যা হৈছে মিঠ জনসংখ্যাৰ ৰাজ্যখনৰ জনসংখ্যাৰ প্ৰায় ২১%। বিজেপিয়ে ২০২৩ চনৰ বিধানসভা নিৰ্বাচনত অনুসূচীত জনজাতিৰ বাবে সংৰক্ষিত ৪৭ খন আসনৰ ভিতৰত ২৮ খন আসন লাভ কৰিছিল।

‘মই কংগ্ৰেছৰ চাকৰ নহয়…’: বহিষ্কাৰক লৈ দলক তীব্ৰ আক্ৰমণ আচাৰ্য প্ৰমোদ কৃষ্ণমৰ

কংগ্ৰেছৰ বিৰুদ্ধে সৰব হৈ পৰিছে আচাৰ্য প্ৰমোদ কৃষ্ণম। নেতাগৰাকীয়ে দেওবাৰে কংগ্ৰেছ দলক সমালোচনা কৰি দাবী কৰে যে তেওঁ কেতিয়াও দলটোৰ চাকৰ নহয়। কংগ্ৰেছত তেওঁ কোনো স্থিতি বিচৰা নাই বুলিও প্ৰমোদ কৃষ্ণম মন্তব্য কৰে। উল্লেখ্য কেতবোৰ বিশেষ মন্তব্যৰ পিছত তেওঁক দলৰ পৰা বহিষ্কাৰ কৰা হৈছিল। আচাৰ্য প্ৰমোদ কৃষ্ণমে কয় “মই কংগ্ৰেছ দলৰ চাকৰ নহয় , আৰু মই চাকৰিও বিচৰা নাছিলো। ” তেওঁ লগতে কয়,মোক দলৰ পৰা বহিষ্কাৰ কৰাত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰা কংগ্ৰেছৰ নেতাসকলক মই ধন্যবাদ জনাব বিচাৰো।” কৃষ্ণমে দুখ প্ৰকাশ কৰি কয় যে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ বিৰোধিতা কৰাৰ নামত কংগ্ৰেছ দলে দেশৰ প্ৰতি বিদ্বেষ পোষণ কৰিবলৈ আৰম্ভ কৰিছে।


তেওঁ কয় “ৰাম ৰাজ্যৰ সপোন দেখা প্ৰথম ব্যক্তি আছিল মহাত্মা গান্ধী আৰু প্ৰধানমন্ত্ৰী মোদীয়ে তেওঁৰ সপোন পূৰণ কৰি আছে। যদি প্ৰধানমন্ত্ৰী মোদীয়ে দেশৰ কল্যাণৰ বাবে সিদ্ধান্ত লৈছে, ইয়াক প্ৰশংসা কৰা উচিত। কিন্তু কংগ্ৰেছ দলে প্ৰধানমন্ত্ৰী মোদীক ইমান বেয়া পায় যে এতিয়া তেওঁলোকে সমগ্ৰ দেশকে ঘৃণা কৰিবলৈ আৰম্ভ কৰিছে। এতিয়া, তেওঁলোকে ‘সনাতন’ক মচি পেলাব বিচাৰে, তেওঁলোকে প্ৰধানমন্ত্ৰী মোদীক ইমান বেয়া পায় যে তেওঁলোকে তেওঁক লগ পোৱা যিকোনো লোকক ঘৃণা কৰিবলৈ আৰম্ভ কৰিছে,”। বহিষ্কাৰৰ পিছত কংগ্ৰেছ দলক তীব্ৰ সমালোচনা কৰি কৃষ্ণমে কয় যে তেওঁ ৬ বছৰৰ পৰিৱৰ্তে ১৪ বছৰৰ বাবে বহিষ্কাৰ হ’ব বিচাৰিব, কিয়নো ভগৱান ৰামেও ১৪ বছৰৰ বাবে নিৰ্বাসিত হৈছিল। তেওঁ কয় “যোৱা নিশা সংবাদ মাধ্যমৰ জৰিয়তে মই জানিব পাৰিছিলো যে কংগ্ৰেছ দলে এখন পত্ৰ জাৰি কৰিছে। কেচি বেণুগোপালে পত্ৰখনত কৈছে যে মোক দল বিৰোধী কাৰ্যকলাপৰ বাবে বহিষ্কাৰ কৰা হৈছে। প্ৰথমতে, মোক দলৰ পৰা মুক্ত কৰাৰ বাবে মই কংগ্ৰেছ নেতৃত্বক ধন্যবাদ জনাইছো। ইয়াৰ লগতে, মই তেওঁলোকক সুধিব বিচাৰো যে দলটোৰ বিৰুদ্ধে কি কাৰ্যকলাপ মই কৰিছিলো।” তেওঁ লগতে কয় “দ্বিতীয়তে, মই কংগ্ৰেছ দলক ৬ বছৰৰ পৰিৱৰ্তে ১৪ বছৰৰ বাবে বহিষ্কাৰ কৰিবলৈ কৈছো। ভগৱান ৰামকো ১৪ বছৰৰ বাবে বনবাস দিয়া হৈছিল। ,” দল বিৰোধী কাৰ্যকলাপৰ অভিযোগত বহিষ্কৃত কংগ্ৰেছ নেতাজনে কয়, “ভগৱান ৰামৰ নাম লোৱা বা অযোধ্যালৈ যোৱা বা প্ৰাণ প্ৰতিষ্ঠা অনুষ্ঠানৰ আমন্ত্ৰণ গ্ৰহণ কৰা বা শ্ৰী কল্কি ধামৰ আধাৰশিলা স্থাপন কৰা বা নৰেন্দ্ৰ মোদীক লগ কৰাটো দল বিৰোধী কাৰ্যকলাপ হ’ব পাৰে নেকি?”

