Home Blog Page 1055

মহানগৰীৰ চানমাৰিত বাইক-চাৰিচকীয়া বাহনৰ মুখামুখি সংঘৰ্ষ, আহত এজন…

গুৱাহাটী মহানগৰীৰ চানমাৰিত পথ দুৰ্ঘটনা।

বাইক আৰু চাৰিচকীয়া বাহনৰ মুখামুখি সংঘৰ্ষ।

দুৰ্ঘটনাত গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত বা‌ইক আৰোহী।

আঘাত‌প্ৰাপ্ত বাইক আৰোহী জনক চিকিৎসালয় লৈ প্ৰেৰণ।

ঘটনাস্থলীত আৰক্ষী উপস্থিত।

দূৰ্ঘটনাগ্ৰস্ত চাৰিচকীয়া বাহনখনৰ নম্বৰ AS01 EX 6057।

বাইকখনৰ‌ নম্বৰ AS 01 F0274।

অন্ধবিশ্বাসৰ ভয়াৱহ পৰিণতিঃ মধ্য প্ৰদেশ তান্ত্ৰিকে বলি দিলে এজনক…

সমগ্ৰ দেশতে যেন অন্ধবিশ্বাসে ত্ৰাসৰ সৃষ্টি কৰিছে। মধ্য প্ৰদেশৰ চিংৰাউলি জিলাত সংঘটিত হৈছে অন্ধবিশ্বাসৰ এক ভয়াৱহ ঘটনা। অন্ধবিশ্বাসৰ বাবেই এজন ব্যক্তিৰ জীৱন চিৰদজিনৰ বাবে হেৰাই গৈছে। এই চাঞ্চল্যকৰ ঘটনাটো জিলাখনৰ চিত্ৰাংগী আৰক্ষী থানা অঞ্চলৰ সুদা গাঁৱত ঘটিছে। গুনিয়া নামৰ এজন তান্ত্ৰিকক সুদা গাঁৱত জৰা-ফুকা কৰিবলৈ মাতি অনা হৈছিল।

তান্ত্ৰিক জনে ৰামচন্দ্ৰ পানীকা নামৰ এজন অসুস্থ ব্যক্তিক ৰোগৰ পৰা মুক্ত কৰিবলৈ জৰা-ফুকা কৰিছিল। তান্ত্ৰিকজনে ৰামচন্দ্ৰ পানীকাক মূৰ তললৈ কৰি সেৱা কৰিবলৈ কৈছিল। লোকজনে মূৰ তললৈ কৰি সেৱা কৰাৰ লগে লগে তান্ত্ৰিকে তীক্ষ্ণ অস্ত্ৰে তেওঁৰ ডিঙিত আঘাত কৰিছিল।ফলত লোকজনৰ মূৰতে দেহৰ পৰি বিচ্ছিন্ন হৈ পৰে। ৰামচন্দ্ৰৰ ঘটনাস্থলীতে মৃত্যু ঘটাৰ ঘটনা প্ৰত্যক্ষ কৰি আতংকিত হৈ পৰে তাত সমবেত লোকসকল। ঘটনাটো সংঘটিত কৰিয়েই গুনিয়া নামৰ তান্ত্ৰিকজনে তেওঁৰ নিজৰ গাওঁ গাৰ্ডিলৈ পলাই যায়। ঘটনাসন্দৰ্ভত খবৰ পোৱাৰ পিছতে চিত্ৰাংগী আৰক্ষী থানাৰ আৰক্ষী ঘটনাস্থলীত উপস্থিত হৈ তদন্ত আৰম্ভ কৰে আৰু মৃতদেহটো মৰণোত্তৰ পৰীক্ষাৰ বাবে চিকিৎসালয়লৈ প্ৰেৰণ কৰে। একে সময়তে আৰক্ষীৰ এটা দল অভিযুক্তৰ ঘৰত উপস্থিত হৈভণ্ড তান্ত্ৰিক জনক গ্ৰেপ্তাৰ কৰে।

আৰক্ষীয়ে প্ৰকাশ কৰা মতে অভিযুক্ত তান্ত্ৰিক জন মৃত ৰামচন্দ্ৰ পানীকাৰৰ আত্মীয় হ’ব পাৰে। ৰামচন্দ্ৰৰ স্বাস্থ্যৰ কেইবাদিনো ধৰি অৱনতি ঘটিছিল। তেওঁৰ জৰা-ফুকা কৰিবলৈ ৰামচন্দ্ৰৰ ডাঙৰ ভায়েকৰ পুত্ৰই গুনিয়াক মাতিবলৈ গাৰ্ডিলৈ গৈছিল। কোৱা হৈছে যে অগ্নিকুণ্ডৰ সন্মুখত তান্ত্ৰিক গুনিয়াই নৈবেদ্য হিচাপে সুৰা গ্ৰহণ আগবঢ়াইছিল আৰু পিছত সেই সুৰা পান কৰিছিল। তাৰ পিছতেই তান্ত্ৰিক জনে ৰামচন্দ্ৰক বলি দিয়ে।

