Home Blog Page 1072

লোকসভা নিৰ্বাচন যিমানে ওচৰ চাপিছে বিৰোধী দলৰ নেতা কৰ্মীয়ে ভাৰতীয় জনতা পাৰ্টিৰ প্ৰতি আকৰ্ষিত হৈছে ঃ ৰাজ্য়িক বিজেপিৰ সভাপতি ভৱেশ কলিতা…

লোকসভা নিৰ্বাচন যিমানে ওচৰ চাপিছে বিৰোধী দলৰ নেতা কৰ্মীয়ে ভাৰতীয় জনতা পাৰ্টিৰ প্ৰতি আকৰ্ষিত হৈছে।তাৰো ওপৰি মহাজোঁট বন্ধনৰ দলসমূহে বুজি উঠিছে যে-পুনৰ এবাৰ মোদী চৰকাৰ হবলৈ গৈ আছে আৰু তৃতীয় বাৰৰ বাবে মোদী জী পুনৰ প্ৰধানমন্ত্ৰী হব সেইয়া এশ শতাংশ নিশ্চিত। ঠিক সেইদৰে আজি গুৱাহাটী বশিষ্ঠ চাৰিআলিস্থিত ভাৰতীয় জনতা পাৰ্টি,অসম ৰাজ্যিক মুখ্য কাৰ্যালয়ত আয়োজিত এক বিশাল যোগদান কার্যসূচীত অসম চৰকাৰৰ প্ৰাক্তন কেবিনেট মন্ত্ৰী তথা কংগ্ৰেছ দলৰ প্ৰাক্তন বিধায়ক বিস্মৃতা গগৈ,

অসম প্ৰদেশৰ ৰাজ্যিক যুৱ কংগ্ৰেছৰ প্রাক্তন সভানেত্ৰী অংকিতা দত্ত,সদৌ অসম ছাত্ৰ সন্থাৰ প্ৰাক্তন সভাপতি দীপাংকৰ কুমাৰ নাথ,সদৌ অসম ছাত্ৰ সন্থাৰ প্ৰাক্তন উপদেষ্টা প্ৰকাশ দাস,কামৰূপ জিলা ছাত্ৰ সন্থাৰ প্ৰাক্তন উপদেষ্টা তথা ছাত্ৰ নেতা হেমন্ত দাস,অসম বিধানসভাৰ প্ৰাক্তন উপাধ্যক্ষ দিলীপ পাল,অসম জাতীয় পৰিষদৰ প্ৰাক্তন নেতা ফণী পাঠকৰ লগতে কেইবাটাও ৰাজনৈতিক দল, সামাজিক অনুষ্ঠান তথা ছাত্ৰ সংগঠনৰ ৰাজ্যিক তথা

জিলা পৰ্যায়ৰ শীৰ্ষ নেতাৰ লগতে কেইবা শতাধিক (৭০০) ৰো অধিক দলীয় কৰ্মী তথা সমৰ্থকে ভাৰতীয় জনতা পাৰ্টিৰ নীতি আদৰ্শৰ প্ৰতি আকৃষ্ট হোৱাৰ লগতে অসমখনক বিৰামহীন বিকাশ তথা উন্নয়নৰ পথত দ্রুত গতিত আগবঢ়াই নিয়াৰ স্বাৰ্থত বিজেপি চৰকাৰখনৰ প্ৰতি পূৰ্ণ সমৰ্থন তথা বিশ্বাস জগাই দলত আনুষ্ঠানিকভাৱে যোগদান কৰে। দলত আনুষ্ঠানিক ভাৱে যোগদান কৰা সকলোকে দলৰ মজিয়ালৈ উষ্ম আদৰণি জনাই আগন্তুক দিনবোৰত দল তথা সমাজৰ হৈ সেৱাৰ মনোভাৱৰে কাম কৰি যাবলৈ আহ্বান জনাই ।