তেওঁ কয় “কংগ্ৰেছ দলে বহু সিদ্ধান্ত লৈছিল যাৰ সৈতে মই সন্মত হোৱা নাছিলো, যেনে অনুচ্ছেদ ৩৭০ বাতিলৰ বিৰোধিতা কৰা। কংগ্ৰেছে ইয়াৰ বিৰোধিতা কৰিব নালাগিছিল। কংগ্ৰেছে ডিএমকে নেতাসকলক সমৰ্থন কৰা উচিত নাছিল । কাৰণ তেওঁলোকে সনাতন ধৰ্মক ডেংগু আৰু মেলেৰিয়াৰ সৈতে তুলনা কৰিছিল।’’ তেওঁ লগতে কয় “মই বহু বছৰ ধৰি কংগ্ৰেছৰ জৰিয়তে সংযুক্ত হৈ আছোঁ। ৰাজেশ পাইলটে মোক ৰাজীৱ গান্ধীক লগ কৰিবলৈ বাধ্য কৰিছিল। মই তেতিয়া কৈছিলো যে মই মৰালৈকে কংগ্ৰেছ এৰি নাযাম। মই মোৰ প্ৰতিশ্ৰুতি দিছো। কংগ্ৰেছৰ বহু বিষয় আছিল যাৰ সৈতে মই সন্মত হোৱা নাছিলো। অনুচ্ছেদ ৩৭০, তিনি তালাক বাতিল কৰাৰ দৰে বিষয়ত কংগ্ৰেছে বিৰোধিতা কৰিব নালাগিছিল। দলটোৱে মোক অপমান কৰিবলৈ আৰম্ভ কৰিছিল। মই বহুত অপমানৰ সন্মুখীন হৈছো, তথাপিও মই দল এৰি যোৱা নাছিলো।

ৰাজ্যসভা নিৰ্বাচনঃ বিজেপিয়ে ঘোষণা কৰিলে ১৪ গৰাকী প্ৰাৰ্থীৰ নাম, তালিকাত প্ৰাক্তন কেন্দ্ৰীয় মন্ত্ৰীৰো নাম…

