Home Blog Page 1066

ঢেকিয়াজুলিৰ জগন্নাথ মন্দিৰৰ বিগ্রহ প্ৰাণ প্রতিষ্ঠা মহোৎসৱত অংশগ্ৰহণ মন্ত্ৰী অশোক সিংহলৰ…

ঢেকিয়াজুলিৰ শ্রীশ্রী জগন্নাথ মন্দিৰৰ বিগ্রহ প্ৰাণ প্রতিষ্ঠা মহোৎসৱত অংশগ্ৰহণ মন্ত্ৰী অশোক সিংহলৰ

শ্ৰীশ্ৰী গুপ্তেশ্বৰ দেৱালয় চৌহদত পুৰাতত্ত্ব বিভাগে চলাই থকা অভিযানৰ অগ্ৰগতি নিৰীক্ষণ, ঢেকীয়াজুলিত ৭৭ গৰাকী হিতাধিকাৰীলৈ মুখ্যমন্ত্ৰী সাহায্য পুঁজিৰ অধীনত আৰ্থিক সাহায্যৰ চেক্‌ বিতৰণ

ঢেকিয়াজুলি, ১৫ ফেব্ৰুৱাৰী: ৰাজ্য চৰকাৰৰ গৃহ নিৰ্মাণ আৰু নগৰ পৰিক্ৰমা তথা জলসিঞ্চন বিভাগৰ মন্ত্ৰী তথা ঢেকিয়াজুলি সমষ্টিৰ বিধায়ক অশোক সিংহলে আজি সমষ্টিটোৰ তিনিখৰীয়া চাহ বাগিচাত নৱনিৰ্মিত মহাপ্ৰভু শ্রীশ্রী জগন্নাথ মন্দিৰৰ বিগ্রহ প্ৰাণ প্রতিষ্ঠা মহোৎসৱত অংশগ্ৰহণ কৰে। উল্লেখযোগ্য যে মন্ত্ৰী সিংহলৰ বিশেষ প্ৰচেষ্টাত তথা ৰাইজৰ সহযোগত পুৰীৰ জগন্নাথ মন্দিৰৰ আৰ্হিত তিনিখৰীয়া চাহ বাগিচাৰ এক বিশাল এলেকাত এই মন্দিৰ নিৰ্মাণ কৰি উলিওৱা হৈছে।

যোৱা ১৩ ফেব্ৰুৱাৰীৰ পৰা তিনিদিনীয়া বৰ্ণিল কাৰ্যসূচীৰে আয়োজিত এই মন্দিৰৰ বিগ্রহ প্ৰাণ প্রতিষ্ঠা মহোৎসৱত বাগিচাখন আৰু ইয়াৰ কাষৰীয়া অঞ্চলৰ ৰাইজৰ লগতে ঢেকীয়াজুলিৰ বিভিন্ন প্ৰান্তৰ হাজাৰ হাজাৰ লোকে অংশগ্ৰহণ কৰে। বিগত দুদিনত ধান দিৱস, কলহ যাত্রা, বন্তি প্রজ্বলন, হৰিনাম কীৰ্ত্তন, মহা স্নান, জলধিবাস আদি কাৰ্যসূচীৰ পিছত আজি বিগ্রহৰ প্ৰাণ প্রতিষ্ঠা আৰু মহা যজ্ঞৰ আয়োজন কৰা হয়। প্ৰায় একক প্ৰচেষ্টাৰে ঢেকীয়াজুলিত পুৰীৰ জগন্নাথ মন্দিৰৰ আৰ্হিত মহাপ্রভু শ্ৰীশ্ৰী জগন্নাথ মন্দিৰ নিৰ্মাণত লোৱা বিশেষ ভূমিকাৰ বাবে স্থানীয় ৰাইজে মন্ত্ৰী সিংহলৰ প্ৰতি অশেষ ধন্যবাদ আৰু কৃতজ্ঞতা জ্ঞাপন কৰিছে।

আনহাতে মন্ত্ৰী সিংহলে আজি পুৱাৰ ভাগত ঢেকিয়াজুলিৰ শিঙৰি পাহাৰৰ নামনিত অৱস্থিত শ্ৰী শ্ৰী গুপ্তেশ্বৰ দেৱালয় দৰ্শন কৰাৰ লগতে দেৱালয়ভাগিৰ ঐতিহাসিক সমলৰ সন্ধানত পুৰাতত্ত্ব বিভাগে চলাই থকা অভিযানৰ অগ্ৰগতিৰ বুজ লয়। ইয়াৰ পিছতে তেওঁ ঢেকিয়াজুলি সমষ্টিৰ বিধায়ক সেৱা কেন্দ্ৰত আয়োজিত এক অনুষ্ঠানত সমষ্টিটোৰ ৭৭ গৰাকী আৰ্থিকভাৱে দুৰ্বল ৰোগীক মুখ্যমন্ত্ৰী সাহায্য পুঁজিৰ অধীনত আৰ্থিক সাহায্যৰ চেক্‌ বিতৰণ কৰে৷