বিজেপিৰ মুখ্য কাৰ্যালয়ত বৃহৎ যোগদান কাৰ্যসূচী…

আজি বিজেপিৰ যোগদান সমাৰোহত আছুৰ প্ৰাক্তন সভাপতি দীপাংক নাথৰ লগতে কংগ্ৰেছ নেত্ৰী তথা প্ৰাক্তন মন্ত্ৰী বিস্মিতা গগৈ,

প্ৰাক্তন মন্ত্ৰী তথা প্ৰদেশ কংগ্ৰেছৰ প্ৰয়াত সভাপতি অঞ্জন দত্তৰ কন্যা অংকিতা দত্তৰ লগতে ভালেকেইগৰাকীয়ে গেৰুৱা বসন পৰিধান ৷

উল্লেখ্য যে শনিবাৰে প্ৰয়াত মুখ্যমন্ত্ৰী তৰুণ গগৈৰৰ কাৰ্যকালত মন্ত্ৰী হিচাপে দায়িত্ব লাভ কৰা বিস্মিতা গগৈয়ে প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰাৰ হাতত পদত্যাগ পত্ৰ অৰ্পণ কৰে। গগৈয়ে প্ৰদেশ কংগ্ৰেছৰ প্ৰাথমিক সদস্য পদকে ধৰি সকলো দায়িত্ব ত্যাগ কৰি পদত্যাগ পত্ৰ জমা দিয়ে৷

বিলাসীপাৰা লক্ষীগঞ্জৰ বিদ্যাসাগৰ একাডেমিৰ অষ্টম প্ৰতিষ্ঠা দিৱস উদযাপন…

চাৰিদিনীয়া কাৰ্যসূচীৰে আয়োজন কৰে এই লক্ষীগঞ্জ বিদ্যাসাগৰ একাডেমিৰ অষ্টম বাৰ্ষিক প্ৰতিষ্ঠা দিৱস। ধুবুৰী জিলাৰ বিলাসী পাৰা মহকুমাৰ অন্তৰ্গত লক্ষীগঞ্জত শিক্ষাৰ প্ৰতি সদায় সচেনতা দায়বদ্ধতা আৰু দায়িত্বশীলতা বহন কৰা নপ্ৰতিশ্ৰুতি নসংকল্প আৰু নদিগন্তৰে ঘাত প্ৰতিঘাতৰ মাজেৰে সাতটা বছৰ অতিক্ৰম কৰি অষ্টম বছৰত ভৰি দিলে ৰাইজৰ দোৱা আৰ্শীবাদ চাৱনীৰে পৰিচালিত একনিষ্ঠা মনবলেৰ চলি থকা এখন ব্যাক্তিগত শিক্ষানুষ্ঠান লক্ষীগঞ্জ বিদ্যাসাগৰ একাডেমি।

সমাজৰ অৰ্থনীতিৰ সংগ্ৰামৰ সৈতে জৰ্জৰিত সংকট কালত মোকাবেলা কৰি উপায়হীনতাত ভোগা দূৰ্ভগীয়া পৰিয়ালৰ প্ৰতি লক্ষ্য কৰি জাক জমকতাৰ উচ্চ মাচুলৰ বিপৰীতে অতিকৈ কম মাছুল বহন কৰি এক উচ্চ উন্নত মানদণ্ডৰ শিক্ষা প্ৰদানৰ উদ্দেশ্যেৰে এক ইতিবাচক দিশত পৰিচালিত শিক্ষানুষ্ঠান খনৰ যোৱা ২৪জানুৱাৰীৰ পৰা ২৭ জানুৱাৰী লৈ চাৰি দিনীয়া কাৰ্যসূচীৰে অনুষ্ঠিত কৰে বিদ্যালয় খনৰ অষ্টম প্ৰতিষ্ঠা দিৱস। আৰম্ভণিতে পূৱা ১০ বজাত পতাকা উত্তোলন কৰে বিদ্যালয় খনৰ সভাপতি নিত্য গোপাল নাথ। চাৰি দিন ধৰি আয়োজন কৰা প্ৰতিষ্ঠা দিৱসৰ সামৰণিৰ দিনা দুপৰীয়া ১বজাত বিদ্যালয়ৰ হিতাকাংক্ষি সকলৰ চৰণত পূষ্পাঞ্জলীৰে সামৰণি অনুষ্ঠান মুকলি কৰে।