ৰাজ্যসভাৰ নিৰ্বাচন সমাগত। এনেসময়তে কেন্দ্ৰত শাসনত থকা ভাৰতীয় জনতা পাৰ্টীয়ে দেওবাৰে আগন্তুক ৰাজ্যসভা নিৰ্বাচনৰ বাবে ১৪ গৰাকী প্ৰাৰ্থীৰ নাম ঘোষণা কৰিছে। দেশৰ কেইবা খনো ৰাজ্যৰ ৫৬ খন আসনৰ বাবে ২৭ ফেব্ৰুৱাৰীত ৰাজ্যসভাৰ নিৰ্বাচন অনুষ্ঠিত হ’ব। বিজেপিয়ে আজি ঘোষণা কৰা প্ৰাৰ্থী তালিকাত প্ৰাক্তন কেন্দ্ৰীয় মন্ত্ৰী আৰ পি এন সিঙক উত্তৰ প্ৰদেশৰ প্ৰাৰ্থী হিচাপে মনোনীত কৰা হৈছে। লগতে ৰাজ্যসভাৰ বৰ্তমানৰ সাংসদ সুধাংশু ত্ৰিবেদীকো পুৰন প্ৰাৰ্থিত্ব ৱপ্ৰদান কৰা হৈছে।

ৰাজ্যখনৰ পৰা মনোনীত আন সকলৰ ভিতৰত আছে অমৰপাল মৌৰ্য, সাধনা সিং, চৌধুৰী তেজবীৰ সিং, সঙ্গীতা বলৱন্ত আৰু নবীন জৈন। বিহাৰৰ পৰা ধৰ্মশীলা গুপ্তা আৰু ভীম সিঙক মনোনীত কৰা হৈছে। আনহাতে দেৱেন্দ্ৰ প্ৰতাপ সিঙক ছত্তীশগড়ৰ পৰা মনোনীত কৰা হৈছে৷ সুভাষ বাৰালা আৰু নাৰায়ণ কৃষ্ণসা ভাণ্ডেজক ক্ৰমে হাৰিয়ানা আৰু কৰ্ণাটকৰ পৰা মনোনীত কৰা হৈছে৷ মহেন্দ্ৰ ভট্ট আৰু সমিক ভট্টাচাৰ্যক ক্ৰমে উত্তৰাখণ্ড আৰু পশ্চিম বংগৰ পৰা মনোনীত কৰা হৈছে।

অনূৰ্ধ্ব-১৯ ক্ৰিকেট বিশ্বকাপৰ ফাইনেল মেচত টীম ইণ্ডিয়াক পৰাস্ত কৰিলে অষ্ট্ৰেলিয়াই…

অষ্ট্ৰেলিয়াই ডিফেণ্ডিং চেম্পিয়ন ভাৰতক ৭৯ ৰাণত পৰাস্ত কৰি চতুৰ্থটো ১৯ বছৰ অনুৰ্ধ বিশ্বকাপৰ মুকুট লাভ কৰে। দেওবাৰে উইলোম’ৰ পাৰ্কত অনুষ্ঠিত হোৱা ১৯ বছৰ অনুৰ্ধ বিশ্বকাপৰ ফাইনেলত অষ্ট্ৰেলিয়াৰ বিৰুদ্ধে অভিলেখ সৃষ্টি কৰা ৰান চেজত একাধিক বিপৰ্যয়ৰ সন্মুখীন হ’বলগীয়া হয় টিম ইণ্ডিয়াই। দক্ষিণ আফ্ৰিকাত হিউ ৱেইবগেন এণ্ড কোম্পানীক বিশ্বকাপৰ গৌৰৱৰ দিশত অষ্ট্ৰেলিয়াৰ পেচাৰসকলে গাইড কৰাৰ সময়তে মুশ্বীৰ খান (২২), আৰ্শিন কুলকাৰ্ণী (৩), অধিনায়ক উদয় চাহাৰন (৮) আৰু ছুপাৰষ্টাৰ শচীন ধাছে (৯) প্ৰভাৱ পেলাব নোৱাৰিলে। চূড়ান্ত খেলখনত অষ্ট্ৰেলিয়াই ২৫৩৭ ৰানৰ লক্ষ্য দিছিল।