আজি গোৱাত ‘ভাৰত শক্তি সপ্তাহ ২০২৪’ উদ্বোধন প্ৰধানমন্ত্ৰী মোদীৰ…

প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আজি গোৱা ভ্ৰমণ কৰে। পুৱা প্ৰায় ১০:৩০ বজাত প্ৰধানমন্ত্ৰীয়ে ‘অ’এনজিচি ছী ছাৰ্ভাইভেল চেণ্টাৰ’ উদ্বোধন কৰে। পুৱা প্ৰায় ১০:৪৫ বজাত তেওঁ ‘ভাৰত শক্তি সপ্তাহ ২০২৪’ উদ্বোধন কৰে। তাৰ পিছত, বিয়লি প্ৰায় ২:৪৫ বজাত তেওঁ ‘বিকশিত ভাৰত, বিকশিত গোৱা ২০৪৭’ কাৰ্যসূচীত অংশগ্ৰহণ কৰিব।শক্তিৰ প্ৰয়োজনীয়তা পূৰণৰ ক্ষেত্ৰত আত্মনিৰ্ভশীলতা অৰ্জন কৰাত প্ৰধানমন্ত্ৰীয়ে সদায়ে গুৰুত্ব প্ৰদান কৰি আহিছে। এই দিশত আন এক পদক্ষেপ হিচাপে ‘ভাৰত শক্তি সপ্তাহ ২০২৪’ শীৰ্ষক কাৰ্যক্ৰমটো ৬ ৰ পৰা ৯ ফেব্ৰুৱাৰীলৈকে গোৱাত অনুষ্ঠিত হ’ব। ই হ’ব ভাৰতৰ সৰ্ববৃহৎ আৰু একমাত্ৰ সৰ্বাত্মক শক্তি প্ৰদৰ্শনী আৰু সন্মিলন, যি সমগ্ৰ শক্তিখণ্ডৰ মূল্য-শৃংখলাক একত্ৰিত কৰিব, আৰু ভাৰতৰ শক্তি পৰিৱৰ্তনৰ লক্ষ্যৰ বাবে অনুঘটক হিচাপে কাম কৰিব। প্ৰধানমন্ত্ৰীয়ে তেল আৰু গেছখণ্ডৰ গোলকীয় প্ৰতিষ্ঠানসমূহৰ মুখ্য কাৰ্যবাহী বিষয়া আৰু বিশেষজ্ঞসকলৰ সৈতে এক ঘূৰণীয়া মেজমেলত মিলিত হ’ব।

‘ষ্টাৰ্টআপ’সমূহক উৎসাহিত কৰা, প্ৰশিক্ষণ দিয়া আৰু সেইসমূহক শক্তি মূল্য-শৃংখলাত একত্ৰিত কৰাটো ‘ভাৰত শক্তি সপ্তাহ ২০২৪’-ৰ বাবে এক গুৰুত্বপূৰ্ণ লক্ষ্য হ’ব। ইয়াত বিভিন্ন দেশৰ প্ৰায় ১৭ গৰাকী শক্তি মন্ত্ৰী, ৩৫,০০০ৰৰো অধিক অংশগ্ৰহণকাৰী আৰু ৯০০ ৰো অধিক প্ৰদৰ্শকে অংশগ্ৰহণ কৰিব বুলি আশা কৰা হৈছে। এই কাৰ্যক্ৰমত – কানাডা, জাৰ্মানী, নেডাৰলেণ্ড, ৰাছিয়া, ইউকে আৰু আমেৰিকা যুক্তৰাজ্যৰ ৬টা ‘পেভিলিয়ন’ থাকিব। ভাৰতীয় ‘এমএছএমই’সমূহে শক্তিখণ্ডত নেতৃত্ব দি থকা উদ্ভাৱনী সমাধানসমূহ প্ৰদৰ্শন কৰাৰ বাবে এটা বিশেষ ‘মে’ক ইন ইণ্ডিয়া পেভিলিয়ন’ৰো আয়োজন কৰা হৈছে।

নতুন দিল্লী সম্পন্ন হ’ল ড’নাৰ-ৰ উদ্যোগত আয়োজিত উত্তৰ -পূব সন্মিলন…

নতুন দিল্লীৰ ‘ড০ আম্বেদকাৰ আন্তঃৰাষ্ট্ৰীয় কেন্দ্ৰ’ত ‘উত্তৰ-পূব সন্মিলন’ অনুষ্ঠিত হয়। অনুষ্ঠানটোত উত্তৰ-পূৰ্বাঞ্চল উন্নয়ণ বিভাগ, সংস্কৃতি তথা পৰ্যটন উন্নয়ন দপ্তৰৰ মন্ত্ৰী শ্ৰী জি কিষাণ ৰেড্ডী, কেন্দ্ৰীয় ‘ধৰিত্ৰী বিজ্ঞান’ দপ্তৰৰ মন্ত্ৰী কিৰেন ৰিজিজু, উত্তৰ-পূৰ্বাঞ্চল উন্নয়ণ বিভাগ আৰু সমবায় উন্নয়ন বিভাগৰ ৰাজ্যমন্ত্ৰী বি এল বাৰ্মা, কেন্দ্ৰীয় সামাজিক ন্যায় আৰু সৱলীকৰণ ৰাজ্যিকমন্ত্ৰী প্ৰতিমা ভৌমিক আৰু কেন্দ্ৰীয় বৈদেশিক পৰিক্ৰমা আৰু শিক্ষা ৰাজ্যিকমন্ত্ৰী ৰাজকুমাৰ ৰঞ্জন সিঙে অংশগ্ৰহণ কৰে। উত্তৰ-পূৰ্বাঞ্চলৰ সাংসদ আৰু উত্তৰ-পূৰ্বাঞ্চলৰ ৰাজ্যসমূহৰ বিধায়কসকলেও অনুষ্ঠানটোত অংশগ্ৰহণ কৰে। অনুষ্ঠানটোত উত্তৰ-পূৰ্বাঞ্চলৰ বিভিন্ন দায়িত্ববাহী বিষয়াসকল উপস্থিতি থাকে। এই সমাৱেশত দিল্লীৰ বিভিন্ন প্ৰতিষ্ঠানত অধ্যয়ন কৰি থকা উত্তৰ-পূৰ্বাঞ্চলৰ যথেষ্ট সংখ্যক শিক্ষাৰ্থীকে ধৰি ১০০০ গৰাকী দৰ্শকে অংশগ্ৰহণ কৰিছিল। মহিলাসকলৰ সৱলীকৰণৰ ক্ষেত্ৰত গ্ৰহণ কৰা প্ৰভাৱশালী প্ৰয়াসৰ বাবে ‘পদ্মশ্ৰী’ সন্মান প্ৰাপক শ্ৰীমতী চাংখুমী বুৱালচুৱাকৰ উপস্থিতিয়ে এই অনুষ্ঠানত এক উল্লেখযোগ্য মাত্ৰা সংযোজিত কৰে।