সামৰণি অনুষ্ঠান উপলক্ষে বিদ্যালয় খনত বৃক্ষৰোপণৰ লগতে একেৰাহে ৮খন পতাকা উত্তোলন কৰে।উত্তোলক হিচাপে আগ ধৰে লক্ষীগঞ্জ উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ অধ্যক্ষ মইনুল হক মণ্ডল, উপাধ্যক্ষ হাফিজুৰ ৰহমান, লক্ষীগঞ্জ শাখা সাহিত্য সভাৰ সম্পাদক ৰাজেন নাথ, লক্ষীগঞ্জ উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ পৰিচালনা সমিতিৰ উপ সভাপতি বিপুল নাথ, বিদ্যাসাগৰ একাডেমি বিদ্যালয়ৰ প্ৰতিষ্ঠাপক অধ্যক্ষ প্ৰভাত চন্দ্ৰ নাথ, বিশিষ্ট অভিভাৱক বুদ্ধেশ্বৰ নাথ, দেশী জনগোষ্ঠীয় মঞ্চ বিলাসী পাৰা জিলা সমিতিৰ সাংগঠনিক সম্পাদক ফিদ্দুছ আলম, বিদ্যালয় খনৰ সদস্য মোস্তাক হুছেইন।

ৰামায়ণৰ থিমযুক্তৰে আলিয়া ভাটৰ নীলা শাৰীয়ে দৃষ্টি আকৰ্ষণ কৰিছে ইণ্টাৰনেটত, শাৰীত আছে ভগৱান ৰাম, ভগৱান হনুমান…

আলিয়া ভাট, ৰণবীৰ কাপুৰ বহুতৰ ভিতৰত আছিল ৰাম মন্দিৰ উদ্বোধনী অনুষ্ঠানত অংশগ্ৰহণ কৰা বলীউডৰ চেলিব্ৰিটি। এই ভৱিষ্যৎ অনুষ্ঠানলৈ আমন্ত্ৰিত বহু ৭০০০ বিশিষ্ট ব্যক্তিৰ ভিতৰত আছিল এই তাৰকা দম্পতী। যিহেতু সকলোৱে পৰম্পৰাগত সাজ-পোছাক পৰিধান কৰিছিল, সেয়েহে আলিয়াৰ সাজ-পোছাক আৰু অধিক বিশেষ আছিল কাৰণ ইয়াত ৰামায়ণ থিম-সীমা আছিল, য’ত ভগৱান ৰাম, ভগৱান হনুমান আৰু ৰাম সেতুৰ প্ৰতিমূৰ্তিও আছিল। আলিয়া ভাটৰ শাৰীখনে দৃষ্টি আকৰ্ষণ কৰিলে।

উত্তৰ চহৰৰ ঠাণ্ডাক পৰাস্ত কৰিবলৈও আলিয়াই লৈ ফুৰিছিল এখন চাদৰ। আলিয়াৰ সৈতে তেওঁৰ স্বামী-অভিনেতা ৰণবীৰ কাপুৰৰ সাজ-পোছাকক হাতীদাঁতৰ ৰঙৰ আছিল। এটা ফেনপেজে অনুষ্ঠানৰ পিছত এক্সত আলিয়া ভাটৰ শাৰীৰ জুম ইন ছবিও শ্বেয়াৰ কৰে। ফেন পেজে ছবিখনৰ কেপচনত লিখিছে, “আলিয়া ভট্টে পিন্ধিছে এনে এখন শাৰী য’ত সমগ্ৰ ৰামায়ণক মটিফৰ জৰিয়তে চিত্ৰিত কৰা হৈছে।”