অন্তিমখন খেলত অষ্ট্ৰেলিয়াই ২৫৩৭ ৰানৰ লক্ষ্য দিছিল। টিম ইণ্ডিয়াৰ হৈ অ’পেনাৰ আদৰ্শ সিং (৪৭) আৰু লোয়াৰ অৰ্ডাৰ বেটছমেন মুৰুগন অভিষেকে (৪২) ফাইটিং ন’ক খেলিছিল যদিও তেওঁলোকৰ বেটিং বীৰত্বই ডিফেণ্ডিং চেম্পিয়নক ৪৩.৫ অভাৰত ১৭৪ ৰানলৈহে উন্নীত কৰিছিল। অষ্ট্ৰেলিয়াৰ মাহলী বিয়াৰ্ডমেন আৰু ৰাফ মেকমিলানে ৬টা উইকেট ভাগ কৰাৰ বিপৰীতে ফাইনেলত কেলাম ভিডলাৰে দুটাকৈ আউট কৰে। ভাৰতৰ বিৰুদ্ধে ৭৯ ৰানৰ জয়ৰ জৰিয়তে অষ্ট্ৰেলিয়াই চতুৰ্থটো ১৯ বছৰ অনুৰ্ধ বিশ্বকাপৰ মুকুট লাভ কৰে।

জয়পুৰ আন্তঃৰাষ্ট্ৰীয় কথাছবি মহোৎসৱত ড॰ পাৰ্থসাৰথি মহন্তৰ পৰিচালিত অসম আৰক্ষীৰ ‘ফেঁহুজালি’ প্রশংসিত

ৰাজস্থানৰ জয়পুৰ আন্তঃৰাষ্ট্ৰীয় কথাছবি মহোৎসৱত প্রদর্শিত অসম আৰক্ষীৰ ‘ফেঁহুজালি’ নামৰ চুটি ছবিখন বাৰুকৈয়ে প্রশংসিত হৈছে। ৯ ফেব্ৰুৱাৰীত প্রদর্শিত এই ছবিখনে জয়পুৰ আন্তঃৰাষ্ট্ৰীয় কথাছবি মহোৎসৱত ‘বেষ্ট ছৰ্ট ডকুমেন্টৰী’ বঁটা লাভ কৰিছে। ১৬ সংখ্যক জয়পুৰ আন্তঃৰাষ্ট্ৰীয় কথাছবি মহোৎসৱত এইবেলি ৮২ খন দেশে ২,৯৭১ খন ছবিৰে অংশগ্রহণ কৰিছে।

ইয়াৰে ভিতৰত ৬৭ খন দেশৰ ৩২৬ খন ছবিয়ে পৰৱৰ্তী পর্যায়লৈ ‘নমিনেচন’ লাভ কৰে। আন্তঃৰাষ্ট্ৰীয় কথাছবি মহোৎসৱখনত শেষত ১৯ খন দেশৰ ৭১ খন ছবিহে বাছনিত উঠে। ইয়াৰে ভিতৰত স্থান পাইছে অসম আৰক্ষীৰ ‘ফেঁহুজালি’য়ে।

আৰক্ষী সঞ্চালক প্রধান জি পি সিঙৰ প্রযোজনা আৰু উপ মহা পৰিদৰ্শক ড॰ পার্থসাৰথি মহন্তৰ পৰিচালনাৰে নির্মিত ‘ফেঁহুজালি’ত ভুৱা প্রলোভনৰ চিকাৰ হৈ অবাটে যোৱা এচাম যুৱকে সন্ত্রাসবাদী সংগঠনত যোগদান কৰাৰ পিচৰ অধ্যায় দাঙি ধৰা হৈছে।

৯ ফেব্ৰুৱাৰীত প্রদর্শিত এই ছবিখন উপভোগ কৰি পদ্মশ্রী ড॰ মায়া টেগুন প্রমুখ্যে কথাছবি সমালোচকসকলে প্রশংসা কৰে। ফেঁহুজালিৰ এই সফলতা অসম আৰক্ষীৰ বাবে এক গৌৰৱৰ বিষয় হিচাপে বিবেচিত হৈছে।

ৰাষ্ট্ৰীয় জুনিয়ৰ, ছাব-জুনিয়ৰ কায়াকিং আৰু কেনয়িং প্ৰতিযোগিতাত মৰিগাঁৱৰ বিক্ৰম জ্যোতি কোঁৱৰ আৰু দৰ্শন বৰদলৈৰ ৰূপ অৰ্জন