বকোৰ ৰঙাপানীত পথ দুৰ্ঘটনাক কেন্দ্ৰ কৰি উত্তেজনা…

বকোৰ ৰঙাপানীত পথ দুৰ্ঘটনাক কেন্দ্ৰ কৰি উত্তেজনা

উত্তেজিত ৰাইজে ভাঙিলে দুৰ্ঘটনা সংঘটিত কৰা Kwid বাহন।

এগৰাকী বৃদ্ধাক খুন্দিয়াই পলায়নৰ চেষ্টা As01Dk 9664 নম্বৰৰ KWID বাহনৰ।

গুৰুতৰ ভাৱে আহত বৃ্দ্ধা স্বৰভানু নেছাক(৭৫) সোনতলী সামূহিক স্বাস্থ্য কেন্দ্ৰত ভৰ্তি।

দুৰ্ঘটনা সংঘটিত কৰা বাহনৰ সৈতে
অহা আনখন As01Ez 6999 নম্বৰৰ বাহন খেদি খেদি প্ৰায় ১০ কিঃমিঃ দূৰত গৈ ধৰিলে ৰাইজে।

দুৰ্ঘটনা সংঘটিত কৰা বাহনৰ পৰা পলায়ন চালক।দুৰ্ঘটনা সংঘটিত কৰা বাহনত উদ্ধাৰ সুৰাৰ বটল।

ঘটনাস্থলীত উপস্থিত আৰক্ষী। ঘটনাক কেন্দ্ৰ কৰি সমগ্ৰ অঞ্চলজুৰি চাঞ্চল্য।

নগৰবেৰাৰ পৰা আবুল হুছেইনৰ ৰিপোৰ্টঃ

NRCৰ প্ৰাক্তন ৰাজ্যিক সমন্বয়ক হিতেশ দেৱশৰ্মাৰ বিৰুদ্ধে মানহানিৰ গোচৰ ৰুজু ড০ সমুজ্জল ভট্টাচাৰ্যৰ…

NRCৰ প্ৰাক্তন ৰাজ্যিক সমন্বয়কৰ বিৰুদ্ধে মানহানিৰ গোচৰ।

হিতেশ দেৱশৰ্মাৰ বিৰুদ্ধে গোচৰ ৰুজু ড০ সমুজ্জল ভট্টাচাৰ্যৰ।

১০০ কোটি টকাৰ মানহানি গোচৰ ৰুজু আছুৰ মুখ্য উপদেষ্টাগৰাকীৰ। কামৰূপ দেৱানী আদালতত ৰুজু গোচৰ।

আহি আছে যতীন বৰা অভিনীত চলচ্চিত্ৰ ‘চেলেঞ্জ’…

অসমৰ মনোৰঞ্জন উদ্যোগত সক্ৰিয়ভাৱে কাম কৰিবলৈ দৃঢ় পৰিকল্পনাৰে মুম্বাই চিনে মেল’ডিয়ে এম মাচমে আলমৰ দ্বাৰা প্ৰযোজিত আৰু তাৰকা যতীন বৰা অভিনীত ‘চেলেঞ্জ’ শীৰ্ষক পূৰ্ণদৈৰ্ঘ্যৰ চলচ্চিত্ৰ নিৰ্মাণৰ কথা ঘোষণা কৰিছে। ৰাষ্ট্ৰীয় পৰ্যায়ত স্থানীয় ভাষাৰ চলচ্চিত্ৰই লাভ কৰা সফলতাৰ প্ৰতি দৃষ্টি ৰাখি চলচ্চিত্ৰখন ৰাষ্ট্ৰীয় মঞ্চত মুক্তি দিয়াৰ সিদ্ধান্ত গ্ৰহণ কৰা হৈছে। চলচ্চিত্ৰখন মূলত: অসমীয়া ভাষাত নিৰ্মিত হ’ব যদিও পাছৰ পৰ্য্যায়ত ইয়াক হিন্দী আৰু বাংলা ভাষালৈয়ো ভাষান্তৰিত কৰাৰ পৰিকল্পনা কৰা হৈছে। চলচ্চিত্ৰখনৰ মুখ্য চৰিত্ৰত অভিনয় কৰিব অসমৰ চুপাৰষ্টাৰ যতীন বৰাই আৰু তেওঁ এগৰাকী বলীউড অভিনেত্ৰীৰ সৈতে যুটি বান্ধিব। অভিনেত্ৰীগৰাকীৰ বিষয়ে অতি সোনকালে ঘোষণা কৰা হ’ব। এই ছবিখনত অসম আৰু বংগৰ কেইবাগৰাকীও আগশাৰীৰ শিল্পীয়ে অভিনয় কৰিব বুলি জানিব পৰা গৈছে।