সংগীত শিল্পী বি প্ৰাকৰ অনুষ্ঠানত অঘটন! ১৭ জন আহত, নিহত এজন…

দিল্লীৰ কলকাজী মন্দিৰত বি প্ৰাকে সংগীত পৰিৱেশন কৰি থকাৰ সময়তে সংঘটিত হয় অঘটনৰ। এজনৰ মৃত্যু হয় আৰু ১৭ জনকৈ লোক আহত হয়। দুৰ্ঘটনাত মৃত্যু লোকগৰাকী এগৰাকী মহিলা। গায়ক বি প্ৰাকৰ গান শুনিবলৈ তাত উপস্থিত হৈছিল ১৫০০ৰো অধিক লোক। ছ’চিয়েল মিডিয়াত এটা ভিডিঅ’ শ্বেয়াৰ কৰি এই ঘটনাক লৈ শোক প্ৰকাশ কৰে গায়কগৰাকীয়ে। মাজনিশা ১:২০ বজাত এই ঘটনা সংঘটিত হোৱা বুলি জানিব পৰা গৈছে। ঘটনাৰ সময়ত বৃহৎ সংখ্যক লোক মঞ্চত উঠিছিল, যাৰ বাবেই এই দুৰ্ঘটনা সংঘটিত হৈছিল। মঞ্চ ভাঙি পৰাৰ পিছত হুলস্থুলৰ সৃষ্টি হয়, যাৰ ফলত এগৰাকী মহিলাৰ মৃত্যু হয় আৰু বহু লোক গুৰুতৰভাৱে আহত হয়। আহতসকলক এইমছ, চফদৰজং আৰু দিল্লীৰ মেক্স হাস্পতালত ভৰ্তি কৰোৱা হৈছে। এই ঘটনাক লৈ শোক প্ৰকাশ কৰিছে গায়ক বি প্ৰাকে।

তেওঁ এই কাহিনীটো ছ’চিয়েল মিডিয়া প্লেটফৰ্ম ইনষ্টাগ্ৰামত শ্বেয়াৰ কৰি কয়, মই অতি হতাশ আৰু দুখী। যিসকল আঘাতপ্ৰাপ্ত হৈছে, আশা কৰিছো সকলোৱে সোনকালে সুস্থ হৈ উঠিব। প্ৰথমবাৰৰ বাবে মোৰ সন্মুখত এনে ঘটনা ঘটা দেখিলোঁ। ভৱিষ্যতে আমি বহুত সাৱধান হ’ব লাগিব। পৰিচালনাও অতি গুৰুত্বপূৰ্ণ। আমি শিশু আৰু বৃদ্ধৰ যত্ন লোৱা উচিত। জীৱনতকৈ ডাঙৰ একো নাই।

মহানগৰীৰ চচলত সান্তনা দাস বৰ্মণৰ ‘উপায়ন’ উন্মোচন, ছন্দ অবিহনে কবিতাৰ সৃষ্টি নহয় – সাহিত্যিক, সমালোচক ড° আনন্দ বৰমুদৈ…

ছন্দবদ্ধ কবিতাৰ এক সুকীয়া বৈশিষ্ট্য আছে ৷ ছন্দবদ্ধতাই কবিতাক এক অনন্য মাত্ৰা প্ৰদান কৰে ৷ সান্ত্বনা দাস বৰ্মনৰ কবিতা পুথি “উপায়ন” উন্মোচনী অনুষ্ঠানত মুখ্য অতিথি হিচাপে উপস্থিত থাকি বিশিষ্ট সাহিত্যিক, সমালোচক ড° আনন্দ বৰমুদৈয়ে মন্তব্য আগবঢ়ায় ৷ ছন্দৰ অবিহনে কবিতাৰ সৃষ্টি নহয় এই মন্তব্যৰে অসমীয়া কবিতাৰ এক বিস্তৃত ব্যাখ্যা আগবঢ়ায় ৷ চচল ৰাজহুৱা নামঘৰৰ প্ৰেক্ষাগৃহত ডিভাইন হেণ্ড ৱেলফেয়াৰ অৰ্গেনাইজেচনে আয়োজন কৰা বৰ্ণাঢ্য সভাখনত সভাপতিত্ব কৰে কামৰূম(মঃ) জিলাৰ সভানেত্ৰী সৱিতা দেৱীয়ে । সভাত বিশিষ্ট কবি দেবপ্ৰসাদ তালুকদাৰে সান্তনা দাস বৰ্মণৰ কবিতাপুথি ‘উপায়ন’ আনুষ্ঠানিকভাৱে উন্মোচন কৰে ৷লগতে কবিতাপুথি খনত সন্নিবিষ্ট কৰা কবিতাৰ বিষয়বস্তু আৰু বৈশিষ্ট্যৰ সম্পৰ্কে এক বিশ্লেষণাত্মক বক্তব্য আগবঢ়ায় । ড° আৰতি কলিতাৰ বন্তি প্ৰজ্বলন আৰু অনাতাঁৰ শিল্পী প্ৰণতি বৰুৱাৰ কণ্ঠৰ এটি বৰগীতেৰে আৰম্ভ কৰা সভাখনত বিশিষ্ট অতিথিৰ আসন শুৱনি কৰে বিশিষ্ট লেখক ডাঃ জিতেন ভূঞাই।