মন্ত্ৰীসকলৰ দ্বাৰা বাবা চাহেব আম্বেদকাৰক শ্ৰদ্ধাঞ্জলি জনাই কাৰ্যক্ৰম আৰম্ভ কৰা হয়। মন্ত্ৰীসকলে ‘ভাৰ্চুৱেল’ মাধ্যমেৰে দ্বাৰকাত ‘উত্তৰ-পূব সাংস্কৃতিক আৰু সামাজিক প্ৰতিষ্ঠান’ৰ আধাৰশিলা স্থাপন কৰাৰ লগতে নতুন দিল্লীৰ ‘জেএনইউ’-ত ‘বৰাক হোষ্টেল’ উদ্বোধন কৰে। দ্বাৰকাত স্থাপন কৰিব খোজা ‘উত্তৰ-পূব সাংস্কৃতিক আৰু সামাজিক প্ৰতিষ্ঠান’ত ১১৬.৩৮ কোটি টকা ব্যয়ৰে এটা প্ৰেক্ষাগৃহ, উত্তৰ-পূৰ্বাঞ্চলকেন্দ্ৰিক তথ্য-পাতি সম্বলিত এটা পুথিভঁৰাল-তথা পঢ়া কোঠা, অঞ্চলটোৰ শিল্প-কলা প্ৰদৰ্শন কৰা এটা কলা বিথিকা, এটা প্ৰদৰ্শনী গৃহ, গৱেষণা কেন্দ্ৰ, বিক্ৰী কেন্দ্ৰ আৰু এটা অতিথিশালা নিৰ্মাণ কৰা হ’ব। কেন্দ্ৰটোত ৰাজ্যিক হস্ততাঁত শিল্পৰ প্ৰদৰ্শন, ‘ফুড কোৰ্ট’ আৰু প্ৰদৰ্শনীৰ স্থানৰ দৰে সা-সুবিধাৰো ব্যৱস্থা থাকিব। নতুন দিল্লীৰ ‘জেএনইউ’-ত উত্তৰ-পূবৰ শিক্ষাৰ্থীসকলৰ বাবে স্থাপন কৰা ‘বৰাক হোষ্টেল’ৰ নিৰ্মাণত প্ৰায় ২৮.৬৭৫ কোটি টকা ব্যয় কৰা হৈছে, য’ত আধুনিক সুবিধাৰ লগতে ছাত্ৰ আৰু ছাত্ৰী দুয়োৰে বাবে ২১৪টা কোঠা আছে, এই নিবাসে উত্তৰ-পূৰ্বাঞ্চলৰ অধিক সংখ্যক শিক্ষাৰ্থীৰ বাবে আবাসৰ সুবিধা বৃদ্ধি কৰিব বুলি আশা কৰা হৈছে।