মধ্যপ্ৰদেশৰ ভূপালত ৯ ফেব্ৰুৱাৰীৰ পৰা ১২ ফেব্ৰুৱাৰীলৈ অনুষ্ঠিত ৩৪ সংখ্যক ৰাষ্ট্ৰীয় জুনিয়ৰ, ছাব-জুনিয়ৰ কায়াকিং আৰু কেনয়িং প্ৰতিযোগিতাত মৰিগাঁও জিলাৰ দুগৰাকীয়ে সুনাম অৰ্জন কৰিছে।

খেলুৱৈ দুগৰাকীয়ে এই ৰাষ্ট্ৰীয় প্ৰতিযোগিতাখনত ৰূপৰ পদক অৰ্জন কৰি জিলা তথা ৰাজ্যখনলৈ গৌৰৱ কঢ়িয়াই আনিছে। অসম দলৰ হৈ প্ৰতিদ্বন্দ্বিতা কৰা মৰিগাঁও জিলাৰ বিক্ৰম জ্যোতি কোঁৱৰ আৰু দৰ্শন বৰদলৈয়ে ৫০০ মিটাৰ কে-২ শাখাত ৰূপৰ পদক অৰ্জন কৰে।

মৰিগাঁৱৰ জিলা আয়ুক্ত দেৱাশীষ শৰ্মাই দুয়োগৰাকী খেলুৱৈৰ এই সাফল্যৰ বাবে অভিনন্দন জ্ঞাপন কৰাৰ লগতে ব্যাপক প্ৰত্যাহ্বানৰ মাজতো জিলিকি উঠা খেলুৱৈ দুগৰাকীক শুভেচ্ছা জ্ঞাপন কৰিছে। উল্লেখ্য যে মৰিগাঁও জিলাৰ ঔজাৰিৰ বাসিন্দা বিক্ৰম জ্যোতি আৰু দৰ্শনে ২০২২ চনৰ পৰাই জিলাখনৰ ঔজাৰিত থকা কায়াকিং আৰু কেনয়িং প্ৰশিক্ষণ কেন্দ্ৰত প্ৰশিক্ষক অনন্ত বৰঠাকুৰৰ তত্বাৱধানত প্ৰশিক্ষণ গ্ৰহণ কৰি আহিছে।

বৰ্তমান ভূপালত থকা প্ৰশিক্ষক অনন্ত বৰঠাকুৰে দুয়োগৰাকী খেলুৱৈৰ এই সাফল্যত সন্তুষ্টি প্ৰকাশ কৰাৰ লগতে খেলুৱৈ দুগৰাকীক অভিনন্দন জ্ঞাপন কৰিছে । বৰঠাকুৰে কয় যে সোমবাৰেও দুয়োগৰাকী খেলুৱৈয়ে ২০০ মিটাৰ কে-১, কে-২ আৰু কে-৪ শাখাত অৱতীৰ্ণ হ’ব।

এই প্ৰতিযোগিতাত মুঠ ২৪ খন ৰাজ্যই প্ৰতিদ্বন্দ্বিতা কৰিছে। খেলুৱৈ দুগৰাকীয়ে ইয়াৰ পূৰ্বেও ভূপালত অনুষ্ঠিত ৩২ সংখ্যক ৰাষ্ট্ৰীয় কায়াকিং আৰু কেনয়িং প্ৰতিযোগিতাত এটা সোণ আৰু দুটা ব্ৰঞ্জৰ পদক অৰ্জন কৰিছিল। আনহাতে ২০২২ চনতে খেলো ইণ্ডিয়া কোৱালিফায়িং প্ৰতিযোগিতাত খেলুৱৈ দুগৰাকীয়ে দুটা ব্ৰঞ্জৰ পদক অৰ্জন কৰিছিল ।

ভেলেণ্টাইন দে’ৰ প্ৰাকক্ষণত উৎপল বণিয়াই মুকলি কৰিলে ‘সিঁচি দিয়া ভালপোৱা’ শীৰ্ষক গীত