ডিভাইন হেণ্ড ৱেলফেয়াৰ অৰ্গেনাইজেচনৰ সম্পাদক মোহন দত্তই আঁত ধৰা সভাখনত সান্ত্বনা দাস বৰ্মনৰ কবিতা আবৃত্তি কৰে ক্ৰমে ড্ৰিমি বৰ্মন, ৰিংকুমণি দাস আৰু হীৰামণি তালুকদাৰে আৰু গীত পৰিৱেশন কৰে কৃষ্টি দাস আৰু প্ৰদীপ শৰ্মাই, একক অভিনয় কৰে মালা শৰ্মাই তথা বাঁহীত বৰগীতৰ সুৰ পৰিৱেশন কৰি হৰিনাৰায়ণ বৰ্মনে উপস্থিত সকলোকে আপ্লুত কৰে । সমজুৱাৰ ফালৰ পৰা বক্তব্য আগবঢ়ায় চচল শতদল শাখা সাহিত্য সভাৰ প্ৰাক্তন সভাপতি তথা অৱসৰপ্ৰাপ্ত ভাৰতীয় আৰক্ষী সেৱাৰ বিষয়া কৃষ্ণকান্ত নাথ,ভাৰতীয় প্ৰশাসনিক সেৱাৰ অৱসৰপ্ৰাপ্ত বিষয়া ভূপেন্দ্ৰ নাথ দাস, সাহিত্যিক ফণিধৰ ডেকাৰ আৰু চচল শতদল শাখা সাহিত্য সভাৰ উপ-সভাপতি তথা বিশিষ্ট গৱেষক ড° মিনেশ্বৰ হাজৰিকাই । অসম সংগীতেৰে উন্মোচনী সভাৰ সফল সামৰণি পৰে।

এজন, দুজন নহয় ৭ গৰাকী শীৰ্ষ দক্ষিণৰ পৰিচালকৰ সৈতে আলোচনা ৰণবীৰ সিঙৰ! অতিসোনকালে দক্ষিণৰ ছবিত ভুমুকি মাৰিব ৰণবীৰে…

শেহতীয়া খবৰ অনুসৰি ৰণবীৰ সিং এতিয়া দক্ষিণৰ ছবিৰ প্ৰতি আগ্ৰহী। ইয়াৰ বাবে তেওঁ এজন বা দুজন নহয় ৭ জন শীৰ্ষ দক্ষিণ পৰিচালকক লগ কৰি কথা পাতিব। সঞ্জয় লীলা ভাঞ্চালীৰ ছবি ‘বাইজু বাৱৰা’ৰ বাবে কিছুদিন ধৰি শিৰোনাম দখল কৰিছিল অভিনেতা ৰণবীৰ সিঙে। শেহতীয়া খবৰ অনুসৰি কিছুদিন ধৰি ‘বাইজু বাৱৰা’ক স্থগিত ৰখাৰ লগতে সঞ্জয় লীলা ভাঞ্চালীয়ে আলিয়া, ৰণবীৰ আৰু বিকিৰ সৈতে তেওঁৰ নতুন ছবিৰ কথা ঘোষণা কৰিছে। এই সকলোবোৰৰ মাজতে ৰণবীৰ সিঙৰ সন্দৰ্ভত এক নতুন খবৰ ওলাইছে। কোৱা হৈছে যে ৰণবীৰ সিঙে দক্ষিণৰ চলচ্চিত্ৰ উদ্যোগৰ শীৰ্ষ পৰিচালকৰ সৈতে কাম কৰাৰ পৰিকল্পনা কৰিছে।