সন্মিলনত ভাষণ প্ৰদান কৰি কেন্দ্ৰীয় উত্তৰ-পূব অঞ্চল, সংস্কৃতি আৰু পৰ্যটন উন্নয়ন দপ্তৰৰ মন্ত্ৰী জি কিষাণ ৰেড্ডীয়ে কয় যে উত্তৰ-পূব সন্মিলন হৈছে উত্তৰ-পূৰ্বাঞ্চলৰ সীমাহীন সম্ভাৱনা আৰু সমৃদ্ধ সাংস্কৃতিক পটলিপি প্ৰদৰ্শন কৰাৰ এক সুন্দৰ সুযোগ। তেওঁ লগতে কয় যে শেহতীয়া ১০টা বছৰত ভাৰত চৰকাৰে উত্তৰ-পূৰ্বাঞ্চলৰ উন্নয়নৰ বাবে ৫ লাখ কোটি টকা ব্যয় কৰিছে আৰু সামগ্ৰিক উন্নয়নৰ জৰিয়তে অঞ্চলটোৰ সকলো খণ্ডতে উন্নয়নমূলক প্ৰকল্পসমূহ বিয়পি পৰিছে। অঞ্চলটোত জনসাধাৰণৰ স্বাস্থ্যসেৱাৰ প্ৰয়োজনীয়তাৰ প্ৰতি বিশেষ গুৰুত্ব প্ৰদান কৰি অত্যাধুনিক কৰ্কট চিকিৎসালয় স্থাপন কৰাৰ দিহা কৰা হৈছে। এই পদক্ষেপে অঞ্চলটোৰ জনসাধাৰণে ভ্ৰমণৰ ক্ষেত্ৰত সন্মুখীন হ’বলগীয়া হোৱা সমস্যাৰ পৰা পৰিত্ৰাণ পোৱাৰ সুযোগ দিয়াৰ লগতে উন্নত মানৰ সুবিধা লাভ কৰিবলৈও সক্ষম কৰিব। তেওঁ উত্তৰ-পূৰ্বাঞ্চলত শিক্ষা, স্বাস্থ্যসেৱা, কৃষি আৰু নিয়োগ সম্ভাৱনা সৃষ্টিৰ ক্ষেত্ৰত গুৰুত্বপূৰ্ণ বিনিয়োগকে ধৰি যোৱা দশকটোত সম্ভৱ হোৱা সাফল্যসমূহৰ তথ্য দাঙি ধৰে। মুখ্য প্ৰকল্পসমূহ হৈছে শিক্ষানুষ্ঠানৰ পৰা আৰম্ভ কৰি স্বাস্থ্যসেৱা সুবিধা, ক্ৰীড়া আন্তঃগাঁথনি, আৰু আন্তঃৰাষ্ট্ৰীয় সংযোগ প্ৰকল্প যেনে ‘কালাদান মাল্টি মডেল ট্ৰাঞ্জিট পৰিবহন প্ৰকল্প’ আৰু ‘ত্ৰিপাক্ষিক ঘাইপথ প্ৰক’ল্প, যি হৈছে আঞ্চলিক সহযোগিতাৰ প্ৰতীক। ‘উত্তৰ-পূব সন্মিলন’ত উপস্থিত থকা দৰ্শকসকলক সম্বোধন কৰি কেন্দ্ৰীয় ৰাজ্যমন্ত্ৰী শ্ৰী বি এল বাৰ্মাই উল্লেখ কৰে যে প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীজীয়ে কেৱল ৰাষ্ট্ৰৰ উন্নয়নত উত্তৰ-পূৰ্বাঞ্চলৰ গুৰুত্বপূৰ্ণ ভূমিকাকে স্বীকৃতি প্ৰদান কৰা নই, বৰঞ্চ ৰাষ্ট্ৰীয় সমৃদ্ধিৰ লগতে ৰাষ্ট্ৰীয় প্ৰাথমিকতা নিৰ্ধাৰণৰ বিস্তৃত মঞ্চও গঢ়ি তুলিছে। এই গুৰুত্বই অঞ্চলটোৰ উন্নতি আৰু দেশৰ সামগ্ৰিক বিকাশ, বিশেষকৈ ‘অষ্ট লক্ষ্মী’-ৰ আঞ্চলিক উন্নয়নৰ বাবে কাৰ্যকৰী শাসন আৰু পদক্ষেপক উত্সাহিত কৰা বাবে এক সমৰ্পিত প্ৰতিশ্ৰুতিবদ্ধতাকে সূচায়।

কেন্দ্ৰীয় ‘ধৰিত্ৰী বিজ্ঞান’ দপ্তৰৰ মন্ত্ৰী শ্ৰী কিৰেন ৰিজিজুৱে তেওঁৰ ভাষণত উত্তৰ-পূবৰ ছাত্ৰ-ছাত্ৰীসকলৰ বাবে ‘জেএনইউ’-ত ‘বৰাক হোষ্টেল’ৰ গুৰুত্বপূৰ্ণ শুভাৰম্ভ আৰু নতুন দিল্লীৰ দ্বাৰকাত ‘উত্তৰ-পূব সংস্কৃতি আৰু সামাজিক প্ৰতিষ্ঠান’ৰ আধাৰশিলা স্থাপনৰ সাক্ষী হৈ উত্তৰ-পূৰ্বাঞ্চলৰ জনসাধাৰণক আন্তৰিক অভিনন্দন জ্ঞাপন কৰে। প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীজীৰ দূৰদৰ্শী নেতৃত্বত চৰকাৰে ‘এক ভাৰত শ্ৰেষ্ঠ ভাৰত’ৰ দৃষ্টিভংগীৰে উন্নয়নমূলক কাৰ্যকলাপ আগবঢ়াই নিছে। মন্ত্ৰী পৰিষদে তৃণমূল পৰ্যায়ত আঁচনিসমূহৰ অগ্ৰগতি নিৰীক্ষণ কৰিবলৈ অঞ্চলটোলৈ মাহিলী ভ্ৰমণ কৰি আহিছে। তেওঁ শান্তিৰ সৈতে উত্তৰ-পূবৰ উন্নয়নৰ সম্পৰ্কত গুৰুত্ব আৰোপ কৰে আৰু এই ক্ষেত্ৰত যুৱ প্ৰজন্মৰ গুৰুত্বপূৰ্ণ ভূমিকাৰ প্ৰসংগ উল্লেখ কৰে। মন্ত্ৰীগৰাকীয়ে অঞ্চলটোত নিৰন্তৰ শান্তিৰ প্ৰয়োজনীয়তাত গুৰুত্ব আৰোপ কৰি অঞ্চলটোত প্ৰকৃত প্ৰগতি কেৱল জননেতৃত্বাধীন উন্নয়নৰ জৰিয়তেহে ঘটিব পাৰে বুলি অভিমত ব্যক্ত কৰে।

বিষাই থকা দাঁত তুলিবলৈ গৈ যুৱকৰ কৰুণ মৃত্যু! প্ৰমাণ সংৰক্ষণ কৰিবলৈ পাঁচ মাহৰ বাবে সযতনে ৰখা হ’ব মৃতদেহ…