এন জে আৰু এদল যুৱ পৰিচালকৰ পৰিচালনাত নিৰ্মাণ হ’বলগীয়া ‘চেলেঞ্জ’ ৰ কাহিনী – চিত্ৰনাট্য আৰু সংলাপ অভিজিত ভট্টাচাৰ্য্যৰ। সংগীত তথা আৱহ সংগীত অজয় ফুকনৰ। ছবিখনৰ বাবে পৰিকল্পিত পাঁচটা সুমধুৰ গীতত অসমৰ লগতে বলিউডৰ বহু নামজ্বলা কন্ঠশিল্পীয়ে কণ্ঠদান কৰিব বুলি প্ৰকাশ কৰা হৈছে। ছবিখনৰ চিত্ৰগ্ৰহণ কৰিছে গ’গ’ই আৰু একশ্বনৰ দায়িত্ব গ্ৰহণ কৰিছে ৰাজেশ কান্নাড়ে (দক্ষিণাত্যৰ)। অসমৰ উপৰিও দিল্লী , লক্ষ্ণৌ আৰু হায়দৰাবাদস্থিত ৰাম’জী ষ্টুডিঅ’ত চিত্ৰগ্ৰহণ হ’ব লগীয়া ছবিখনৰ সহ:প্ৰযোজনাৰ দায়িত্বত আছে চৈয়দ হাফিজুল ইছলাম। মে’ মাহৰ দ্বিতীয় সপ্তাহৰ পৰা ছবিখনৰ চিত্ৰগ্ৰহণ আৰম্ভ কৰা হ’ব বুলি জানিব পৰা গৈছে।

ভেলেণ্টাইন ডে’ৰ পিছত কিয় পালন কৰা হয় কিক ডে? কিক ডে’ত কি কৰা হয়…

ভেলেণ্টাইন ডে’ৰ পিছত এণ্টি ভেলেণ্টাইন উইক উদযাপন কৰা হয়। ইয়াত আছে কিক ডে’। মানুহে বিশ্বাস কৰে যে কিক ডে’ত তেওঁলোকে যিজনক ভাল নাপায় তেওঁক কিক মাৰে বা সেই ব্যক্তিজনক তেওঁলোকৰ জীৱনৰ পৰা আঁতৰাই পেলায়। যদিও সেয়া নহয়, কিক ডে’ৰ দৃষ্টিভংগী বেলেগ বেলেগ। ইচ্ছা কৰিলে এই দিনটোত আপোনাৰ সফলতাৰ শত্ৰু সেই সকলোবোৰ বেয়া অভ্যাস নাইকিয়া কৰিব পাৰিব। কিক ডে’ত আপোনাৰ আৰু আপোনাৰ সংগীৰ মাজত দূৰত্ব সৃষ্টি কৰা সকলো বেয়া অভ্যাস ত্যাগ কৰক। যদি আপোনাৰ সংগীয়ে আপোনাৰ মদ্যপান বা ধূমপানৰ অভ্যাস ভাল নাপায় তেন্তে আজিৰ পৰাই বাদ দিয়াৰ প্ৰতিশ্ৰুতি দিয়ক।

যদি আপুনি অনুভৱ কৰে যে আপোনাৰ ওচৰ-চুবুৰীয়া কিছুমান মানুহ আছে যাৰ বাবে আপুনি আপোনাৰ সংগী আৰু পৰিয়ালক সময় দিব পৰা নাই, তেন্তে ‘কিক ডে’ উদযাপন কৰি সেইসকল লোকক আপোনাৰ জীৱনৰ পৰা আঁতৰাই পেলাওক। যদি আপুনি ভেলেণ্টাইন উইকৰ দৰে এণ্টি ভেলেণ্টাইন উইক উপভোগ কৰিব বিচাৰে, তেন্তে আপুনি ‘কিক ডে’ উদযাপন কৰিব পাৰে। যদি আপুনিও অনুভৱ কৰিবলৈ আৰম্ভ কৰে যে আপোনাৰ বেছিভাগ সময় ছ’চিয়েল নেটৱৰ্কিং চাইটত কটোৱা হৈছে। যদি ই আপোনাৰ চকু আৰু স্বাস্থ্যৰ ক্ষতি কৰিছে, তেন্তে আপুনি ‘কিক ডে’ত এই অভ্যাসৰ পৰা মুক্তি পাব পাৰে।