এক প্ৰতিবেদন অনুসৰি ৰণবীৰ সিঙে দক্ষিণ দিশলৈ যোৱাৰ পৰিকল্পনা কৰিছে। প্ৰতিবেদন অনুসৰি ৰণবীৰ সিঙে ইতিমধ্যে বহুতৰে সৈতে আলোচনা আৰম্ভ কৰিছে। কোৱা হৈছে যে ৰণবীৰ সিঙৰ তালিকাত ‘জৱান’ৰ পৰিচালক এটলীৰ নাম শীৰ্ষত আছে। কেৱল এয়াই নহয়, জেইলাৰৰ নিৰ্মাতা নেলছনকো কেইবাবাৰো লগ পাইছে ৰণবীৰে।

হয়তো অতি সোনকালে দক্ষিণৰ ছবিত ভুমুকি মাৰিব বলিউদৰ জনপ্ৰিয় অবিনেতা ৰনবীৰ সিঙে।

৩১ জানুৱাৰীৰ পৰা ৩ ফেব্ৰুৱাৰীলৈ ৰহাৰ বাৰপূজীয়াত অনুষ্ঠিত হ’ব অসম সাহিত্য সভাৰ একাদশ বাৰ্ষিক বিশেষ অধিৱেশন…

অহা ৩১ জানুৱাৰী, ১,২ আৰু ৩ ফেব্ৰুৱাৰীত ৰহাৰ বাৰপূজীয়াত অনুষ্ঠিত হ’ব অসম সাহিত্য সভাৰ একাদশ বাৰ্ষিক বিশেষ অধিৱেশন। অধিৱেশনক লৈ ব্যস্ত সকলো। বাৰপূজীয়া পাঁজোৰজা সমন্বয় ক্ষেত্ৰত অনুষ্ঠিত হ’ব লগা অধিৱেশনক লৈ চলিছে পূৰ্ণ প্ৰস্তুতি। আদৰণি সমিতিয়ে জানিব দিয়া মতে একেলগে দহ হাজাৰ লোক বহিব পৰাকৈ নিৰ্মাণ কৰা হৈছে মূল সভা মণ্ডপ। একেলগে পোন্ধৰ হাজাৰ লোকে আহাৰ গ্ৰহণ কৰিব পৰাকৈ নিৰ্মাণ কৰা হৈছে ভোজনালয় গৃহ। অসমৰ বিভিন্ন সংস্কৃতিৰ প্ৰয়োভৰে নিৰ্মাণ কৰা হৈছে বৃহত আকাৰৰ মূল প্ৰৱেশদ্বাৰ।

লগতে আছে বৃহত এলেকাজোৰা বাণিজ্য মেলা। মুঠতে যুদ্ধকালীন তৎপৰতাৰে পূৰ্ণ প্ৰস্তুতি চলিছে সাহিত্য সভাৰ। বাৰপূজীয়া শতদল শাখা সাহিত্য সভাৰ আহ্বানত অসম সাহিত্য সভাই আহ্বান কৰা সাহিত্য সভাক সফল কৰি তুলিবলৈ আদৰণি সমিতিয়ে গঠন কৰিছে ৩৪ খন উপসমিতি। দিনে-নিশাই ব্যস্ত হৈ পৰিছে আদৰণি সমিতিৰ বিষয় ববীয়া আৰু স্থানীয় ৰাইজ।