দাঁতৰ বিষ কেতিয়াবা মাৰাত্মক হ’ব পাৰে৷ সেয়া প্ৰমাণ হ’ল আমাৰ ওচৰৰে দেশ চীনত৷ দাঁতৰ বিষৰ বাবে চিকিৎসকৰ ওচৰলৈ যোৱা এজন যুৱকে মৃত্যুক সাৱটি ল’বলগীয়া হোৱাৰ ঘটনাই বিভিন্ন দিশৰ উন্মেষ ঘটাইছে৷ ঘটনাটো চীনৰ হুনান প্ৰদেশত সংঘটিত হৈছে৷ শ্বেনঝেনৰ ৱাং নামৰ এজন ২৩ বছৰীয়া যুৱকে দাঁতৰ বিষৰ বাবে চিকিৎসকৰ ওচৰলৈ গৈছিল।চিকিৎসাৰ বাবে কুইয়ং পিপ’লছ হস্পিটেললৈ যোৱা ৱাংক দন্ত চিকিৎসকে কৈছিল যে তেওঁৰ দুটা দাঁত তুলি পেলাব লাগিব। সেইমতে তেওঁৰ দুটা দাঁত তুলিছিল৷ ইয়াৰ পিছত শুই থকাৰ পৰা উঠাৰ লগে লগে যুৱক জন মজিয়াত ঢলি পৰে আৰু সংজ্ঞাহীন হৈ পৰে৷ তেওঁক লগে লগে জৰুৰীকালীন চিকিৎসাৰ বাবে প্ৰেৰণ কৰা হয়৷ কিন্তু তেওঁ ক’মা অৱস্থালৈ গুছি যায় আৰু অৱশেষত মৃত্যুক সাৱটি লয়৷ জানিব পৰা মতে ৱাঙৰ দাঁত আঁতৰ কৰাৰ সময়তে তেওঁৰ মগজুৰ ৰক্তক্ষৰণ আৰম্ভ হৈছিল। ৱাং ১৪ দিন ক’মাত আছিল আৰু অৱশেষত মৃত্যুবৰণ কৰে৷

ৱাঙৰ পৰিয়ালে ঘটনাটোৰ বাবে চিকিৎসালয়খনৰ বিৰুদ্ধে গোচৰ ৰুজু কৰিছে আৰু চিকিৎসা কৰ্মীসকলৰ অৱহেলাৰ বাবেই ৱাঙৰ মৃত্যু হোৱা বুলি অভিযোগ উত্থাপন কৰিছে৷ ইপিনে এই ঘটনাৰ পিছতে বহু বিশেষজ্ঞই দাঁতৰ বিষৰ চিকিৎসা কৰাৰ আগতে সকলোকে সাৱধান হ’বলৈ পৰামৰ্শ দিছে। পৰিয়ালটোৱে চিকিৎসালয়ৰ পৰা ২,০৮,৩২,৮৮৭ চীনা মুদ্ৰাৰ ক্ষতিপূৰণ দাবী কৰিছে, কিন্তু চিকিৎসালয়খনে ৬৯,৭১,৯৬২ চীনা মুদ্ৰা পৰিয়ালটোক অৰ্পন কৰি বিষয়টো নিষ্পত্তি কৰিব বিচাৰে। এনে ঘটনাক্ৰমৰ মাজতে গোচৰটো মীমাংসা নোহোৱালৈকে ৱাঙৰ মৃতদেহ পাঁচ মাহৰ বাবে সংৰক্ষণ কৰাৰ সিদ্ধান্ত লোৱা হৈছে৷ যাতে সৈতে চিকিৎসকে কৰা গাফিলতিৰ প্ৰমাণ ৰাখিব পৰা যায়৷

তথ্য আৰু সম্প্ৰচাৰ মন্ত্ৰালয়ৰ সচিব হিচাপে দায়িত্ব গ্ৰহণ কৰিলে সঞ্জয় জাজুৱে…

তথ্য আৰু সম্প্ৰচাৰ মন্ত্ৰালয়ৰ সচিব হিচাপে দায়িত্ব ভাৰ গ্ৰহণ কৰিলে সঞ্জয় জাজুৱে। তেওঁ তেলেংগানা কেডাৰৰ ১৯৯২ বৰ্ষৰ এগৰাকী আইএএছ বিষয়া। জাজুক মন্ত্ৰালয়ৰ বিদায়ী সচিব অপূৰ্ব চন্দ্ৰৰ লগতে অন্যান্য বিষয়া আৰু অন্যান্যসকলে আদৰণি জনায়। অপূৰ্ব চন্দ্ৰক স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্ৰালয়ৰ সচিবৰ দায়িত্ব অৰ্পণ কৰা হৈছে। ইয়াৰ পূৰ্বে, জাজু ২০১৮ চনৰ পৰা ২০২৩ চনলৈ ভাৰত চৰকাৰৰ অতিৰিক্ত সচিব আৰু ২০১৪ চনৰ অক্টোবৰৰ পৰা ২০১৮ চনৰ মাৰ্চলৈকে ৰাষ্ট্ৰীয় ঘাইপথ আৰু আন্তঃগাঁথনি উন্নয়ন নিগম লিমিটেডৰ সঞ্চালক হিচাপে কাৰ্যনিৰ্বাহ কৰিছে।

তেওঁ ২০১১ চনৰ মে’ৰ পৰা ২০১৪ ৰ অক্টোবৰলৈ অন্ধ্ৰ প্ৰদেশ চৰকাৰৰ সচিব (ইলেক্ট্ৰনিকছ, তথ্য প্ৰযুক্তি আৰু যোগাযোগ বিভাগ) ৰূপে কাৰ্যনিৰ্বাহ কৰিছিল।

কানাডা, শ্ৰীলংকাৰ উপৰিও বহু পাকিস্তানী তাৰকাই কাম কৰিছে বলীউডত, অনুৰাগীয়েও লৈছে আদৰি…