ডি পি প্ৰডাকশ্যনৰ বেনাৰত প্ৰযোজিত “সিঁচি দিয়া ভালপোৱা” শীৰ্ষক এটি গীত দেওবাৰে বিয়লি উদ্বোধন কৰে সমাজকৰ্মী, কবি, যুৱ উদ্যোগী উৎপল বণিয়াই।

প্ৰাঞ্জল কুমাৰ মহন্তৰ কথা, কানু কন্দলীৰ সুৰেৰে দীপান্বিতা গোস্বামী আৰু কানু কন্দলীৰ কণ্ঠেৰে গীতটো মুকলি কৰি উৎপল বণিয়াই অসমৰ সংগীত জগতলৈ এয়া এক মধুৰ উপহাৰ বুলি মত প্ৰকাশ কৰে। বহু তৰল কথা আৰু সংগীতৰ ধামখুমীয়াই অসমীয়া সংগীত জগতত মাজে মাজে তোলপাৰ লগাই থকা সময়ত এনে শালীন আৰু সুশীল গীতৰ কথাই অসমীয়া সংগীত জগতলৈ আশাৰ বতৰা কঢ়িয়াই আনিছে বুলি কয়।

ফুলগুৰিৰ শিল্পী, সমাজকৰ্মী দিব্যজ্যোতি মেধিৰ চোতালত অনুষ্ঠিত এটি অনুষ্ঠানত যুৱ সমাজকৰ্মী উৎপল বণিয়াৰ লগতে শিল্পী-গীতিকাৰ, সুৰকাৰ দীপাংকৰগিৰি, কণ্ঠশিল্পী অভিজিৎ ৰাগ, ভাস্কৰ ৰাজীৱ কুমাৰ মহন্ত, দিব্যজ্যোতি মেধিয়ে উদ্বোধন কৰা গীতটিক লৈ উপস্থিত অতিথিসকলে আশা প্ৰকাশ কৰে।

গীতটিৰ সংগীত ব্যৱস্থা অমল কিশোৰ ডেকা। ষ্টুডিঅ’ পিটচ এণ্ড হাৰ্মনি (পাপলি)ত বাণীবদ্ধ হোৱা গীতটিৰ মুকলি অনুষ্ঠানত উপস্থিত থাকি দিব্যজ্যোতি মেধিয়ে গীতটোৰ যোগেদি শ্ৰোতাই এক নতুন মাদকতা লাভ কৰিব বুলি মত প্ৰকাশ কৰে।

গুৱাহাটীত যুৱ সাংবাদিক সন্থা অসমৰ প্ৰতিষ্ঠা দিৱসত ৭গৰাকী সাংবাদিকক বঁটা আৰু সন্মান প্ৰদান

যুৱ সাংবাদিক সন্থা অসমৰ ষষ্ঠ বাৰ্ষিক প্ৰতিষ্ঠা দিৱস আৰু বঁটা প্ৰদান অনুষ্ঠান দেওবাৰে গুৱাহাটীৰ অসম সাহিত্য সভা ভৱনৰ নেহা আগৰৱালা সোঁৱৰণি সভা কক্ষত অনুষ্ঠিত হয়। সংগঠনটোৰ মূখ্য উপদেষ্টা বুবুল হাজৰিকাই আঁত ধৰা অনুষ্ঠানটোত উদ্দেশ্য ব্যাখ্যা কৰে সাধাৰণ সম্পাদক কাঞ্চনজ্যোতি গোহাইয়ে৷ কাৰ্যসূচী অনুসৰি পুৱা পতাকা উত্তোলন কৰে সন্থাৰ সভাপতি চন্দন দাসে আৰু শ্বহীদ তৰ্পণ কাৰ্যসূচী মুকলি কৰে সাধাৰণ সম্পাদক কাঞ্চনজ্যোতি গোহাইয়ে৷

