গুৱাহাটী দবা একাডেমীৰ উদ্যোগত একাডেমী চৌহদত অনুষ্ঠিত হোৱা গণৰাজ্য দিৱস দবা প্ৰতিযোগিতাত নলীনাক্ষ কাশ্যপে খিতাপ দখল কৰিছে। নলীনাক্ষই ৬ ৰাউণ্ডৰ পৰা ৫.৫ পইণ্ট সংগ্ৰহ কৰি সমগ্ৰ প্ৰতিযোগিতাখনত অপৰাজিত হৈ খিতাপ দখল কৰিবলৈ সক্ষম হয়। সহজ গুপ্তাই একে সংখ্যক ৰাউণ্ডৰ পৰা ৫ পইণ্ট লাভ কৰি দ্বিতীয় স্থান লাভ কৰে। হৃদিকা দাস আৰু ৰজত বাফনাইও ৫ পইণ্টকৈ লাভ কৰে যদিও টাই ব্ৰেকৰ স্ক’ৰ অনুসৰি ক্ৰমে তৃতীয় আৰু চতুৰ্থ ঘোষণা কৰা হয়। ৪.৫ পইণ্ট লাভ কৰি কমল ডেকাই পঞ্চম স্থান লাভ কৰে। প্ৰতিযোগিতাখনৰ শ্ৰেষ্ঠ ছোৱালীৰ সন্মান লাভ কৰে আমেয়া গুপ্তাই। আমেয়াই ৪.৫ পইণ্ট লাভ কৰে। ঈশানবী শইকীয়াই ৩.৫ পইণ্ট লাভ কৰি দ্বিতীয় স্থান আৰু আৰাধ্যা ভৰদ্বাজে ৩ পইণ্ট লাভ কৰি ছোৱালী শাখাত তৃতীয় স্থান লাভ কৰে।
১৫ বছৰ অনুৰ্ধৰ শাখাত ৪.৫ পইণ্ট লাভ কৰি প্ৰথম স্থান লাভ কৰে কৃতাৰ্থ শইকীয়াই। ফাৰহান আহমেদে ৪ পইণ্ট সংগ্ৰহ কৰি দ্বিতীয় স্থান লাভ কৰে। দেৱব্ৰত নাথেও ৪ পইণ্ট লাভ কৰিছিল যদিও টাই ব্ৰেক স্ক’ৰৰ ভিত্তিত তৃতীয় ঘোষণা কৰে।
১৩ বছৰ অনুৰ্ধৰ শাখাত জয়ৰাজ বৰ্মনে ৪ পইণ্ট লাভ কৰি প্ৰথম স্থান লাভ কৰে। টানিষ্ক ঠাকুৰীয়া আৰু মহাৰ্ণৱ কলিতাইও ৪ পইণ্টকৈ লাভ কৰে যদিও টাই ব্ৰেক স্ক’ৰ অনুসৰি দ্বিতীয় আৰু তৃতীয় স্থান লাভ কৰে।
১১ বছৰ অনুৰ্ধ শাখাত নিয়ৰ ৰিয়ান কলিতাই ৪ পইণ্ট সংগ্ৰহ কৰি প্ৰথম স্থান লাভ কৰে। ৩.৫ পইণ্ট লাভ কৰি দ্বিতীয় স্থান লাভ কৰে নীহাৰ দাসে। ৩ পইণ্ট লাভ কৰি তৃতীয় স্থান লাভ কৰে চাণক্য মেধিয়ে।
৯ বছৰ অনুৰ্ধৰ শাখাত ৪ পইণ্ট লাভ কৰি হ্ৰেয়াংশ ডেকাই প্ৰথম স্থান লাভ কৰে। এই শাখাত ৩ পইণ্ট লাভ কৰি ধান্যতা গোস্বামীয়ে দ্বিতীয় স্থান লাভ কৰে। অক্ষিত লহকৰে ২ পইণ্ট সংগ্ৰহ কৰি তৃতীয় স্থান লাভ কৰে। অনূৰ্ধ্ব ৭ শাখাত সুৰ্য্যাংশু শইকীয়াই ২ পইণ্ট সংগ্ৰহ কৰি প্ৰথম স্থান লাভ কৰে। এই শাখাত দৰ্শনা ব্ৰহ্মই দ্বিতীয় স্থান লাভ কৰে।
১৬ গৰাকী আন্তঃৰাষ্ট্ৰীয় ফিডে ৰেটেড খেলুৱৈকে ধৰি মুঠ ৫৪ গৰাকী খেলুৱৈয়ে এই প্ৰতিযোগিতাত অংশগ্ৰহণ কৰে। চুইছ লীগ পদ্ধতিত ৬ ৰাউণ্ডৰ বাবে ৰেপিড টাইম কণ্ট্ৰল ফৰ্মেটত অনুষ্ঠিত হৈছিল প্ৰতিযোগিতাখন। ফিডে আৰ্বিটাৰ প্ৰণৱ কুমাৰ নাথে মুখ্য আৰ্বিটাৰ হিচাপে প্ৰতিযোগিতাখন পৰিচালনা কৰে। পুৰস্কাৰ বিতৰণ অনুষ্ঠানত বিজয়ীসকলক ট্ৰফী আৰু নগদ ধনেৰে পুৰস্কৃত কৰা হয়।
উদ্যান শস্যৰ বাবে ব্যাপক হাৰত ধন বিনিয়োগ কৰিছে পৰিষদে ৷ তেওঁ কয়-কোনো কৃষক বা হিতাধিকাৰীক বিনা প্ৰশিক্ষণত আমি আৰ্থিক সাহায্য দিয়া নাই বা তেওঁলোকক সহযোগ কৰা নাই ৷ প্ৰশিক্ষণৰ অন্ততহে তেওঁলোকক পৰিষদৰ পৰা সুবিধা দিয়া হৈছে ৷