যদি আপুনি নিজৰ জীৱনত সফল হ’ব বিচাৰে তেন্তে আজিৰ পৰাই এলাহ দূৰ কৰক। এলাহ আপোনাৰ আটাইতকৈ ডাঙৰ শত্ৰু। যদি আপুনি জীৱনত সফলতা লাভ কৰিব বিচাৰে তেন্তে আজিয়েই এলাহ দূৰ কৰাৰ আটাইতকৈ উত্তম দিন।

মণিপুৰী বিদ্ৰোহীয়ে লুকুৱাই ৰখা অস্ত্ৰভাণ্ডাৰৰ অভিযানত উদ্ধাৰ বুজন পৰিমাণৰ অস্ত্ৰ…

মণিপুৰী বিদ্ৰোহীয়ে লুকুৱাই ৰখা অস্ত্ৰভাণ্ডাৰৰ সন্ধানত অভিযান। সেনা-আৰক্ষীৰ উমৈহতীয়া অভিযানত উদ্ধাৰ বুজন পৰিমাণৰ অস্ত্ৰ।

পাহাৰীয়া-উপত্যকাৰ অঞ্চলসমূহৰ পৰা উদ্ধাৰ বিস্ফোৰক সামগ্ৰী। ইম্ফলৰ কাংপকপি জিলা, ডাম্পী ৰেঞ্জৰ বিষ্ণুপুৰত চলিল অভিযান ।

উদ্ধাৰ মেগজিনসহ 9mm পিষ্টল, হেণ্ড গ্ৰেনেড, স্ম’ক গ্ৰেনেড। ছিংগল ব’ৰ বেৰেল গানো উদ্ধাৰ কৰে সেনা-আৰক্ষীয়ে।

আপুনিও সঘনাই মুখ ধোৱে নেকি? এই গুৰুতৰ সমস্যা সন্মুখীন হ’ব পাৰে…

মুখখন চাফা কৰিবলৈ বাৰে বাৰে মুখ ধুই থাকে নেকি? কৰিলে আপোনাৰ ছালৰ ক্ষতি হ’ব পাৰে। অবিৰতভাৱে মুখখন ধুলে আৰ্দ্ৰতা কমি যায় আৰু মুখখন শুকান দেখাবলৈ আৰম্ভ কৰে। ইয়াৰ ফলত আপোনাৰ মুখৰ কোমলতাও কমি যায়। মানুহে বাৰে বাৰে মুখখন ধুই মুখৰ পৰা মলি আঁতৰাই, যাৰ ফলত ছালৰ সকলো আৰ্দ্ৰতা গুচি যায়। আপোনাৰ ছালখন কঠিন আৰু কঠিন হ’বলৈ আৰম্ভ কৰে। যদি আপুনি মুখখন চাফা কৰিব বিচাৰে তেন্তে বাৰে বাৰে ধুব নালাগে। এবাৰ মুখখন চাফা কৰি লোচন লগালে মুখখন পৰিষ্কাৰ দেখা যায়-

সঘনাই মুখখন ধুলে অকালতে মুখত বলিৰেখা ওলাবলৈ আৰম্ভ কৰে আৰু যৌৱনত বৃদ্ধ হৈ পৰে। আপুনিও ফোহাৰ দৰে সমস্যাৰ বলি হ’ব পাৰে, সেয়েহে আপুনি এইটো কৰা উচিত নহয়।

মানুহে বাৰে বাৰে মুখখন ধুই থাকে যাতে মুখখনে শীতলতা পায় আৰু সতেজ হৈ থাকে। ছালৰ কোষৰ ক্ষতি হোৱাৰ কাৰণ হ’ল মুখখন অবিৰতভাৱে ধোৱাৰ বাবে। এনে পৰিস্থিতিত ছালত ফোহা ওলোৱা, জ্বলা-পোৰা আদি সমস্যাও দেখা পাব পাৰে।

মহানগৰীত নকল সোণসহ ২ প্ৰৱঞ্চকক কামাখ্যা ৰে’ল জংচনৰ পৰা গ্ৰেপ্তাৰ…

মহানগৰীত নকল সোণসহ ২ প্ৰৱঞ্চকক গ্ৰেপ্তাৰ। কামাখ্যা ৰে’ল জংচনৰ পৰা গ্ৰেপ্তাৰ দুয়োকে। ধৃত প্ৰৱঞ্চক দুটা আহমেদাবাদৰ ৰবি ঠাকুৰ, মম্ৰতভাই ঠাকুৰ। ব্ৰহ্মপুত্ৰ মেইলত চলিছিল ৰে’ল আৰক্ষীৰ অভিযান। সামগ্ৰী কঢ়িওৱা বেগত অতি কৌশলৰে আনিছিল নকল সোণখিনি।