তাৰ পাছত অনুষ্ঠিত বঁটা প্ৰদান আৰু সম্বৰ্ধনা অনুষ্ঠানত বিশিষ্ট সাংবাদিক বৈকুণ্ঠনাথ গোস্বামীক ‘জীৱনযোৰা সাধনা বঁটা’, ‘আমাৰ অসম’ কাকতৰ কাৰ্যবাহী সম্পাদক গৌতম শৰ্মাক ‘সংবাদ শিৰোমণি সন্মান’, নিয়মীয়া বাৰ্তা কাকতৰ জ্যেষ্ঠ উপ- সম্পাদক ৰূপাংকৰ ডেকাক ‘শ্ৰেষ্ঠ বাতৰি সম্পাদনা সন্মান’, অসমীয়া প্ৰতিদিনৰ জ্যেষ্ঠ সাংবাদিক ধ্ৰুৱজ্যোতি পাঠকক ‘শ্ৰেষ্ঠ প্ৰিন্ট মিডিয়া সন্মান’, ডিৱাই ৩৬৫ ৰ মৃদুস্মিতা ভূঞাক ‘শ্ৰেষ্ঠ ইলেক্ট্ৰনিক মিডিয়া সন্মান’, প্ৰতিদিন টাইমৰ বাতৰি পৰিৱেশিকা জুবি শইকীয়াক ‘শ্ৰেষ্ঠ বাতৰি পৰিৱেশিকা সন্মান’ আৰু নিউজ লাইভৰ স্বপ্নশ্ৰী গোস্বামীক ‘শ্ৰেষ্ঠ ভিডিঅ’ সাংবাদিকতা সন্মান’ প্ৰদান কৰা হয়৷

বঁটাপ্ৰাপক সকলক ফুলাম গামোছা, স্মাৰক, ফুলাম জাপি, মানপত্ৰ প্ৰদান কৰা হয়। অনুষ্ঠানত মূখ্য অতিথি হিচাপে উপস্থিত থাকি নিয়মীয়া বাৰ্তা কাকতৰ সম্পাদক নৰেশ কলিতাই কয়- নতুন প্ৰজন্মৰ পঢ়ুৱৈৰ সৃষ্টিৰ ক্ষেত্ৰত সকলোৱে ব্যৱস্থা গ্ৰহণ কৰিব লাগিব। তথ্য প্ৰযুক্তিৰ দিশত সংবাদ মাধ‍্যম যথেষ্ট প্ৰসাৰিত হৈছে। ছপা মাধ্যমৰ গুৰুত্ব কমিছে বুলি নাভাবোঁ। অন্যহাতে পৰ্টেল চেনেলৰ সদনাম যিমান আছে তাতকৈ বদনাম বহু বেছি৷ ভুলবোৰ শুধৰণি কৰিব লাগিব তেতিয়াহে ভাল হ’ব৷ লগতে বঁটা প্ৰাপক সকলক শুভেচ্ছা জনালোঁ।’

ইফালে বঁটা গ্ৰহণ কৰি বিশিষ্ট সাংবাদিক বৈকুণ্ঠনাথ গোস্বামীয়ে কয়-সাংবাদিকৰ বাবে ৱেজ বোর্ডৰ দাবী কৰাৰ কোনো অৰ্থ নোহোৱা হৈছে এতিয়া। তুলনামুকলভাৱে শিক্ষিতৰ হাৰ যিমান বাঢ়িছে সেই অনুসৰি বাতৰি কাকতৰ প্ৰচলন বঢ়া নাই। নতুন প্ৰজন্মৰ বাতৰিকাকতৰ প্রতি আকৰ্ষণ কমি যোৱাটো উদ্বেগৰ বিষয়। এজন সাংবাদিকে ওৰে জীৱন মানসিকভাৱে সাংবাদিক হিচাপে থাকে। এতিয়া মহাসংকটৰ মাজেৰে প্ৰিন্ট মিডিয়া আগবাঢ়িছে।’

অন্যহাতে বঁটা গ্ৰহণ কৰি ‘আমাৰ অসম’ৰ কাৰ্যবাহী সম্পাদক, বিশিষ্ট গীতিকাৰ গৌতম শর্মাই কয়- সন্থাৰ মৰম গ্ৰহণ কৰিলোঁ। সাংবাদিকতা মই নৱম শ্ৰেণীতে আৰম্ভ কৰিছিলোঁ। ১৯৯৭ চনত মই ‘আমাৰ অসম’ত কাকতত যোগদান কৰোঁ। সাংবাদিক হিচাপে মই সুখী। এজন মানুহ ভাল হ’ব পাৰে জনপ্ৰিয় নহ’বও পাৰে৷ কেৱল জনপ্ৰিয়তা থাকিলে নহ’ব ভাল সাংবাদিক দক্ষ নহলে কনিষ্ঠ সকলে অনুসৰণ নকৰে। দক্ষতা থাকিলেহে সাংবাদিকতাৰ ক্ষেত্ৰখন উন্নত হ’ব। অদক্ষতা আৰু দুৰ্নীতিগ্ৰস্ততা সাংবাদিকতাৰ হেঙাৰ।