বিভিন্ন দেশৰ তাৰকাসকলে বলীউডত কাম কৰিবলৈ আহে। নোৰা ফাতেহী কানাডাৰ পৰা আৰু জেকলিন শ্ৰীলংকাৰ পৰা আহিছিল। লগতে বলীউডত কাম কৰা একাংশ পাকিস্তানী তাৰকাও আছে। যিহেতু আজিকালি কিছুমান পাকিস্তানী তাৰকা ট্ৰেণ্ডত আছে, সেয়েহে আমি আপোনালোকৰ বাবে তেওঁলোকৰ বলীউড প্ৰজেক্টৰ বিষয়ে কম-

আপুনি হয়তো এই পাকিস্তানী তাৰকাসকলৰ বলীউড প্ৰজেক্ট দেখিছে, কিন্তু আপুনি প্ৰায়েই গম নাপাব যে তেওঁলোক মূলত ভাৰতীয় নহয়। পাকিস্তানী অভিনেত্ৰী ছাবা কামাৰে ইৰফান খানৰ সৈতে হিন্দী মিডিয়ামৰ জৰিয়তে বলীউডত প্ৰৱেশ কৰিছিল। ছবিখনে সৰ্বাধিক লাভ কৰাৰ লগতে ভাৰতীয় অনুৰাগীসকলে ছাবা কামাৰক বহুত ভাল পাইছিল। অৱশ্যে ইয়াৰ পিছত ছাবাই বলীউডৰ পৰা আঁতৰি আহিল।


বিখ্যাত পাকিস্তানী অভিনেত্ৰীৰ তালিকাত শীৰ্ষত আছে মাহিৰা খানৰ নাম। পৃথিৱী মানুহে তেওঁক চিনি পায়। মাহিৰা খানে ২০১৭ চনত শ্বাহৰুখ খানৰ সৈতে ৰায়েছৰ সৈতে বলীউডত অভিষেক ঘটায়। শ্বাহৰুখৰ লগত তেওঁৰ কেমিষ্ট্ৰীও মানুহে ভাল পাইছিল।


পাকিস্তানী টিভি শ্ব’ৰে মানুহৰ মন জয় কৰা অভিনেতা ফাৱাদ খান ভাৰততো অতি বিখ্যাত। সোণম কাপুৰৰ সৈতে ‘খুবছুৰ’ ছবিত কাম কৰি বলীউডত অভিষেক ঘটায়। লগতে তেওঁ বহুবাৰ কয় যে অভিনেতাগৰাকীয়ে সোণমৰ সৈতে কাম কৰি ভাল পাইছিল।


মম ছবিত শ্ৰীদেৱীৰ কন্যাৰ চৰিত্ৰত অভিনয় কৰা পাকিস্তানী অভিনেত্ৰী সাজল আলীকো ভাৰতীয় জনসাধাৰণে অন্তৰেৰে মৰম কৰিছিল। তেওঁৰ সৌন্দৰ্য্যক লৈ অনুৰাগীসকল পাগল হৈ পৰিছিল।


আলী জাফৰে আলিয়া ভাটৰ সৈতে ডিয়াৰ জিন্দাগী ছবিত কাম কৰিছে। অভিনয়ৰ লগতে অনুৰাগীসকলেও তেওঁৰ কণ্ঠও বৰ ভাল পায়।

ৰাষ্ট্ৰীয় ৰক্ষা বিশ্ববিদ্যালয় আৰু অসম ৰাইফলছৰ মাজত বুজাবুজিৰ চুক্তি স্বাক্ষৰ…

২০২৪ চনৰ ৫ ফেব্ৰুৱাৰীৰ দিনা গুজৰাটৰ আহমেদাবাদৰ ৰাষ্ট্ৰীয় ৰক্ষা বিশ্ববিদ্যালয়ত ৰাষ্ট্ৰীয় ৰক্ষা বিশ্ববিদ্যালয় (আৰআৰইউ) আৰু অসম ৰাইফলছৰ মাজত এখন বুজাবুজিৰ চুক্তি স্বাক্ষৰিত হয় । আৰআৰইউৰ হৈ প্ৰতিষ্ঠানটোৰ উপাচাৰ্য ড০ বিমল এন পেটেল আৰু অসম ৰাইফলছৰ হৈ বাহিনীটোৰ সঞ্চালক প্ৰধান লেফটেনেণ্ট জেনেৰেল পিচি নায়াৰ, পিভিএছএম, এভিএছএম, ৱাইএছএম, পিএইচডি-এ এই বুজাবুজিৰ চুক্তিত স্বাক্ষৰ কৰে। আজি স্বাক্ষৰিত বুজাবুজিৰ চুক্তিয়ে অসম ৰাইফলছৰ শৈক্ষিক আৰু প্ৰশিক্ষণ কাৰ্যসূচীক স্বীকৃতি প্ৰদান কৰিব আৰু বিভিন্ন পাঠ্যক্ৰমৰ বাবে প্ৰমাণপত্ৰ প্ৰদানৰ সুবিধা প্ৰদান কৰিব। ইয়াৰ ফলত বিশ্ববিদ্যালয়ৰ নিৰ্দেশনা অনুসৰি অধ্যয়ন, শৈক্ষিক প্ৰৱন্ধ যুগুতকৰণ , ডক্টৰেটৰ বাবে কৰা গৱেষণা আদি বিষয়ত প্ৰশিক্ষণ সহজ কৰি তুলিব । বুজাবুজিৰ চুক্তি খনে যুটীয়া গৱেষণা , অনুষদৰ বিনিময় আৰু সহযোগিতামূলক প্ৰকল্পসমূহক উৎসাহিত কৰিব। ফলত দুয়োটা সংস্থাই লাভাৱান্বিত হ’ব।