May be an image of 2 people and beard

Like

Comment

Share

মহাৰাষ্ট্ৰৰ নদীত হঠাতে আবিৰ্ভাব সাগৰৰ মৃত্যুদূত তিমিৰ, যুৱক আহত…

মহাৰাষ্ট্ৰৰ নদীত হঠাতে আবিৰ্ভাব সাগৰৰ মৃত্যুদূত তিমিৰ! সাধাৰণতে নদীত তিমি নাথকে, তিমিৰ বাসস্থান সাগৰ। কিন্তু কেতিয়াবা নদীতো চোপ লৈ থাকিব পাৰে মৃত্যুদূতে। ঠিক তেনে এক ঘটনাই ঘটিছে মহাৰাষ্ট্ৰত। মাছ ধৰিবলৈ গভীৰ পানীত নামিছিল এজন যুৱকে। সেই সময়তে নদীত থকা এটা প্ৰকাণ্ড তিমিয়ে ৩২ বছৰীয়া বিকি গোৱাৰী নামৰ যুৱকজনৰ ভৰিত কামোৰ মাৰে। ফলত বেয়াকৈ আঘাতপ্ৰাপ্ত হয় যুৱকজন। ঘটনাটো মহাৰাষ্ট্ৰৰ পালঘৰ জিলাৰ মনোৰ অঞ্চলত সংঘটিত হৈছে। মনোৰৰ ওচৰৰ বৈত্ৰানা নদীত তিমিয়ে যুৱকজনক আক্ৰমণ কৰে। কিন্তু সেই সময়ত নৈৰ কাষত আন বহু লোক থকা বাবে যুৱকজনক সংকটজনক অৱস্থাত উদ্ধাৰ কৰিব পৰা যায়। নদীত তিমিৰ উপস্থিতিৰ খবৰ বিয়পি পৰাৰ লগে লগে তিমিটো চাবলৈ মানুহে ভিৰ কৰে। তিমিটোৰ ওজন ২০০ কিলোগ্ৰামতকৈ অধিক হ’ব বুলি ধাৰণা কৰা হৈছে।

গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত যুৱকজনক প্ৰাথমিক চিকিৎসাৰ পিছত উন্নত চিকিৎসাৰ বাবে দাদৰা নগৰৰ বিনোৱা ভাৱে চিকিৎসালয়লৈ প্ৰেৰণ কৰা হয়। ইপিনে যুৱক জনৰ ভৰিত কামোৰা তিমিটোক স্থানীয় একাংশ লোকে পানীৰ মাজতেই হত্যা কৰে। কিন্তু নদীত কিদৰে সোমাল তিমি? ধাৰণা কৰা অনুসৰি জোৱাৰৰ সময়ত তিমিটো সাগৰৰ পৰা নদীত আহি সোমাইছিল।

ড০ এ পি জে আব্দুল কালাম চেণ্টাৰ ফৰ পলিচি ৰিছাৰ্চ এণ্ড এনালাইছিছৰ পৰিচালনাৰ অৰ্থে বুজাবুজিৰ চুক্তি স্বাক্ষৰ…