অসমীয়া ভাষা নাজনিলে অসমীয়া কাকত, চেনেল চলি নাথাকিব। সাংবাদিকতাৰ ভাল দিন ভাল হৈ থাকক। আমি অসমীয়া ভাষাটো জীয়াই ৰাখিব লাগিব। সততা আৰু দক্ষতাৰে কাম কৰিব লাগিব। ভাষা, সাহিত্য, সংস্কৃতিৰ প্ৰতি সকলোৱে দায়বদ্ধ হওঁক। সুস্থভাৱে সাংবাদিকতা বৰ্তি থাকক। সন্থাৰ এই প্ৰচেষ্টা শলাগ ল’বলগীয়া। সন্থাক মোৰ শক্তি অনুসৰি সহায় কৰি যাম।’

অনুষ্ঠানত উপস্থিত থাকি গুৱাহাটী প্ৰেছ ক্লাবৰ সভাপতি সুস্মিতা গোস্বামীয়ে কয়-যি পদক্ষেপ লৈ আগবাঢ়ি অহা বাবে ধবাবাদ জনালোঁ। অসমৰ বিভিন্ন ঠাইৰ পৰা আহি তেওঁলোকে সংগঠিত হৈছে। সাধাৰণতে কেৱল জ্যেষ্ঠজনকহে আগবঢ়াই নিয়া দেখা যায়। নতুন প্ৰজন্মৰ সাংবাদিকখিনিক আগবঢ়াই নিয়াত সহায় কৰিব লাগে। এই ক্ষেত্ৰত সন্থাই আগভাগ লোৱা উচিত।’

অনুষ্ঠানত অন্যান্য বঁটা প্ৰাপকসকলে চমু বক্তব্য আগবঢ়োৱাৰ লগতে সন্থাক ধন্যবাদ জনায়। অনুষ্ঠানত মুখ্য অতিথি হিচাপে নিয়মীয়া বাৰ্তা কাকতৰ সম্পাদক নৰেশ কলিতা, গুৱাহাটী প্ৰেছ ক্লাৱৰ সভাপতি সুস্মিতা গোস্বামী, সাধাৰণ সম্পাদক সঞ্জয় ৰায়, অসম জাতীয়তাবাদী যুৱ পৰিষদৰ সম্পাদক উদয়ণ কুমাৰ গগৈ, সদৌ অসম চৰকাৰী এনপিএছ কৰ্মচাৰী সন্থাৰ ৰাজ্যিক সাংগঠনিক সম্পাদক পিঞ্জুমনি শইকীয়া, বিশ্ব হিন্দু মহাসংঘৰ উত্তৰ পূৱৰ প্ৰভাৰী লীমা মহন্ত, জ্যেষ্ঠ ফটো সাংবাদিক মহেশ চৌধুৰী, সাংবাদিক হেমন্ত বৰা, বনজিৎ ঠাকুৰীয়া, অনুপমা ডেকা, ৰঞ্জিত পাটগিৰিৰ লগতে কেইবাগৰাকী উপস্থিত বিশিষ্ট ব্যক্তিক ফুলাম গামোছা, স্মাৰক, ফুলৰ থোপা আদিৰে সম্ভাষণ জনায়। অনুষ্ঠানত শলাগৰ শৰাই আগবঢ়াই সন্থাৰ সভাপতি চন্দন দাসে৷ অনুষ্ঠানত আশ্বাস আয়ুস্মানে গীত পৰিৱেশন কৰি সকলোকে আপ্লুত কৰে৷ অনুষ্ঠানত সন্থাৰ বহু সংখ্যক সদস্য উপস্থিত থাকে।