মিচিং জনজাতিসকলৰ শক্তিশালী সংগঠন মিচিং মিমাগ কৗবাং চমুকৈ এম এম কেৰ কেন্দ্ৰীয় সাধাৰণ সম্পাদক পুৰুষোত্তম দলেয়ে পদত্যাগ কৰিছে ৷ সম্পাদক দলেয়ে দীৰ্ঘদিন ধৰি এম এম কেৰ কেন্দ্ৰীয় সম্পাদকৰ পৰা পদত্যাগ কৰিবলৈ বিচাৰি আছিল যদিও তেওঁৰ পদত্যাগ পত্ৰ এম এম কেৰ কেন্দ্ৰীয় সমিতিয়ে গ্ৰহণ কৰা নাছিল৷ কিন্তু এম এম কেৰ কেন্দ্ৰীয় সমিতিয়ে তেওঁৰ পদত্যাগ পত্ৰ শুকুৰবাৰে গ্ৰহণ কৰে আৰু সম্পাদক দলেক এম এম কেৰ সম্পাদকৰ পৰা অব্যাহতি দিয়াৰ লগতে প্ৰাথমিক সদস্য পদৰ পৰাও অব্যাহতি দিছে ৷
এই কথা শুকুৰবাৰে এক সংবাদমেল যোগে সদৰী কৰে এম এম কেৰ কেন্দ্ৰীয় সমিতিৰ নেতৃত্ববৃন্দই ৷ শুকুৰবাৰে গোগামুখ আবতানি লত্তাত অনুষ্ঠিত হোৱা এক সংবাদমেলত এম এম কেৰ কেন্দ্ৰীয় বিষয়-ববীয়াসকলে এম এম কেৰ কেন্দ্ৰীয় সাধাৰণ সম্পাদক পুৰুষোত্তম দলেৰ পদত্যাগ পত্ৰ সন্দৰ্ভত কয় যে, এম এম কেৰ কেন্দ্ৰীয় সমিতিৰ কৰ্ণধাৰ কমিটিৰ এক জৰুৰী সভা কালি সম্পন্ন হৈছিল ৷ উক্ত সভাৰ সিদ্ধান্ত মৰ্মে সম্পাদক দলেৰ পদত্যাগ পত্ৰ গ্ৰহণ কৰাৰ লগতে এম এম কেৰ সকলো ধৰণৰ পদৰ পৰা অব্যাহতি দিয় হয়। উল্লেখনীয় যে, এম এম কেৰ সদ্য পদত্যাগী সাধাৰণ সম্পাদক পুৰুষোত্তম দলেয়ে মিচিং জাতীয় সংগঠন টি এম পিকেৰ কেন্দ্ৰীয় সাধাৰণ সম্পাদক আৰু সভাপতি পদতো কাৰ্যনিৰ্বাহ কৰিছিল ৷ এম এম কেৰ কেন্দ্ৰীয় সাধাৰণ সম্পাদক পুৰুষোত্তম দলেৰ পদত্যাগ সম্পূৰ্ণ ব্যক্তিগত কাৰণত বুুলি জানিবলৈ দিছে ৷ মিচিং জাতীয় সংগঠনৰ সবল নেতা পুৰুষোত্তম দলেৰ পদত্যাগে মিচিং জাতীয় সংগঠনসমূহত কু-প্ৰভাৱ পেলোৱাৰ সম্ভাৱনা আছে ৷ পুৰুষোত্তম দলেক অব্যাহতি দিয়াৰ লগে লগে তৎকালীনভাৱে কাৰ্যকৰী হোৱাকৈ ইন্দ্ৰ কুমাৰ চুংক্ৰাঙক এম এম কেৰ ভাৰপ্ৰাপ্ত সম্পাদকৰ দায়িত্ব অৰ্পণ কৰা বুলিও তেওঁলোকে সংবাদমেলত সদৰী কৰে ৷
সংবাদমেলত এম এম কেৰ কেন্দ্ৰীয় সভাপতি সুনীল কুমাৰ পেগু, এম এম কেৰ জেষ্ঠ নেতা দেৱৰঞ্জন মৰাং, ৰাজু পেগু, বানীকান্ত দলে, ৰাজু পেগু, এম এম কেৰ ভাতৃ সংগঠন টি এম পি কেৰ কেন্দ্ৰীয় কাৰ্যনিৰ্বাহক নিম কুমাৰ পেগু, প্ৰাক্তন কাৰ্যনিৰ্বাহক দীপেন দলে, ভগ্নী সংগঠন টি এম এম কেৰ কেন্দ্ৰীয় সম্পাদিকা শৰ্মিলা পায়েং পেগু উপস্থিত থাকে ৷
এম এম কেৰ কেন্দ্ৰীয় সম্পাদক পুৰুষোত্তম দলেৰ পদত্যাগক এম এম কেৰ কেন্দ্ৰীয় নেতৃবৃন্দই ব্যক্তিগত কাৰণ বুলি দোহাৰিছে যদিও সদ্য পদত্যাগী দলেয়ে কোনোবা অন্য ৰাজনৈতিক দলত যোগদানৰ সম্ভাৱনা আছে ৷