ড০ এ পি জে আব্দুল কালাম চেণ্টাৰ ফৰ পলিচি ৰিছাৰ্চ এণ্ড এনালাইছিছৰ নিৰন্তৰ পৰিচালনাৰ অৰ্থে উত্তৰ পূব পৰিষদ(এনইচি) শ্বিলং, আইআইএম, শ্বিলং আৰু উত্তৰ-পূব অঞ্চল উন্নয়ন মন্ত্ৰালয়(ডনাৰ)ৰ মাজত ২০২৪ বৰ্ষৰ ১৩ ফেব্ৰুৱাৰীত এক বুজাবুজিৰ চুক্তি সম্পাদন হয়। শ্বিলঙৰ উত্তৰ পূব পৰিষদৰ সচিবালয়ত অনুষ্ঠিত চুক্তি স্বাক্ষৰ অনুষ্ঠানত ৱেবলিংকৰ জড়িয়তে উপস্থিত থাকে উত্তৰ-পূব অঞ্চল উন্নয়ন মন্ত্ৰালয়(এমডিওএনইআৰ)ৰ প্ৰতিনিধি।উত্তৰ-পূব অঞ্চল উন্নয়ন মন্ত্ৰালয়ৰ যুটীয়া সচিব শ্ৰী অংশুমান দে, এনইচিৰ সচিব শ্ৰী মোজেছ কে চালাই আৰু আইআইএম, শ্বিলঙৰ সঞ্চালক অধ্যাপক ডি পি গোৱেলে উত্তৰ-পূব অঞ্চল উন্নয়ন মন্ত্ৰালয়ৰ সচিব শ্ৰী চঞ্চল কুমাৰ আৰু ডনাৰ, এনইচি আৰু আইআইএম শ্বিলঙৰ অন্যান্য জ্যেষ্ঠ বিষয়াসকলৰ উপস্থিতিত এই বুজাবুজি চুক্তিত স্বাক্ষৰ কৰে। ড০ এ পি জে আব্দুল কালাম চেণ্টাৰ ফৰ পলিচি ৰিছাৰ্চ এণ্ড এনালাইছিছ ১৫ অক্টোবৰ ২০১৬ত আইআইএম, শ্বিলং আৰু উত্তৰ-পূব অঞ্চল উন্নয়ন মন্ত্ৰালয় (এমডিওএনইআৰ) আৰু উত্তৰ-পূব পৰিষদৰ মাজত স্বাক্ষৰিত এক ত্ৰিপাক্ষিক চুক্তিৰ মৰ্মে সৃষ্টি কৰা হৈছিল। উত্তৰ-পূব ভাৰতৰ ৰাজ্যসমূহ আৰু বিভিন্ন সংস্থাক প্ৰকল্প সমূহৰ সঠিক পৰিকল্পনা আৰু কাৰ্যকৰীকৰণত সহায় কৰাৰ অৰ্থে এক অত্যাধুনিক কেন্দ্ৰ হিচাপে এই কেন্দ্ৰই আত্মপ্ৰকাশ কৰিছিল। এই কেন্দ্ৰ লক্ষ্য হৈছে উদ্ভাৱন সম্পৰ্কীয় কাৰ্যকলাপক উদগনি যোগোৱা। বুজাবুজিৰ চুক্তি স্বাক্ষৰ অনুষ্ঠানত ভাষণ প্ৰদান কৰি আইআইএম, শ্বিলঙৰ সঞ্চালক অধ্যাপক ডি পি গোৱেলে কেন্দ্ৰটোকলৈ আনন্দ প্ৰকাশ কৰাৰ লগতে প্ৰয়াত ৰাষ্ট্ৰপতি ড০ এ পি জে আব্দুল কালামৰ কৰ্মৰাজি তথা তেওঁৰ উন্নয়ন আৰু উদ্ভাৱনীমূলক দৃষ্টিভংগীৰ বিষয়ে আলোকপাত কৰে। তেওঁ শেহতীয়া বছৰবোৰত ড০ কালাম কেন্দ্ৰই গ্ৰহণ কৰা গুৰুত্বপূৰ্ণ পদক্ষেপৰ বিষয়েও আলোকপাত কৰে। তেওঁ দৃঢ়তাৰে কয় যে বুজাবুজি চুক্তিৰ স্বাক্ষৰে তিনিওটা গুৰুত্বপূৰ্ণ সংস্থাৰ মাজৰ সম্পৰ্ক অধিক গভীৰ কৰিব আৰু উত্তৰ-পূব অঞ্চলৰ উন্নয়নৰ গতি ত্বৰান্বিত কৰিব।

উত্তৰ-পূব পৰিষদৰ সচিব শ্ৰী মোজেছ চালাইয়ে কেন্দ্ৰটো কিদৰে ভবা ধৰণে আৰম্ভ হৈছে সেই বিষয়ত মন্তব্য কৰে আৰু সকলো সঠিকভাবে পৰিচালিত হোৱাত সন্তুষ্টি ব্যক্ত কৰে। তেওঁ কেন্দ্ৰটোক অঞ্চলটোৱে আশা কৰা ধৰণে উন্নয়নৰ ধাৰা গতিশীল কৰি ৰাখিবলৈ কেন্দ্ৰীয় চৰকাৰক উপযুক্ত নীতি, নিৰ্দেশনাৰ বিষয়ত চিন্তা-চৰ্চা কৰিবলৈ আহ্বান জনায়। তেওঁ ড০ এ পি জে আব্দুল কালাম কেন্দ্ৰৰ প্ৰশাসনিক ভৱন নিৰ্মাণ সম্পূৰ্ণ হোৱাৰ বাবেও আনন্দ প্ৰকাশ কৰে। সেই নিৰ্মাণকাৰ্য উত্তৰ-পূব পৰিষদৰ জৰিয়তে ডনাৰ মন্ত্ৰালয়ৰ পৃষ্ঠপোষকতাত সম্পন্ন কৰা হৈছে। তেওঁ কেন্দ্ৰটোৰ আনুষ্ঠানিক উদ্বোধনৰ বাবে উত্তৰ-পূব অঞ্চল উন্নয়ন মন্ত্ৰালয়ৰো দৃষ্টি আকৰ্ষণ কৰে।