বিহাৰত হ’ব দুজন উপ-মুখ্যমন্ত্ৰী। নাম ঘোষণা…

বিহাৰত হ’ব দুজন নতুন উপ-মুখ্যমন্ত্ৰী।


বিহাৰৰ নতুন দুই উপ-মুখ্যমন্ত্ৰীৰ নাম ঘোষণা।


এজন হৈছে সম্ৰাট চৌধুৰী।


আনজন হৈছে বিজয় সিনহা।

২৯ জানুৱাৰী ভাৰত মণ্ডপমত অনুষ্ঠিত হ’ব পৰীক্ষা পে চৰ্চাৰ সপ্তম সংস্কৰণ, ২.২৬ কোটি শিক্ষাৰ্থীৰ নাম পঞ্জীয়নৰ অভিলেখ…

কেন্দ্ৰীয় শিক্ষা আৰু দক্ষতা বিকাশ তথা উদ্যমিতা মন্ত্ৰী ধৰ্মেন্দ্ৰ প্ৰধানে পৰীক্ষা পে চৰ্চা, ২০২৪ৰ বাবে চলিত প্ৰস্তুতিৰ বুজ লয়৷ প্ৰধানে আলোকপাত কৰে যে পৰীক্ষা পে চৰ্চা এক বাৰ্ষিক পৰম্পৰাত পৰিণত হৈছে, যাৰ বাবে এক্সাম ৱাৰিয়ৰ্ছ, অভিভাৱক আৰু শিক্ষক সকলোৱে আগ্ৰহেৰে বাট চাই থাকে, যাতে তেওঁলোকে উদ্বেগ অতিক্ৰম কৰি নিজৰ শ্ৰেষ্ঠতাখনি উজাৰি দিব পাৰে৷পৰীক্ষা পে চৰ্চা, ২০২৪ত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ সৈতে বছৰৰ সৰ্বাধিক আগ্ৰহী মত বিনিময় অনুষ্ঠানৰ বাবে তেওঁ সকলোৰে মাজত পৰিলক্ষিত হোৱা ব্যাপক উৎসাহৰ কথা প্ৰকাশ কৰে। “পৰীক্ষা পে চৰ্চা” (পিপিচি) হৈছে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ নেতৃত্বত পৰীক্ষাৰ লগত জড়িত মানসিক চাপৰ পৰা উপশম আৰু ‘এক্সাম ৱাৰিয়ৰ্ছ’ৰ বৃহত্তৰ আন্দোলনৰ সৈতে সাদৃশ্য থকা জীৱনৰ প্ৰতি উদযাপনমূলক দৃষ্টিভংগীক প্ৰসাৰিত কৰাৰ এক অনন্য পদক্ষেপ। শিক্ষা মন্ত্ৰালয়ৰ বিদ্যালয় শিক্ষা আৰু সাক্ষৰতা বিভাগে আয়োজন কৰা পিপিচিয়ে যোৱা ছবছৰ ধৰি ছাত্ৰ-ছাত্ৰী, অভিভাৱক আৰু শিক্ষকসকলক সফলতাৰে জড়িত কৰি আহিছে। ক’ভিড-১৯ মহামাৰীৰ বাবে চতুৰ্থ সংস্কৰণ অনলাইনত অনুষ্ঠিত হোৱাৰ বিপৰীতে পঞ্চম আৰু ষষ্ঠ সংস্কৰণ পুনৰ আনুষ্ঠানিকভাৱে প্ৰেক্ষাগৃহত অনুষ্ঠিত কৰি আহিছে৷ যোৱা বছৰ ৩১.২৪ লাখ ছাত্ৰ-ছাত্ৰী, ৫.৬০ লাখ শিক্ষক আৰু ১.৯৫ লাখ অভিভাৱকে অতি উৎসাহেৰে অংশগ্ৰহণ কৰিছিল।