বুজাবুজিৰ চুক্তি স্বাক্ষৰ অনুষ্ঠানটোত ভাষণ প্ৰদান কৰি অসম ৰাইফলছৰ সঞ্চালক প্ৰধান লেফটেনেণ্ট জেনেৰেল পিচি নায়াৰে কয় – আমাৰ বাহিনীটোৰ ব্যৱহাৰিক অভিজ্ঞতা আৰু আৰআৰইউৰ শৈক্ষিক সহযোগিতাৰ সমন্বয়ে এক সামগ্ৰিক শিক্ষণৰ পৰিৱেশ গঢ়ি তুলিব। যি কথাই দক্ষতা বৃদ্ধিত সহায়ক হৈ উঠিব। বিগত বছৰবোৰত অসম ৰাইফলছে প্ৰশিক্ষণৰ ক্ষেত্ৰত উল্লেখনীয় সাফল্য অৰ্জন কৰিছে। বাহিনীটোৱে এই ক্ষেত্ৰত অটল নিষ্ঠা আৰু স্থিতিস্থাপকতা প্ৰদৰ্শন কৰিছে। বাহিনীটোৰ সফলতাৰ আঁৰত কেৱল বাহিনীটোৰ কৰ্মীসকলৰ বীৰত্বই নহয়, তেওঁলোকে লাভ কৰা শিক্ষা আৰু প্ৰশিক্ষণৰ মানৰ কথাও নিহিত হৈ আছে। আমি কঠোৰ প্ৰশিক্ষণ কাৰ্যসূচীকলৈ গৌৰৱ কৰো, যিয়ে অনুশাসনৰ স্থিতিস্থাপকতা আৰু কৰ্তব্যবোধৰ ভাবৰ উদ্ৰেক ঘটায়। ইয়াৰ পূৰ্বে আৰআৰইউৰ উপাচাৰ্য ড০ বিমল পেটেলে কয় যে আৰআৰইউয়ে উত্তৰ-পূৰ্বাঞ্চলত কেইবা দশক ধৰি অসম ৰাইফলছে হাতত লোৱা দীঘলীয়া কাৰ্যকৰী অভিজ্ঞতা আৰু জনকেন্দ্ৰিক উন্নয়নমূলক কাৰ্যসূচীৰ পৰা শিকিবলৈ আগ্ৰহী । তেনে অভিজ্ঞতাসমূহক বিশ্ববিদ্যালয়ত অধ্যয়নৰ বিষয় হিচাবে গ্ৰহণ কৰা হ’ব। ফলত বিশ্ববিদ্যালয়ৰ একাধিক অনুষদৰ অধ্যয়নৰ ক্ষেত্ৰতো সেইবোৰ সহায়ক হৈ উঠিব।

ৰাষ্ট্ৰীয় ৰক্ষা বিশ্ববিদ্যালয় হৈছে গৃহ মন্ত্ৰালয়ৰ অধীনত থকা এক ৰাষ্ট্ৰীয় গুৰুত্বপূৰ্ণ প্ৰতিষ্ঠান; ই ভাৰতৰ এখন অগ্ৰণী ৰাষ্ট্ৰীয় সুৰক্ষা আৰু আৰক্ষী বিশ্ববিদ্যালয়। অসম ৰাইফলছ হৈছে এক কেন্দ্ৰীয় অৰ্ধ সামৰিক বাহিনী আৰু বাহিনীটো গৃহ মন্ত্ৰালয়ৰ অধীনস্থ। অসম ৰাইফলছ ইণ্ডো-ম্যানমাৰ সীমান্তত সীমান্তৰ সুৰক্ষা আৰু বিদ্ৰোহী কাৰ্য-কলাপ দমনৰ ক্ষেত্ৰত দায়বদ্ধতাৰে নিয়োজিত হৈ আছে।

নয়ডা আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰৰ কাষত স্থাপন কৰা হ’ব বিশ্বৰ আটাইতকৈ ওখ শিৱ মূৰ্তি…

দেশত ৰাম মন্দিৰকলৈ উৎসাহৰ সৃষ্টি হৈ থকাৰ সময়তে আহিছে আন এক ভাল খবৰ। নয়ডা আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰৰ ওচৰত পৃথিৱীৰ আটাইতকৈ ওখ শিৱৰ মূৰ্তিটো স্থাপন কৰা হ’ব।উত্তৰ প্ৰদেশৰ মুখ্যমন্ত্ৰীয়ে যোগী আদিত্যনাথেও ইয়াৰ বাবে সন্মতি প্ৰদান কৰিছে। একেদৰে বিমানবন্দৰৰ ওচৰত থকাৰ বাবে অসামৰিক বিমান পৰিবহন মন্ত্ৰালয়ৰ অনুমতি প্ৰয়োজন আছিল যদিও সেই অনুমতি প্ৰদান কৰা বুলিও জানিব পৰা গৈছে। মূৰ্তিটোৰ উচ্চতা ২৬০ ফুট হ’ব বুলি জানিব পৰা গৈছে। অৱশ্যে কেতবোৰ ৰাষ্ট্ৰীয় সংবাদমাধ্যমে মূৰ্তিটোৰ উচ্চতা ২৪২ ফুট হ’ব বুলিও বাতৰি প্ৰকাশ কৰিছে। উল্লেখ্য নয়ডাত স্থাপন কৰিবলগীয়া এই মূৰ্তিটো তামিলনাডুৰ কইম্বাটুৰৰ ঈশা যোগ কমপ্লেক্সত স্থাপন কৰা ১১২ ফুট ওখ শিৱৰ মূৰ্তিটোতকৈ প্ৰায় দুগুণ উচ্চতাৰ হ’ব। ঈশা ফাউণ্ডেচনে মুখ্যমন্ত্ৰী যোগী আদিত্যনাথক নয়ডাৰ এই মূৰ্তিটো নিৰ্মাণৰ প্ৰস্তাৱ দিছিল।