উত্তৰ-পূব অঞ্চল উন্নয়ন মন্ত্ৰালয়ৰ সচিব শ্ৰী চঞ্চল কুমাৰে কেন্দ্ৰটোকলৈ আনন্দ প্ৰকাশ কৰাৰ লগতে শুভেচ্ছাও জ্ঞাপন কৰে আৰু এই কেন্দ্ৰ অঞ্চলটোৰ এক গুৰুত্বপূৰ্ণ ‘থিংক টেংক’ হিচাপে পৰিগণিত হ’ব বুলি আশা প্ৰকাশ কৰে। তেওঁ আইআইএম, শ্বিলঙৰ পৰা ড০ কালাম কেন্দ্ৰৰ জৰিয়তে উত্তৰ-পূব উন্নয়ন ফেলোৰ প্ৰৱৰ্তনৰ প্ৰয়োজনীয়তাৰ বিষয়তো আলোকপাত কৰে । তেওঁ কয় যে এনে পদক্ষেপে প্ৰশাসনৰ ওপৰত ইতিবাচক প্ৰভাৱ পেলাব আৰু অঞ্চলটোত সুশাসনৰ পৰিবেশ গঢ়াত গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰিব। তেওঁ কেন্দ্ৰটোৰ বিকাশৰ বাবে উত্তৰ-পূব অঞ্চল উন্নয়ন মন্ত্ৰালয়ে সকলো সম্ভৱপৰ সমৰ্থন আগবঢ়াব বুলি আশ্বাস প্ৰদান কৰে।

আইআইএম, শ্বিলঙৰ ব’ৰ্ড অৱ গভৰ্ণৰছৰ সদস্য শ্ৰী অতুল কুলকাৰ্ণীয়ে অনুষ্ঠানটোত ভাছুৱেলী উপস্থিত থাকে। তেওঁ কয় যে কেন্দ্ৰটোৱে অঞ্চলটোৰ আশা-আকাংক্ষা পূৰণ কৰাত সহায় কৰিব। উদ্যোগ, শিক্ষা, নীতিৰ বিকাশৰ লগতে প্ৰশিক্ষণ আৰু ৰাজ্য চৰকাৰক সুশাসন প্ৰদানত সহায় কৰাৰ ক্ষেত্ৰত ড০ কালাম কেন্দ্ৰৰ গুৰুত্বৰ বিষয়েও কুলকাৰ্ণীয়ে আলোকপাত কৰে।

বুজাবুজি চুক্তিৰ সম্প্ৰসাৰণেৰে ড০ কালাম কেন্দ্ৰই অধিক দৃঢ়তা আৰু প্ৰতিশ্ৰুতিৰে কাম কৰিব।

ড০ কালাম কেন্দ্ৰই কেইবাটাও গুৰুত্বপূৰ্ণ ক্ষেত্ৰত কাম কৰিব, যাৰ ভিতৰত আছে ১. প্ৰশিক্ষণ আৰু বিকাশ ২. গৱেষণা আৰু পৰামৰ্শ ৩. নীতিৰ প্ৰচাৰ ৪. জ্ঞানৰ প্ৰসাৰ আৰু ৬. সাধাৰণ নাগৰিকক সামৰি লোৱা। কেন্দ্ৰটোৱে নিম্নলিখিত উদ্দেশ্যসমূহ সামৰি লৈছেঃ

১. সৰ্বশ্ৰেষ্ঠ ব্যৱস্থাপনা পদ্ধতি, ব্যৱস্থাপনা পৰিকাঠামো, সুদূৰপ্ৰসাৰী দৃষ্টিভংগী আৰু ব্যৱসায়িক আৰ্হিৰ জৰিয়তে উত্তৰ-পূব অঞ্চলৰ বাবে এক ‘থিংক টেংক’ হিচাপে আত্মপ্ৰকাশ কৰা, ৰাষ্ট্ৰীয় বিকাশৰ ক্ষেত্ৰত উত্তৰ-পূব অঞ্চলক এক গুৰুত্বপূৰ্ণ অৱদান যোগোৱা অঞ্চল হিচাপে পৰিগণিত কৰা।