বৰ্তমানৰ সপ্তম সংস্কৰণত মাইগভ পৰ্টেলত ২.২৬ কোটি লোকৰ পঞ্জীয়নৰ তথ্য পোৱা গৈছে, যিয়ে সমগ্ৰ দেশৰ ছাত্ৰ-ছাত্ৰীসকলৰ মাজত ব্যাপক উৎসাহক প্ৰতিফলিত কৰিছে। ২৯ জানুৱাৰী, ২০২৪ত নতুন দিল্লীৰ প্ৰগতি ময়দানৰ ভাৰত মণ্ডপমৰ আইটিপিঅ’ত অনুষ্ঠিত হ’বলগীয়া এই অনুষ্ঠানত প্ৰায় ৩,০০০অংশগ্ৰহণকাৰীয়ে অংশগ্ৰহণ কৰিব আৰু তেওঁলোকে প্ৰধানমন্ত্ৰীৰ সৈতে মত বিনিময় কৰিব। কলা উৎসৱৰ বিজয়ীসকলৰ লগতে প্ৰতিখন ৰাজ্য আৰু কেন্দ্ৰীয় শাসিত অঞ্চলৰ পৰা দুজনকৈ ছাত্ৰ-ছাত্ৰী আৰু এজন শিক্ষকক আমন্ত্ৰণ জনোৱা হৈছে। একলব্য আদৰ্শ আৱাসিক বিদ্যালয়ৰ শতাধিক ছাত্ৰ-ছাত্ৰীয়ে প্ৰথমবাৰৰ বাবে পিপিচিত অংশগ্ৰহণ কৰিব। ২০২৩ চনৰ ১১ ডিচেম্বৰৰ পৰা ২০২৪ চনৰ ১২ জানুৱাৰীলৈকে মাইগভ পৰ্টেলত অনুষ্ঠিত অনলাইন এমচিকিউ প্ৰতিযোগিতাত দাখিল কৰা প্ৰশ্নৰ ভিত্তিত অংশগ্ৰহণকাৰীসকলক নিৰ্বাচন কৰা হৈছে৷ নিৰ্বাচিত অংশগ্ৰহণকাৰীসকলে পৰীক্ষা পে চৰ্চা কিট, য’ত “এক্সাম ৱাৰিয়ৰ্ছ” গ্ৰন্থ আৰু প্ৰধানমন্ত্ৰীৰ প্ৰমাণ পত্ৰ লাভ কৰিব৷ ২০২৪ চনৰ ১২ জানুৱাৰীৰ পৰা ২৩ জানুৱাৰীলৈ সমগ্ৰ দেশতে বিদ্যালয় পৰ্যায়ৰ বিভিন্ন কাৰ্যসূচী, যেনে— মাৰাথন দৌৰ, সংগীত আৰু মিম প্ৰতিযোগিতা, বাটৰ নাট আৰু শিক্ষাৰ্থী-এংকৰ-শিক্ষাৰ্থী-অতিথি শীৰ্ষক আলোচনাৰ আয়োজন কৰা হৈছিল। ২০২৪ চনৰ ২৩ জানুৱাৰীত ৭৭৪খন জিলাৰ ৬৫৭খন কেন্দ্ৰীয় বিদ্যালয় আৰু ১২২খন নৱোদয় বিদ্যালয়ত এখন চিত্ৰাংকন প্ৰতিযোগিতাৰ আয়োজন কৰা হয়, য’ত ৬০হাজাৰতকৈ অধিক ছাত্ৰ-ছাত্ৰীয়ে অংশগ্ৰহণ কৰে৷ চিত্ৰাংকন প্ৰতিযোগিতাৰ বিষয়বস্তু আছিল “এক্সাম ৱাৰিয়ৰ্ছ” গ্ৰন্থৰ পৰীক্ষা মন্ত্ৰ।

২.২৬ কোটি পঞ্জীয়নেৰে ২৯ জানুৱাৰী, ২০২৪ত অনুষ্ঠিত হ’বলগীয়া পৰীক্ষা পে চৰ্চাৰ পৰৱৰ্তী সপ্তম সংস্কৰণে পৰীক্ষাৰ মানসিক চাপ দূৰ কৰাত আৰু ইতিবাচক শিক্ষণ সংস্কৃতিৰ প্ৰসাৰৰ ক্ষেত্ৰত কাৰ্যসূচীৰ ভূমিকাক আলোকপাত কৰি অপৰিসীম প্ৰত্যাশাৰ সৃষ্টি কৰিছে।