মুখ্যমন্ত্ৰী যোগীয়ে বিষয়টোত সন্মতি দিছে। পাঁচশ টন তীখাৰে নিৰ্মাণ কৰিবলগীয়া নয়ডাৰ আদি যোগী শিৱৰ এই মূৰ্তিটো বিশ্বৰ সৰ্ববৃহৎ শিৱ মূৰ্তি হ’ব বুলি ঈশা ফাউণ্ডেচনে প্ৰকাশ কৰিছে। ঈশা ফাউণ্ডেচনৰ প্ৰতিষ্ঠাপক সাধগুৰু জগ্গী বাসুদেৱে মুখ্যমন্ত্ৰী আদিত্যনাথৰ সৈতে আলোচনা কৰি মূৰ্তিটো নিৰ্মাণৰ সিদ্ধান্ত লৈছে।ঈশা ফাউণ্ডেচনে আশ্ৰমৰ বাবে ৰাজ্য চৰকাৰৰ পৰা ২০০ একৰ ভূমি বিচাৰিছে। নয়ডা আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰৰ ওচৰৰ অমৰপুৰ পালাকা গাওঁখন মূৰ্তিটো স্থাপনৰ বাবে বাছনি কৰা হৈছে বুলি জানি পৰা গৈছে।

কোকিলকণ্ঠী গায়িকা লতা মংগেশকাৰৰ আজি মৃত্যু বাৰ্ষিকী…

কোকিলকণ্ঠী গায়িকা লতা মংগেশকাৰৰ আজি মৃত্যু বাৰ্ষিকী।

আজি ২০২৪ চনৰ ৬ ফেব্ৰুৱাৰী তাৰিখে ভাৰতে দ্বিতীয় মৃত্যু বাৰ্ষিকীত কিংবদন্তি গায়িকা লতা মংগেশকাৰক স্মৰণ কৰিছে সংগীতপ্ৰেমীয়ে।

যাক লতা দি নামেৰেও জনা যায়। ভাৰতীয় সংগীতৰ বিকাশত অন্যতম প্ৰধান অৰিহণা যোগোৱা গায়িকাগৰাকীয়ে অসংখ্য প্ৰশংসা আৰু বঁটা লাভ কৰিছে।

১৯২৯ চনৰ ২৮ ছেপ্টেম্বৰত জন্মগ্ৰহণ কৰা মংগেশকাৰে পাঁচ বছৰ বয়সৰ পৰাই গায়কীৰ প্ৰশিক্ষণ আৰম্ভ কৰে আৰু গায়িকা হিচাপে তেওঁৰ কেৰিয়াৰ সাত দশকৰো অধিক সময় ধৰি চলিছিল।

হিন্দী, মাৰাঠী, তামিল, বাংলা, আদি ত্ৰিশটাতকৈও অধিক ভাৰতীয় ভাষাত গীত ৰেকৰ্ডিং কৰিছিল। তেওঁৰ কিছুমান জনপ্ৰিয় গীতৰ ভিতৰত ‘লাগ জা গালে’, ‘মোহে পাংঘাট পে’, ‘হোথোন মেই আইছি বাত’, ‘চুলতে চলতে’, ‘সত্যম শিৱম সুন্দৰম’, ‘পানী পানী ৰে’, ‘আজিব দস্তান হায়’, ‘ প্যাৰ কিয়া টু দৰ্না প্ৰেভিয়া’, আৰু ‘নীলা আছমান ছ’ গয়া’ আদি।


​মংগেশকাৰৰ মৃত্যু বাৰ্ষিকী ভাৰতীয় সংগীত জগতৰ বাবে এক উল্লেখযোগ্য দিন আৰু গায়িকা আৰু গীতিকাৰ হিচাপে তেওঁৰ দক্ষতাৰ প্ৰমাণ। ধাৰাবাহিকভাৱে তেওঁক ‘কুইন অৱ মেলোডী’, ‘ভইচ অৱ দ্য মিলেনিয়াম’, আৰু ‘নাইটিংগেল অৱ ইণ্ডিয়া’ হিচাপে প্ৰশংসা কৰা হৈছিল।

ভাৰতীয় সংগীত জগতলৈ লতা মংগেশকাৰৰ অৱদান অসীম। বিভিন্ন ভাষাত ২৫ হাজাৰৰো অধিক গীত গাই পদ্ম ভূষণ, পদ্ম বিভূষণ, দাদা চাহেব ফাল্কে বঁটা, বিভিন্ন ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটাকে ধৰি অসংখ্য বঁটা আৰু সন্মান লাভ কৰিছে।

২০০১ চনত ভাৰতৰত্ন বঁটা লাভ কৰি ভাৰতৰ সৰ্বোচ্চ অসামৰিক সন্মান লাভ কৰা মাত্ৰ দ্বিতীয়গৰাকী গায়িকা হিচাপে পৰিগণিত হয়। মংগেশকাৰৰ মৃত্যু বাৰ্ষিকীত তেওঁৰ অবিশ্বাস্য প্ৰতিভা আৰু তেওঁৰ সংগীতৰ জৰিয়তে লাখ লাখ মানুহক কঢ়িয়াই অনা আনন্দক স্মৰণ কৰাৰ দিন। আগন্তুক বহু বছৰৰ ভিতৰত তেওঁৰ উত্তৰাধিকাৰ জীয়াই থাকিব, আৰু ভাৰতীয় সংগীত জগতলৈ তেওঁৰ অৱদান আগন্তুক বছৰবোৰলৈ মনত ৰখা হ’ব।