২.উত্তৰ-পূব অঞ্চলত সম্পদৰ ব্যৱহাৰৰ দক্ষতা আৰু স্থিৰতাৰ বিষয়ে তথ্য প্ৰদান কৰা।

৩. উত্তৰ-পূব অঞ্চলৰ আৰ্থ-সামাজিক বিকাশৰ গতি ত্বৰান্বিত কৰাৰ লক্ষ্যত উপনীত হ’বলৈ উত্তৰ-পূব অঞ্চল উন্নয়ন মন্ত্ৰালয়ৰ নীতি আৰু কাৰ্যসূচী ৰূপায়ণৰ বিষয়ত পৰিকাঠামো প্ৰদান কৰা । উত্তৰ-পূব অঞ্চলৰ অন্যান্য প্ৰতিষ্ঠানৰ সৈতে আলোচনা কৰি উত্তৰ-পূব অঞ্চলৰ সামগ্ৰিক বিকাশৰ অৰ্থে এক দীৰ্ঘম্যাদী দৃষ্টিভংগী বিকশিত কৰাত উত্তৰ-পূব অঞ্চল উন্নয়ন মন্ত্ৰালয় /উত্তৰ-পূব পৰিষদক সহায় কৰা।

৪. কেন্দ্ৰীয় আৰু ৰাজ্য চৰকাৰ উভয়ৰে নীতি আৰু কাৰ্যসূচী ৰূপায়ণৰ সৈতে জড়িত বিষয়াসকলৰ পাঠ্যক্ৰম ৰচনা আৰু দক্ষতা বৃদ্ধিত প্ৰতিষ্ঠানসমূহক সহায় কৰি অঞ্চলটোত মানৱ সম্পদ উন্নয়নৰ গতি ত্বৰান্বিত কৰা।

৫. উত্তৰ-পূব অঞ্চলৰ বিকাশৰ সৈতে প্ৰাসঙ্গিক বিভিন্ন বিষয়ৰ ক্ষেত্ৰত উৎকৃষ্টতাৰ অন্যান্য প্ৰতিষ্ঠানৰ সৈতে সংযোগ স্থাপন কৰা আৰু সহযোগিতামূলক গৱেষণা, বিশ্লেষণ তথা পৰামৰ্শ আদিৰ বাবে প্ৰতিষ্ঠানিক সংযোগ স্থাপন কৰা।

৬. উত্তৰ-পূব অঞ্চল উন্নয়ন মন্ত্ৰালয়, উত্তৰ-পূব পৰিষদ আৰু ৰাজ্যৰ সৈতে সন্মিলিভাবে উত্তৰ-পূব অঞ্চলৰ বিকাশ সম্পৰ্কীয় কাৰ্যসূচীৰ বিষয়ত গৱেষণা আৰু বিশ্লেষণ কৰা তথা ইয়াৰ কাৰ্যকৰী ৰূপায়ণৰ বাবে উত্তৰ-পূব অঞ্চলৰ গাওঁবোৰত উন্নয়নমূলক কাৰ্যসূচী/আঁচনিবোৰত ৰৈ যোৱা ব্যৱধান আদি চিনাক্ত কৰা।

৭. সাম্ভাব্য খণ্ডবোৰত উদ্ভাৱন আৰু উদ্যোগীৰ জৰিয়তে উত্তৰ-পূব অঞ্চলৰ অৰ্থনৈতিক বিকাশক উৎসাহিত কৰাত সহায় কৰা।

৮.বজাৰ সম্পৰ্কীয় তথ্য সংগ্ৰহ কৰি উত্তৰ-পূব অঞ্চলৰ পৰা ৰপ্তানি বৃদ্ধিৰ বাবে প্ৰয়োজনীয় ক্ষেত্ৰ আদি চিনাক্ত কৰা।

৯.উত্তৰ-পূব অঞ্চলৰ সকলো ক্ষেত্ৰত প্ৰয়োগ কৰিব পৰা নতুন ধাৰণা আৰু জ্ঞানৰ ক্ষেত্ৰ সৃষ্টি কৰাত সহায় কৰা।

১০. ড০ কালাম কেন্দ্ৰ আৰু উত্তৰ-পূব পৰিষদৰ অত্যাধুনিক সম্পদ কেন্দ্ৰই পাৰস্পৰিক পৰিপূৰক হিচাবে কাম কৰাৰ লগতে উন্নয়নৰ শক্তিশালী উপায়ৰ নিৰ্ধাৰণৰ বিষয়ত যিকোনো প্ৰচেষ্টাৰ পুনৰাবৃত্তি পৰিহাৰ কৰি কাম কৰি যাব ।

কেন্দ্ৰটোৱে অঞ্চলটোৰ প্ৰকৃত বিকাশৰ সম্ভাৱনা বিকশিত কৰিবলৈ উত্তৰ-পূব পৰিষদ, ৰাজ্য চৰকাৰ আৰু উত্তৰ-পূব অঞ্চলৰ আগশাৰীৰ প্ৰতিষ্ঠানসমূহৰ লগতে ৰাষ্ট্ৰীয় পৰ্যায়ৰ প্ৰতিষ্ঠানসমূহৰ সহযোগত কাম কৰি যাব বুলি আশা কৰা হৈছে।